মূল ভিডিঅ'টোত দেখা মহিলাগৰাকী ভাৰতীয় সেনাৰ কেপ্টেইন শ্বহিদ অংশুমান সিঙৰ পত্নী স্মৃতি সিং নহয়

ভিডিঅ'টোত দেখা মহিলাগৰাকী ভাৰতীয় সেনাৰ কেপ্টেইন শ্বহিদ অংশুমান সিঙৰ পত্নী স্মৃতি সিং নহয়

জুলাই 18 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
ভিডিঅ'টোত দেখা মহিলাগৰাকী ভাৰতীয় সেনাৰ কেপ্টেইন শ্বহিদ অংশুমান সিঙৰ পত্নী স্মৃতি সিং নহয় কেপ্টেইন শ্বহিদ অংশুমান সিঙৰ পত্নী স্মৃতি সিঙৰ ভিডিঅ' বুলি দাবী কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/ফেচবুক/স্ক্ৰীণশ্বট)

ফেক্ট চেক

মিছা

ভাইৰেল ভিডিঅ’টো কেপ্টেইন শ্বহিদ অংশুমান সিঙৰ পত্নী স্মৃতি সিঙৰ নহয়, বৰঞ্চ ৰেচমা চেবাষ্টিয়ান নামৰ এগৰাকী মডেলৰহে হয়।

কি দাবী কৰা হৈছে?

ছ’চিয়েল মিডিয়াত শেহতীয়াকৈ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে য’ত শাৰী পৰিধান কৰা এগৰাকী মহিলাই এটা গীতত পোজ দি থকা দেখা যায়। ভিডিঅ'টো শ্বেয়াৰ কৰি এই মহিলাগৰাকী কিছুদিন পূৰ্বে ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত এক সম্বৰ্ধনা অনুষ্ঠানত স্বামীৰ হৈ মৰণোত্তৰভাৱে কীৰ্তি চক্ৰ পুৰস্কাৰ লাভ কৰা কেপ্টেইন শ্বহিদ অংশুমান সিঙৰ পত্নী স্মৃতি সিং বুলি দাবী কৰা হৈছে। 

ভিডিঅ'টো এক্স আৰু ফেচবুকত ব্যাপকভাৱে শ্বেয়াৰ কৰা হৈছে। এগৰাকী ব্যৱহাৰকাৰীয়ে ভিডিঅ’টোৰ কেপচনত লিখিছে, “দেশৰ বাবে এগৰাকী মাতৃয়ে নিজৰ পুত্ৰক শ্বহিদ কৰিলে আৰু শ্বহিদ জোৱানৰ পত্নীয়ে ১ কোটি টকা আৰু শৌৰ্য্য চক্ৰৰে ইনষ্টাগ্ৰামত সৌন্দৰ্য্য বিয়পাইছে।” পোষ্টটোৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত চাওক। একেধৰণৰ দাবী কৰা আন পোষ্ট  ইয়াত , ইয়াত আৰু ইয়াত চাব পাৰে৷

ভাইৰেল পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/ফেচবুক/স্ক্ৰীণশ্বট)

উল্লেখযোগ্য যে সম্বৰ্ধনা অনুষ্ঠানৰ পিছৰে পৰা কেপ্টেইন অংশুমান সিঙৰ পত্নী স্মৃতি সিং চৰ্চাত আছিল। কেপ্টেইন অংশুমানৰ পিতৃ-মাতৃয়ে উত্তৰাধিকাৰ বা নেক্সট-অৱ-কিন  নীতি (এন অ’ কে) সলনি কৰাৰ দাবী জনাইছিল। তেওঁলোকে অভিযোগ কৰিছিল যে পদক আৰু সন্মানীয় ধন বোৱাৰীয়েকলৈ গৈছিল, যি এতিয়া তেওঁলোকৰ সৈতে নাথাকে। সেনাৰ সূত্ৰৰ উদ্ধৃতি দি দ্য হিন্দুত প্ৰকাশিত এক প্ৰতিবেদনত কোৱা হৈছে যে তেওঁৰ পত্নী আৰু পিতৃ-মাতৃৰ মাজত ১ কোটি টকাৰ আৰ্মি গ্ৰুপ বীমা পুঁজি (এজিআইএফ) ভাগ কৰা হৈছে, আনহাতে পেঞ্চন পোনপটীয়াকৈ পত্নীৰ হাতলৈ যায়। ইয়াৰ উপৰিও উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ৫০ লাখ টকাৰ সাহায্য ঘোষণা কৰিছিল, ইয়াৰে ৩৫ লাখ টকা তেওঁৰ পত্নী আৰু ১৫ লাখ টকা তেওঁৰ পিতৃ-মাতৃলৈ গৈছিল।

অৱশ্যে ভাইৰেল ভিডিঅ’টো ৰেচমা চেবাষ্টিয়ান নামৰ এগৰাকী মডেলৰহে হয়, দাবী কৰাৰ দৰে কেপ্টেইন অংশুমান সিঙৰ পত্নী স্মৃতি সিঙৰ নহয়। 

প্ৰকৃত সত্য কিদৰে জানিলো?

