এইখন ৰাহুল গান্ধীৰ ৫ জুনত বেংককলৈ যোৱা বিমানৰ বৰ্ডিং পাছ নেকি ? নহয়, এইখন সম্পাদিত ফটো!

লেখক: অংকিতা কুলকাৰ্ণী
জুন 4 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
এইখন ৰাহুল গান্ধীৰ ৫ জুনত বেংককলৈ যোৱা বিমানৰ বৰ্ডিং পাছ নেকি ? নহয়, এইখন সম্পাদিত ফটো!

লোকসভা নিৰ্বাচনৰ ফলাফলৰ পাছত ৰাহুল গান্ধী বেংককলৈ ‘পলাই যাব’ বুলি দাবী কৰা ভাইৰেল পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: X/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান ভুৱা

ইয়াৰ মূল ছবিখন স্তম্ভলেখক অজয় আৱতানে শ্বেয়াৰ কৰিছিল। এই বৰ্ডিং পাছখন ২০১৯ চনৰ আগষ্ট মাহত দিল্লীৰ পৰা ছিংগাপুৰলৈ যোৱা এখন ভিষ্টাৰা বিমানৰ আছিল।

ক্লেইম আইডি 9f412b4f

দাবী কি?

কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নামত থাইলেণ্ডৰ বেংককলৈ বুকিং কৰা বুলি দাবী কৰি ভাৰতীয় বিমান সংস্থা ভিষ্টাৰাই পৰিচালিত কৰা বিমানৰ বৰ্ডিং পাছৰ এখন ছবি ছ’চিয়েল মিডিয়াত প্ৰচাৰিত হৈছে। ভাৰতীয় সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ এদিন পিছতে গান্ধীয়ে “৫ জুনত বেংককলৈ পলাই যাব” বুলি দাবী কৰিবলৈ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে এই ছবিখন শ্বেয়াৰ কৰিছে। ১৯ এপ্ৰিলৰ পৰা আৰম্ভ হোৱা ৭ পৰ্যায়ৰ নিৰ্বাচনৰ যোৱা ১ জুনত অন্ত পৰিল।

এক্সত (পূৰ্বৰ টুইটাৰ) এনে এটা পোষ্টত ভাইৰেল ছবিখনৰ কেপচনত লিখা আছে, “২০২৪ চনৰ ৫ জুন, বিজনেছ ক্লাছ ভিষ্টাৰা এয়াৰলাইন্সৰ বাবে ৰাহুল গান্ধীৰ বিমানৰ টিকট।” এইটো আৰু আন এটা পোষ্টৰ আৰ্কাইভ কৰা লিংক ইয়াত আৰু ইয়াত পোৱা যাব। ছবিখন ফেচবুকতো শ্বেয়াৰ কৰা হৈছে, ইয়াত আৰু ইয়াত আৰ্কাইভ কৰা সংস্কৰণ উপলব্ধ। একেধৰণৰ দাবীৰে হোৱাটছএপতো এই ছবিখন প্ৰচাৰিত হৈছে।

ছচিয়েল মিডিয়াত ভাইৰেল পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/ফেচবুক/ৱাটছএপ/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

বেছিভাগ এগজিট প’লৰ সমীক্ষাত কংগ্ৰেছ নেতৃত্বাধীন ইণ্ডিয়া ব্লকৰ পৰাজয় আৰু বিজেপি (ভাৰতীয় জনতা পাৰ্টি) নেতৃত্বাধীন এনডিএ (ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁট)ৰ জয়ৰ ভৱিষ্যদ্বাণীত তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ক্ষমতালৈ ঘূৰি অহাৰ ইংগিত পোৱাৰ পিছতে এই ধৰণৰ পোষ্টৰ উন্মেষ ঘটিছে ।

ছবিখন অৱশ্যে ডিজিটেলভাৱে সলনি কৰা হৈছে। মূল বৰ্ডিং পাছত স্তম্ভলেখক অজয় ​​আৱতানেৰ নাম লিখা আছিল আৰু এই পাছখন ২০১৯ চনত ছিংগাপুৰলৈ বিমান যাত্ৰাৰ বাবে আছিল।

আমি কি কি অমিল লক্ষ্য কৰিলোঁ?

ভাইৰেল ছবিখন ভালদৰে চালে কিছু অমিল দেখা যায়: যেনে পাছখনত দুখন ভিন্ন বিমানৰ নম্বৰ উল্লেখ কৰা হৈছে। বাওঁফালে “UK121” বুলি লিখা আছে, আৰু সোঁফালে “UK115” বুলি লিখা আছে, যাৰ পৰা অনুমান কৰিব পাৰি যে ছবিখন সম্পাদনা কৰা হৈছে।

ভাইৰেল ইমেজত কেইবাটাও অমিল লক্ষ্যণীয়। (উৎস: X/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

আমি আৱিষ্কাৰ কৰিলোঁ যে বিমান নম্বৰ UK121 বিমানখন সংস্থাটোৰ দিল্লীৰ পৰা বেংককলৈ যোৱা বিমানৰ বাবে হয়, আনহাতে UK115 বিমানখন দিল্লীৰ পৰা ছিংগাপুৰলৈ যোৱা ভিষ্টাৰা বিমানৰ বাবে হয়। ইয়াৰ উপৰিও ২০২৪ চনৰ ৫ জুন তাৰিখে UK121 বিমানখন উৰণৰ বাবে পুৱা ৮:২৫ বজাৰ কাৰণে নিৰ্ধাৰিত আছিল, যিটো বৰ্ডিং পাছৰ ২৩:৪৫ বজাৰ সময়ৰ সৈতে মিল নাই। ইফালে, ছিংগাপুৰলৈ UK115 বিমানখন উৰণৰ বাবে নিশা ১১:৪৫ বজাত নিৰ্ধাৰিত আছিল।


ভিষ্টাৰাৰ বিমানৰ স্ক্ৰীণশ্বট নম্বৰৰ ইউকে১২১ আৰু ইউকে১১৫। (উৎস: ভিষ্টাৰা এয়াৰলাইন্স/স্ক্ৰীণশ্বট)

এই অমিলসমূহে ছবিখন সম্পাদনা কৰা হৈছে বুলি সূচায় আৰু দাবী কৰা ধৰণে বেংককলৈ যোৱা বিমানৰ বৰ্ডিং পাছ নহয় বুলি নিশ্চিত কৰে ।

মূল ছবিখন ক’ৰ হয়?

