মূল এইখন বাংলাদেশৰ হিন্দু শিক্ষয়িত্ৰীক 'গছত বান্ধি থোৱা' ফটো বুলি মিছা দাবী প্ৰচাৰ

এইখন বাংলাদেশৰ হিন্দু শিক্ষয়িত্ৰীক 'গছত বান্ধি থোৱা' ফটো বুলি মিছা দাবী প্ৰচাৰ

লেখক: ৰাহুল অধিকাৰী

আগষ্ট 26 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
ছ’চিয়েল মিডিয়াত দাবী কৰা হৈছে যে বাংলাদেশত একাধিক ছাত্ৰীয়ে হিন্দু শিক্ষয়িত্ৰীক গছত বান্ধি ৰাখিছিল। (উৎস: ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত) ছ’চিয়েল মিডিয়াত দাবী কৰা হৈছে যে বাংলাদেশত একাধিক ছাত্ৰীয়ে হিন্দু শিক্ষয়িত্ৰীক গছত বান্ধি ৰাখিছিল। (উৎস: ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

মিছা

ভাইৰেল ফটোখনত শিক্ষানুষ্ঠানখনৰ প্ৰাক্তন ছাত্ৰী বুলি দাবী কৰা এগৰাকী মহিলাক গছত বান্ধি ৰখা হৈছে, তেওঁ ঢাকাৰ উক্ত শিক্ষানুষ্ঠানৰ অধ্যক্ষ নহয়।

কি দাবী কৰা হৈছে?

বাংলাদেশত একাধিক মুছলমান ছাত্ৰীয়ে গীতাঞ্জলি বৰুৱা নামৰ এগৰাকী হিন্দু শিক্ষয়িত্ৰীক গছত বান্ধি থোৱা বুলি দাবী কৰি ছ’চিয়েল মিডিয়াত এখন ফটো প্ৰচাৰ কৰা হৈছে। ফটোখন শ্বেয়াৰ কৰি বৰুৱাক পদত্যাগ কৰিবলৈ হেঁচা প্ৰয়োগ কৰা বুলি অভিযোগ উঠিছে, আৰু পদত্যাগ কৰিবলৈ অমান্তি হোৱাত ছাত্ৰীসকলে তেওঁক এইদৰে ব্যৱহাৰ কৰে বুলি দাবী কৰা হৈছে। 

এক্স (পূৰ্বৰ টুইটাৰ)ত শ্বেয়াৰ কৰা একাধিক পোষ্টত এয়া বাংলাদেশত হিন্দু ওপৰত শেহতীয়াকৈ চলি থকা সাম্প্ৰদায়িক হিংসাৰ প্ৰমাণ বুলি দাবী কৰিছে। এনে পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত আৰু ইয়াত উপলব্ধ। একেধৰণৰ দাবীৰে অসমীয়াতো পোষ্ট শ্বেয়াৰ কৰা হৈছে, ইয়াত চাব পাৰিব।

ভাইৰেল ছচিয়েল মিডিয়াত পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

দ্য নিউ ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত “গীতঞ্জলি বৰুৱাক তেওঁৰে ছাত্ৰীসকলে গছত বান্ধি ৰাখে।” শীৰ্ষক এটা প্রতিবেদনত একেধৰণৰ দাবী কৰা হৈছে।

দ্য নিউ ইণ্ডিয়ান এক্সপ্ৰেছৰ বাতৰিৰ স্ক্ৰীণশ্বট। (উৎস: দ্য নিউ ইণ্ডিয়ান এক্সপ্ৰেছ/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে এই দাবীটো মিছা। ভাইৰেল ছবিখনত দেখা মহিলাগৰাকী শিক্ষানুষ্ঠানখনৰ এগৰাকী প্ৰাক্তন ছাত্ৰী বুলি জানিব পৰা গৈছে, যিগৰাকীক প্ৰতিবাদকাৰী ছাত্ৰীসকলে গছত বান্ধি ৰাখিছিল। ছাত্ৰীসকলে বান্ধি ৰখা মহিলাগৰাকী অধ্যক্ষ গীতাঞ্জলি বৰুৱা নহয়।

আমি সত্যটো কিদৰে জানিলোঁ?

