মূল ২০২১ চনৰ ভিডিঅ’ বিজেপিৰ জয়ৰ পিছত ‘ৰাজস্থানৰ অভিমুখে বুলডজাৰ ৰাওনা’ বুলি শ্বেয়াৰ কৰা হৈছে

২০২১ চনৰ ভিডিঅ’ বিজেপিৰ জয়ৰ পিছত ‘ৰাজস্থানৰ অভিমুখে বুলডজাৰ ৰাওনা’ বুলি শ্বেয়াৰ কৰা হৈছে

লেখক: চন্দন বৰগোহাঁই

ডিচেম্বৰ 18 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
২০২১ চনৰ ভিডিঅ’ বিজেপিৰ জয়ৰ পিছত ‘ৰাজস্থানৰ অভিমুখে বুলডজাৰ ৰাওনা’ বুলি শ্বেয়াৰ কৰা হৈছে ২০২১ চনৰ ভিডিঅ' নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত ৰাজস্থান অভিমুখে বুলডজাৰ ৰাওনা বুলি শ্বেয়াৰ কৰা হৈছে। (উৎস: ফেচবুক/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

মিছা

এই ভিডিঅ’টো সদ্যসমাপ্ত ৰাজস্থান নিৰ্বাচনৰ দুবছৰ পূৰ্বৰে পৰা ইন্টাৰনেটত উপলব্ধ, ইয়াত অন্ধ্ৰ প্ৰদেশত এখন মালবাহী ট্ৰেইনে বুলডজাৰ কঢ়িয়াই নিয়া দেখা গৈছে।

কি দাবী কৰা হৈছে?

দেশৰ পাঁচখন ৰাজ্যত শেহতীয়াকৈ সমাপ্ত হৈ যোৱা বিধানসভা নিৰ্বাচনৰ পিছতে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’টো ভাইৰেল হৈ পৰিছে। ভিডিঅ’টো শ্বেয়াৰ কৰি এইবুলি দাবী কৰা হৈছে যে বিজেপিয়ে ৰাজস্থানত ১৯৯ খন আসনৰ ১১৫ খন দখল কৰি জয়লাভ কৰাৰ পিছতে উত্তৰ-প্ৰদেশৰ পৰা ৰাজ্য়খনলৈ এখন ট্ৰেইনত বৃহৎ সংখ্যক বুলডজাৰ প্ৰেৰণ কৰা হৈছে।

ফেচবুকত ভিডিঅ'টো শ্বেয়াৰ কৰি এজন ব্যৱহাৰকাৰীয়ে লিখিছে যে ৰাজ্যখনত কংগ্ৰেছে পাঁচ বছৰীয়া শাসনকালত সৃষ্টি কৰা "আৱৰ্জনা পৰিষ্কাৰ" কৰিবলৈ বুলডজাৰ লৈ উত্তৰ প্ৰদেশৰ পৰা ৰাজস্থানলৈ ৰাওনা হোৱা এখন ট্ৰেইন দেখুওৱা হৈছে। সাম্প্ৰদায়িক উদ্দেশ্যপ্ৰণোদিত পোষ্টটোৰ এটা আৰ্কাইভ কৰা সংস্কৰণ ইয়াত চাব পাৰিব।

আন এজন ফেচবুক ব্যৱহাৰকাৰীয়ে ভিডিঅ'টো শ্বেয়াৰ কৰি (ইয়াত আৰ্কাইভ কৰা হৈছে) অসমীয়াত এইদৰে লিখিছে, "যোগী বাবাৰ ৫০খন "বুলডজাৰ" ৰাজস্থানৰ অভিমুখে ৰাওনা"। যোগী বাবা বুলি ইয়াত বিজেপি নেতা তথা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক বুজোৱা হৈছে। 

ভাইৰেল ভিডিঅ'টো শ্বেয়াৰ কৰা এটা অসমীয়া ফেচবুক পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে এইটো অন্ধ্ৰ প্ৰদেশৰ এটা পুৰণি ভিডিঅ’ হয়।

