লেখক: সোহম শ্বাহ
জানুৱাৰী 2 2024
ভাইৰেল স্ক্ৰীণশ্বটটো ডিজিটেলভাৱে তৈয়াৰ কৰা হৈছে। কপিল ছিবালে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত এনে কোনো পোষ্ট কৰা নাছিল।
দাবী কি?
কংগ্ৰেছৰ প্ৰাক্তন নেতা কপিল ছিব্বালৰ এক্স (পূৰ্বৰ টুইটাৰ) পোষ্টৰ স্ক্ৰীণশ্বট বুলি ছ’চিয়েল মিডিয়াত এখন ফটো ব্যাপকভাৱে শ্বেয়াৰ কৰা হৈছে । লগতে দাবী কৰা হৈছে যে এই উচ্চতম ন্যায়ালয়ৰ অধিবক্তাজনে অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণ হ’লে আত্মহত্যা কৰিব বুলি এই এক্স পোষ্টটোত উল্লেখ কৰিছিল। অৱসৰপ্ৰাপ্ত মেজৰ জেনেৰেল হৰ্ষ কাকৰে এই ছবিখন শ্বেয়াৰ কৰি কেপচনত লিখিছে, "হোৱাটছএপৰ পৰা পাইছোঁ । মোৰ কোনো মন্তব্য নাই।" এই পোষ্টটোৰ এটা আৰ্কাইভ কৰা সংস্কৰণ ইয়াত চাব পাৰিব।
কাকৰে আপলোড কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: X/@kakar_harsha/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)
অবশ্য, আমি নিৰ্ণয় কৰিব পাৰিলো যে এই স্ক্ৰীণশ্বটটো চিবালৰ পোষ্টৰ নহয়, বৰঞ্চ ইয়াক
ডিজিটেলভাৱে সৃষ্টি কৰা হৈছে।
সত্য কি?
আমি লক্ষ্য কৰিলোঁ যে উক্ত দাবী কৰা পোষ্টটোৰ লিখনীৰ ফন্টৰ আকাৰ ছবিখনৰ আন উপাদান যেনে একাউণ্টৰ নাম, তাৰিখ আৰু সময়তকৈ সৰু। ইয়াৰ উপৰিও পোষ্টৰ প্ৰথম আৰু দ্বিতীয় শাৰীৰ মাজত ফন্টৰ আকাৰ ভিন্ন, যিটো এটা প্ৰকৃত X পোষ্টৰ দৰে মুঠেই নহয়। তদুপৰি ভাইৰেল স্ক্ৰীণশ্বটত থকা ইউজাৰনেমটো চিবালৰ প্ৰকৃত এক্স একাউণ্টৰ হেণ্ডেলৰ পৰা পৃথক, কিয়নো ভাইৰেল স্ক্ৰীণশ্বটত ইংৰাজী ‘কে’ আৰু ‘এছ’ আখৰ দুটা কেপিটেলত দিয়া হোৱা নাই।
ভাইৰেল পোষ্ট আৰু ছিবালে নিজৰ প্ৰকৃত এক্স একাউণ্টৰ পৰা শ্বেয়াৰ কৰা এক পোষ্টৰ তুলনা। (উৎস: স্ক্ৰীণশ্বট/X)
আমি এক্সত কীৱৰ্ড চাৰ্চ এটাও কৰিলোঁ আৰু চিবালে এনে পোষ্ট কৰাৰ কোনো প্ৰমাণ নাপালোঁ।
২০২০ চনৰ ২৯ জুলাইত ছিবালে পোষ্ট কৰা একমাত্ৰ এক্স পোষ্টটো এটা বেলেগ বিষয়ৰ সৈতে জড়িত আছিল আৰু ইয়াৰ টাইমষ্টেম্প আছিল ৯:০৫ বজাত, ১২:০৫ বজাত নহয়, যিদৰে ভাইৰেল স্ক্ৰীণশ্বটটোত দেখা গৈছে।
ইয়াৰ উপৰিও ২০২০ চনৰ ২৯ জুলাইৰ পৰা ছিবালৰ এক্স একাউণ্টৰ কোনো আৰ্কাইভ নাই, আৰু কোনো মূলসুঁতিৰ সংবাদ সংস্থাই চিবালে এনে বক্তব্য প্ৰকাশ কৰা বুলি বাতৰি প্ৰকাশ কৰা নাই।
লজিকেলী ফেক্টছৰ সৈতে হোৱা কথা-বতৰাত ছিবালে কয়, ‘মই ৰাম জন্মভূমি কেছটোত যুক্তি প্ৰকাশ কৰা নাছিলো। এই কেছটোত যুক্তি দিছিল ৰাজীৱ ধৱনে। ২০১৯ চনৰ নিৰ্বাচনৰ পিছত ইয়াক ল’ব লাগে বুলি ক’বলৈহে মই আদালতত হাজিৰ হৈছিলো।”
এই স্ক্ৰীণশ্বটটো বছৰ বছৰ ধৰি ছ’চিয়েল মিডিয়াত একাধিকবাৰ শ্বেয়াৰ কৰা হৈছে আৰু বিভিন্ন তথ্য-পৰীক্ষকে ডিবাংক কৰা সত্ত্বেও পুনৰ আবিৰ্ভাৱ হৈয়েই আছে। এনে ধৰণৰ পোষ্ট ২০২০ চনত ফেচবুকত অসমীয়া ভাষাটো ভাইৰেল হৈছিল আৰু ইয়াৰে কিছুমান এতিয়াও উপলদ্ধ আছে। ২০২৪ চনৰ ২২ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া অযোধ্যাত নতুনকৈ নিৰ্মিত ৰাম মন্দিৰৰ পূজা অৰ্পণৰ বাবে এই ভুৱা পোষ্টটোৱে পুনৰ চৰ্চা লাভ কৰিছে।
সিদ্ধান্ত
ভাইৰেল স্ক্ৰীণশ্বটটো ডিজিটেলভাৱে সৃষ্টি কৰা হৈছে। কপিল ছিবালে এক্সত এনে কোনো বক্তব্য পোষ্ট কৰা নাছিল। আমি এই দাবীক ভুৱা বুলি চিহ্নিত কৰিছো।
(আপডেট: কপিল ছিবালৰ মন্তব্যৰ সৈতে ফেক্ট-চেকটো আপডেট কৰা হৈছে।)
(অনুবাদ: অনুৰাগ বৰুৱা)