মূল ৰাহুল, প্ৰিয়ংকা গান্ধী ৰায়বাৰেলী আৰু আমেথিৰ প্ৰাৰ্থী বুলি ভুৱা প্ৰেছ বিজ্ঞপ্তি ভাইৰেল

ৰাহুল, প্ৰিয়ংকা গান্ধী ৰায়বাৰেলী আৰু আমেথিৰ প্ৰাৰ্থী বুলি ভুৱা প্ৰেছ বিজ্ঞপ্তি ভাইৰেল

লেখক: ৰজনী কে জি

মে 2 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
ৰাহুল, প্ৰিয়ংকা গান্ধী ৰায়বাৰেলী আৰু আমেথিৰ প্ৰাৰ্থী বুলি ভুৱা প্ৰেছ বিজ্ঞপ্তি ভাইৰেল কংগ্ৰেছৰ ভাইৰেল প্ৰেছ বিজ্ঞপ্তিখন অনলাইনযোগে শ্বেয়াৰ কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/ফেচবুক/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান ভুৱা

কংগ্ৰেছ দলৰ এগৰাকী মুখপাত্ৰই আমাক জনাইছিল যে ভাইৰেল প্ৰেছ বিজ্ঞপ্তিখন সম্পাদিত আৰু ভুৱা হয়।

কি দাবী কৰা হৈছে?

বিৰোধী কংগ্ৰেছে জাৰি কৰা বুলি এক প্ৰেছ বিজ্ঞপ্তি প্ৰচাৰ কৰি দাবী কৰা হৈছে যে ভাৰতত তৃতীয় আৰু চতুৰ্থ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে উত্তৰ প্ৰদেশ ৰাজ্যৰ দুটা সমষ্টি — আমেথি আৰু ৰায়বাৰেলীৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰা হৈছে।

২০২৪ চনৰ ৩০ এপ্ৰিলত নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে প্ৰকাশ কৰা বুলি কোৱা এক প্ৰেছ বিজ্ঞপ্তি ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰি দাবী কৰা হৈছে যে ৰাহুল গান্ধীয়ে ৰায়বাৰেলীৰ পৰা আৰু প্ৰিয়ংকা গান্ধীয়ে আমেথিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব। পোষ্টটোৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত পোৱা যাব। 

আমেথিৰ পৰা ৰাহুল গান্ধীয়ে আৰু ৰায়বাৰেলীৰ পৰা প্ৰিয়ংকা গান্ধীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি দাবী কৰা আন এক প্ৰেছ বিজ্ঞপ্তিও অনলাইনযোগে শ্বেয়াৰ কৰা হৈছে। এনে ধৰণৰ পোষ্ট অসমীয়া ভাষাত প্ৰচাৰ হোৱা দেখা গৈছে । আৰ্কাইভ সংস্কৰণ ইয়াত পোৱা যাব।

কংগ্ৰেছৰ ভাইৰেল প্ৰেছ বিজ্ঞপ্তিটো অনলাইনযোগে শ্বেয়াৰ কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/ফেচবুক/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

দুটা কাৰণত বিশেষভাৱে এই সমষ্টি দুটাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধীয়ে ২০০৪ চনৰ পৰা ৰায়বাৰেলীৰ আসনত অধিষ্ঠিত হৈ আছে। কিন্তু এতিয়া ৰাজ্যসভালৈ মনোনীত হোৱাৰ লগে লগে তেওঁৰ কন্যা তথা দলৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধীক প্ৰাৰ্থী হিচাপে ঘোষণা কৰা হ’ব বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। ইফালে ২০১৯ৰ নিৰ্বাচনত আমেথিৰ পৰা ৰাহুল গান্ধী পৰাস্ত হৈছিল,  যিটো নিৰ্বাচনত প্ৰতিদ্বন্দ্বী বিজেপিৰ স্মৃতি ইৰাণীয়ে জয়লাভ কৰিছিল। ৰাহুল গান্ধী ৱায়ানাদ সমষ্টিৰ পৰা সংসদ সদস্য হয়। এইবাৰো ৰাহুল গান্ধীয়ে ৱায়ানাদৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল, য’ত ২০২৪ চনৰ ২৬ এপ্ৰিলত (২য় পৰ্যায়) ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। এই দুটা সমষ্টিত প্ৰাৰ্থীৰ মনোনয়ন দাখিলৰ অন্তিম দিন হোৱাৰ বাবেই এই ভাইৰেল ছবিসমূহ শ্বেয়াৰ কৰা হৈছে।