বুলডজাৰৰ তাৎপৰ্য

উল্লেখযোগ্য যে যোগী আদিত্যনাথৰ চৰকাৰে উত্তৰ প্ৰদেশত ক্ষমতা দখল কৰাৰ পিছৰে পৰা 'বুলডজাৰ' আৰু 'বুলডজাৰ শাসন' শব্দই ভাৰতৰ ৰাজনৈতিক বাকধাৰাত প্ৰৱেশ কৰা দেখা যায়। সংবাদ আলোচনী ‘আউটলুক’ৰ এক প্ৰতিবেদনত উল্লেখ কৰা মতে ২০২২ চনৰ উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে আদিত্যনাথে 'বুলডজাৰ ৰাজনীতি'ক এক ৰণকৌশল হিচাপে ব্যৱহাৰ কৰিছিল। 

যোৱা কিছু বছৰত, ‘বুলডজাৰে’ এক ৰাজনৈতিক আহিলা হিচাপে আত্মপ্ৰকাশ কৰিছে, বিশেষকৈ একাংশ বিজেপিশাসিত ৰাজ্যত চৰকাৰে অপৰাধ হিচাপে গণ্য কৰা কামৰ শাস্তি হিচাপে ইয়াক ব্যৱহাৰ কৰা দেখা যায়। উত্তৰ প্ৰদেশত তেওঁলোকৰ শাসনকালত যোগী চৰকাৰে 'অবৈধ' নিৰ্মাণৰ ওপৰত বুলডজাৰ চলোৱাৰ লগতে একাধিক 'অপৰাধী'ৰ ঘৰ ভাঙি পেলোৱা দেখা গৈছে। ইয়াৰ পিছতে একেধৰণৰ পদক্ষেপ বিজেপি নেতৃত্বাধীন হাৰিয়ানা আৰু মধ্য প্ৰদেশৰ চৰকাৰেও গ্ৰহণ কৰিছিল। আনহাতে, নাগৰিক সমাজৰ গোটৰ উদ্ধৃতি দি টাইম আলোচনীয়ে উল্লেখ কৰিছে যে "বুলডজাৰ শাসকীয় হিন্দু ৰাষ্ট্ৰীয়তাবাদী ভাৰতীয় জনতা পাৰ্টি (বিজেপি)ৰ ৰাজনৈতিক নেতাসকলৰ বাবে হাজাৰ হাজাৰ মুছলমানৰ ঘৰ-দুৱাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান, উপাসনাস্থলী ধ্বংস কৰাৰ এক প্ৰধান ন্যায় বহিৰ্ভূত আহিলাত পৰিণত হৈছে।"

ভিডিঅ’টো ক’ৰ আৰু কেতিয়াৰ হয়?

আমি ক্লিপটোৰ এটা কীফ্ৰেমত ৰিভাৰ্চ-ইমেজ চাৰ্চ কৰি ২০২১ চনৰ ২৬ নৱেম্বৰত 'গোপিৰে’লৱৰ্ল্ড' নামৰ এটা প্ৰমাণীকৃত চেনেলৰ দ্বাৰা ইউটিউবত আপলোড কৰা একেটা ভিডিঅ'ৰ এক দীঘলীয়া সংস্কৰণ লাভ কৰোঁ।

"দুখন ট্ৰেইনৰ বিঅ’এমএন ৰে’ক মালবাহী ট্ৰেইনক অতিক্ৰম | ট্ৰেইনত জেচিবি | ডব্লিউএপি-৭ ছুপাৰ্ব এক্সিলেৰেচন | আই আৰ" শীৰ্ষক ভিডিঅ'টোত প্ৰথমে এখন মালবাহী ট্ৰেইনক এটা প্লেটফৰ্মৰ ওলাই যোৱা দেখা গৈছে আৰু পিছৰ শ্বটটোত ভাইৰেল ভিডিঅ’টোত দেখাৰ দৰে ৰে'লপথত এখন চলন্ত ট্ৰেইন দেখা যায়। ইউটিউব ভিডিঅ'ৰ প্ৰায় ০৩:৩৭ টাইমষ্টাম্পত আমি "ডব্লিউএজি-৯এইচ ৩১৩৯৫ ভিলাই ৱিড জেচিবি’চ অন বিঅ’এমএন ট্ৰেইন" বাক্যটো দেখা পাওঁ, যিটো ভাইৰেল ক্লিপটোতো দেখা পোৱা যায়।

