লেখক: চন্দন বৰগোহাঁই
অক্টোবৰ 30 2024
২০১৮ চনৰ এই ভিডিঅ’টোত উত্তৰ প্ৰদেশত এজন লোকে নিজৰ পত্নীক বিবাহ-বহিৰ্ভূত সম্পৰ্কৰ সন্দেহত প্ৰহাৰ কৰা দেখা গৈছে। ইছলামিক আইনৰ সৈতে ইয়াৰ সম্পৰ্ক নাই।
(সতৰ্কবাণী: লেখাটোত শাৰীৰিক হিংসাৰ বৰ্ণনা আছে। লজিকেলী ফেক্টছে ভিডিঅ’টোৰ কোনো প্ৰত্যক্ষ লিংক লেখাটোত ব্যৱহাৰ কৰা নাই।)
কি দাবী কৰা হৈছে?
এজন লোকে গছত বান্ধি থোৱা এগৰাকী মহিলাক একাধিক লোকৰ উপস্থিতিত ৰাজহুৱাভাৱে পেটীৰে প্ৰহাৰ কৰি থকা এটা ভিডিঅ’ ইন্টাৰনেটত ব্যাপকভাৱে শ্বেয়াৰ কৰা হৈছে। ভিডিঅ’টো শ্বেয়াৰ কৰাসকলে দাবী কৰিছে যে ইয়াত ইছলামিক আইন শ্বৰিয়াৰ অধীনত এগৰাকী ‘ধৰ্ষণৰ ভুক্তভোগী’ক শাস্তি প্ৰদান কৰা দেখা গৈছে।
এক্সত এজন ব্যৱহাৰকাৰীয়ে ভিডিঅ'টো (ইয়াত আৰ্কাইভ কৰা হৈছে) শ্বেয়াৰ কৰি লিখিছে, "শ্বৰিয়া আইন অনুসৰি যদি কোনো মহিলাক ধৰ্ষণ কৰা হয়, তেন্তে ইয়াক বিবাহ বহিৰ্ভূত যৌন সম্পৰ্ক বুলি গণ্য কৰা হয়, আৰু তেওঁক শাস্তি দিয়া হয়। বেছিভাগ শ্বৰিয়া দেশতে কোনো মহিলা ধৰ্ষণৰ বলি হোৱা বুলি গম পালে তেওঁক পাথৰ মাৰি হত্যা কৰা হয়। গতিকে ভিডিঅ'টোত দেখা মহিলাগৰাকী 'ভাগ্যৱান' কাৰণ তেওঁক কেৱল কোবাইছেহে।"
উক্ত পোষ্টটোৱে ৫৬ লাখতকৈ অধিক ভিউ, ৪০,০০০ লাইক, আৰু ১৮,০০০ ৰিপোষ্ট লাভ কৰিছে। একে ধৰণৰ দাবীৰে শ্বেয়াৰ কৰা পোষ্টৰ আৰ্কাইভ সংস্কৰণ ইয়াত আৰু ইয়াত পোৱা যাব।
ভাইৰেল ভিডিঅ’টো শ্বেয়াৰ কৰা ছ’চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)
অৱশ্যে আমাৰ অনুসন্ধানত জানিব পৰা গৈছে যে এই ভিডিঅ’টো ২০১৮ চনৰ মাৰ্চৰ হয় আৰু ইয়াত উত্তৰ প্ৰদেশৰ এটা ঘটনা দেখা গৈছে। ইয়াত ধৰ্ষণৰ বলি হোৱা কোনো মহিলাক শাস্তি দিয়া দেখুওৱা হোৱা নাই।
আমি কি বিচাৰি পালোঁ?
কীফ্ৰেমত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি আমি ২০১৮ চনৰ মাৰ্চৰ একাধিক প্ৰতিবেদন লাভ কৰোঁ য’ত ভাইৰেল ভিডিঅ’টোৰ ভিজুৱেল ব্যৱহাৰ কৰা হৈছে।
হিন্দুস্তান টাইমছৰ এক প্ৰতিবেদন অনুসৰি, ২০১৮ চনৰ ১০ মাৰ্চত বুলন্দশ্বহৰ জিলাৰ লাউংগা গাঁৱত এই ঘটনা সংঘটিত হৈছিল। খবৰ অনুসৰি ক্লিপটোত শৌদন সিং নামৰ এজন লোকে তেওঁৰ পত্নীক অন্য ব্যক্তিৰ সৈতে পলাই যোৱাৰ অভিযোগত ৰাজহুৱাভাৱে প্ৰহাৰ কৰা দেখা গৈছে। গাঁও পঞ্চায়তৰ নিৰ্দেশত লোকজনে পত্নীক এইদৰে প্ৰহাক কৰাৰ অভিযোগ উত্থাপন হৈছে।
সেই সময়ত এই গোচৰৰ সৈতে জড়িত থকাৰ অভিযোগত তিনিজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছিল। বুলন্দশ্বহৰৰ আৰক্ষী অধীক্ষক প্ৰবীণ ৰঞ্জন সিঙৰ উদ্ধৃতি দি প্ৰতিবেদনটোত কোৱা হৈছে, “প্ৰাক্তন প্ৰধান শ্বেৰসিং, তেওঁৰ পুত্ৰ শ্ৰৱণ আৰু মহিলা গৰাকীৰ স্বামী শৌদন সিঙক গ্ৰেপ্তাৰ কৰা হৈছে আৰু বাকী অভিযুক্তসকলক গ্ৰেপ্তাৰৰ বাবে অভিযান চলি আছে।”
