মূল পানীৰ মাজত নামাজ পঢ়াৰ পুৰণি ফটো বাংলাদেশৰ শেহতীয়াৰ বানপানীৰ দৃশ্য হিচাপে প্ৰচাৰ

পানীৰ মাজত নামাজ পঢ়াৰ পুৰণি ফটো বাংলাদেশৰ শেহতীয়াৰ বানপানীৰ দৃশ্য হিচাপে প্ৰচাৰ

লেখক: এনেট প্ৰীতি ফুৰ্টাডো

আগষ্ট 29 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
বানপানীৰ মাজত নামাজ পঢ়ি থকা এই ফটোখন বাংলাদেশৰ শেহতীয়া বানপানীৰ সৈতে সাঙুৰি শ্বেয়াৰ কৰা ছ’চিয়েল মিডিয়াত পোষ্ট। (উৎস: ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত) বানপানীৰ মাজত নামাজ পঢ়ি থকা এই ফটোখন বাংলাদেশৰ শেহতীয়া বানপানীৰ সৈতে সাঙুৰি শ্বেয়াৰ কৰা ছ’চিয়েল মিডিয়াত পোষ্ট। (উৎস: ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

বিভ্ৰান্তিকৰ

বানপানীৰ মাজত সমূহীয়া নামাজ পঢ়ি থকা এই ফটোখন ২০২১ চনত বাংলাদেশৰ সাতখিৰাত লোৱা হৈছিল, দেশখনৰ শেহতীয়া বানপানীৰ সৈতে ইয়াৰ সম্পৰ্ক নাই।

কি দাবী কৰা হৈছে?

ছ’চিয়েল মিডিয়াত ভাইৰেল ফটো এখনত একাধিক মুছলমান লোকক কান্ধলৈকে পানীত থিয় হৈ নামজ পঢ়ি থকা দেখা গৈছে। ফটোখন শ্বেয়াৰ কৰি বহুতেই এইখনক বাংলাদেশৰ শেহতীয়া বানপানীৰ সৈতে সংযুক্ত কৰিছে।

চৰকাৰ বিৰোধী প্ৰতিবাদ আৰু হিংসাত্মক পৰিস্থিতিৰ পিছত বৰ্তমান বাংলাদেশে ভয়াৱহ বানপানীৰ সৈতে যুঁজি আছে। এনডিটিভিৰ বাতৰি অনুসৰি তীব্ৰ বৰষুণ আৰু উফন্দি উঠা নদীৰ ফলত হোৱা বানপানীত ২০ জন লোকৰ মৃত্যু আৰু ৫০ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। ৰয়টাৰৰ মতে, ক্ষতিগ্ৰস্ত পথৰ বাবে বিভিন্ন অঞ্চল বিচ্ছিন্ন হৈ পৰাৰ লগতে সাহায্য প্ৰচেষ্টাত সমস্যাৰ সৃষ্টি হৈছে।

এক্স (পূৰ্বৰ টুইটাৰ) আৰু ফেচবুকত উক্ত ফটোখন হিন্দী কেপচনৰ সৈতে শ্বেয়াৰ কৰি লিখিছে- "বৰ্তমান বাংলাদেশৰ ভয়াৱহ বানপানীৰ বাবে পৰিস্থিতি ভয়াৱহ। কৰ্মৰ ফল সদায় পোৱা যায় কিন্তু ইমান সোনকালে যে পাই মই প্ৰথমবাৰ দেখিছো।" এনে পোষ্টৰ আৰ্কাইভ ইয়াত, ইয়াত,  ইয়াত,  ইয়াত, আৰু  ইয়াত পোৱা যাব৷ এৰেধৰণৰ দাবীৰে অসমীয়াতো ফেচবুকত ফটোখন শ্বেয়াৰ কৰা হৈছে, ইয়াত আৰ্কাইভ কৰা হৈছে।

ভাইৰেল এক্স পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে এই ফটোখন বাংলাদেশৰ হয় যদিও ২০২১ চনত এইখন তোলা হৈছিল আৰু পৰিস্থিতিৰ ইয়াৰ সম্পৰ্ক নাই।

আমি কি বিচাৰি পালোঁ?

ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি দেখা গ’ল যে "প্ৰে’ ফৰ মাৰ্চি" শীৰ্ষক ফটোখন শ্বাৰৱাৰ হুছেইন নামৰ এজন ফটোগ্ৰাফাৰে ২০২১ চনৰ ৮ অক্টোবৰত তুলিছিল। ইণ্টাৰনেশ্যনেল ফটোগ্ৰাফী এৱাৰ্ডছ নামৰ এটা ৱেবছাইটত ফটোখন প্ৰকাশ পাইছিল, ইয়াত ছবিখনে বিশ্বৰ সৰ্ববৃহৎ মেনগ্ৰোভ অৰণ্য সুন্দৰবনৰ ওচৰৰ এক নিম্ন উপকূলীয় অঞ্চল বাংলাদেশৰ সাতখিৰাৰ বাসিন্দাসকলক দেখুওৱা বুলি বৰ্ণনা কৰা হৈছে। 

ফটোখনৰ বৰ্ণনাত কোৱা হৈছে যে ইয়াত বাঢ়নী পানীৰ পৰা ৰক্ষা পোৱাৰ আশাত একাধিক লোকক আঁঠুৰ পৰা বুকুলৈকে দ পানীত থিয় হৈ প্ৰাৰ্থনা কৰা দেখা গৈছে। ছবিখনত দেখা পোৱা মছজিদটো ফটোখন তোলাৰ কিছু সময়ৰ পিছতে বানপানীৰ সোঁতে ধ্বংস কৰে বুলি জানিব পৰা গৈছে।