ভাইৰেল ক্লিপ আৰু মূল ইউটিউব ভিডিঅ’ৰ ভিজুৱেলৰ মাজত তুলনা। (উৎস: ফেচবুক/ইউটিউব/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ইউটিউব ভিডিঅ'টোৰ বৰ্ণনা অনুসৰি, ভিডিঅ’টো অন্ধ্ৰ প্ৰদেশৰ তেনালী জংচন ৰে’ল ষ্টেচনত দৃশ্যগ্ৰহণ কৰা হৈছিল। 

আমি গুগল মেপছত ভিডিঅ’টোত দেখা ঠাইখিনি অন্ধ্ৰ প্ৰদেশৰ তেনালী বুলি ‘জিঅ’লকেট’ কৰিবলৈ সক্ষম হ’লো। বগা আৰু গুলপীয়া ৰঙৰ বিল্ডিংটো আৰু ইউটিউব ভিডিঅ'টোত (প্ৰায় ০৫:৩৪ টাইমষ্টেম্পত) দেখাৰ দৰে বিল্ডিংটোৰ বাউণ্ডেৰি ৱালত থকা ‘জিযাছ হীলছ’ গ্ৰাফিটিটো গুগল ষ্ট্ৰীট ভিউতো দেখা পোৱা গ’ল। 

ইউটিউব ভিডিঅ’ আৰু গুগল ষ্ট্ৰীট ভিউ ছবিৰ মাজত থকা সাদৃশ্য। (উৎস: ইউটিউব/গুগল মেপছ/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

এইটোৱে এই কথা নিশ্চিত কৰে যে ভাইৰেল ভিডিঅ'টোত উত্তৰ প্ৰদেশৰ পৰা ৰাজস্থানলৈ বুলডজাৰ কঢ়িয়াই নিয়া এখন ট্ৰেইন দেখুওৱা হোৱা নাই, বৰঞ্চ ইয়াত অন্ধ্ৰ প্ৰদেশত এখন মালবাহী ট্ৰেইন গৈ থকাহে দেখা গৈছে। আমি নিজাববীয়াকৈ মালবাহী ট্ৰেইনখনৰ আৰম্ভণি আৰু গন্তব্যস্থান নিৰ্ণয় কৰিব নোৱাৰিলোঁ যদিও এইটো স্পষ্ট যে ভাইৰেল ভিডিঅ'টো কমেও দুবছৰ আগৰ পৰা অনলাইনত উপলব্ধ হৈ আছে। ভিডিঅ'টো ২০২৩ চনৰ ৰাজস্থান বিধানসভা নিৰ্বাচনৰ আগৰ হয় আৰু অন্ধ্ৰ প্ৰদেশত এইটো দৃশ্যগ্ৰহণ কৰা হৈছিল, য'ত ৱাইএছআৰ কংগ্ৰেছ পাৰ্টি শাসনত আছে।

সিদ্ধান্ত

২০২১ চনৰ নৱেম্বৰৰ পৰা অনলাইনত উপলব্ধ অন্ধ্ৰ প্ৰদেশৰ এটা পুৰণি ভিডিঅ'ক সদ্যসমাপ্ত ৰাজস্থান বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ সৈতে মিছাকৈ সম্পৰ্কিত কৰা হৈছে। সেয়েহে, আমি এই দাবীটো মিছা বুলি চিহ্নিত কৰিছো।

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।