মূল নহয়, আকাছা এয়াৰৰ বিমান পৰিচাৰিকাই সংস্কৃতত প্ৰাক-ফ্লাইট নিৰাপত্তা ব্ৰিফিং দিয়া নাছিল

নহয়, আকাছা এয়াৰৰ বিমান পৰিচাৰিকাই সংস্কৃতত প্ৰাক-ফ্লাইট নিৰাপত্তা ব্ৰিফিং দিয়া নাছিল

লেখক: সোহম শ্বাহ

জুন 14 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
নহয়, আকাছা এয়াৰৰ বিমান পৰিচাৰিকাই সংস্কৃতত প্ৰাক-ফ্লাইট নিৰাপত্তা ব্ৰিফিং দিয়া নাছিল আকাছা এয়াৰত সংস্কৃত ভাষাত বিমানৰ ঘোষণা কৰা বুলি দাবী কৰা এটা ফেচবুক পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স,ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ভুৱা

আকাছা এয়াৰৰ এখন বিমানৰ নিৰাপত্তা ব্ৰিফিং দেখুওৱা এটা ভিডিঅ'ৰ ওপৰত সংস্কৃত ভাষাৰ ভইচ-অভাৰ ডাব কৰা হৈছে। বিমান সংস্থাটোৱে এটা স্পষ্টীকৰণো জাৰি কৰিছে।

কি দাবী কৰা হৈছে?

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্স আৰু ফেচবুকত একাধিক পোষ্টত সংস্কৃত ভাষাত আকাছা এয়াৰৰ বিমানত বিমান পৰিচাৰিকাই প্ৰাক-ফ্লাইট নিৰাপত্তা ব্ৰিফিং প্ৰদান কৰা বুলি দাবী কৰি এটা ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে। পোষ্ট সমূহৰ কেপচনত “সংস্কৃতত বিমানৰ ঘোষণা..!!” এনে পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত, ইয়াত, ইয়াত, আৰু ইয়াত চাব পাৰিব। ভিডিঅ’টো ফেচবুকত শ্বেয়াৰ কৰি (ইয়াত আৰ্কাইভ কৰা হৈছে) এজন ব্যৱহাৰকাৰীয়ে অসমীয়াত “এখোজ এখোজকৈ” বুলি এটা কেপচন দিছে।

আকাছা এয়াৰত সংস্কৃত ভাষাত বিমানৰ ঘোষণা কৰা বুলি দাবী কৰা এক্স আৰু ফেচবুক পোষ্ট। (উৎস: এক্স,ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

আকাছা এয়াৰৰ বিমান যেন লগা বিমানখনত এগৰাকী বিমান পৰিচাৰিকাই নিৰাপত্তা ব্রিফিং দিয়া ভিডিঅ’টোত ইনলেইড চাবটাইটেল সন্নিবিষ্ট কৰা হৈছে, য’ত বিমানখনক আকাছা এয়াৰ ০৫৯এ বুলি লেবেল লগোৱা হৈছে৷ অৱশ্যে অডিঅ’টো ডাব কৰা হৈছে, আৰু আকাছা এয়াৰৰ কোনো বিমানতে সংস্কৃতত তেনে কোনো ঘোষণা কৰা হোৱা নাছিল।

প্ৰকৃত সত্য কি?

ৰিভাৰ্ছ ইমেজ চাৰ্চৰ জৰিয়তে আমি দেখিলোঁ যে ভিডিঅ’টো প্ৰথমে ২০২৪ চনৰ ৬ জুনত সংস্কৃতস্পেৰ’ নামৰ এটা ভেৰিফাইড ইনষ্টাগ্ৰাম পেজে পোষ্ট কৰিছিল  (ইয়াত আৰ্কাইভ কৰা হৈছে)। ভিডিঅ’টোৰ সৈতে শ্বেয়াৰ কৰা কেপচনটোত লিখা আছে: “ওপৰৰ কন্টেন্টটো এটা ডাব কৰা ভইচ-অভাৰ হয়। কোনো বিমানতে এনে ঘোষণা কৰা হোৱা নাই। @akasaair মেনেজমেণ্টৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।” সংস্কৃত ভাষাত সঘনাই কন্টেন্ট পোষ্ট কৰা ‘সমষ্টি গুব্বি’-এ এই পেজটো পৰিচালনা কৰে।

