লেখক: ৰাহুল অধিকাৰী
নৱেম্বৰ 18 2024
সম্পূৰ্ণ ভিডিঅ'টোত উদ্ধৱ ঠাকৰেয়ে এজন ভাৰতীয় সৈনিকক ভাতৃ হিচাপে আৰু চহীদ বুলি সম্বোধন কৰা দেখা যায়, তেওঁ মোগল সম্ৰাট ঔৰংজেবৰ কথা কোৱা নাছিল।
কি দাবী কৰা হৈছে?
মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ ৩০ ছেকেণ্ডৰ এটা ভিডিঅ’ ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে। ক্লিপটোত শিৱসেনাৰ নেতা গৰাকীয়ে মোগল সম্ৰাট ঔৰংজেবক নিজৰ ভাতৃ আৰু এজন চহীদ বুলি সম্বোধন কৰা দেখা যায়।
ক্লিপটোত থাকৰেয়ে কোৱা শুনা যায়, “...দেশৰ বাবে তেওঁ নিজকে বলিদান দিলে। এতিয়া মই যদি কওঁ যে তেওঁ মোৰ হয় তেতিয়া আপোনালোকে সুধিব যে আপুনি তেওঁৰ নামটো জানে নেকি? তেওঁৰ নাম হৈছে ঔৰংজেব। তেওঁৰ ধৰ্ম মুছলমান হ’ব পাৰে কিন্তু দেশৰ বাবে তেওঁ নিজকে বলিদান দিলে। ভাৰত মাতৃৰ বাবে তেওঁ নিজৰ জীৱন ত্যাগ কৰিলে। তেওঁ মোৰ ভাই নহ’ব?”
এক্স (পূৰ্বৰ টুইটাৰ) আৰু ফেচবুকৰ একাধিক ব্যৱহাৰকাৰীয়ে ক্লিপটো পোষ্ট কৰি থাকৰেক সমালোচনা কৰি তেওঁ মোগল সম্ৰাটক প্ৰশংসা কৰা বুলি মত প্ৰকাশ কৰে। এনে পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত, ইয়াত, আৰু ইয়াত চাব পাৰিব৷ ২০ নৱেম্বৰত হ’বলগীয়া মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই দাবীটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা হৈছে।
ছচিয়েল মিডিয়াত প্ৰচাৰিত পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)
অৱশ্যে ভাইৰেল ভিডিঅ’টো চুটি কৰি তাক ভুৱা দাবীৰে শ্বেয়াৰ কৰা হৈছে। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে আচলতে ২০১৮ চনত সন্ত্ৰাসবাদী আক্ৰমণত নিহত হোৱা ঔৰংজেব নামৰ এজন ভাৰতীয় সেনা জোৱানৰ কথাহে উল্লেখ কৰিছিল।
প্ৰকৃত সত্য কি?
আমি ২০২৩ চনৰ ১৯ ফেব্ৰুৱাৰীত থাকৰেৰ অফিচিয়েল ফেচবুক পেজত প্ৰকাশিত ভাইৰেল ক্লিপটোৰ (ইয়াত আৰ্কাইভ কৰা হৈছে) এটা বৰ্ধিত সংস্কৰণ লাভ কৰোঁ। ভিডিঅ'টোত থাকৰেয়ে এটা ৰাজনৈতিক অনুষ্ঠানত ভাষণ দি থকা দেখা গৈছে। সম্পূৰ্ণ ভিডিঅ’টোৰ ৩২:৪৭ টাইমষ্টেম্পৰ পৰা ৩৩:১৭ টাইমষ্টেম্পলৈ ভাইৰেল ক্লিপটো দেখা যায়। কিন্তু আমি দেখিলোঁ যে থাকৰেয়ে আচলতে ২০১৮ চনত জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত ঔৰংজেব নামৰ ভাৰতীয় সেনাৰ এজন জোৱানৰ কথা উল্লেখ কৰিছে।
ভিডিঅ’টোৰ প্ৰায় ৩২ মিনিটত থাকৰেয়ে কয়, ‘এইটো তিনি-চাৰি বছৰৰ আগৰ ঘটনা। আপোনালোকে হয়তো পাহৰি গৈছে, বা হয়তো আপোনালোকে এই বিষয়ে পঢ়া নাই। কাশ্মীৰৰ এজন জোৱানে ছুটীত ঘৰত পৰিয়ালক লগ কৰিবলৈ আহিছিল। সন্ত্ৰাসবাদীয়ে যেতিয়া গম পালে যে তেওঁ অকলে যাত্ৰা কৰি আছে, তেতিয়া তেওঁক অপহৰণ কৰি লৈ যায়। কিছুদিন পিছত তেওঁৰ ছিন্ন-বিছিন্ন শৰীৰটো উদ্ধাৰ কৰা হয়। তেওঁ আমাৰেই এজন হয় নে নহয়? যি দেশৰ বাবে প্ৰাণ আহুতি দিলে। এতিয়া যদি মই কওঁ যে তেওঁ মোৰ ভাই আছিল, তেতিয়া আপোনালোকে সুধিব, তাৰ নামটো জানে নেকি? তেওঁৰ নাম ঔৰংজেব। ধৰ্মৰ ফালৰ পৰা সি মুছলমান আছিল যদিও দেশৰ বাবে নিজকে বলিদান দিছিল। ভাৰত মাতৃৰ বাবে তেওঁ নিজৰ জীৱন ত্যাগ কৰিছিল। সি মোৰ ভাই নহ’ব?”