ভাইৰেল ভিডিঅ’টোৰ কীফ্ৰেমত ৰিভাৰ্ছ ইমেজ চাৰ্চৰ জৰিয়তে আমি ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰী ৰেচমা চেবাষ্টিয়ানৰ একাউণ্টত মূল ভিডিঅ’টো লাভ কৰোঁ। ৰেশমাই ২০২৪ চনৰ ২৪ এপ্ৰিলত উক্ত ভিডিঅ'টো (ইয়াত আৰ্কাইভ কৰা হৈছে) পোষ্ট কৰিছিল।

ৰেচমাৰ ইনষ্টাগ্ৰাম ভিডিঅ'ৰ স্ক্ৰীণশ্বট। (উৎস: ইনষ্টাগ্ৰাম/স্ক্ৰীণশ্বট)

ৰেচমা চেবাষ্টিয়ানে তেওঁৰ একাউণ্টৰ বায়’ত নাৰীৰ অৰ্থনৈতিক স্বাধীনতাৰ ওপৰত TEDx Talks-ত দিয়া এটা ভাষণৰ লিংকও শ্বেয়াৰ কৰিছে, য’ত তেওঁ নিজকে মডেল হিচাপে পৰিচয় দিছে। হিন্দুস্তান টাইমছত প্ৰকাশিত এক বাতৰি অনুসৰি ৰেচমা চেবাষ্টিয়ান স্বামী আৰু কন্যাৰ সৈতে জাৰ্মানীত থাকে আৰু বৰ্তমান তেওঁ কেৰেলা ভ্ৰমণ কৰি আছে।

আমি ৰেচমাৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা স্পষ্টীকৰণ (ইয়াত আৰ্কাইভ কৰা হৈছে) লাভ কৰোঁ, যিটো তেওঁ ১৪ জুলাইত পোষ্ট কৰিছিল। তেওঁ লিখিছিল, "এইটো স্মৃতি সিঙৰ (ভাৰতীয় সেনা জোৱান কেপ্টেইন অংশুমান সিঙৰ বিধৱা পত্নী) পেজ/আই জি একাউণ্ট নহয়। প্ৰথমে প্ৰফাইলটোৰ বিৱৰণ আৰু বায়' পঢ়ি লওক। অনুগ্ৰহ কৰি ভুল তথ্য আৰু ঘৃণাসূচক মন্তব্য বিয়পোৱাৰ পৰা বিৰত থাকক।"

ৰেচমাৰ ইনষ্টাগ্ৰাম পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ইনষ্টাগ্ৰাম/স্ক্ৰীণশ্বট)

ৰেচমাই তেওঁৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত তেওঁৰ ফটো থকা এজন লোকৰ ফেচবুক পোষ্টৰ স্ক্ৰীণশ্বটও শ্বেয়াৰ কৰিছে, য’ত লোকজনে কেপ্টেইন অংশুমানৰ পত্নীক ট্ৰ’লিং কৰিছে। 

তেওঁ লিখিছে, "এয়া অৰ্থহীন! মোৰ পৰিচয় ব্যৱহাৰ কৰি স্মৃতি সিঙৰ বিষয়ে ভুল তথ্য বিয়পাই দিয়া হৈছে। আমি আইনী ব্যৱস্থা ল'বলৈ ওলাইছো।" তেওঁৰ ফটো ব্যৱহাৰ কৰা এনে পোষ্ট যদি আৰু দেখা পাই তেন্তে তেওঁঁৰ সৈতে শ্বেয়াৰ কৰিবলৈ তেওঁ নিজৰ ফলৱাৰসকলক অনুৰোধ জনায়।

ৰেচমাৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীৰ স্ক্ৰীণশ্বট। (উৎস: ইনষ্টাগ্ৰাম/স্ক্ৰীণশ্বট)

স্মৃতি সিং আৰু ৰেচমা চেবাষ্টিয়ানৰ ফটো তুলনা কৰিলে স্পষ্টকৈ দেখা যায় যে ভিডিঅ’টোত তেওঁলোকৰ হেয়াৰষ্টাইল একে যেন লাগে যদিও দুয়োৰে চেহেৰাত যথেষ্ট পাৰ্থক্য আছে। 

স্মৃতি সিং আৰু ৰেচমা চেবাষ্টিয়ানৰ ফটোৰ তুলনা। (উৎস: এক্স/ইনষ্টাগ্ৰাম/স্ক্ৰীণশ্বট)

ইয়াৰ দ্বাৰা ৰেচমা চেবাষ্টিয়ানৰ ভিডিঅ’টো যে স্মৃতি সিং বুলি ভুৱা দাবীৰে ব্যাপকভাৱে শ্বেয়াৰ কৰা হৈছে সেয়া স্পষ্ট হয়।

সিদ্ধান্ত

আমাৰ অনুসন্ধানত স্পষ্ট হৈছে যে ভাইৰেল ভিডিঅ’টোত থকা মহিলাগৰাকী কেপ্টেইন শ্বহিদ অংশুমান সিঙৰ পত্নী স্মৃতি সিং নহয়, বৰঞ্চ মডেল ৰেচমা চেবাষ্টিয়ান হয়। 

(অনুবাদ: চন্দন বৰগোহাঁই)

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।