মূল ৰাহুল গান্ধীয়ে প্ৰধান মন্ত্ৰী মোডীৰ শপতগ্ৰহণ অনুষ্ঠান চাই থকা বুলি দাবী কৰি সম্পাদিত ভিডিঅ' প্ৰচাৰ

ৰাহুল গান্ধীয়ে প্ৰধান মন্ত্ৰী মোডীৰ শপতগ্ৰহণ অনুষ্ঠান চাই থকা বুলি দাবী কৰি সম্পাদিত ভিডিঅ' প্ৰচাৰ

লেখক: এনেট প্ৰীতি ফুৰ্টাডো

জুন 12 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
ৰাহুল গান্ধীয়ে প্ৰধান মন্ত্ৰী মোডীৰ শপতগ্ৰহণ অনুষ্ঠান চাই থকা বুলি দাবী কৰি সম্পাদিত ভিডিঅ' প্ৰচাৰ ৰাহুল গান্ধীয়ে প্ৰধান মন্ত্ৰী মোডীৰ শপতগ্ৰহণ অনুষ্ঠান চাই থকা বুলি দাবী কৰি ছ'চিয়েল মিডিয়াত ভাইৰেল ভিডিঅ' শ্বেয়াৰ কৰা হৈছে। (উৎস: এক্স/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান ভুৱা

ৰাহুল গান্ধীয়ে নৰেন্দ্ৰ মোডীৰ শপতগ্ৰহণ অনুষ্ঠান চাই থকা বুলি দেখুওৱাবলৈ ভাইৰেল ভিডিঅ’টো সম্পাদনা কৰা হৈছিল। মূল ফুটেজটোত স্ক্ৰীণখন খালী দেখা যায়।

কি দাবী কৰা হৈছে?

কংগ্ৰেছৰ নেতা তথা সাংসদ ৰাহুল গান্ধীয়ে এখন চলন্ত গাড়ীৰ ভিতৰত বহি থকা এটা ১৬ ছেকেণ্ডৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে প্ৰচাৰিত হৈছে। ভিডিঅ’টোত ৰাহুল গান্ধীৰ সন্মুখত এখন স্ক্ৰীণত মোডীয়ে ভাৰতৰ প্ৰধান মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰা দেখা গৈছে। 

উল্লেখযোগ্য যে যোৱা ৯ জুনৰ সন্ধিয়া দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত মোডীয়ে একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে শপত বাক্য পাঠ কৰোৱা অনুষ্ঠানটোত দেশ-বিদেশৰ নেতৃস্থানীয় ব্যক্তি আৰু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিছিল।

ভাইৰেল ভিডিঅ’টোত গান্ধীয়ে মোডীৰ শপতগ্ৰহণ অনুষ্ঠান চাই থকা দেখা গৈছে বুলি দাবী কৰি ভিডিঅ’টো ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহত ব্যাপকভাৱে শ্বেয়াৰ কৰা হৈছে। ইনষ্টাগ্ৰামত ভিডিঅ’টোৱে ৩৭ হাজাৰৰো অধিক লাইক লাভ কৰাৰ বিপৰীতে এক্সত ইয়াক "ভাৰতত শক্তিশালী বিৰোধী @ৰাহুলগান্ধী" আৰু "মোডী ৩.০"ৰ দৰে কেপচনৰ সৈতে শ্বেয়াৰ কৰা হৈছে। 

ভাইৰেল ভিডিঅ'টো শ্বেয়াৰ কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ইনষ্টাগ্ৰাম/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত) 

একেদৰে ইউটিউবতো ভিডিঅ'টো ( ইয়াত আৰ্কাইভ কৰা হৈছে ) হিন্দী কেপচনৰ সৈতে শ্বেয়াৰ কৰি লিখা হৈছে, "ৰাহুল গান্ধীয়ে মোডীৰ শপতগ্ৰহণ উপভোগ কৰি আছে।" এনে পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত, ইয়াত, আৰু ইয়াত চাব পাৰিব ৷ অসমীয়াতো একাংশ লোকে ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰিছে, ইয়াত আৰ্কাইভ কৰা হৈছে।

অৱশ্যে আমি উক্ত ক্লিপটো ডিজিটেলভাৱে সম্পাদনা কৰা হৈছে বুলি জানিব পাৰোঁ।

আমি কি বিচাৰি পালোঁ?

ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি দেখা গ'ল যে মূল ভিডিঅ'টো ২০২৪ চনৰ ১৭ এপ্ৰিলত গান্ধীৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত (ইয়াত আৰ্কাইভ কৰা হৈছে) পোষ্ট কৰা হৈছিল। ভিডিঅ’টোৰ কেপচনত হিন্দীত "ভাৰতৰ কথা ভাবি, ভাৰতক বিচাৰি!’’ বুলি লিখা আছে। ভিডিঅ’টোত গান্ধীৰ সন্মুখত এটা মিনি টিভিৰ স্ক্ৰীণত কোনো দৃশ্য চলি থকা দেখা নাযায়। উল্লেখযোগ্য যে এই পোষ্টটো যোৱা ১৯ এপ্ৰিলত অনুষ্ঠিত লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ আগৰ হয়। 

ভাইৰেল ভিডিঅ’টো আৰু গান্ধীৰ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা মূল ভিডিঅ’টোৰ স্ক্ৰীণশ্বটৰ তুলনা। (উৎস: এক্স/ইষ্টাগ্ৰাম/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীণশ্বট আৰু গান্ধীৰ ইনষ্টাগ্ৰাম একাউণ্টত পোষ্ট কৰা মূল ভিডিঅ’টোৰ মাজত তুলনা কৰিলে দুয়োটাৰ মাজত থকা পাৰ্থক্য স্পষ্ট হয়। মোডী থকা ক্লিপটোত মোডীয়ে চাৰ্টৰ ওপৰত এটা ধোঁৱা-বৰণীয়া জেকেট পিন্ধি থকা দেখা যায়, কিন্তু ২০২৪-ৰ শপত গ্ৰহণ অনুষ্ঠানত ( ইয়াত আৰ্কাইভ কৰা হৈছে) মোডীয়ে এজোৰ বগা কুৰ্তা-পাইজামা আৰু গাঢ় নীলা ৰঙৰ জেকেটহে পৰিধান কৰিছিল।

সাজ-পোছাকৰ এই পাৰ্থক্যৰ দ্বাৰা বোজা যায় যে ভাইৰেল ক্লিপটোত ব্যৱহাৰ কৰা মোডীৰ ভিডিঅ’টো ২০২৪-ৰ শপতগ্ৰহণ অনুষ্ঠানৰ নহয় বৰঞ্চ মোডীৰ ২০১৯ চনৰ শপতগ্ৰহণ অনুষ্ঠানৰ (ইয়াত আৰ্কাইভ কৰা হৈছে) হে হয়। 

এই ভিডিঅ'টোৰ উৎস কি?

ভাইৰেল ফুটেজত "@amarprasadreddy" ৰ ৱাটাৰমাৰ্ক আছে। নিজকে বিজেপিৰ কৰ্মী বুলি পৰিচয় দিয়া অমৰ প্ৰসাদ ৰেড্ডীয়ে ৯ জুনত দিনৰ ১:৩৯ বজাত তেওঁৰ এক্স একাউণ্টত ভাইৰেল ভিডিঅ'টো (ইয়াত আৰ্কাইভ কৰা হৈছে) পোষ্ট কৰিছিল, য'ত লিখা আছিল "আজি সন্ধিয়াৰ দৃশ্য"।

 ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰা ভাইৰেল পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/ইউটিউব/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত) 

ইয়াৰ উপৰিও আমি ৰেডীৰ এক্স একাউণ্টত বিৰোধীক উপহাস কৰা যেন লগা আন একাধিক পোষ্ট (ইয়াত, ইয়াত আৰ্কাইভ কৰা হৈছে) লাভ কৰোঁ। প্ৰথম অৱস্থাত ব্যংগ কৰি শ্বেয়াৰ কৰা সম্পাদিত ভিডিঅ’টোক পিছত একাধিক ব্যৱহাৰকাৰীয়ে মূল প্ৰসংগৰ পৰা আঁতৰাই ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে প্ৰচাৰ কৰে।

সিদ্ধান্ত

ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোডীৰ শপতগ্ৰহণ অনুষ্ঠান চাই থকা বুলি দাবী কৰা ভাইৰেল ফুটেজটো ডিজিটেলভাৱে সম্পদনা কৰা হৈছে। মূল ভিডিঅ’টোত কংগ্ৰেছ নেতাজনৰ সন্মুখৰ স্ক্ৰীণত কোনো দৃশ্য চলি থকা দেখা নাযায়।

(অনুবাদ: চন্দন বৰগোহাঁই)

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।