ইণ্টাৰনেশ্যনেল ফটোগ্ৰাফী এৱাৰ্ডছৰ ৱেবছাইটত প্ৰকাশিত ফটোৰ স্ক্ৰীণশ্বট। (উৎস: ইণ্টাৰনেশ্যনেল ফটোগ্ৰাফী এৱাৰ্ডছ/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ইয়াৰ উপৰিও একেখন ছবি ইনষ্টাগ্ৰামত (ইয়াত আৰ্কাইভ কৰা হৈছে) ‘হাউচ অৱ লুচি অষ্টুনী’ নামৰ এটা ফটোগ্ৰাফী ষ্টুডিঅ'য়ে ২০২৩ চনৰ ১৯ ছেপ্টেম্বৰত পোষ্ট কৰিছিল, আৰু হুছেইনক ফটোগ্ৰাফাৰ হিচাপে টেগ কৰিছিল। কেপচনত লিখা আছে- "Pray for Mercy by Sharwar Hussain | International Photography Awards 2022 - Best of Show. এই ফটোখন বিশ্বৰ সৰ্ববৃহৎ মেনগ্ৰোভ বনাঞ্চল সুন্দৰবনৰ ওচৰৰ নিম্ন উপকূলীয় অঞ্চল বাংলাদেশৰ সাতখিৰাত তোলা হৈছে। অতি উচ্চ জোৱাৰৰ পৰা ৰক্ষা পাবলৈ মানুহে আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিছে।"

হুছেইনেও ২০২২ চনৰ ২৯ মাৰ্চত নিজৰ ইনষ্টাগ্ৰামত (ইয়াত আৰ্কাইভ কৰা হৈছে)  এই ফটোখন শ্বেয়াৰ কৰি কেপচনত লিখিছিল- "মোৰ কাম @wwdphc-2022-ৰ বিজয়ী তালিকাত দেখা পাই বহুত ভাল লাগিছে। এইখন মোৰ দীৰ্ঘদিনীয়া ডকুমেন্টেৰি প্ৰকল্প 'টিয়েৰ্ছ অৱ গ্ল'বেল ৱাৰ্মিংৰ' ফটো হয়। এই ফটোখন শ্বেয়াৰ কৰি অংশগ্ৰহণ কৰাৰ মোৰ উদ্দেশ্য হৈছে দ্বিতীয় আৰু তৃতীয় বিশ্বৰ দেশসমূহৰ ওপৰত গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ সম্পৰ্কে বৃহত্তৰ দৰ্শক আৰু বিশ্বৰ নেতাসকললৈ এক বাৰ্তা প্ৰেৰণ কৰা। মই বিশ্বাস কৰোঁ যে দ্বিতীয় স্থান লাভ কৰাত মোৰ কামক বিশ্বৰ দৰ্শকৰ মাজলৈ যোৱাত সহায় কৰিব। @wwdphc-2022-ৰ সকলো জুৰী আৰু দলটোলৈ বহুত বহুত ধন্যবাদ।" 

শ্বাৰৱাৰ হুছেইনৰ ইনষ্টাগ্ৰাম পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ইনষ্টাগ্ৰাম)

লজিকেলী ফেক্টছে হুছেইনৰ সৈতে যোগাযোগ কৰিছে, তেওঁৰ পৰা সঁহাৰি পালে এই ফেক্ট-চেকটো আপডেট কৰা হ’ব।

বাংলাদেশৰ ২০২১ বানপানী

২০২১ চনত বাৰিষাৰ প্ৰবল বৃষ্টিপাতৰ ফলত বাংলাদেশত তীব্ৰ বানপানীৰ সৃষ্টি হয়, যাৰ ফলত ২৭ জুলাইৰ পৰা কমেও ২১,০০০ লোক গৃহহীন হয়। দ্য বাংলাদেশ পোষ্টত ২০২১ চনৰ আগষ্টত প্ৰকাশ পোৱা এক প্ৰতিবেদনত উল্লেখ কৰা মতে সাতখিৰাত নিৰন্তৰ বৰষুণ হৈছিল আৰু ২৯ৰ পৰা ৩০ জুলাইলৈ হোৱা ধাৰাসাৰ বৰষুণৰ ফলত বানপানী সৃষ্টি হয়।

দ্য নেটৱৰ্ক ফৰ ইনফৰ্মেচন, ৰেচপন্স, এণ্ড প্ৰিপেৰেডনেছ এক্টিভিটিজ অন ডিজাষ্টাৰ (NIRAPAD)-এ ২০২১ চনৰ অক্টোবৰ মাহত তেওঁলোকৰ প্ৰতিবেদনত উল্লেখ কৰিছে যে ৰংপুৰ, চিলেট, আৰু বৰগুনাত প্ৰচণ্ড বৰষুণ হয়। ইয়াৰ উপৰিও ৰাজবাৰী, খুলনা, গোপালগঞ্জ, ছিৰাজগঞ্জ, আৰু জামালপুৰত মথাউৰি ভঙাৰ ফলত ৰংপুৰ, সাতখিৰা, আৰু টাংগাইল জিলাত যথেষ্ট পৰিমাণে পানী জমা হয়।

সিদ্ধান্ত

২০২১ চনত সাতখিৰাত হোৱা বানপানীৰ সময়ত ফটোগ্ৰাফাৰ শ্বাৰৱাৰ হুছেইনে তোলা এখন ফটো বাংলাদেশৰ শেহতীয়া বানপানীৰ সৈতে সাঙুৰি বিভ্ৰান্তিকৰ দাবীৰে শ্বেয়াক কৰা হৈছে।

(অনুবাদ: চন্দন বৰগোহাঁই)

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।