মূল ইজৰাইলৰ বিমান ঘাটিত হিজবুল্লাৰ আক্ৰমণ হিচাপে য়েমেনৰ ভিডিঅ' শ্বেয়াৰ কৰা হৈছে

ইজৰাইলৰ বিমান ঘাটিত হিজবুল্লাৰ আক্ৰমণ হিচাপে য়েমেনৰ ভিডিঅ' শ্বেয়াৰ কৰা হৈছে

লেখক: এনেট প্ৰীতি ফুৰ্টাডো

অক্টোবৰ 1 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
ইজৰাইলৰ বিমান ঘাটিত হিজবুল্লাৰ শেহতীয়া আক্ৰমণৰ ভিডিঅ' বুলি প্ৰচাৰিত পোষ্টৰ স্ক্ৰীণশ্বট।  (উৎস: এক্স/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত) ইজৰাইলৰ বিমান ঘাটিত হিজবুল্লাৰ শেহতীয়া আক্ৰমণৰ ভিডিঅ' বুলি প্ৰচাৰিত পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান বিভ্ৰান্তিকৰ

এইটো য়েমেনৰ এটা গেছ ষ্টেচনত সংঘটিত বিস্ফোৰণৰ ভিডিঅ’ হয়, ইজৰাইলৰ বিমান ঘাটিত হিজবুল্লাই চলোৱা শেহতীয়া আক্ৰমণৰ সৈতে ইয়াৰ সম্পৰ্ক নাই।

কি দাবী কৰা হৈছে?

ছ’চিয়েল মিডিয়াত একাধিক লোকে এটা আঠ ছেকেণ্ডৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰি এইবুলি দাবী কৰিছে যে ভাইৰেল ভিডিঅ’টোত হাইফাত অৱস্থিত ইজৰাইলৰ ৰামাট ডেভিদ বায়ুসেনা ঘাটিত লেবাননৰ পৰা চলা ৰকেট লাঞ্চাৰ আক্ৰমণৰ দৃশ্য দেখা গৈছে। 

উল্লেখযোগ্য যে ২০২৪ চনৰ ১৭ ছেপ্টেম্বৰত লেবাননত হিজবুল্লাৰ সদস্যৰ পেজাৰকে ধৰি বিভিন্ন ইলেক্ট্ৰনিক সামগ্ৰী বিস্ফোৰণ ঘটাৰ পিছত ইজৰাইল আৰু হিজবুল্লাৰ মাজত উত্তেজনা বৃদ্ধি পায় আৰু কেইবা ডজন লোকৰ মৃত্যু হোৱাৰ লগতে সহস্ৰাধিক লোক আহত হয়। ২১ ছেপ্টেম্বৰত হিজবুল্লাই লেবাননত ইজৰাইলৰ আক্ৰমণৰ প্ৰতিশোধ হিচাপে হাইফাৰ পূব দিশত থকা ইজৰাইলৰ ডেভিদ বিমান ঘাটিত কেইবা ডজন ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰাৰ দায়িত্ব স্বীকাৰ কৰিছিল।

এক্স (পূৰ্বৰ টুইটাৰ)-ত একাধিক ব্যৱহাৰকাৰীয়ে, "যোৱা নিশা আপুনি যেতিয়া শুই আছিল তেতিয়া হিজবুল্লাই ইজৰাইলৰ লগত এয়া কৰিছিল" আৰু "#BREAKING ইজৰাইল: লেবাননৰ পৰা নিক্ষেপ কৰা ৰকেট আক্ৰমণত হাইফাস্থিত ইজৰাইল সেনাৰ ৰামাট ডেভিদ ঘাটিত বিস্ফোৰণ" ইত্যাদী কেপচনেৰে যোৱা ২২ ছেপ্টেম্বৰত ভিডিঅ’টো শ্বেয়াৰ কৰে আৰু একাধিক ৰকেটে "অধিকৃত পেলেষ্টাইন"ৰ সামৰিক লক্ষ্যত আঘাত হানে বুলিও দাবী কৰে।

