মূল গাজাৰ ভিডিঅ’ লেবাননৰ ওপৰত ইজৰাইলৰ বিমান আক্ৰমণৰ দৃশ্য হিচাপে শ্বেয়াৰ কৰা হৈছে

গাজাৰ ভিডিঅ’ লেবাননৰ ওপৰত ইজৰাইলৰ বিমান আক্ৰমণৰ দৃশ্য হিচাপে শ্বেয়াৰ কৰা হৈছে

লেখক: ৰজনী কে জি

অক্টোবৰ 4 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে গাজাৰ পুৰণি ভিডিঅ' লেবাননত ইজৰাইলৰ শেহতীয়া আক্ৰমণ হিচাপে মিছা দাবীৰে শ্বেয়াৰ কৰিছে। (উৎস: এক্স/ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত) ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে গাজাৰ পুৰণি ভিডিঅ' লেবাননত ইজৰাইলৰ শেহতীয়া আক্ৰমণ হিচাপে মিছা দাবীৰে শ্বেয়াৰ কৰিছে। (উৎস: এক্স/ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

এই ভিডিঅ'টোত গাজাত ইজৰাইলৰ বিমান আক্ৰমণৰ দৃশ্য দেখা গৈছে, ইজৰাইল-হিজবুল্লাৰ শেহতীয়া সংঘৰ্ষ বা লেবাননৰ বৰ্তমানৰ পৰিস্থিতিৰ সৈতে ইয়াৰ সম্পৰ্ক নাই।

কি দাবী কৰা হৈছে?

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা ১ মিনিটৰ এটা ভিডিঅ’ত বিভিন্ন বিল্ডিঙৰ ওপৰত চলা একাধিক মিছাইল আক্ৰমণৰ দৃশ্য দেখিবলৈ পোৱা যায়। ভিডিঅ’টো শ্বেয়াৰ কৰি বহুতেই দাবী কৰিছে যে ইয়াত ইজৰাইলে লেবাননৰ ওপৰত চলোৱা বিমান আক্ৰমণৰ দৃশ্য দেখা গৈছে য’ত হিজবুল্লাৰ প্ৰাক্তন নেতা হাছান নাছৰল্লা নিহত হৈছিল।

এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে ভিডিঅ’টো শ্বেয়াৰ কৰি কেপচনত লিখিছে, “দৰ্শকৰ বাবে সতৰ্কতা: নাছৰল্লা আৰু হিজবুল্লাৰ নেতৃত্বৰ জীৱন সমাপ্ত কৰা তথা তেওঁলোক লুকাই থকা ঘাটিসমূহ ধ্বংস কৰা বোমা বিস্ফোৰণৰ মুহূৰ্ত। অবিশ্বাস্য।” এনেধৰণৰ দাবীৰ আৰ্কাইভ সংস্কৰণ ইয়াত আৰু ইয়াত পোৱা যাব। অসমীয়াতো ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰা হৈছে।

ভাইৰেল ভিডিঅ’টো শ্বেয়াৰ কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

২০২৪ চনৰ ২৭ ছেপ্টেম্বৰত ইজৰাইলৰ বিমান আক্ৰমণত নাছৰল্লাৰ নিহত হোৱাৰ পিছতে ভিডিঅ’টো যথেষ্ট ভাইৰেল হৈ পৰে। ২০২৪ চনৰ ১ অক্টোবৰত লেবাননস্থিত উগ্ৰপন্থী সংগঠন হিজবুল্লাক সমৰ্থন কৰা ইৰাণে ইজৰাইলৰ ওপৰত প্ৰায় ১৮০টা মিছাইল নিক্ষেপ কৰিছিল। বিবিচিৰ বাতৰি অনুসৰি ৱেষ্ট বেংকত এজন লোকৰ মৃত্যু হৈছিল ।

অৱশ্যে, ভিডিঅ’টোত থকা এটাও ক্লিপ লেবাননৰ নহয় আৰু ইজৰাইলে হিজবুল্লাৰ ওপৰত চলোৱা আক্ৰমণৰ আগৰে পৰা এইটো ইন্টাৰনেটত আছে।

