মূল ভাৰতত মুছলমানে টোল প্লাজা লণ্ডভণ্ড কৰিলে নেকি? নহয়, এইটো বাংলাদেশৰ ভিডিঅ'

ভাৰতত মুছলমানে টোল প্লাজা লণ্ডভণ্ড কৰিলে নেকি? নহয়, এইটো বাংলাদেশৰ ভিডিঅ'

লেখক: মহম্মদ ছলমান

ছেপ্তেম্বৰ 24 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
ভাৰতৰ মুছলমানক টোল মাচুল বিচৰাত টোল প্লাজা ভাঙি পেলোৱা বুলি দাবী কৰি ভাইৰেল ভিডিঅ' শ্বেয়াৰ কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/স্ক্ৰীণশ্বট) ভাৰতৰ মুছলমানক টোল মাচুল বিচৰাত টোল প্লাজা ভাঙি পেলোৱা বুলি দাবী কৰি ভাইৰেল ভিডিঅ' শ্বেয়াৰ কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/স্ক্ৰীণশ্বট)

ফেক্ট চেক

ৰায়দান মিছা

এইটো বাংলাদেশৰ ঢাকাৰ কুড়িল টোল প্লাজাৰ ভিডিঅ' হয়, য'ত এখন পিকআপ ট্ৰাকক এলিভেটেড হাইৱেৰে যাবলৈ নিদিয়াত টোল প্লাজাত অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিছিল।

কি দাবী কৰা হৈছে? 

ছ’চিয়েল মিডিয়াত এটা চিচিটিভি ফুটেজ ভাইৰেল হৈ পৰিছে য’ত মুছলমানৰ পোছাক পৰিহিত একাংশ লোকে এটা টোল প্লাজাত বাধা ভাঙি এখন পিকআপ ভেন উলিয়াই লৈ যোৱা দেখা গৈছে। ভিডিঅ'টো ভাৰতৰ বুলি দাবী কৰি ইয়াত মুছলমানে টোল মাচুল বিচৰাত টোল প্লাজা ভাঙি পেলোৱা দেখা গৈছে বুলি দাবী কৰা হৈছে।

এজন এক্স ব্যৱহাৰকাৰীয়ে ভিডিঅ’টো শ্বেয়াৰ কৰি লিখিছে, "এতিয়া ভাৰতৰ মুছলমানসকলৰ পৰা টোল কৰ আদায় কৰা হ'ব নেকি? @narendramodi এয়া কি হয়? আপোনাৰ সবকা সাথ সবকা বিকাশ। কেন্দ্ৰীয় চৰকাৰ আৰু @nitin_gadkari মন্ত্ৰালয়ে 'প্ৰধানমন্ত্ৰী মুছলমানসকলৰ বাবে টোল ৰেহাই আঁচনি' আৰম্ভ কৰা উচিত।" এই পোষ্টটোৱে এতিয়ালৈকে ১ লাখ ১০ হাজাৰ ভিউ, ৩০০ ৰিপোষ্ট আৰু ৪০০ৰো অধিক লাইক লাভ কৰিছে। পোষ্টটোৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত চাওক। একেধৰণৰ আন পোষ্ট ইয়াত, ইয়াত, ইয়াত, ইয়াত আৰু ইয়াত চাব পাৰিব ৷ এজন ব্যৱহাৰকাৰীয়ে ভিডিঅ’টো চণ্ডীগড়ৰ টোল প্লাজাৰ বুলি শ্বেয়াৰ কৰিছে।

ভাইৰেল ভিডিঅ'টো শ্বেয়াৰ কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/স্ক্ৰীণশ্বট)

অৱশ্যে এই ভিডিঅ’টো বাংলাদেশৰ ঢাকাৰ কুড়িল টোল প্লাজাত সংঘটিত এক ঘটনাৰ হয়, য’ত এখন পিকআপ ট্ৰাকত থকা লোকে এলিভেটেড হাইৱেৰে যাবলৈ নিদিয়াৰ বাবে টোল প্লাজা ভাঙি লণ্ডভণ্ড কৰিছিল। 

আমি সত্যটো কিদৰে জানিব পাৰিলোঁ?