লজিকেলী ফেক্টছে ইনষ্টাগ্ৰামত গুব্বিৰ সৈতে যোগাযোগ কৰাত তেওঁ এই কথা নিশ্চিত কৰি কয়, “এইটো মই নিজে কণ্ঠদান কৰি বনোৱা এটা ৰিল হয়।” তদুপৰি ভিডিঅ’টো তেওঁ নিজেই ৰেকৰ্ডিং কৰা বুলিও তেওঁ কয়। তেওঁৰ মূল কেপচনত লিখা আছিল, "আপোনাৰ প্ৰিয় ঘোষণাটো কি? মোৰটো হ'ল: আমাক বাছি লোৱাৰ বাবে ধন্যবাদ।" একাধিক ব্যৱহাৰকাৰীয়ে কমেন্টত এইটো সঁচাকৈ বিমানৰ ঘোষণা বুলি ভুলকৈ বিশ্বাস কৰাৰ পিছত তেওঁ কেপচনটো সলনি কৰি দিয়ে।

আমি আকাছা এয়াৰৰ অফিচিয়েল এক্স একাউণ্টে ভাইৰেল ভিডিঅ’টো শ্বেয়াৰ কৰা এটা পোষ্টত কমেন্ট কৰাও দেখা পালোঁ। যদিও মূল পোষ্টটো ডিলিট কৰা হৈছে, এক্সত বিমান সংস্থাটোৰ এটা স্পষ্টীকৰণত কোৱা হৈছে যে, “আমি এইটো স্পষ্ট কৰিব বিচাৰো যে আমাৰ বিমানৰ ঘোষণাসমূহ হিন্দী আৰু ইংৰাজী ভাষাত প্ৰদান কৰা হয়। ভিডিঅ’টোত শুনিবলৈ পোৱা ঘোষণাটো অফিচিয়েল নহয় আৰু ডাব কৰি শ্বেয়াৰ কৰা ভিডিঅ’ যেন লাগে।” আকাছা এয়াৰৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টেও সংস্কৃতস্পেৰ’ৰ ৰিলত একেধৰণৰ কমেন্ট দিছে।

উল্লেখযোগ্য যে ইণ্ডো-ইউৰোপীয় ভাষা পৰিয়ালৰ অন্তৰ্গত প্ৰাচীন ভাষা সংস্কৃত ভাৰতৰ প্ৰায় ২৫,০০০ লোকে কয়।

২০১৮ চনত ভাৰতীয় অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে বিমান সংস্থাসমূহে বিমানৰ ঘোষণাসমূহ পৰাপক্ষত যিমান দূৰ সম্ভৱ হয় স্থানীয় ভাষাত প্ৰদান কৰাৰ কথা বিবেচনা কৰিব লাগে বুলি এক এডভাইজৰি জাৰি কৰিছিল। কিন্তু ভাৰতত ব্যৱহৃত স্থানীয় ভাষাৰ সংখ্যাৰ বাবে এয়া বাস্তৱিক নহয় বুলি বিমান সংস্থাৰ কাৰ্যবাহীসকলে উল্লেখ কৰে।

সিদ্ধান্ত

আকাছা এয়াৰলাইন্সে বিমানৰ ভিতৰত সংস্কৃতত ঘোষণা কৰিছিল বুলি কৰা দাবীটো মিছা। এগৰাকী কন্টেন্ট ক্ৰিয়েটৰে সংস্কৃত অডিঅ’ ডাব কৰি ভাইৰেল ভিডিঅ’টো বনাইছিল। সেয়েহে এই দাবীটো আমি ভুৱা বুলি চিহ্নিত কৰিছো।

(অনুবাদ: চন্দন বৰগোহাঁই)

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।