এনেধৰণৰ পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত, ইয়াত, ইয়াত, আৰু ইয়াত চাব পাৰিব।

ভাইৰেল ভিডিঅ’টো পোষ্ট কৰা ছ’চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

কিন্তু এই ভিডিঅ’টোত আচলতে ২০২৪ চনৰ ৩০ আগষ্টত য়েমেনৰ এডেনৰ এটা গেছ ষ্টেচনত সংঘটিত বিস্ফোৰণহে দেখুওৱা হৈছে আৰু ইয়াৰ সৈতে পেজাৰ বিস্ফোৰণৰ পিছত ইজৰাইল আৰু লেবাননৰ মাজত বৃদ্ধি পোৱা সংঘাতৰ কোনো সম্পৰ্ক নাই বুলি স্পষ্ট। 

আমি কি বিচাৰি পালোঁ?

আমি দেখিলোঁ যে ভাইৰেল ভিডিঅ'টোত হিব্ৰু ভাষাত এটা টেক্সট অভাৰলে আছে যাৰ অৰ্থ হৈছে: "এইবাৰ এয়া আমাৰ কথা নহয়: য়েমেনৰ এডেন চহৰৰ এটা গেছ ষ্টেচনত গেছ বিস্ফোৰণ।"

ৰিভাৰ্ছ ইমেজ চাৰ্চৰ জৰিয়তে চিজিটিএন ইউৰোপ ব্ৰেকিং নিউজে (ইয়াত আৰ্কাইভ কৰা হৈছে ) ২০২৪ চনৰ ৩১ আগষ্টত পোষ্ট কৰা একেটা ভিডিঅ'ৰ বৰ্ধিত সংস্কৰণ লাভ কৰোঁ, য'ত লিখা আছিল: "প্ৰচণ্ড বিস্ফোৰণে ৰাতিটোৰ ভিতৰতে য়েমেনৰ এডেনক জোকাৰি গৈছিল আৰু দক্ষিণ চহৰৰ এটা গেছ ষ্টেচনত এটা ডাঙৰ বিস্ফোৰণ সংঘটিত হৈছিল। বিস্ফোৰণটোৰ ফলত এক বৃহৎ অগ্নিকাণ্ডৰ সৃষ্টি হয়, আৰু কমেও পাঁচজন লোকৰ মৃত্যু হয় আৰু আন ১৩ জন আহত হয়। বিস্ফোৰণৰ কাৰণ জানিব পৰা হোৱা নাই।"

চিজিটিএন ইউৰোপ ব্ৰেকিং নিউজে এক্সত শ্বেয়াৰ কৰা ভিডিঅ’টোৰ স্ক্ৰীণশ্বট। (উৎস: এক্স)

৩১ আগষ্টত এডেনত সংঘটিত উক্ত বৃহৎ বিস্ফোৰণৰ বিষয়ে ৱাইনেট নিউজে উক্ত বিস্ফোৰণে কিদৰে চহৰখনক জোকাৰি গৈছিল তথা পাঁচজন লোকৰ মৃত্যু হোৱাৰ লগতে ১৩ জন আহত হৈছিল সেই সন্দৰ্ভত বাতৰি প্ৰকাশ কৰিছিল। সমীপৰ গেছৰ টেংক আৰু দোকানলৈ বিয়পি পৰা এই অগ্নিকাণ্ড চহৰখনৰ এটা ব্যস্ত পথত সংঘটিত হৈছিল, প্ৰতিবেদনটোত ভাইৰেল ক্লিপৰ দৃশ্য আৰু বিস্ফোৰণৰ অতিৰিক্ত ক্লিপ সন্নিৱিষ্ট কৰা হৈছে।