২০১৮ চনৰ ২৩ মাৰ্চত নৱভাৰত টাইমছৰ এক প্ৰতিবেদনত সিঙৰ এটা মন্তব্য সন্নিবিষ্ট কৰা হৈছিল, য'ত তেওঁ কৈছিল, "এই ঘটনাটো বহু দিন আগতে হৈছিল। ভিডিঅ'টো লাভ কৰা পিছতে আমি ভুক্তভোগীক মাতি আনিছিলো। কেইবাটাও ধাৰাৰ অধীনত এখন এজাহাৰ দাখিল কৰা হৈছে। পঞ্চায়তখনৰ প্ৰাক্তন মুৰব্বী, মহিলাগৰাকীৰ স্বামী আৰু আন ছয়জনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা হৈছে।"
দ্য টাইমছ অৱ ইণ্ডিয়াৰ মতে, মহিলাগৰাকীয়ে তেওঁৰ অভিযোগত উল্লেখ কৰিছে যে, "মই আমাৰ ওচৰ-চুবুৰীয়াৰ লগত গৈছিলোঁ, কিন্তু পাঁচ দিনৰ পিছত ১০ মাৰ্চত গাঁৱৰ কেইজনমান মানুহে আমাক পুনৰ গাঁওখনলৈ লৈ আহিছিল, আৰু ৰাতিপুৱা ৭ বজাৰ পৰা দুপৰীয়া ২ বজালৈকে, মোৰ হাত দুখন গছত বান্ধি থোৱা আছিল আৰু সম্পূৰ্ণ ৰাজহুৱা দৃষ্টিত মোক মোৰ স্বামী শৌদন সিঙে বেল্ট আৰু লাঠিৰে ঘণ্টাৰ পিছত ঘণ্টা ধৰি কোবাইছিল।"
আমি ২০১৮ চনৰ মাৰ্চত উত্তৰ প্ৰদেশৰ সাংবাদিক পিযুষ ৰায়ে দিয়া এটা এক্স পোষ্ট লাভ কৰোঁ, য’ত ভিডিঅ’টো শ্বেয়াৰ কৰাৰ লগতে উল্লেখ কৰা হৈছে যে ইয়াত বুলন্দশ্বহৰৰ এগৰাকী মহিলাক গছত বান্ধি স্বামীয়ে পৰ পুৰুষেৰে সম্পৰ্কৰ সন্দেহত আক্ৰমণ, স্থানীয় পঞ্চায়তৰ দ্বাৰা শাস্তি দিয়া দেখা গৈছে।
লজিকেলী ফেক্টছে বুলন্দশ্বহৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰিজুলৰ সৈতে যোগাযোগ কৰে, তেওঁ নিশ্চিত কৰে যে ২০১৮ চনত বুলন্দশ্বহৰ জিলাৰ স্যানা থানাৰ অন্তৰ্গত লাউংগা গাঁৱত এই কাণ্ড সংঘটিত হৈছিল।
২০১৮ চনৰ ২৩ মাৰ্চত বুলন্দশ্বাহৰ আৰক্ষীয়ে দিয়া এটা এক্স পোষ্ট (ইয়াত আৰ্কাইভ কৰা হৈছে)-ত এই কাণ্ড সন্দৰ্ভত এটা গোচৰ ৰুজু হোৱা বুলি উল্লেখ কৰা হৈছে। আৰক্ষীয়ে মহিলাগৰাকীৰ স্বামীসহ তিনিজন সন্দেহযুক্ত লোকক আটক কৰি জেললৈ প্ৰেৰণ কৰে।
আমি গোচৰটোৰ এজাহাৰৰ এটা প্ৰতিলিপি লাভ কৰিলোঁ, য’ত অভিযুক্তসকলৰ নাম উল্লেখ কৰা হৈছে। শ্বেৰ সিং প্ৰধান, শ্ৰৱণ, ৰাধেশ্যাম, নৰেশ, নানহে, জিতেন্দ্ৰ ওৰফে জীতু, বীৰপাল, হৰকেশ, ৰমেশ চান্দ, হন্সৰাজ, আৰু নাম উল্লেখ নকৰা ১০-১৫ জন লোক অভিযুক্ত বুলি কোৱা হৈছে।
সিদ্ধান্ত
ভাইৰেল ভিডিঅ’টোত উত্তৰ প্ৰদেশত এজন হিন্দু লোকে পৰ পুৰুষৰে সম্পৰ্কৰ সন্দেহত পত্নীক প্ৰহাৰ কৰা দেখা গৈছে। ২০১৮ চনৰ মাৰ্চত সংঘটিত এই ঘটনাটোৰ শ্বৰিয়া বা ইছলামিক আইনৰ লগত কোনো সম্পৰ্ক নাই। তদুপৰি ছ’চিয়েল মিডিয়াত দাবী কৰা ধৰণে ইয়াত ধৰ্ষণৰ ভুক্তভোগী কোনো মহিলাক মাৰপিট কৰা দেখুওৱা হোৱা নাই।