মূল অগ্নিপথ আঁচনিখন 'সৈনিক সন্মান আঁচনি' হিচাপে পুনৰ আৰম্ভ কৰা হোৱা নাই

অগ্নিপথ আঁচনিখন 'সৈনিক সন্মান আঁচনি' হিচাপে পুনৰ আৰম্ভ কৰা হোৱা নাই

লেখক: উম্মে কুলচুম

জুন 20 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
অগ্নিপথ আঁচনিখন 'সৈনিক সন্মান আঁচনি' হিচাপে পুনৰ আৰম্ভ কৰা হোৱা নাই 'অগ্নিপথ আঁচনি'ৰ নাম 'সৈনিক সন্মান আঁচনি'লৈ সলনি কৰা বুলি দাবী কৰা ভাইৰেল ছবিখনৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ভুৱা

ভাৰত চৰকাৰে এনে কোনো সিদ্ধান্ত লোৱা নাই। অগ্নিপথ আঁচনিৰ সংশোধন দেখুওৱা বুলি দাবী কৰা ভাইৰেল পত্ৰখন ভুৱা হয়।

কি দাবী কৰা হৈছে?

ছ’চিয়েল মিডিয়াত প্ৰচাৰিত এখন ছবিত দাবী কৰা হৈছে যে ভাৰত চৰকাৰে “সৈনিক সন্মান আঁচনি” নামেৰে অগ্নিপথ আঁচনিখনক পুনৰ আৰম্ভ কৰিছে। ২০২২ চনৰ ১৪ জুনত প্ৰৱৰ্তন কৰা অগ্নিপথ আঁচনিৰ লক্ষ্য হৈছে হ্ৰস্বম্যাদী চুক্তিত ভাৰতীয় সশস্ত্ৰ বাহিনীত জোৱান নিযুক্তি দিয়া। ইয়াৰ দ্বাৰা সশস্ত্ৰ বাহিনীৰ জোৱানৰ গড় বয়স হ্ৰাস কৰা, নতুন প্ৰতিভা অনা, আৰু যুৱক-যুৱতীসকলৰ বাবে অস্থায়ী সেৱাৰ সুযোগ প্ৰদান কৰাৰ লগতে কাৰ্য্যকৰী প্ৰস্তুতি উন্নত কৰা আদি লক্ষ্য লোৱা হৈছিল।

এই আঁচনিৰ অধীনত নিযুক্তিপ্ৰাপ্ত 'অগ্নিবীৰ'সকলে চাৰি বছৰৰ বাবে সেৱা আগবঢ়োৱাৰ সুযোগ লাভ কৰাৰ লগতে কৰ্ম দক্ষতাৰ ওপৰত ভিত্তি কৰি তেওঁলোকৰ সম্প্ৰসাৰণৰ সম্ভাৱনা থাকে, তাৰ পিছত কেতবোৰ সুবিধাৰ সৈতে অৱসৰৰ পিছত অসামৰিক জীৱনলৈ ঘূৰি যাব পাৰে।

ভাইৰেল ছবিখন দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু গৃহমন্ত্ৰী অমিত শ্বাহে ভাৰতীয় সেনা, নৌসেনা আৰু বায়ুসেনাৰ তিনিওটা শাখাৰ আভ্যন্তৰীণ জৰীপৰ অন্তত অগ্নিপথ আঁচনিৰ কেতবোৰ সম্ভাৱ্য সংশোধনৰ ইংগিত দিয়াৰ পিছতে পোহৰলৈ আহে।

ভাইৰেল ছবিখনত কি উল্লেখ কৰা হৈছে?

ভাইৰেল পত্ৰখনত ​​কেইবাটাও প্ৰস্তাৱিত পৰিৱৰ্তনৰ ৰূপৰেখা দাঙি ধৰা হৈছে, য’ত স্থায়ী পদ ২৫ শতাংশৰ পৰা ৬০ শতাংশলৈ বৃদ্ধি কৰা, কাৰিকৰী পদসমূহ স্থায়ী কৰা, সেৱাৰ সময়সীমা চাৰি বছৰৰ পৰা সাত বছৰলৈ বৃদ্ধি কৰা, মৃত সৈনিকৰ পৰিয়ালৰ বাবে পেঞ্চন প্ৰৱৰ্তন কৰা, প্ৰশিক্ষণৰ সময়সীমা ৪২ সপ্তাহলৈ বৃদ্ধি কৰা, দৰমহা আৰু পদৰ সংখ্যা বৃদ্ধি কৰা, ৪৫ দিনৰ বন্ধৰ অনুমতি প্ৰদান কৰা, আৰু মুঠ ৪১ লাখ টকাৰ পেকেজ প্ৰদান কৰা ইত্যাদি। ইয়াৰ উপৰিও উক্ত আঁচনিৰ অধীনত সাত বছৰৰ সেৱাৰ পিছত চাকৰিৰ নিশ্চয়তা প্ৰদান কৰে, কেন্দ্ৰীয় খালী পদত ১৫ শতাংশ শিথিলতা প্ৰদান কৰে, আৰু মৃত সৈনিকসকলক সম্পূৰ্ণ সন্মান নিশ্চিত কৰা আদি অন্তৰ্ভুক্ত কৰা হৈছে।