ৰিভাৰ্ছ ইমেজ চাৰ্চৰ ফলত আমি লাইভ ফ্ৰম এ লাউঞ্জ নামৰ ৱেবছাইটত প্ৰকাশিত অজয় নামৰ এজন লেখকৰ এটা প্ৰবন্ধ বিচাৰি পালোঁ, যাৰ শিৰোনাম আছিল "অনব'ৰ্ড ভিষ্টাৰা টু ছিংগাপুৰ: এতিয়ালৈকে প্ৰথমখন ভিষ্টাৰা আন্তঃৰাষ্ট্ৰীয় বিমান!" লেখাটোত একেখন ভাইৰেল ছবি আছিল যদিও ইয়াত "আৱতানী অজয়" বুলি নাম উল্লেখ কৰা হৈছে ।

মূল ছবিখনত বিমান নম্বৰ UK115 দেখা গৈছে আৰু ইয়াৰ দিল্লীৰ পৰা ছিংগাপুৰলৈ যাত্ৰাৰ তাৰিখ ৬ আগষ্ট, ২০১৯ আছিল । আৰু ইয়াৰ গেটৰ নম্বৰ, বৰ্ডিঙৰ সময়, আৰু আসনৰ নম্বৰ ভাইৰেল ছবিখনৰ সৈতে মিল খায়।


ভাইৰেল ইমেজ আৰু ২০১৯ চনৰ ইমেজৰ মাজত তুলনা। (উৎস: এক্স/লাইভ ফ্ৰম এ লাউঞ্জ/স্ক্ৰীণশ্বট)

লেখাটোত ভিষ্টাৰাৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় বিমান যাত্ৰাত লেখকৰ অভিজ্ঞতাৰ বিষয়ে বিতংভাৱে উল্লেখ কৰা হৈছিল। আৱটানেই হৈছে লাইভ ফ্ৰম এ লাউঞ্জৰ প্ৰতিষ্ঠাপক, যিটো ডিজিটেল প্লেটফৰ্ম যিয়ে বিমান পৰিবহণ আৰু হোটেলৰ বিষয়ে প্ৰতিবেদন দিয়ে আৰু ভ্ৰমণৰ টিপছ প্ৰদান কৰে। আৱটানেই বিবিচি, চিএনবিচি টিভি১৮, এনডিটিভি, আৰু ইটি নাওৰ স্তম্ভলেখক হিচাপে অৰিহণা যোগাইছে।

আৱতানীয়ে ২০১৯ চনৰ ৮ আগষ্টত নিজৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত (ইয়াত আৰ্কাইভ কৰা) এটা পোষ্ট শ্বেয়াৰ কৰিছিল, য’ত কিছু ছবিৰ সৈতে তেওঁ দিল্লী-চিংগাপুৰ বিমানত তেওঁৰ অভিজ্ঞতাৰ বিষয়ে বৰ্ণনা কৰিছিল। কেপচনত লিখা আছিল, "delhiairport আৰু @changiairport ৰ মাজত বিমান আৰম্ভ হোৱাৰ বাবে @vistara আৰু Vistara ৰ সমগ্ৰ দলটোক তেওঁলোকৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় সেৱা আৰম্ভ কৰাৰ বাবে অভিনন্দন।"

২০১৯ চনৰ জুলাই মাহত ভিষ্টাৰাই নিজৰ ফেচবুক পেজত (ইয়াত আৰ্কাইভ কৰা হৈছে) পোষ্ট কৰিছিল যে দিল্লীৰ পৰা ছিংগাপুৰলৈ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় বিমান ২০১৯ চনৰ ৬ আগষ্টত উৰিব।

লজিকেলী ফেক্টছে আৱতানেৰ সৈতেও যোগাযোগ কৰিছিল, যিয়ে নিশ্চিত কৰিছিল যে এই ছবিখন তেওঁ ২০১৯ চনৰ আগষ্ট মাহত ভিষ্টাৰাৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় বিমান সেৱাৰ উপলক্ষে তোলা হৈছিল, যিখন বিমান দিল্লী আৰু ছিংগাপুৰৰ মাজত চলিছিল।

সিদ্ধান্ত

২০২৪ চনৰ ভাৰতীয় লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে ৰাহুল গান্ধীয়ে বেংককলৈ পলাব বুলি দাবী কৰি এখন বৰ্ডিং পাছৰ সম্পাদিত ছবি মিছা দাবীৰে শ্বেয়াৰ কৰা হৈছে। মূল ছবিখনত দেখা গৈছে যে পাছখন ২০১৯ চনত দিল্লীৰ পৰা ছিংগাপুৰলৈ বিমানেৰে যোৱা অজয় ​​আৱতানেৰ আছিল। সেয়েহে আমি এই দাবীক মিছা বুলি চিহ্নিত কৰিছো।

(অনুবাদ: অনুৰাগ বৰুৱা)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া , हिंदी , ಕನ್ನಡ

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।