প্ৰকৃত তথ্য

ভিডিঅ' ১

ভিডিঅ’টোৰ আৰম্ভণিতে এটা বিল্ডিঙত বিস্ফোৰণ হোৱাত ৰাস্তাত থকা কেইজনমান মানুহক তাৰ পৰা দৌৰি পলাবলৈ চেষ্টা কৰা দেখা যায়। ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি দেখা গ'ল যে এই ভিডিঅ'টো Anadolu Agency Englishৰ X একাউণ্টত ১৯ আগষ্ট, ২০২৪ তাৰিখে শ্বেয়াৰ কৰা হৈছিল (ইয়াত আৰ্কাইভ কৰা হৈছে)। 

ইয়াৰ কেপচনত লিখা আছিল: “নুচেইৰাট কেম্পত থকা জাগাউট পৰিয়ালৰ ঘৰত ইজৰাইলী সেনাই আক্ৰমণৰ মুহূৰ্ত।” পোষ্টটোত উল্লেখ কৰা হৈছে যে ইজৰাইলে নুচেইৰাটৰ শৰণাৰ্থী শিবিৰ ডেইৰ আল বালাহ আৰু গাজাৰ খান ইউনিছত কৰা বিমান আক্ৰমণত ১৬ জন লোক নিহত হৈছে। ইয়াৰ পৰা বুজা যায় যে ভিডিঅ’টো শেহতীয়া নহয় আৰু লেবাননৰ নহয়।

ভাইৰেল ভিডিঅ’টোৰ সৈতে আনাড’লু এজেন্সীয়ে শ্বেয়াৰ কৰা ভিডিঅ’ৰ তুলনা। (উৎস: এক্স)

ভিডিঅ' ২

০:০৬ ছেকেণ্ডৰ পৰা আৰম্ভ হোৱা দ্বিতীয়টো ক্লিপটোত দেখা গৈছে যে এজন মানুহ আৰু এজন ল’ৰাই ৰাস্তাত খোজ কাঢ়ি গৈ আছে যেতিয়া পিছফালে থকা অট্টালিকাটোত কিবা এটাই খুন্দা মাৰি বিস্ফোৰণ ঘটায়। এই ভিডিঅ'টোও গাজাৰ হয়। টেলিগ্ৰাফে ২০২৪ চনৰ ১৮ আগষ্টত তেওঁলোকৰ ইউটিউব একাউণ্টত ভিডিঅ’টো শ্বেয়াৰ কৰিছিল (ইয়াত আৰ্কাইভ কৰা হৈছে ), কেপচনত লিখা আছে, “ইজৰাইলৰ আক্ৰমণে গাজাৰ নুচেইৰাটস্থিত আৱাসিক বিল্ডিঙত আঘাত কৰাৰ মুহূৰ্ত।” 

ভিডিঅ’টোৰ বৰ্ণনাত উল্লেখ কৰা হৈছে যে ২০২৪ চনৰ ১৭ আগষ্টত সংঘটিত উক্ত আক্ৰমণৰ সময়ত পেলেষ্টাইনৰ হাজাৰ হাজাৰ গৃহহীন লোকে বাস কৰা বহুমহলীয়া বিল্ডিংটো ধ্বংস হোৱাৰ সময়ত এটি শিশু আৰু এজন লোকক আশ্ৰয় বিচাৰি দৌৰি থকা দেখা গৈছে।

দ্য টেলিগ্ৰাফে প্ৰকাশ কৰা ভিডিঅ’টোৰ স্ক্ৰীণশ্বট। (উৎস: ইউটিউব)

ভিডিঅ' ৩

০:১৩ ছেকেণ্ডত তৃতীয় ক্লিপটোত এখন বগা ৰঙৰ গাড়ী পাৰ হৈ যোৱাৰ সময়তে  এটা বিল্ডিঙত বিস্ফোৰণ ঘটা দেখা যায়। এই একেটা ভিজুৱেল আল জাজীৰা - জৰ্ডান (ইয়াত আৰ্কাইভ কৰা হৈছে)-এ ২০২৪ চনৰ ১২ আগষ্টত ফেচবুকত শ্বেয়াৰ কৰিছিল। কেপচনত লিখা আছে, "চাওক | দখলদাৰী বাহিনীয়ে গাজাৰ এটা আৱাসিক অট্টালিকাত বোমা বিস্ফোৰণ ঘটোৱাৰ মুহূৰ্তত আৱাসী আৰু পথচাৰীসকলৰ আতংকৰ সৃষ্টি হয়।"