ভাইৰেল ভিডিঅ’টোৰ কীফ্ৰেত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি আমি বাংলাদেশৰ কেইবাটাও সংবাদ মাধ্যমত এই সন্দৰ্ভত বাতৰি সম্প্ৰচাৰ কৰা বুলি জানিব পাৰিলোঁ, য’ত এইটো ঢাকাৰ কুড়িল টোল প্লাজাৰ ঘটনা বুলি কোৱা হৈছে।

২০২৪ চনৰ ১৮ ছেপ্টেম্বৰত প্ৰকাশিত ঢাকা ট্ৰিবিউনৰ প্ৰতিবেদনত কভাৰ ইমেজ হিচাপে ভাইৰেল চিচিটিভি ফুটেজটোৰ স্ক্ৰীণশ্বট সন্নিবিষ্ট কৰা হৈছে। প্ৰতিবেদনটোত উল্লেখ কৰা অনুসৰি ১৮ ছেপ্টেম্বৰৰ পুৱা ৯:৪৮ বজাত টোল প্লাজাৰ কৰ্মচাৰীয়ে পিকআপ ট্ৰাকখন ৰখাইছিল। ইয়াৰ পিছতে কৰ্মচাৰীসকলৰ সৈতে ট্ৰাকখনত থকা লোকসকলৰ কাজিয়া লাগে আৰু এজন ব্যক্তিয়ে প্লাজাৰ বেৰিকেড ভাঙি দিয়ে।

এলিভেটেড এক্সপ্ৰেছৱে প্ৰজেক্টৰ সঞ্চালক এএইচএম আখতাৰৰ উদ্ধৃতিৰে প্ৰতিবেদনত কোৱা হৈছে যে পিকআপ ভেনখনত প্ৰায় ৩০-৪০ জন লোক যাত্ৰা কৰিছিল। এলিভেটেড এক্সপ্ৰেছৱেত পিকআপ ভেন, মটৰ চাইকেল, চিএনজি আৰু ৰিক্সা চলাচলৰ অনুমতি নাই। কিন্তু পিকআপ ভেনত যাত্ৰা কৰা লোকসকলে এই নিয়ম মানি চলিব খোজা নাছিল আৰু টোল কৰ দিয়াৰ আগতেই হুলস্থুলৰ আৰম্ভ কৰে। 

বিডি নিউজ২৪ৰ প্ৰতিবেদনত এলিভেট হাইৱে নিৰ্মাণ আৰু পৰিচালনা কৰা কোম্পানী ফাৰ্ষ্ট ঢাকা এলিভেটেড এক্সপ্ৰেছৱে (এফডিইই)ৰ পৰিচালনা আৰু ৰক্ষণাবেক্ষণ বিভাগৰ পৰিচালক হাছিব হাছান খানৰ উদ্ধৃতিৰে কোৱা হৈছে যে এই ঘটনাৰ কাৰণ হৈছে পিকআপখনৰ যাত্ৰী আৰু এক্সপ্ৰেছৱেৰ কৰ্মচাৰীসকলৰ মাজত হোৱা ‘ভুল বুজাবুজি’। 

উক্ত ঘটনাৰ পিছতে বিষয়টো ৰাষ্ট্ৰীয় জৰুৰীকালীন সেৱাক অৱগত কৰা হয় আৰু তদন্ত অব্যাহত আছে। এই ঘটনাৰ সৈতে জড়িত অন্যান্য বাতৰি ইয়াত, ইয়াত আৰু ইয়াত চাব পাৰিব ৷

ইয়াৰ উপৰি আমি গুগল মেপত ঢাকাৰ কুড়িল টোল প্লাজাটো বিচাৰি উলিয়াবলৈ সক্ষম হ’লো, যাৰ দ্বাৰা এয়া নিশ্চিত হোৱা যায় যে উক্ত টোল প্লাজাটো ঢাকা এলিভেটেড এক্সপ্ৰেছৱেত অৱস্থিত। 

সিদ্ধান্ত 

আমাৰ অনুসন্ধানৰ পৰা এইটো স্পষ্ট হৈছে ভাইৰেল ভিডিঅ’টোত বাংলাদেশৰ এটা টোল প্লাজাত সংঘটিত এক অপ্ৰীতিকৰ পৰিস্থিতিৰ দৃশ্য দেখা গৈছে। এই ঘটনাৰ সৈতে ভাৰত বা ভাৰতীয় মুছলমানৰ কোনো সম্পৰ্ক নাই। 

(অনুবাদ: চন্দন বৰগোহাঁই)

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।