আমি ভাইৰেল পোষ্টসমূহৰ সবিশেষ পৰীক্ষা কৰিলোঁ। ঢাকাৰ আজিমপুৰ চৰকাৰী ছোৱালী বিদ্যালয় তথা মহাবিদ্যালয়ৰ ছাত্ৰীয়ে অধ্যক্ষ বৰুৱাকে ধৰি দুগৰাকী শিক্ষকৰ পদত্যাগৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছিল। 

বাংলাদেশী সংবাদ মাধ্যম আজকেৰ পত্ৰিকাৰ এক প্ৰতিবেদন অনুসৰি ছাত্ৰীসকলে উক্ত শিক্ষক কেইগৰাকীয়ে তেওঁলোকক আক্ৰমণ কৰিবলৈ প্ৰাক্তন ছাত্ৰীক মাতি অনা বুলি অভিযোগ উত্থাপন কৰে। ইয়াৰ প্রতিশোধ ল’বলৈ ইয়াৰে এগৰাকী প্রাক্তন ছাত্রীক ছাত্ৰীসকলে এইদৰে গছত বান্ধি ৰাখে৷ ১৯ আগষ্টত “শিক্ষাৰ্থীক ধমকি-ভাবুকি, আজিমপুৰত গছত বান্ধি ৰখা হ’ল প্ৰাক্তন ছাত্ৰীক’’ শীৰ্ষক শিৰোনামেৰে এই ঘটনাটোক লৈ বাতৰি প্ৰকাশ পাইছিল।  

প্রতিবেদনটোত প্রাক্তন ছাত্রীগৰাকীক গছত বান্ধি থোৱা কেইবাখনো ছবি থকা ভিডিঅ’ও সন্নিবিষ্ট কৰা হৈছে৷ এই ছবিবোৰ ভাইৰেল ফটোখনৰ সৈতে তুলনা কৰি আমি নিশ্চিত হ’লো যে ইয়াত একেটা ঘটনাকে দেখুওৱা হৈছে।

ভাইৰেল ফটো আৰু বাতৰি প্ৰতিবেদনৰ ফটোৰ মাজত তুলনা। (উৎস: এক্স/আজকেৰ পত্ৰিকা/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

বাংলাদেশৰ টেলিভিছন নেটৱৰ্ক এ টি এন নিউজ লাইভ (ইয়াত আৰ্কাইভ কৰা হৈছে)-এ উক্ত প্ৰতিবাদৰ বাতৰি পৰিৱেশন কৰিছিল, বিদ্যালয়ৰ প্ৰথমটো দিনতে উক্ত প্ৰতিবাদ হৈছিল। ছাত্ৰীসকলে অবৈধ কোচিং ব্যৱসায় চলোৱাৰ অভিযোগ তুলি অধ্যক্ষ আৰু শিক্ষককেইজনৰ পদত্যাগৰ দাবী কৰে। ছাত্ৰীসকলে লগতে অভিযোগ কৰে যে শিক্ষকসকলে তেওঁলোকক গালি-গালাজ কৰাৰ লগতে আক্ৰমণ কৰিবলৈ প্ৰাক্তন ছাত্ৰীক মাতি আনিছিল। এটা ভিডিঅ’ত অধ্যক্ষগৰাকীয়ে ছাত্ৰীসকলক সম্বোধন কৰি ইয়াৰ সৈতে জড়িত শিক্ষকসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰা দেখা গৈছে।