ভাইৰেল ভিডিঅ'টো আৰু আল জাজীৰা জৰ্ডানে আপলোড কৰা ভিডিঅ'টোৰ তুলনা। (উৎস: এক্স/ফেচবুক)

ভিডিঅ' ৪ 

০:১৯ ছেকেণ্ডৰ পৰা আৰম্ভ হোৱা এই ক্লিপটোত পিছফালে থকা বিল্ডিঙত বিস্ফোৰণ ঘটাত এজন মানুহক চক খাই তাৰ পৰা আঁতৰি যোৱা দেখা গৈছে। ৰিভাৰ্ছ ইমেজ চাৰ্চৰ জৰিয়তে আমি জানিব পাৰোঁ যে এই ভিডিঅ'টো ইজৰাইল-লেবাননৰ শেহতীয়া সংঘাতৰ পূৰ্বে ২০২৪ চনৰ ২৮ জুলাইত গাজা নটিফিকেচনছ (ইয়াত আৰ্কাইভ কৰা হৈছে) নামৰ এটা এক্স একাউণ্টে শ্বেয়াৰ কৰিছিল। কেপচনত লিখা আছিল, “আজি ডেইৰ আল বালাহত ইজৰাইলে বিমান আক্ৰমণৰ মুহূৰ্ত, য’ত ১৬ টি শিশু আৰু ৮ গৰাকী মহিলাকে ধৰি ৩০ জনতকৈ অধিক পেলেষ্টাইনী সাধাৰণ নাগৰিকৰ মৃত্যু হয়।”

ভাইৰেল ভিডিঅ’ আৰু গাজা নটিফিকেচনে শ্বেয়াৰ কৰা ভিডিঅ’ৰ কিফ্ৰেমৰ তুলনা। (উৎস: এক্স)

ভিডিঅ' ৫

০:২৫ ছেকেণ্ডৰ পৰা আৰম্ভ হোৱা এই ক্লিপটোত আৱাসিক এলেকাত থকা এটা ওখ অট্টালিকা বিস্ফোৰণ হোৱা দেখা যায়। ভিডিঅ’টো ২০২৪ চনৰ আগষ্টৰ আৰু ২০২৪ চনৰ ২৩ আগষ্টত আল জাজীৰা ইজিপ্তে (ইয়াত আৰ্কাইভ কৰা হৈছে) শ্বেয়াৰ কৰিছিল, য’ত লিখা আছিল, “মাত্ৰ কেইদিনমানৰ ভিতৰতে দ্বিতীয়বাৰৰ বাবে দখলদাৰী শক্তিয়ে গাজা ষ্ট্ৰীপৰ মাজত অৱস্থিত নুচেইৰাট শিবিৰৰ এটা আৱাসিক অট্টালিকাক আক্ৰমণ কৰে।"

ভাইৰেল ভিডিঅ’ আল জাজীৰা ইজিপ্তৰ ভিডিঅ’ৰ তুলনা। (উৎস:এক্স)

ভিডিঅ' ৬

০:৩১ ছেকেণ্ডত এটা বিল্ডিঙত বিমান আক্ৰমণৰ দৃশ্য দেখা যায়, য’ত “BUREIJ CAMP TODAY” আৰু “৩-৬-২০২৪” তাৰিখ দেখা যায়। গুগলত চাৰ্চ কৰি দেখা গ’ল যে একেটা ভিডিঅ’ ২০২৪ চনৰ ৪ জুনত মিডল ইষ্ট আইয়ে (ইয়াত আৰ্কাইভ কৰা হৈছে) পোষ্ট কৰিছিল। কেপচনত লিখা আছে, "ফুটেজত দেখুওৱা হৈছে যে ইজৰাইলৰ বিমান আক্ৰমণে মধ্য গাজাৰ দেইৰ-আল-বালাহৰ আল-বুৰেইজ শৰণাৰ্থী শিবিৰৰ এটা অট্টালিকাক আক্ৰমণ কৰিছিল," লগতে কয় যে ২০২৪ চনৰ ৩ জুনত প্ৰায় ১০ জন লোক নিহত হৈছিল।

মিডিল ইষ্ট আইয়ে আপলোড কৰা ভিডিঅ’ৰ সৈতে ভাইৰেল ভিডিঅ’ৰ তুলনা। (উৎস: এক্স)