য়েমেন অনলাইন, আনাডোলু আজানচি, আৰু মেহৰ নিউজ এজেন্সী আদি আন সংবাদ সংস্থাইও এডেনৰ গেছ ষ্টেচনত সংঘটিত বিস্ফোৰণৰ বাতৰি প্ৰকাশ কৰিছে। স্থানীয় সূত্ৰৰ উদ্ধৃতিৰে এই প্ৰতিবেদনসমূহত একাধিক লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰা হৈছে।

তদুপৰি ৩১ আগষ্টত য়েমেনৰ বৈদেশিক সম্পৰ্ক পৰিষদে সদৰী কৰা মতে প্ৰধানমন্ত্ৰী আহমেদ আৱাদ বিন মুবাৰকে বিস্ফোৰণৰ পিছৰ সেই স্থান পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লোৱাৰ লগতে জৰুৰী তদন্তৰ নিৰ্দেশ দিছিল। আল-মনছুৰাৰ নাইন্টী ষ্ট্ৰীটৰ হাছিদ ছেক্সনত অৱস্থিত গেছ ষ্টেচনত টেংকাৰ বিস্ফোৰণৰ বাবেই এই ঘটনা সংঘটিত হৈছিল বুলি জানিব পৰা গৈছে।

ৰামাট ডেভিদ বায়ুসেনা ঘাটিত আক্ৰমণ 

হিজবুল্লাই যোৱা ২১ ছেপ্টেম্বৰত হাইফাৰ পূব দিশত অৱস্থিত ইজৰাইলৰ ডেভিদ বিমান ঘাটিত একাধিক ৰকেট নিক্ষেপ কৰাৰ দায়িত্ব স্বীকাৰ কৰিছে। ইজৰাইলে চলোৱা শেহতীয়া আক্ৰমণৰ প্ৰতিশোধ ল’বলৈ এই আক্ৰমণ চলোৱা হৈছিল বুলি আল জাজিৰাই বাতৰি প্ৰকাশ কৰিছে ।

আল জাজিৰা ইংলিছ (ইয়াত আৰ্কাইভ কৰা হৈছে) ৰ দৰে নিউজ আউটলেটে আক্ৰমণৰ ফুটেজ প্ৰচাৰ কৰাৰ বিপৰীতে বিবিচি নিউজে (ইয়াত আৰ্কাইভ কৰা হৈছে) হাইফাৰ বিমান ঘাটিৰ সমীপৰ আৱাসিক এলেকাত হিজবুল্লাৰ ৰকেট আক্ৰমণৰ ফলত হোৱা অগ্নিকাণ্ডৰ আনভেৰিফাইড ভিডিঅ’ প্ৰকাশ কৰিছে। এজেন্সী ফ্ৰান্স-প্ৰেছ নিউজ (ইয়াত আৰ্কাইভ কৰা হৈছে)-এ তেওঁলোকৰ ইউটিউব চেনেলত ২২ ছেপ্টেম্বৰত উত্তৰ ইজৰাইলত একাধিক ৰকেট আক্ৰমণৰ পিছৰ এটা ভিডিঅ’ পোষ্ট কৰিছিল। এই ভিজুৱেলসমূহৰ কোনো এটাৰে ভাইৰেল ক্লিপটোৰ সৈতে মিল নাছিল। 

সিদ্ধান্ত

লেবাননত ইজৰাইল আৰু হিজবুল্লাৰ মাজৰ সংঘাতে তীব্ৰ ৰূপ লৈছে, আৰু হাইফাৰ ৰামাট ডেভিদ বিমানঘাটিৰ সমীপত লেবাননৰ পৰা ৰকেট আক্ৰমণৰ খবৰ পোৱা গৈছে যদিও ভাইৰেল ভিডিঅ’টোত য়েমেনৰ এডেনৰ এটা গেছ ষ্টেচনত সংঘটিত এক বিস্ফোৰণৰ দৃশ্যহে দেখা গৈছে। ইজৰাইল আৰু লেবাননৰ মাজত শেহতীয়াকৈ বৃদ্ধি পোৱা সংঘাতৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই। 

(অনুবাদ: চন্দন বৰগোহাঁই)

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।