প্ৰতিবাদৰ মাজতে বৰুৱাই লিখিত পদত্যাগ পত্ৰ দাখিল কৰে, যিটো বাতৰিৰ ফুটেজত বন্দী হৈছে। ছাত্ৰীসকলেও দাবী কৰে যে তেওঁলোকক ‘বাহিৰৰ লোকে’ আক্ৰমণ কৰিছিল, যিসকলক পিছত প্ৰাক্তন ছাত্ৰী বুলি চিনাক্ত কৰা হয়। সংবাদ মাধ্যমৰ আগত ইয়াৰে এগৰাকী প্ৰাক্তন ছাত্ৰীয়ে নিশ্চিত কৰে যে তেওঁ ১৪ বছৰ পূৰ্বে বিদ্যালয়খনৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। উত্তেজনা অধিক বৃদ্ধি পোৱাত পৰিস্থিতি শান্ত কৰিবলৈ সেনাই হস্তক্ষেপ কৰে।

ইয়াৰ উপৰিও আমি ভিডিঅ’ প্ৰতিবেনদটোৰ পৰা অধ্যক্ষ বৰুৱাৰ ফটো গছত বান্ধি থোৱা মহিলাগৰাকীৰ ছবিৰ সৈতে তুলনা কৰিলোঁ। উক্ত তুলনাৰ পৰা তেওঁলোক যে এগৰাকী মহিলা নহয় সেয়া নিশ্চিতভাৱে ক’ব পাৰি।

অধ্যক্ষ গীতাঞ্জলি বৰুৱা (বাওঁফালে) আৰু ছাত্ৰীসকলে গছত বান্ধি ৰখা বাহিৰৰ মহিলাগৰাকী (সোঁফালে)। (উৎস: এ টি এন নিউজ লাইভ/স্ক্ৰীণশ্বট)

তদুপৰি আজিমপুৰ চৰকাৰী ছোৱালী বিদ্যালয় তথা মহাবিদ্যালয়ৰ অফিচিয়েল ৱেবছাইটত বৰুৱাৰ এখন ফটো উপলব্ধ যাৰ দ্বাৰা এইটো স্পষ্ট হয় যে ভাইৰেল ছবিখনত থকা মহিলাগৰাকী তেওঁ নহয়।

আজিমপুৰ মহাবিদ্যালয়ৰ অফিচিয়েল ৱেবছাইটত গীতাঞ্জলি বৰুৱাৰ এখন ফটো। (উৎস: আজিমপুৰ চৰকাৰী ছোৱালী বিদ্যালয় আৰু মহাবিদ্যালয়/স্ক্ৰীণশ্বট)

গছজোপাত বান্ধি থোৱা মহিলাগৰাকীক আমি চিনাক্ত কৰিব পৰা নাই যদিও এই কথা স্পষ্ট যে তেওঁ অধ্যক্ষ বৰুৱা নহয়। আনহাতে, উক্ত প্ৰতিবাদ একাংশ শিক্ষকৰ বিৰুদ্ধে দুৰ্নীতি আৰু অসৎ আচৰণৰ অভিযোগক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল ইয়াৰ অন্তৰালত কোনো সাম্প্ৰদায়িক কাৰণ নাই।

শ্বেখ হাছিনাই বাংলাদেশৰ প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ পিছতে ছ’চিয়েল মিডিয়াত বিভিন্ন মিছা সাম্প্ৰদায়িক বাতৰি ভাইৰেল হৈ পৰিছে, কোনো কোনো অঞ্চলত হিংসাত্মক পৰিস্থিতিৰ বাতৰি প্ৰকাশ পাইছে। লজিকেলী ফেক্টছে কেইবাটাও এনেধৰণৰ দাবী ফেক্ট-চেক কৰিছে, ইয়াত আৰু ইয়াত পঢ়িব পাৰে।

সিদ্ধান্ত

ভাইৰেল ফটোখনত গছত বান্ধি থোৱা মহিলাগৰাকী আজিমপুৰ চৰকাৰী বালিকা বিদ্যালয় তথা মহাবিদ্যালয়ৰ অধ্যক্ষ গীতাঞ্জলি বৰুৱা নহয়। বৰঞ্চ ইয়াত আচলতে প্ৰতিবাদকাৰী ছাত্ৰীসকলে আৱদ্ধ কৰি ৰখা এগৰাকী প্ৰাক্তন ছাত্ৰীকহে দেখা গৈছে। 

(অনুবাদ: চন্দন বৰগোহাঁই)

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।