মূল চন্দ্ৰযান-৩ৰ পৰা বন্দী কৰা পৃথিৱীৰ দৃশ্য বুলি ‘এআই-জেনেৰেটেড' ভিডিঅ’ প্ৰচাৰ কৰা হৈছে

চন্দ্ৰযান-৩ৰ পৰা বন্দী কৰা পৃথিৱীৰ দৃশ্য বুলি ‘এআই-জেনেৰেটেড' ভিডিঅ’ প্ৰচাৰ কৰা হৈছে

লেখক: সোহম শ্বাহ

আগষ্ট 31 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
চন্দ্ৰযান-৩ৰ পৰা বন্দী কৰা পৃথিৱীৰ দৃশ্য বুলি ‘এআই-জেনেৰেটেড' ভিডিঅ’ প্ৰচাৰ কৰা হৈছে

ফেক্ট চেক

মিছা

ভিডিঅ’টো প্ৰথমে পোষ্ট কৰা ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীজনে এইটো 'এআই-জেনেৰেটেড' ভিডিঅ’ আৰু চন্দ্ৰযান-৩ৰ দ্বাৰা ইয়াক সংগ্ৰহ কৰা নাই বুলি নিশ্চিত কৰিছে।


কি দাবী কৰা হৈছে?

২১ আগষ্টত এটা এক্স (X) (পূৰ্বৰ টুইটাৰ) একাউণ্টে এক ভিডিঅ’ শ্বেয়াৰ কৰিছিল, য’ত লিখা আছিল, “চন্দ্ৰযান-৩ অভিযান: চন্দ্ৰৰ পৰা পৃথিৱীখন কেনেকুৱা দেখা যায়।(অসমীয়ালৈ অনূদিত)” আন এজন এক্স ব্যৱহাৰকাৰীয়েও ২০ আগষ্টত এই ভিডিঅ’টো হিন্দী ভাষাত কেপচন দি শ্বেয়াৰ কৰিছিল য’ত লিখা আছিল, “চন্দ্ৰযান-৩ মিছনে চন্দ্ৰৰ পৰা পঠোৱা এখন সুন্দৰ ছবি! (অসমীয়ালৈ অনূদিত)।” ভিডিঅ’টোত চন্দ্ৰৰ ওপৰৰ পৰা পৃথিৱীৰ দৃশ্য দেখা গৈছে যেন লাগে।

চন্দ্ৰযান ৩ দ্বাৰা বন্দী দৃশ্য় বুলি দাবী কৰি Xত শ্বেয়াৰ কৰা পোষ্ট (উৎস: X/@jkssb_aspirants,@wasimkhan0730/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিবৰ্তিত)

আমি দেখিলোঁ যে এই ভিডিঅ’টো পূৰ্বে এক্স ব্যৱহাৰকাৰী মিথিলেশ কেশৰী (@mkeshari)য়ে শ্বেয়াৰ কৰিছিল আৰু এই লেখাটো লিখাৰ সময়ত ২,৬০,০০০তকৈ অধিক দৰ্শন আৰু ৩,৮০০তকৈ অধিক লাইকৰ সৈতে ভাইৰেল হৈ পৰিছে।

মিথিলেশ কেশৰীৰ মূল পোষ্ট (উৎস: X/@mkeshari/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিবৰ্তিত)

চন্দ্ৰযান-৩ হৈছে চন্দ্ৰযান ১ আৰু ২ৰ পিছত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ শেহতীয়া চন্দ্ৰ অন্বেষণ অভিযান। ২০২৩ চনৰ ১৪ আগষ্টত বিক্ৰম নামৰ এখন লেণ্ডাৰ আৰু প্ৰজ্ঞান নামৰ এখন ৰভাৰেৰে চন্দ্ৰযান-৩ উৎক্ষেপণ কৰা হৈছিল। ২৩ আগষ্টৰ সন্ধিয়া চন্দ্ৰযান-৩ চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিছিল। ইছৰ’ই নিজৰ অফিচিয়েল চেনেলত চন্দ্ৰৰ কেইবাটাও ভিজুৱেল শ্বেয়াৰ কৰিছে।

অৱশ্যে, এক্সত শ্বেয়াৰ কৰা ভিডিঅ’টো এআই-জেনেৰেটেড ভিডিঅ’ আৰু ইয়াক চন্দ্ৰযানে বন্দী কৰা নাছিল।

সত্যটো কি?

আমি ভাইৰেল ভিডিঅ'টো ইছৰ'ৰ অফিচিয়েল X একাউণ্ট বা ইয়াৰ ৱেবছাইটত বিচাৰি নাপালোঁ।

আমি কেশৰীৰ টুইটত কেইবাজনো ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে ভিডিঅ’টো সম্পাদিত আৰু ভুৱা যেন লাগিছে বুলি মন্তব্য কৰা দেখিলোঁ, যাৰ পিছত তেওঁ কৈছিল যে ভিডিঅ’টো এআই-জেনেৰেটেড আৰু চন্দ্ৰযান-৩ৰ দ্বাৰা বন্দী কৰা হোৱা নাই।

কেশৰীয়ে এক্সত স্বীকাৰ কৰে যে ভিডিঅ’টো এআই-জেনেৰেটেড (উৎস: স্ক্ৰীণশ্বট/এক্স)

লজিকেলী ফেক্টছে কেশৰীৰ সৈতে যোগাযোগ কৰি ভিডিঅ’টো তেওঁৰ দ্বাৰা উৎপন্ন কৰা হৈছে নে নাই সেয়া নিশ্চিত কৰিছিল, যাৰ উত্তৰত তেওঁ উত্তৰ দিছিল, “হয়, পোষ্ট কৰাৰ আগতে এআই জেনেৰেট আৰু এডিট কৰা হৈছে। 🚀🌖🇮🇳”

একেটা থ্ৰেডতে তেওঁ চন্দ্ৰৰ বিষয়ে এটা বেলেগ দীঘলীয়া ভিডিঅ’ৰ লিংকও শ্বেয়াৰ কৰিছিল। এই ভিডিঅ'টোত তলৰ সোঁফালৰ চুকত ভিডিঅ' এডিটিং চফ্টৱেৰ ইনভিডিঅ’ৰ ৱাটাৰমাৰ্ক স্পষ্টকৈ দেখা যায়। ষ্টক ফুটেজ ৱেবছাইট ষ্ট’ৰীব্লকছৰ ৱাটাৰমাৰ্কও দেখা যায়।

ভিডিঅ’টোত ইনভিডিঅ’ৰ ৱাটাৰমাৰ্ক দেখা গৈছে। (উৎস:X/@mkeshari/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

এই পোষ্ট কৰা এক্স ব্যৱহাৰকাৰীজনৰ বায়’ত লিখা আছে, “ব্লকচেইন ডেভেলপাৰ। এআই বিজনেছ ইনটেলিজেন্স ডেভেলপাৰ। আপোনাৰ পৰা শুনিবলৈ আগ্ৰহী। mk@web3c.com” (অসমীয়ালৈ অনূদিত)।

সিদ্ধান্ত

আমি এই দাবীক মিছা বুলি চিহ্নিত কৰিছোঁ কাৰণ ভিডিঅ’টো 'এআই-জেনেৰেটেড' আৰু ইয়াত চন্দ্ৰযান-৩-এ বন্দী কৰা পৃথিৱীৰ দৃশ্য় দেখা যোৱা নাই।

(অনুবাদ: অনুৰাগ বৰুৱা)

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।