এক্সত (ইয়াত আৰ্কাইভ কৰা হৈছে) এজন ব্যৱহাৰকাৰীয়ে ছবিখন শ্বেয়াৰ কৰি হিন্দীত কেপচনত লিখিছে, “কল্পনা কৰকচোন বিৰোধী শক্তিশালী হ’লে কি হ’লহেঁতেন। অগ্নিবীৰ আঁচনি ৪ বছৰৰ পৰা ৭ বছৰলৈ বৃদ্ধি কৰা হৈছে! ইয়াৰ দ্বাৰা এক শক্তিশালী বিৰোধীৰ গুৰুত্ব কিমান বুজা যায়।”

আন এজন ব্যৱহাৰকাৰীয়ে ফেচবুকত লিখিছে, “অগ্নিবীৰৰ কাৰ্যকাল ৪ বছৰৰ পৰা ৭ বছৰলৈ বৃদ্ধি কৰা হৈছে। (হিন্দীৰ পৰা অনূদিত)” এই পোষ্টটোৱে ৭০০ৰো অধিক লাইক আৰু ৩৩টা শ্বেয়াৰ লাভ কৰিছে। এই পোষ্টসমূহৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত আৰু ইয়াত উপলব্ধ। মণিপুৰ জব আপডেটছ নামৰ এটা ফেচবুক এই সন্দৰ্ভত এটা বিজ্ঞাপন পোষ্ট কৰিছিল।

ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে এই পত্ৰখন ভুৱা হয়। ২০২৪ চনৰ ১৮ জুনলৈকে অগ্নিপথ আঁচনিৰ এনে কোনো সংশোধনৰ আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই।

ভাইৰেল ছবিখনত আমি কি কি বিসংগতি লক্ষ্য কৰিলোঁ?

ভাইৰেল ছবিখন ভালদৰে চোৱাত পত্ৰখনত থকা একাধিক বিসংগতি দেখা গ’ল। এইসমূহৰ ভিতৰত বানানৰ ভুল প্ৰয়োগ যেনে 'Agnipath'ক  'Aganipath,' 'Permanent'ক 'Parmanent,' 'Pension'ক 'Pantion,' 'Lakhs'ক 'Lacks,' আৰু 'Guaranteed Jobs'ক 'Gurnted Jobs' হিচাপে লিখা হৈছে। এনে ত্ৰুটিসমূহৰ পৰা এইখন এখন চৰকাৰী বা সঁচা পত্ৰ নহয় বুলি অনুমান কৰিব পাৰি।

ভাইৰেল ছবিখনত দেখিবলৈ পোৱা বানানৰ ভুল। (উৎস: এক্স)

তদুপৰি মূলসুঁতিৰ সংবাদ মাধ্যমৰ বাতৰিত অগ্নিপথ আঁচনিৰ কোনো ধৰণৰ পৰিৱৰ্তনৰ কথা উল্লেখ কৰা হোৱা নাই। 'জইন ইণ্ডিয়ান আৰ্মি' ৱেবছাইটতো আঁচনিখন পুনৰ আৰম্ভ কৰাৰ সন্দৰ্ভত কোনো ধৰণৰ অধিসূচনা উপলব্ধ নহয়।

ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অফিচিয়েল ৱেবছাইটত উপলব্ধ শেহতীয়া অধিসূচনাখন ২০২৪ চনৰ মাৰ্চৰ হয়, আৰু ইয়াত অগ্নিপথ আঁচনিৰ বিষয়ে তথ্য সন্নিবিষ্ট কৰা হোৱা নাই। মন কৰিবলগীয়া যে চৰকাৰী নথি-পত্ৰৰ অধিকাংশতে প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰো (পি আই বি)ৰ লেটাৰহেড থাকে। ৱেবছাইটৰ 'হুৱাটছ নিউ' শিতানত থকা আন জাননীসমূহত মন্ত্ৰালয়ৰ লেটাৰহেড আৰু একক জাননী নম্বৰ থাকে। এই জাননীসমূহৰ ফন্টো ভাইৰেল ছবিখনত ব্যৱহৃত ফন্টতকৈ পৃথক। 

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ চৰকাৰী নথিপত্ৰৰ লেটাৰ হেড আৰু ভাইৰেল ছবিখনৰ স্ক্ৰীণশ্বটৰ তুলনা। (উৎস: এক্স/প্ৰতিৰক্ষা মন্ত্ৰালয়)

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অফিচিয়েল ছ'চিয়েল মিডিয়া একাউণ্টসমূহতো (ইয়াত আৰু ইয়াত আৰ্কাইভ কৰা হৈছে ) তথাকথিত পৰিৱৰ্তনৰ সন্দৰ্ভত কোনো জাননী প্ৰকাশ কৰা নাই। পিআইবিৰ ফেক্ট-চেকিং শাখাই ২০২৪ চনৰ ১৬ জুনত দিয়া এটা পোষ্টত (ইয়াত আৰ্কাইভ কৰা হৈছে) উক্ত ছবিখনক ভুৱা বুলি উল্লেখ কৰাৰ লগতে ভাৰত চৰকাৰে এনে কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই বুলি কয়।

লজিকেলী ফেক্টছে এই সন্দৰ্ভত মন্তব্যৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সৈতে যোগাযোগ কৰিছে। তেওঁলোকৰ সঁহাৰি লাভ কৰিলে এই লেখাটো আপডেট কৰা হ'ব।

সিদ্ধান্ত

অগ্নিপথ আঁচনি সংশোধন কৰা হৈছে বুলি উল্লেখ কৰা তথাকথিত পত্ৰখন ভুৱা হয়। প্ৰতিৰক্ষা মন্ত্ৰালয়ে এইধৰণৰ কোনো বিভাগীয় জাননী বা মন্তব্য প্ৰকাশ কৰা নাই।

(অনুবাদ: চন্দন বৰগোহাঁই)

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।