অৱশ্যে এই দুয়োখন জাননী সম্পাদিত আৰু ভুৱা হয়। আমেথি আৰু ৰায়বাৰেলী সমষ্টিৰ প্ৰাৰ্থী তালিকা কংগ্ৰেছে এতিয়াও প্ৰকাশ কৰা নাই ।

ইয়াত তথ্যসমূহ উল্লেখ কৰা হৈছে

আমি ভাইৰেল প্ৰেছ বিজ্ঞপ্তিখন ভালদৰে লক্ষ্য কৰাত কিছু বিসংগতি দেখা পাইছিলোঁ। ইয়াত তাৰিখটো বাকী প্ৰেছ বিজ্ঞপ্তিতকৈ বেলেগ ফন্টত আছিল, আৰু ফন্টৰ আকাৰ অস্বাভাৱিকভাৱে ডাঙৰ দেখা গৈছিল। লিখনীৰ ফন্ট: “প্ৰাৰ্থীৰ তালিকা উত্তৰ প্ৰদেশ শ্ৰী ৰাহুল গান্ধীঃ ৰায়বাৰেলী শ্ৰীমতী ড. প্ৰিয়ংকা গান্ধী: আমেথি”টোও বিজ্ঞপ্তিখনৰ বাকী লেটাৰহেডৰ পৰা পৃথক।

ভাইৰেল প্ৰেছ বিজ্ঞপ্তিখনৰ বিসংগতি সমূহ আৰু এআইচিচিৰ আনুষ্ঠানিক প্ৰেছ বিজ্ঞপ্তিৰ সৈতে তুলনা। (উৎস: X/এ আই চি চি/স্ক্ৰীণশ্বট)

ভাইৰেল প্ৰেছ বিজ্ঞপ্তিখনৰ ফৰ্মেট কংগ্ৰেছে পূৰ্বে জাৰি কৰা অন্যান্য প্ৰেছ বিজ্ঞপ্তিৰ সৈতে মিল নাই। আমি ভাইৰেল বিজ্ঞপ্তিখন কংগ্ৰেছে প্ৰকাশ কৰা পূৰ্বৰ প্ৰাৰ্থী তালিকাৰ সৈতে তুলনা কৰিলোঁ। 

আমি কংগ্ৰেছৰ অফিচিয়েল ৱেবছাইট চালোঁ আৰু আমেথি আৰু ৰায়বাৰেলী সমষ্টিৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰা তেনে কোনো প্ৰেছ বিজ্ঞপ্তি নাপালোঁ। শেহতীয়াকৈ ২০২৪ চনৰ ৩০ এপ্ৰিলত হাৰিয়ানা, হিমাচল প্ৰদেশ, আৰু মহাৰাষ্ট্ৰ সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা কৰা হৈছিল।

ভাইৰেল প্ৰেছ বিজ্ঞপ্তিখনৰ বিষয়ে নিশ্চিত হবলৈ আৰু আসন দুখনৰ বাবে দলে প্ৰাৰ্থী ঘোষণা কৰিছে নে নাই সেয়া নিশ্চিত কৰিবলৈ আমি কংগ্ৰেছৰ সৈতেও যোগাযোগ কৰিলোঁ। লজিকেলী ফেক্টছৰ সৈতে হোৱা কথা-বতৰাত এআইচিচিৰ মিডিয়া আৰু প্ৰচাৰ বিভাগৰ অধ্যক্ষ পৱন খেৰাই কয় যে ভাইৰেল প্ৰেছ বিজ্ঞপ্তিখন ভুৱা হয় আৰু দলে এনে কোনো ঘোষণা কৰা নাই।

প্ৰাৰ্থীত্ব ঘোষণা কৰা হ’লে এনে বাতৰিয়ে ৰাষ্ট্ৰীয় শিৰোনাম দখল কৰিলেহেঁতেন। অৱশ্যে ইণ্ডিয়া টুডেত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি প্ৰিয়ংকা গান্ধীয়ে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা নাই।

সিদ্ধান্ত

কংগ্ৰেছে ক্ৰমে ৰায়বাৰেলী আৰু আমেথি সমষ্টিৰ পৰা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীক লোকসভাৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰা বুলি দাবী কৰা ভাইৰেল প্ৰেছ বিজ্ঞপ্তিখন সম্পাদিত আৰু ভুৱা হয়। এই ফেক্ট-চেক লিখালৈকে কংগ্ৰেছে উক্ত দুটা সমষ্টিৰ পৰা কোনো প্ৰাৰ্থী ঘোষণা কৰা নাছিল। সেয়েহে আমি এই দাবীক ভুৱা বুলি চিহ্নিত কৰিছো।

(অনুবাদ: অনুৰাগ বৰুৱা)

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।