মূল এইখন আলজেৰিয়াৰ বক্সাৰ ইমানে খালিফৰ এআই-জেনেৰেটেড ছবি হয়

এইখন আলজেৰিয়াৰ বক্সাৰ ইমানে খালিফৰ এআই-জেনেৰেটেড ছবি হয়

লেখক: ভনীতা গণেশ

ছেপ্তেম্বৰ 13 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
বক্সাৰ ইমানে খালিফৰ সঁচা ফটো হিচাপে এআই-জেনেৰেটেড ছবি শ্বেয়াৰ কৰা ভাইৰেল পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত) বক্সাৰ ইমানে খালিফৰ সঁচা ফটো হিচাপে এআই-জেনেৰেটেড ছবি শ্বেয়াৰ কৰা ভাইৰেল পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ভুৱা

ছবিখনত থকা একাধিক বিসংগতিৰ পৰা এইখন এখন এআই-জেনেৰেটেড ফটো বুলি গম পোৱা যায়।

কি দাবী কৰা হৈছে?

আলজেৰিয়াৰ অলিম্পিক বক্সাৰ ইমানে খালিফৰ ফটো হিচাপে ছ’চিয়েল মিডিয়াত এখন ছবি ভাইৰেল হৈ পৰিছে। 

ভুল তথ্য বিয়পোৱাৰ বাবে পৰিচিত ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰী অৰুণ পুদুৰ নামৰ এগৰাকী এক্স ব্যৱহাৰকাৰীয়ে এটা পোষ্টত (ইয়াত আৰ্কাইভ কৰা হৈছে) ছবিখন শ্বেয়াৰ কৰি লিখিছে, “এখেত হৈছে @অলিম্পিকত সোণ লাভ কৰা আলিজেৰিয়াৰ বক্সাৰ #ImaneKhelif। এগৰাকী মহিলাৰ বিৰুদ্ধে জয়লাভ কৰাত তেওঁ আল্লাক ধন্যবাদ দিছিল। ক্ষমা কৰিব এঞ্জেলা কেৰিনি, বিশ্বই আপোনাৰ সৈতে অন্যায় কৰিলে!" 

ছবিখন এৰেধৰণৰ দাবীৰে শ্বেয়াৰ কৰা এটা এক্স পোষ্টে (ইয়াত আৰ্কাইভ কৰা হৈছে) ১,০০০ তকৈ অধিক শ্বেয়াৰ আৰু ৪,০০০ তকৈ অধিক লাইক লাভ কৰিছে। একেধৰণৰ পোষ্ট ইয়াত আৰু ইয়াত আৰ্কাইভ কৰা হৈছে। একেধৰণৰ দাবীৰে অসমীয়াতো পোষ্ট শ্বেয়াৰ কৰা হৈছে, ইয়াত আৰ্কাইভ কৰা হৈছে। 

ভাইৰেল ছ'চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও ২০২৪ চনৰ পেৰিছ অলিম্পিকত জয়লাভৰ পিছত ইমানে খালিফ ব্যাপক সমালোচনাৰ সন্মুখীন হৈছিল।

১ আগষ্টত খালিফে ইটালীৰ এঞ্জেলা কেৰিনিক প্ৰাৰম্ভিক মেচত পৰাস্ত কৰিছিল। লেখিকা জে কে ৰাউলিং আৰু এক্সৰ স্বত্বাধিকাৰী ইলন মাস্কৰ দৰে একাধিক বিশিষ্ট লোকে খালিফ এজন “জৈৱিকভাৱে পুৰুষ” বা “ট্ৰান্সজেণ্ডাৰ মহিলা” বুলি দাবী শ্বেয়াৰ কৰিছিল। লজিকেলী ফেক্টছকে ধৰি একাধিক ফেক্ট-চেকিং সংস্থাই  এই দাবীসমূহৰ আচল সত্য প্ৰকাশ কৰিছিল।

অৱশ্যে ভাইৰেল ছবিখন সঁচা নহয়। বৰঞ্চ এআই চফ্টৱেৰ ব্যৱহাৰ কৰি ছবিখন সৃষ্টি কৰা হৈছিল।

আমি কি বিচাৰি পালোঁ? 

ছবিখন ভালদৰে চালে ভাইৰেল ফটোখনৰ বেকগ্ৰাউণ্ডত থকা ব্যক্তি কেইগৰাকীৰ ক্ষেত্ৰত একাধিক বিসংগতি দেখা যায় — যিটো সাধাৰণতে এআই-জেনেৰেটেড ছবিৰ ক্ষেত্ৰত দেখা যায়।

বেকগ্ৰাউণ্ডত থকা লোককেইজনৰ মুখ আৰু শাৰীৰিক বৈশিষ্ট্যসমূহ বিকৃত যেন লাগে। উদাহৰণস্বৰূপে, ফটোখনৰ সোঁফালে থকা মানুহজনৰ মুখ আৰু হাতখন বিকৃত। আনহাতে বাওঁফালে থকা ব্যক্তিজনৰ হাতখন বিকৃত যেন লাগে, আৰু তেওঁৰ মুখখন ধূসৰ আৰু অস্পষ্ট। সোঁফালে থকা এখন হাতে আচহুৱা ধৰণে বেবেৰিবাং কথা লিখি ৰখা কাৰ্ড ধৰিব থকা দেখা যায়। 

