মূল ছলমান খানৰ ২০২০ৰ ভিডিঅ' তেওঁ লৰেন্স বিষ্ণোইক 'ভাবুকি' দিয়া বুলি ভাইৰেল

ছলমান খানৰ ২০২০ৰ ভিডিঅ' তেওঁ লৰেন্স বিষ্ণোইক 'ভাবুকি' দিয়া বুলি ভাইৰেল

লেখক: উম্মে কুলচুম

অক্টোবৰ 18 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
ছলমান খানৰ পুৰণি ভিডিঅ' শ্বেয়াৰ কৰি অভিনেতাজনে লৰেন্স বিষ্ণোইক ভাবুকি দিয়া বুলি দাবী কৰা পোষ্টৰ স্ক্ৰীণশ্বট।  (উৎস: এক্স/স্ক্ৰীণশ্বট) ছলমান খানৰ পুৰণি ভিডিঅ' শ্বেয়াৰ কৰি অভিনেতাজনে লৰেন্স বিষ্ণোইক ভাবুকি দিয়া বুলি দাবী কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/স্ক্ৰীণশ্বট)

ফেক্ট চেক

ৰায়দান মিছা

অভিনেতা ছলমান খানৰ ভাইৰেল ক্লিপটো ২০২০ চনৰ হয়, লৰেন্স বিষ্ণোইক নহয় ক’ভিড-১৯ লকডাউনৰ নিয়ম উলংঘা কৰাসকলক উদ্দেশ্যিহে তেওঁ উক্ত বাৰ্তাটো দিছিল।

কি দাবী কৰা হৈছে?

মহাৰাষ্ট্ৰৰ প্ৰবীণ ৰাজনৈতিক নেতা বাবা ছিদ্দিকৰ হত্যাকাণ্ডৰ পিছত অভিনেতা ছলমান খানে গেংষ্টাৰ লৰেন্স বিষ্ণোইক “ভাবুকি” দিয়া বুলি দাবী কৰি ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে।

ভিডিঅ’টোত খানে কয়, “মানি লৈছো, বহুত সাহসী আপুনি, বহুত শক্তিশালী। কিন্তু আপুনি ইমান সাহসী, ইমান শক্তিশালী নেকি যে আপুনি আপোনাৰ পৰিয়ালৰ সদস্যৰ কফিনৰ বোজা কান্ধত তুলি ল’ব? তেওঁলোকৰ অন্ত্যেষ্টিক্ৰিয়াৰ জুইকুৰা কঢ়িয়াই লৈ যাবনে? আপোনাৰ মাজত ইমান সাহস আছেনে? কিয় আপুনি যমৰাজ বা মালেকুল মউত (ইছলামত মৃত্যুৰ দূত) হ’ব বিচাৰিছে?”

ভিডিঅ'টো শ্বেয়াৰ কৰি খানে বিষ্ণোইক উদ্দেশ্যি এইদৰে কোৱা বুলি দাবী কৰা হৈছে। এক্সৰ এজন ব্যৱহাৰকাৰীয়ে ভিডিঅ’টো শ্বেয়াৰ কৰি লিখিছে, “লৰেন্স বিষ্ণোইক উদ্দেশ্যি ছলমান খানৰ বাৰ্তা। ছলমান খানক আপুনি সমৰ্থন কৰেনে?” 

ভিডিঅ’টোৰ স্ক্ৰীণত হিন্দীত লিখা আছে, “ইমানবোৰ হৈ যোৱাৰ পিছত ছলমান খানে লৰেন্স বিষ্ণোইক দিলে ভাবুকি।” এনে পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত, ইয়াত, আৰু ইয়াত পোৱা যাব।

ভাইৰেল পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

যোৱা ১২ অক্টোবৰত এনচিপি দলৰ (অজিত পাৱাৰ ফৈদৰ) জ্যেষ্ঠ নেতা ছিদ্দিকক গুলীয়াই হত্যা কৰা হৈছিল। বিষ্ণোইৰ গেঙে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰি কয় যে খানৰ সৈতে থকা তেওঁৰ ঘনিষ্ঠ সম্পৰ্কৰ বাবেই ছিদ্দিকক লক্ষ্য কৰি লোৱা হৈছিল। ১৯৯৯ চনত কৃষ্ণসাৰ পহু হত্যাৰ গোচৰত জড়িত থকাৰ অভিযোগত অভিনেতাগৰাকীয়ে বছৰ বছৰ ধৰি বিষ্ণোই গেঙৰ পৰা বিভিন্ন সময়ত ভাবুকিৰ সন্মুখীন হৈ আহিছে, কৃষ্ণসাৰ পহুক বিষ্ণোই সম্প্ৰদায়ে পবিত্ৰ হিচাপে গণ্য কৰে।

অৱশ্যে আমাৰ অনুসন্ধানত ভাইৰেল ভিডিঅ’টো ২০২০ চনৰ বুলি জানিব পৰা গৈছে, ক’ভিড-১৯ লকডাউনৰ নিয়ম উলংঘা কৰা লোকসকলক উদ্দেশ্যি খানে এই ভিডিঅ’টো কৰিছিল।

আমি কি বিচাৰি পালোঁ?

