মূল আৰ্জেণ্টিনাৰ ভিডিঅ' নাগালেণ্ডত 'দেৱালী উদযাপন'ৰ দৃশ্য হিচাপে শ্বেয়াৰ কৰা হৈছে

আৰ্জেণ্টিনাৰ ভিডিঅ' নাগালেণ্ডত 'দেৱালী উদযাপন'ৰ দৃশ্য হিচাপে শ্বেয়াৰ কৰা হৈছে

লেখক: চন্দন বৰগোহাঁই

নৱেম্বৰ 4 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
ছ’চিয়েল মিডিয়াত আৰ্জেণ্টিনাৰ এটা ভিডিঅ’ নাগালেণ্ডত দীপাৱলী উদযাপনৰ ফুটেজ বুলি মিছাকৈ শ্বেয়াৰ কৰা হৈছে। (উৎস: এক্স/স্ক্ৰীণশ্বট) ছ’চিয়েল মিডিয়াত আৰ্জেণ্টিনাৰ এটা ভিডিঅ’ নাগালেণ্ডত দীপাৱলী উদযাপনৰ ফুটেজ বুলি মিছাকৈ শ্বেয়াৰ কৰা হৈছে। (উৎস: এক্স/স্ক্ৰীণশ্বট)

ফেক্ট চেক

ৰায়দান মিছা

ভাইৰেল ভিডিঅ'টোত আৰ্জেণ্টিনাৰ বুয়েনছ আইৰেছৰ এষ্টাডিঅ মনুমেণ্টেলত ফুটবল অনুৰাগীয়ে আতচবাজি ফুটুওৱা দেখা গৈছে। এইটো নাগালেণ্ডৰ ভিডিঅ’ নহয়।

কি দাবী কৰা হৈছে?

সমগ্ৰ দেশে পোহৰৰ উৎসৱ দেৱালী উদযাপন কৰাৰ সময়তে হাজাৰ হাজাৰ লোকে এখন ষ্টেডিয়ামত আতচবাজি ফুটুওৱা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে ভাইৰেল হৈ পৰিছে। পোষ্টসমূহত ভিডিঅ’টোত নাগালেণ্ডত দেৱালী উদযাপন কৰাৰ দৃশ্য দেখা গৈছে বুলি দাবী কৰা হৈছে।

এক্স (পূৰ্বৰ টুইটাৰ)ৰ এজন ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে ভিডিঅ’টোত (ইয়াত আৰ্কাইভ কৰা হৈছে) নাগালেণ্ডৰ ডিমাপুৰ ষ্টেডিয়ামত দীপাৱলীৰ উদযাপন দেখুওৱা হৈছে। মিছা তথ্য প্ৰচাৰ কৰাৰ বাবে পৰিচিত 'মেঘ আপডেটছ'কে ধৰি একাধিক সোঁপন্থী ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে একেটা দাবীৰে ভিডিঅ'টো প্ৰচাৰ কৰি খ্ৰীষ্টান প্ৰধান ৰাজ্যখনৰ সৈতে সংযোগ কৰিছে।

এনে একাধিক পোষ্টত দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালৰ নাম উল্লেখ কৰা হৈছে। দেৱালীৰ পূর্বে কেজৰিৱালে দিল্লীবাসীক আতচবাজি ফুটুওৱাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছিল৷ অৱশ্যে সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে, নিষেধাজ্ঞা আৰোপ কৰা স্বত্ত্বেও দিল্লীৰ বিভিন্ন অঞ্চলত বৃহৎ মাত্ৰাত আতচবাজি ফুটুওৱা হৈছিল। এনে পোষ্টসমূহৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত, ইয়াত, ইয়াত, ইয়াত আৰু ইয়াত চাব পাৰিব৷ 

ভাইৰেল ভিডিঅ’টো শ্বেয়াৰ কৰা ছ’চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/স্ক্ৰীণশ্বট)

অৱশ্যে আমাৰ অনুসন্ধানত দেখা গ’ল যে ভিডিঅ’টো নাগালেণ্ডৰ নহয়; বৰঞ্চ ইয়াত আৰ্জেণ্টিনাৰ বুয়েনছ আয়াৰ্ছৰ ৰিভাৰ প্লেট ষ্টেডিয়াম নামেৰেও জনাজাত এষ্টাডিঅ' মাছ মনুমেণ্টেলত অনুষ্ঠিত এখন খেলৰ সময়ত ফুটবল অনুৰাগীসকলে আতচবাজি ফুটুওৱাহে দেখা গৈছে।

আমি কি বিচাৰি পালোঁ?

