মূল ইৰাণৰ আক্ৰমণৰ পৰা বাচিবলৈ নেতানিয়াহুৰ আত্মগোপনৰ চেষ্টা বুলি পুৰণি ভিডিঅ' প্ৰচাৰ

ইৰাণৰ আক্ৰমণৰ পৰা বাচিবলৈ নেতানিয়াহুৰ আত্মগোপনৰ চেষ্টা বুলি পুৰণি ভিডিঅ' প্ৰচাৰ

লেখক: খ্ৰীষ্টিয়ান হাগ

অক্টোবৰ 3 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
মিছাইল আক্ৰমণৰ পৰা বাচিবলৈ বেঞ্জামিন নেতানিয়াহুৱে বাংকাৰত লুকাবলৈ দৌৰ মৰা ভিডিঅ' বুলি প্ৰচাৰতি পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত) মিছাইল আক্ৰমণৰ পৰা বাচিবলৈ বেঞ্জামিন নেতানিয়াহুৱে বাংকাৰত লুকাবলৈ দৌৰ মৰা ভিডিঅ' বুলি প্ৰচাৰতি পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

এইটো ইৰাণৰ মিছাইল আক্ৰমণৰ পিছত নেতানিয়াহুয়ে এটা বাংকাৰলৈ দৌৰি গৈ থকা ভিডিঅ’ নহয়, তিনি বছৰ পুৰণি ভিডিঅ'টো তেওঁক এক ভোটদানলৈ গৈ থকা সময়ত লোৱা হৈছিল।

কি দাবী কৰা হৈছে?

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে এটা কৰিডৰৰ মাজেৰে দৌৰি গৈ থকা এটা পুৰণি ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি যোৱা ১ অক্টোবৰত ইৰাণে ইজৰাইলত চলোৱা মিছাইল আক্ৰমণৰ সময়ত তেওঁক বাংকাৰত লুকাবলৈ দৌৰি গৈ থকা দেখা গৈছে বুলি মিছাকৈ দাবী কৰা হৈছে। এক্স (পূৰ্বৰ টুইটাৰ)ত শ্বেয়াৰ কৰা এনে পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত, ইয়াত, ইয়াত, ইয়াত, আৰু ইয়াত চাব পাৰে। এই পোষ্টসমূহে সকলো মিলি প্ৰায় তিনি মিলিয়ন ভিউ লাভ কৰিছে। ফেচবুকতো একেধৰণৰ দাবীৰে ভিডিঅ’টো শ্বেয়াৰ কৰা হৈছে, ইয়াত আৰু ইয়াত চাব পাৰিব।

 ভাইৰেল ভিডিঅ’টো শ্বেয়াৰ কৰা ছ’চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

উল্লেখযোগ্য যে ১ অক্টোবৰৰ সন্ধিয়া ইৰাণে ইজৰাইলৰ ওপৰত প্ৰায় ১৮০টা মিছাইল নিক্ষেপ কৰিছিল। বিবিচিৰ মতে, ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছে (আইআৰজিচি) প্ৰকাশ কৰিছে যে ইজৰাইলে ইৰাণৰ সমৰ্থিত সহস্ত্ৰ বাহিনীৰ শীৰ্ষ সেনাধ্যক্ষ আৰু নেতা যেনে হিজবুল্লাহৰ প্ৰাক্তন নেতা হাছান নাছৰল্লাহ, আইআৰজিচিৰ কমাণ্ডাৰ আব্বাছ নিলফ’ৰ’ছান আৰু হামাছৰ ৰাজনৈতিক নেতা ইছমাইল হানিয়েহ হত্যা কৰাৰ প্ৰতিশোধ হিচাপে এই আক্ৰমণ চলোৱা হয়। হানিয়েহক যোৱা জুলাই মাহত তেহৰাণত হত্যা কৰা হৈছিল ৷ 

অৱশ্যে, ভাইৰেল ভিডিঅ’টোত নেতানিয়াহুৱে ইৰাণৰ মিছাইল আক্ৰমণৰ পৰা বাচিবলৈ পলায়ন কৰা দেখুওৱা হোৱা নাই। তিনি বছৰ পুৰণি ভিডিঅ’টোত নেতানিয়াহুৱে ২০২১ চনত নেচেটত এক ভোটদানৰ বাবে দৌৰি গৈ থকাহো দেখা গৈছে।

প্ৰকৃত তথ্য

আমি হিব্ৰু ভাষাত ভিডিঅ’টোৰ সৈতে প্ৰাসংগিক কীৱৰ্ড ব্যৱহাৰ কৰি গুগল চাৰ্চ কৰি ২০২১ চনৰ ১৩ ডিচেম্বৰৰ এটা ফেচবুক পোষ্ট (ইয়াত আৰ্কাইভ কৰা হৈছে) লাভ কৰোঁ য’ত ভিডিঅ’টোৰ এটা দীঘলীয়া সংস্কৰণৰ শ্বেয়াৰ কৰা হৈছে। ভিডিঅ’টোৰ কেপচনত হিব্ৰুত লিখা আছে: “প্ৰাক্তন প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুক নেচেটত ভোটদানৰ বাবে দৌৰি গৈ থকা দেখা গৈছে।" ফেচবুকৰ ভিডিঅ’টোত নেতানিয়াহুৱে ভাইৰেল ভিডিঅ’টোৰ সৈতে একেটা কৰিডৰৰ মাজেৰে একেখিনি মানুহৰ সৈতে একেই পোছাক পিন্ধি দৌৰি গৈ থকা দেখা যায়। 

ফেচবুকৰ ভিডিঅ’টোৰ এটা কীফ্ৰেমত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি আমি দেখিলোঁ যে নেতানিয়াহুৱে নিজেই ২০২১ চনৰ ১৩ ডিচেম্বৰত টুইটাৰ (ইয়াত আৰ্কাইভ কৰা হৈছে) আৰু টিকটকত (ইয়াত আৰ্কাইভ কৰা হৈছে) একেটা ভিডিঅ’ পোষ্ট কৰিছিল। টিকটকৰ ভিডিঅ' আৰু টুইটাৰ পোষ্টটোত হিব্ৰু ভাষাত থকা কেপচনৰ লিখা আছে, "আপোনালোকৰ হৈ দৌৰিবলৈ পাই মই সদায় গৌৰৱবোধ কৰোঁ। এইটো আধা ঘণ্টা আগতে নেচেটত তোলা হৈছিল।" 

ভিডিঅ'টোৰ সন্দৰ্ভত আমি ইজৰাইল নেচনেল নিউজ আৰু হিডাব্ৰুটত প্ৰকাশিত দুটা প্ৰতিবেদন লাভ কৰোঁ, য’ত উল্লেখ কৰা মতে ভিডিঅ’টোত নেতানিয়াহুৱে ইজৰাইলৰ সংসদ ভৱন নেচেটত এক ভোটদানৰ বাবে গৈ থকা দেখা গৈছে।

সিদ্ধান্ত

এইটো নেতানিয়াহুৱে ১ অক্টোবৰত ইৰাণৰ মিছাইল আক্ৰমণৰ পৰা বাচিবলৈ বাংকাৰত লুকাবলৈ দৌৰি যোৱা ভিডিঅ’ নহয়। ২০২১ চনৰ এই ভিডিঅ’টোত নেতানিয়াহুক নেচেটত এক ভোটদানৰ বাবে দৌৰি গৈ থকাহে দেখা গৈছে।

(অনুবাদ: চন্দন বৰগোঁহাই)

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।