ভাইৰেল ক্লিপটোৰ বিভিন্ন কীফ্ৰেমত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি লজিকেলী ফেক্টছে খানৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত ২০২০ চনৰ ১৫ এপ্ৰিলত শ্বেয়াৰ কৰা ইয়াৰ এটা দীঘলীয়া সংস্কৰণ (ইয়াত আৰ্কাইভ কৰা হৈছে) লাভ কৰে। ইয়াৰ পৰা নিশ্চিত হোৱা যায় যে ভিডিঅ’টো চাৰি বছৰতকৈ অধিক পুৰণি। মূল ক্লিপটোত খানে ক’ভিড-১৯ আৰু লকডাউনৰ কথাহে কৈছে, বিষ্ণোই সম্পৰ্কে কোনো কথা কোৱা নাই।

ভিডিঅ’টোৰ এতিয়া ভাইৰেল হৈ পৰা অংশটোৰ পূৰ্বে খানে মূল ভিডিঅ’টোত এইদৰে কৈছিল, “কিছুমান বুৰ্বকৰ বাবে সমগ্ৰ দেশতে এই ক’ভিড-১৯ ভাইৰাছ বিয়পি পৰিছে। আপোনাৰ কাম ভাল হোৱা হ'লে ইমানবোৰ ডাক্তৰ, নাৰ্ছ, আৰক্ষী বিষয়া, আৰু স্বাস্থ্যসেৱা কৰ্মীৰ গাত ভাইৰাছ নালাগিলেহেঁতেন, আৰু আমি স্বাভাৱিক জীৱনলৈ ঘূৰি আহিব পাৰিলোহেঁতেন। যি সময়ত চীনত মহামাৰী আৰম্ভ হৈছিল আৰু তাতে এতিয়া কমিও আহিল, একাংশ দায়িত্বহীন লোকৰ বাবে ভাৰতত অধিক দিনলৈ লকডাউন থাকিব।”

সংসদ টিভিৰ ইউটিউব চেনেলতো (ইয়াত আৰ্কাইভ কৰা হৈছে) ২০২০ চনৰ ১৬ এপ্ৰিলত ভিডিঅ’টো আপলোড কৰা হৈছিল, য’ত লিখা আছিল- “লকডাউন উলংঘা কৰা লোকসকললৈ ছলমান খানৰ বাৰ্তা।” ভাইৰেল অংশটো এই ভিডিঅ'টোত ১:৩৭ টাইমষ্টেম্পত চাব পাৰিব।

২০২০ চনৰ এপ্ৰিলত প্ৰকাশিত একাধিক বাতৰিত খানে কভিড-১৯ লকডাউন সন্দৰ্ভত কৰা মন্তব্য প্ৰকাশ কৰা হৈছিল, য’ত এতিয়া ভাইৰেল হোৱা ক্লিপটোও আছিল। অভিনেতা গৰাকীয়ে জনসাধাৰণক লকডাউনৰ নিয়ম মানি চলিবলৈ আহ্বান জনাই মহামাৰীৰ সময়ত সামূহিক দায়বদ্ধতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।

লগতে মন কৰিবলগীয়া যে, ২০২৪ চনৰ ১৬ অক্টোবৰলৈকে খানে বিষ্ণোই বা ছিদ্দিকৰ হত্যাকাণ্ডৰ সন্দৰ্ভত কোনো ৰাজহুৱা মন্তব্য প্ৰকাশ কৰা নাই।

সিদ্ধান্ত

ছলমান খানৰ এটা পুৰণি ভিডিঅ’ অভিনেতাজনে লৰেন্স বিষ্ণোইক উদ্দেশ্যি প্ৰকাশ কৰা বাৰ্তা হিচাপে মিছাকৈ প্ৰচাৰ কৰা হৈছে। ভাইৰেল ভিডিঅ’টো ২০২০ চনৰ এপ্ৰিলৰ হয় আৰু ইয়াত তেওঁ ক’ভিড-১৯ লকডাউনৰ নিয়ম উলংঘা নকৰিবলৈ জনসাধাৰণক আহ্বান জনাইছিল।

(অনুবাদ: চন্দন বৰগোহাঁই)

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।