মূল ২০২২ চনত নীতিশ কুমাৰে এনডিএ ত্যাগ কৰা বাতৰি শেহতীয়া হিচাপে শ্বেয়াৰ কৰা হৈছে

২০২২ চনত নীতিশ কুমাৰে এনডিএ ত্যাগ কৰা বাতৰি শেহতীয়া হিচাপে শ্বেয়াৰ কৰা হৈছে

জুন 25 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
২০২২ চনত নীতিশ কুমাৰে এনডিএ ত্যাগ কৰা বাতৰি শেহতীয়া হিচাপে শ্বেয়াৰ কৰা হৈছে নিউজ ২৪ৰ এটা পুৰণি ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি নীতিশ কুমাৰে পুনৰ বিজেপি নেতৃত্বাধীন এনডিএ ত্যাগ কৰা বুলি দাবী কৰা হৈছে। (উৎস: এক্স/ইনষ্টাগ্ৰাম)

ফেক্ট চেক

বিভ্ৰান্তিকৰ

এইটো ২০২২ চনৰ আগষ্টৰ ভিডিঅ' হয় যেতিয়া নীতিশ কুমাৰে বিহাৰত বিজেপি এৰি আৰজেডি আৰু কংগ্ৰেছৰ সৈতে চৰকাৰ গঠন কৰাৰ সিদ্ধান্ত লৈছিল।

কি দাবী কৰা হৈছে?

হিন্দী নিউজ চেনেল নিউজ ২৪ৰ এংকৰ মানক গুপ্তাৰ ‘ৰাষ্ট্ৰ কী বাত’ অনুষ্ঠানৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, য’ত নীতিশ কুমাৰে ভাৰতীয় জনতা পাৰ্টি (বিজেপি) নেতৃত্বাধীন নেশ্যনেল ডেমক্ৰেটিক এলায়েন্স (এনডিএ) মিত্ৰজোঁট ত্যাগ কৰা বুলি দাবী কৰা হৈছে। ভিডিঅ’টোত নীতিশ কুমাৰে সংবাদ মাধ্যমক দিয়া এক বক্তব্যও আছে য’ত তেওঁ এইবুলি কোৱা দেখা গৈছে যে লোকসভা, ৰাজ্যসভা আৰু বিধায়ককে ধৰি তেওঁৰ দলৰ সকলো নেতাই এনডিএ ত্যাগ কৰিব বিচাৰিছে, আৰু তাৰ পিছত এই সিদ্ধান্ত লোৱা হৈছে। 

ভাইৰেল ভিডিঅ’টোৰ কেপচনত লিখা আছে, ‘ৰাহুল গান্ধী ভাৰতৰ প্ৰধানমন্ত্ৰী হ’ব। ইণ্ডিয়া মিত্ৰজোঁট জিন্দাবাদ। নীতিশ কুমাৰে পুনৰ পাল্টি মাৰিলে।” 

ভিডিঅ’টো এক্স (পূৰ্বৰ টুইটাৰ), ইনষ্টাগ্ৰাম আৰু ইউটিউবত ব্যাপকভাৱে শ্বেয়াৰ কৰা হৈছে আৰু লোকসভা নিৰ্বাচনৰ পিছত ‘নীতিশ কুমাৰে পুনৰ পাল্টি মাৰিলে’ বুলি দাবী কৰা হৈছে। ইয়াত আৰু ইয়াত আন পোষ্ট চাব পাৰিব৷

ভাইৰেল পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স, ইনষ্টাগ্ৰাম)

অৱশ্যে এই ভাইৰেল ভিডিঅ’টো এতিয়াৰ নহয়, বৰঞ্চ এইটো ২০২২ চনৰ আগষ্টত নীতিশ কুমাৰে বিহাৰত বিজেপি নেতৃত্বাধীন এনডিএ ত্যাগ কৰি ৰাষ্ট্ৰীয় জনতা দল, কংগ্ৰেছ আৰু বাওঁপন্থী দলৰ সৈতে মিলি ‘মহাজোঁট’ চৰকাৰ গঠনৰ সিদ্ধান্ত লোৱাৰ সময়ৰ ভিডিঅ’ হয়।

প্ৰকৃত তথ্য কি?