ভিডিঅ' ৭

০:৩৫ ছেকেণ্ডত সপ্তমটো ক্লিপত এটা ক্ষেপণাস্ত্ৰই এটা অট্টালিকাত খুন্দা মৰা দেখা গৈছে, ওচৰতে এখন নীলা ৰঙৰ গাড়ী ৰখাই থোৱা আছে। পেলেষ্টাইন টিভিৰ সাংবাদিক হিচাপে পৰিচয় দিয়া আলী দাৰ আলীয়ে ২০২৪ চনৰ ২৪ জুনত ফেচবুকত এই ভিডিঅ’টো আপলোড কৰিছিল (ইয়াত আৰ্কাইভ কৰা হৈছে)। 

কেপচনত লিখা আছে, “গাজাত এটা ঘৰত বোমা বিস্ফোৰণ হোৱা মুহূৰ্তত।” একেটা ভিডিঅ’ ইৰাণী সংবাদ প্ৰতিষ্ঠান শ্বেব খাবৰে ২০২৪ চনৰ ৪ জুলাইত শ্বেয়াৰ কৰিছিল, আৰবী ভাষাত লিখা আছিল, “ভিডিঅ’/ গাজাৰ এটা ঘৰত ভয়ংকৰ বোমা বিস্ফোৰণৰ মুহূৰ্ত।”

ভাইৰেল ভিডিঅ’ৰ সৈতে ২০২৪ চনৰ জুনৰ ফেচবুক ভিডিঅ’টোৰ তুলনা। (উৎস: এক্স/ফেচবুক)

ভিডিঅ' ৮

০:৩৭ ছেকেণ্ডত এটা চুটি ক্লিপত টেন্টৰ ওচৰত বোমা বিস্ফোৰণ হোৱা দেখা গৈছে। ৰিভাৰ্ছ ইমেজ চাৰ্চত এই ভিডিঅ’টো সংযুক্ত আৰব আমিৰশ্বাহীৰ এটা নিউজ আউটলেট আল খালিজে (ইয়াত আৰ্কাইভ কৰা হৈছে ) ২০২৪ চনৰ ৭ আগষ্টত শ্বেয়াৰ কৰা বুলি জানিব পৰা যায়। কেপচনত লিখা আছে, "ভিডিঅ' | এটা ইজৰাইলী মিছাইলে গাজাত স্থানচ্যুত লোকৰ শিবিৰত থকা এটা ঘৰ ধ্বংস কৰে।"

ভাইৰেল ভিডিঅ' আৰু আল খালিজৰ ভিডিঅ'ৰ তুলনা। (উৎস: X)

ভিডিঅ' ৯

০:৪০ ছেকেণ্ডত ভাইৰেল ভিডিঅ’টোত ক্ষেপণাস্ত্ৰ আক্ৰমণৰ পিছত এটা বিল্ডিং ভাঙি পৰা দেখা গৈছে। অষ্ট্ৰেলিয়াৰ বাতৰি ৱেবছাইট News.com.au (ইয়াত আৰ্কাইভ কৰা হৈছে)-এ ২০২৩ চনৰ অক্টোবত একেটা ভিডিঅ’ শ্বেয়াৰ কৰি দাবী কৰিছিল যে ইয়াত ইজৰাইলে গাজাত বিমান আক্ৰমণ কৰা দেখুওৱা হৈছে, য’ত ৩০০ৰো অধিক পেলেষ্টাইনী নিহত হৈছিল।

নিউজ.কম.এইউৰ ভিডিঅ'ৰ সৈতে ভাইৰেল ভিডিঅ'ৰ তুলনা। (উৎস: এক্স/News.com.au)

ভিডিঅ' ১০

০:৪৭ ছেকেণ্ডত ভিডিঅ’টোত এটা আৱাসিক অট্টালিকাত মিছাইল আক্ৰমণৰ দৃশ্য দেখুওৱা হৈছে। তুৰ্কীৰ এটা সংবাদ প্ৰতিষ্ঠান টি আৰ টি হাবেৰে ২০২৪ চনৰ ২১ জুলাইত ইউটিউবত (ইয়াত আৰ্কাইভ কৰা হৈছে) একেটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল, যাৰ শিৰোনাম আছিল “নুছাইৰাট শৰণাৰ্থী শিবিৰত থকা এটা বিল্ডিঙত ইজৰাইলে আক্ৰমণ কৰে।" হুৰিয়েটত প্ৰকাশ পোৱা মতে ইজৰাইলী সেনাই একে দিনা নুছাইৰাট শৰণাৰ্থী শিবিৰত এটা আঠ মহলীয়া বিল্ডিঙত আঘাত কৰিছিল।