ভাইৰেল ভিডিঅ'টোৰ এটা কীফ্ৰেমত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি আমি ডেইলী মেইল স্প'ৰ্টৰ এটা ফেচবুক পোষ্ট (ইয়াত আৰ্কাইভ কৰা হৈছে) লাভ কৰোঁ য'ত ভাইৰেল ক্লিপটো ০:২০ আৰু ০:৩১ টাইমষ্টেম্পৰ দেখা যায়। পোষ্টটোৰ কেপচনত লিখা আছে, "ৰিভাৰ প্লেট বনাম এটলেটিকো মিনেইৰোৰ দৃশ্য।’’ উল্লেখযোগ্য যে দেৱালী যোৱা ৩১ অক্টোবৰ আৰু ১ নৱেম্বৰত উদযাপন কৰাৰ বিপৰীতে ডেইলী মেইল স্প’ৰ্টৰ ভিডিঅ’টো ৩০ অক্টোবৰত ৰেকৰ্ড কৰা হৈছিল। 

ভাইৰেল ভিডিঅ’টোৰ সৈতে ডেইলী মেইল স্প’ৰ্টছৰ ভিডিঅ’ৰ তুলনা। (উৎস: এক্স/ফেচবুক/ডেইলী মেইল স্প’ৰ্টছ/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

তদুপৰি আমি গুগলত চাৰ্চ কৰি ৱৰ্ল্ড ছকাৰ আলোচনীয়ে এক্সত শ্বেয়াৰ কৰা একেধৰণৰ এটা ভিডিঅ’ লাভ কৰোঁ (ইয়াত আৰ্কাইভ কৰা হৈছে)। পোষ্টটোৰ মতে ইয়াত লেটিন আমেৰিকাৰ ক্লাব ফুটবল প্ৰতিযোগিতা কোপা লিবাৰটাডোৰেছত ৰিভাৰ প্লেট আৰু এটলেটিকো মিনেইৰোৰ মাজত অনুষ্ঠিত মেচৰ সময়ত ফুটুওৱা আতচবাজিৰ দৃশ্য দেখুওৱা হৈছে।

পোষ্টটোৰ কেপচনত লিখা আছে, "২০২৪ চনৰ কোপা লিবাৰটাড'ৰেছৰ ছেমি ফাইনেলৰ পূৰ্বে বুয়েনছ আয়াৰ্ছৰ এষ্টাডিঅ' মনুমেণ্টেল আতচবাজিৰে ভৰি পৰিছিল। ব্ৰাজিলৰ এটলেটিকো মিনেইৰ'ই ৰিভাৰ প্লেটৰ সৈতে ০-০ গ'লত ড্ৰ' কৰি দ্বিতীয়বাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰে।" 


আমি "কোপা লিবাৰটাড'ৰেছত এটলেটিকো মিনেইৰোৰ বিৰুদ্ধে ৰিভাৰ প্লেট অনুৰাগীৰ ক্ৰেজি ৰিচেপচন" শীৰ্ষক এটা ইউটিউব ভিডিঅ' (ইয়াত আৰ্কাইভ কৰা হৈছে) লাভ কৰোঁ য'ত মেচখনৰ সময়ত অনুৰাগীয়ে আতচবাজি ফুটুওৱা একেধৰণৰ দৃশ্য আছে।

এ পি নিউজৰ মতে, ব্ৰাজিলৰ এটলেটিকো মিনেইৰ’ই ৩০ অক্টোবৰত মনুমেণ্টেল ষ্টেডিয়ামত আৰ্জেণ্টিনাৰ ৰিভাৰ প্লেটৰ বিৰুদ্ধে ০-০ গ’লত ড্ৰ’ খেলি দ্বিতীয়বাৰৰ বাবে কোপা লিবাৰটাড’ৰেছৰ ফাইনেলত প্ৰৱেশ কৰে। আনহাতে, অনুৰাগীয়ে "অনুমতি নথকাকৈ আতচবাজি ফুটুওৱাৰ বাবে" ষ্টেডিয়ামখন বন্ধ কৰি দিয়া হয় বুলি জানিব পৰা গৈছে।

এই তথ্যসমূহৰ দ্বাৰা নিশ্চিতভাৱে গম পোৱা যায় যে ভিডিঅ’টোত আৰ্জেণ্টিনাৰ বুয়েনছ আয়াৰ্ছত ফুটবল খেলৰ সময়ত আতচবাজি ফুটুওৱা দৃশ্য দেখুওৱা হৈছে, দাবী কৰাৰ এয়া নাগালেণ্ডত দীপাৱলী উদযাপনৰ দৃশ্য নহয়।

আতচবাজি ফুটুওৱা সন্দৰ্ভত কেজৰিৱালৰ বাৰ্তা

যোৱা ৩০ অক্টোবৰত এখন সংবাদমেলত (ইয়াত আৰ্কাইভ কৰা হৈছে) কেজৰিৱালে দিল্লীবাসীক কোলাহল আৰু প্ৰদূষণমুক্ত দীপাৱলী উদযাপন কৰিবলৈ আহ্বান জনাইছিল। তেওঁ এয়া কোনো হিন্দু-মুছলমানৰ কথা নহয় বুলি উল্লেখ কয়, "আনকি উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়েও কৈছে যে প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি আমি ফটকা ফুটাব নালাগে; বৰঞ্চ আমি চাকিহে জ্বলাব লাগে। এইটো ফটকাৰ নহয়, পোহৰৰহে উৎসৱ।"

সিদ্ধান্ত

আৰ্জেণ্টিনাৰ কোপা লিবাৰটাড’ৰেছৰ খেলৰ সময়ত ফুটবল অনুৰাগীয়ে আতচবাজি ফুটুওৱা ভিডিঅ’ ছ’চিয়েল মিডিয়াত একাধিক লোকে নাগালেণ্ডত দীপাৱলী উদযাপনৰ ফুটেজ বুলি মিছা দাবীৰে প্ৰচাৰ কৰিছে।

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।