আমি প্ৰাসংগিক কীৱৰ্ড ব্যৱহাৰ কৰি ভাইৰেল ভিডিঅ'টোৰ এটা দীঘলীয়া সংস্কৰণ (ইয়াত আৰ্কাইভ কৰা হৈছে) লাভ কৰোঁ যিটো নিউজ ২৪ৰ ইউটিউব চেনেলত ২০২২ চনৰ ৯ আগষ্টত আপলোড কৰা হৈছিল। প্ৰতিবেদনটোত এংকৰ মানক গুপ্তাই কয় যে বিহাৰত নীতিশ কুমাৰে বিজেপি ত্যাগ কৰিছে। তেওঁ মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰি আৰজেডি, কংগ্ৰেছ আৰু বাওঁপন্থী দলৰ সৈতে নতুন চৰকাৰ গঠন কৰিবলৈ ওলাইছে।

প্ৰতিবেদনটোক ৫৪ ছেকেণ্ডৰ সময়খিনিত ভাইৰেল ভিডিঅ’তো দেখা যায়। আৰু ভিডিঅ’টোত নীতিশ কুমাৰৰ ভাইৰেল ভিডিঅ’টোত থকা একেটা ইয়াতো আছে। বিজেপিৰ পৰা আঁতৰি অহাক লৈ কৰা প্ৰশ্নৰ উত্তৰত নীতিশ কুমাৰে কয়, "লোকসভা, ৰাজ্যসভা দুয়োটাৰে সাংসদ, সকলো বিধায়ক, বিধান পৰিষদ, আৰু দলৰ নেতাসকল। সকলো বৈঠক আজি হৈছে আৰু সকলোৱে এইটোৱে বিচাৰে যে আমি এন ডি এ ত্যাগ কৰা উচিত।" গতিকে এনডিএ ত্যাগ কৰাৰ সিদ্ধান্ত সকলোৰে ইচ্ছা আছিল আমি তাকেই স্বীকাৰ কৰি লৈছিলো।"

নীতিশ কুমাৰৰ একেটা ভিডিঅ’ এনডিটিভি ইণ্ডিয়াইও ২০২২ চনৰ ৯ আগষ্টত তেওঁলোকৰ এক্স একাউণ্টত (ইয়াত আৰ্কাইভ কৰা হৈছে) শ্বেয়াৰ কৰিছিল।

২০২২ চনৰ ১০ আগষ্টত প্ৰকাশিত দ্য হিন্দুৰ প্ৰতিবেদনত কোৱা হৈছে যে বিহাৰত পাঁচ বছৰ থকাৰ পিছত মুখ্যমন্ত্ৰী নীতিশ কুমাৰে পুনৰ নিজৰ স্থিতি সলনি কৰিছে আৰু দুৰ্নীতিক কেন্দ্ৰ কৰি ২০১৭ চনত সম্পৰ্ক ছিন্ন কৰা ৰাষ্ট্ৰীয় জনতা দল (আৰজেডি)ৰ সৈতে পুনৰ হাত মিলাইছে। এইবাৰ, নীতিশ কুমাৰে বিজেপিৰ সৈতে সম্পৰ্ক ভংগ কৰিছে।  তেওঁ আৰজেডি নেতৃত্বাধীন মহাজোঁটৰ নেতা নিৰ্বাচিত হৈছে। ৭টা দলৰ ১৬৪জন বিধায়কৰ সহযোগত পৰৱৰ্তী চৰকাৰ গঠনৰ বাবে তেওঁ ৰাজ্যপাল ফাগু চৌহানৰ ওচৰত দাবী উত্থাপন কৰিছে। 

দ্য ইকনমিক টাইমছ আৰু ইণ্ডিয়া টুডেকে ধৰি একাধিক সংবাদ মাধ্যমে এই সন্দৰ্ভত বিতং প্ৰতিবেদন প্ৰকাশ কৰিছিল।

কিন্তু প্ৰায় ১৭ মাহ মহাজোঁটৰ চৰকাৰ চলোৱাৰ পিছত ২০২৪ চনৰ জানুৱাৰীত নীতিশ কুমাৰে পুনৰ সেই মিত্ৰতা ভংগ কৰি এনডিএত যোগদান কৰে।

সিদ্ধান্ত

আমাৰ অনুসন্ধানত এই কথা স্পষ্ট হৈ পৰিছে যে ভাইৰেল ভিডিঅ’টো এতিয়াৰ নহয় বৰঞ্চ ২০২২ চনৰ আগষ্টৰ হয়। তদুপৰি ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ৰাজনৈতিক পৰিস্থিতিৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই।

(অনুবাদ: চন্দন বৰগোহাঁই)

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।