ভাইৰেল ছবিখনত শাৰীৰিক বৈশিষ্ট্যৰ কিছু বিসংগতি দেখা যায়। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

আমি মানে খালিফৰ ইনষ্টাগ্ৰাম প্ৰফাইলত পোৱা এখন ফটোৰ সৈতে (ইয়াত আৰ্কাইভ কৰা হৈছে) তেওঁৰ ভাইৰেল ফটোখনৰ তুলনা কৰিলোঁ আৰু লক্ষ্য কৰিলোঁ যে তেওঁৰ নাক, মুখৰ গঠন, ছালৰ টেক্সচাৰ আৰু টোন ভাইৰেল ভাইৰেল ছবিখনৰ সৈতে মিলা নাই। এই বিসংগতিসমূহৰ পৰা ধৰিব পৰা যায় যে ভাইৰেল ছবিখন সঁচা নহয় আৰু ইয়াক ডিজিটেলভাৱে সলনি কৰা হৈছে।

খালিফৰ ইনষ্টাগ্ৰাম প্ৰফাইলৰ পৰা লোৱা তেওঁৰ মুখৰ ফটোৰ (সোঁফালে) সৈতে ভাইৰেল ছবিখনৰ (বাওঁফালে) তুলনা। (উৎস: ইমানেখালিফ/এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)।

ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি আমি ২৪ আগষ্টত 'MidJourney Prompts' নামৰ এটা একাউণ্টৰ এটা পোষ্ট (ইয়াত আৰ্কাইভ কৰা হৈছে) লাভ কৰোঁ। প্ৰফাইলটোৰ বায়'ত লিখা আছে, "তলত পোষ্ট কৰা সকলো ছবি এআইৰ সহায়ত সৃষ্টি কৰা হৈছে।" 

পোষ্টটোত তিনিখন ছবি আছিল, এখনত খালিফক খালি গাত দেখা যায় আৰু আন এখনত ছবিত "আই এম এ মেন" বুলি লিখা এখন ফলক দেখা যায়। পোষ্টটোৰ কেপচনত "ইমানে খালিফ (সোণৰ পদক বিজয়ী)" বুলি লিখা আছে আৰু #midjourneyV6 #PromptShare #AIArtwork #AIart #midjourneyart #MidjourneyAI #midjourneyprompt #FluxAI আদি হেচটেগ ব্যৱহাৰ কৰা হৈছে। মিডজাৰ্নি আৰু ফ্লাক্স এআই হৈছে এআই চিত্ৰ সৃষ্টিকাৰী চফ্টৱেৰ। প্ৰফাইলটোৰ বায়’ আৰু হেচটেগৰ পৰা গম পোৱা যায় যে ছবিখন কৃত্ৰিমভাৱে বনোৱা হৈছে আৰু এইখন এখন সঁচা ফটো নহয়।  

'MidJourney Prompts' নামৰ এক্স প্ৰফাইলটোত শ্বেয়াৰ কৰা ছবি আৰু কেপচনৰ স্ক্ৰীণশ্বট। (উৎস: এক্স)

প্ৰফাইলটোত ড'নাল্ড ট্ৰাম্প আৰু ইলন মাস্কৰ দৰে ব্যক্তিৰ একেধৰণৰ হেচটেগ থকা আপাত দৃষ্টিত এআই-জেনেৰেটেড ছবিও পোষ্ট কৰা হৈছে । আমি ব্যৱহাৰকাৰী গৰাকীৰ সৈতে যোগাযোগ কৰিছো আৰু তেওঁৰ পৰা সঁহাৰি পালে ফেক্ট-চেকটো আপডেট কৰিম।

এআই ধৰা পেলোৱা সঁজুলিয়ে কি কয়?

হাইভ মডাৰেচন নামৰ টুলটোৱে ছবিখনত এআই-উৎপন্ন বা ডিপফেক কন্টেন্ট থকাৰ ৯৬.৩ শতাংশ সম্ভাৱনা দেখাইছে, আনহাতে ইলুমিনাৰ্টি এআইয়ে ইয়াক এআই-জেনেৰেটেড হোৱাৰ ৬৬.৩ শতাংশ সম্ভাৱনা ধৰা পেলাইছে। 

লজিকেলী ফেক্টছে আই আই টি যোধপুৰৰ কম্পিউটাৰ বিজ্ঞানৰ অধ্যাপক মায়ংক ভাট্ছাৰ নেতৃত্বত বিশেষজ্ঞৰ এটা দলে প্ৰস্তুত কৰা ইতিছাৰ নামৰ ডিপফেক ডিটেকচন টুল এটাও ব্যৱহাৰ কৰে। তেওঁলোকৰ পৰা সঁহাৰি পালে এই লেখাটো আপডেট কৰা হ’ব। 

সিদ্ধান্ত

এআই-জেনেৰেটেড এখন ছবি শ্বেয়াৰ কৰি সেইখন আলজেৰিয়াৰ বক্সাৰ ইমানে খালিফৰ সঁচা ফটো বুলি ভুৱা দাবী প্ৰচাৰ কৰা হৈছে।

(অনুবাদ: চন্দন বৰগোহাঁই)

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।