ইয়াৰ পৰা এইটো স্পষ্ট হয় যে শিৱসেনাৰ নেতাজনে এজন ভাৰতীয় সেনা জোৱানৰ কথা উল্লেখ কৰি তেওঁ নিজ ভাতৃ আৰু চহীদ বুলি সম্বোধন কৰিছিল, তেওঁ মোগল সম্ৰাট ঔৰংজেবৰ কথা কোৱা নাই।
ভাৰতীয় সেনাৰ জোৱান ঔৰংজেব কোন আছিল?
২০১৮ চনৰ ১৫ জুনৰ এনডিটিভিৰ এক প্ৰতিবেদন অনুসৰি জম্মু-কাশ্মীৰৰ পুলৱামা জিলাত ঔৰংজেব নামৰ এজন ভাৰতীয় সেনা জোৱানক সন্ত্ৰাসবাদীয়ে অপহৰণ কৰি হত্যা কৰিছিল। তেওঁ ৪নং জম্মু-কাশ্মীৰ লাইট ইনফেণ্ট্ৰিৰ সদস্য আছিল আৰু শ্বোপিয়ানৰ শদিমাৰ্গত থকা ৪৪ ৰাষ্ট্ৰীয় ৰাইফলছ শিবিৰত নিয়োজিত আছিল, য’ত তেওঁ সন্ত্ৰাসবাদ বিৰোধী অভিযানত জড়িত আছিল। ঈদৰ ছুটীত ঘৰলৈ যোৱাৰ সময়ত তেওঁক অপহৰণ কৰি নি ডিঙি আৰু মূৰত গুলীওৱা হৈছিল। পুলৱামা জিলাৰ কালামপোৰাৰ পৰা প্ৰায় ১০ কিলোমিটাৰ নিলগৰ গুছু গাঁৱত তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হয়।
২০২৩ চনৰ ৯ মে’ত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে মৰণোত্তৰভাৱে ৰাইফলমেন ঔৰংজেবক শৌৰ্য্য চক্ৰ বঁটা প্ৰদান কৰে।
উল্লেখযোগ্য যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বেও সম্পাদিত ভিডিঅ’টো ভাইৰেল হৈছিল, ছ’চিয়েল মিডিয়াত একাধিক লোকে ভিডিঅ’টো শ্বেয়াৰ কৰি দাবী কৰিছিল যে থাকৰেয়ে মোগল সম্ৰাটক তেওঁৰ ভাতৃ আৰু চহীদ বুলি উল্লেখ কৰিছিল। সেই সময়ত লজিকেলী ফেক্টছে হিন্দীত ভিডিঅ’টো ফেক্ট-চেক কৰিছিল।
সিদ্ধান্ত
উদ্ধৱ থাকৰেয়ে মোগল সম্ৰাট ঔৰংজেবক নিজৰ ভাতৃ আৰু চহীদ বুলি উল্লেখ কৰা বুলি মিছা দাবীৰে ভাইৰেল ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে। তেওঁ ভিডিঅ’টোত ২০১৮ চনত সন্ত্ৰাসবাদী আক্ৰমণত নিহত এজন ভাৰতীয় সেনা জোৱানৰ কথাহে কৈছিল।.
(অনুবাদ - চন্দন বৰগোহাঁই)