মূল ইউটিউব ভিডিঅ'টোৰ এটা স্ক্ৰীণশ্বট। (উৎস: ইউটিউব)

ভিডিঅ' ১১

০:৫৩ ছেকেণ্ডৰ ক্লিপটোত এটা ক্ষেপণাস্ত্ৰৰ আক্ৰমণত এটা বগা ৰঙৰ আৱাসিক অট্টালিকা ভাঙি পৰা দেখা যায়। ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি দেখা গ’ল যে ডট্টো ৰেংগিমট্টো নামৰ তাঞ্জানিয়াৰ এজন লেখকে ২০২৩ চনৰ ১১ অক্টোবৰত ফেচবুকত একেটা ভিডিঅ’ পোষ্ট কৰিছিল (ইয়াত আৰ্কাইভ কৰা হৈছে)। 

কেপচনত লিখা আছে, “ইজৰাইলে গাজাৰ বিল্ডিঙসমূহত আক্ৰমণ কৰিবলৈ এনেদৰে GBU-27 Paveway III/SPICE 2000 গাইডযুক্ত বোমা ব্যৱহাৰ কৰে। #istandwithpalestine।” একেটা ভিডিঅ’ই ২০২৩ চনৰ ১২ অক্টোবৰত তুৰ্কীৰ সংবাদ প্ৰতিষ্ঠান Yeniçağ-এ প্ৰকাশ কৰি ভিডিঅ’টোত গাজাত মিছাইল আক্ৰমণত এটা বিল্ডিং ভাঙি পৰা দেখা গৈছে বুলি উল্লেখ কৰিছিল।

ফেচবুক ভিডিঅ’ৰ সৈতে ভাইৰেল ভিডিঅ’ৰ তুলনা। (উৎস: এক্স/ফেচবুক)

ভিডিঅ' ১২

০:৫৯ ছেকেণ্ডত এই ভিডিঅ’টোত দেখা গৈছে যে ছাদত ক’লা ৰঙৰ এটা পানীৰ টেংকি থকা এটা বিল্ডিঙৰ কাষৰ এটা অট্টালিকাত মিছাইলে আক্ৰমণ কৰে। পেলেষ্টাইনৰ এটা সংবাদ প্ৰতিষ্ঠান শ্বেহাব নিউজ এজেন্সীয়ে ২০২৩ চনৰ ২৩ ডিচেম্বৰত এক্সত (ইয়াত আৰ্কাইভ কৰা হৈছে) এই ভিডিঅ’টো শ্বেয়াৰ কৰিছিল। কেপচনত লিখা আছে, “চাওক | গাজা চহৰৰ এটা আৱাসিক ভৱনত দখলদাৰীৰ বোমা বিস্ফোৰণ।”

শ্বেহাব নিউজ এজেন্সীৰ ভিডিঅ'ৰ সৈতে ভাইৰেল ভিডিঅ'ৰ তুলনা। (উৎস: এক্স)

উক্ত প্ৰমাণসমূহৰ পৰ এইটো স্পষ্ট হয় যে গাজাৰ একাধিক আৱাসিক অট্টালিকাত সংঘটিত বিমান আক্ৰমণৰ পুৰণি ভিডিঅ’ ইজৰাইল আৰু লেবাননৰ মাজত শেহতীয়াকৈ চলি থকা সংঘাতৰ সৈতে মিছাকৈ জড়িত কৰা হৈছে।

সিদ্ধান্ত

ভাইৰেল ভিডিঅ’টোত থকা ক্লিপসমূহ ইজৰাইল-হিজবুল্লাৰ মাজত অব্যাহত শেহতীয়া সংঘাতৰ পূৰ্বৰে পৰা ইন্টাৰনেটত উপলব্ধ, আৰু এইসমূহত গাজাত চলা ইজৰাইলৰ বিমান আক্ৰমণৰ পুৰণি দৃশ্য দেখা গৈছে। লেবাননত ইজৰাইলৰ শেহতীয়া আক্ৰমণ হিচাপে ইয়াক ভুলকৈ শ্বেয়াৰ কৰা হৈছে। 

(অনুবাদ: চন্দন বৰগোহাঁই)

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।