মূল এইটো বাংলাদেশৰ এজন হিন্দু অধ্যাপকৰ পদত্যাগৰ ভিডিঅ’ নহয়

এইটো বাংলাদেশৰ এজন হিন্দু অধ্যাপকৰ পদত্যাগৰ ভিডিঅ’ নহয়

লেখক: মহম্মদ ছলমান

আগষ্ট 22 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
ভিডিঅ’টো শ্বেয়াৰ কৰি বাংলাদেশত একাংশ ছাত্ৰই কোৰাণ পাঠ কৰায় এজন হিন্দু অধ্যাপকৰ পদত্যাগ গ্ৰহণ কৰা বুলি দাবী কৰা হৈছে। (উৎস: এক্স/ফেচবুক/স্ক্ৰীণশ্বট) ভিডিঅ’টো শ্বেয়াৰ কৰি বাংলাদেশত একাংশ ছাত্ৰই কোৰাণ পাঠ কৰায় এজন হিন্দু অধ্যাপকৰ পদত্যাগ গ্ৰহণ কৰা বুলি দাবী কৰা হৈছে। (উৎস: এক্স/ফেচবুক/স্ক্ৰীণশ্বট)

ফেক্ট চেক

মিছা

ভাইৰেল দাবীটো মিছা। ভিডিঅ’টোত ঢাকা বিশ্ববিদ্যালয়ৰ কলা শাখাৰ ডীন আব্দুল বছিৰে পদত্যাগ কৰা দেখা গৈছে, তেওঁ হিন্দু নহয়।

কি দাবী কৰা হৈছে?

ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈ আছে য’ত এজন জ্যেষ্ঠ ব্যক্তিৰ অফিচত এজন দাড়ি থকা যুৱকে কোৰাণ পাঠ কৰা দেখা গৈছে, আৰু তাত থকা আন একাংশ লোকে এই কোৰাণ পাঠৰ ভিডিঅ’ বনাই আছে। ভিডিঅ’টোৰ জৰিয়তে দাবী কৰা হৈছে যে জামাত-ই-ইছলামী ছাত্ৰ সংগঠনৰ সদস্যই কোৰাণৰ আয়াত পাঠ কৰি ঢাকা বিশ্ববিদ্যালয়ৰ এগৰাকী হিন্দু অধ্যাপকক পদত্যাগ কৰিবলৈ বাধ্য কৰাইছে। 

ছ’চিয়েল মিডিয়াত সততে মিছা তথ্য প্ৰচাৰ কৰাৰ বাবে জনাজাত জিতেন্দ্ৰ প্ৰতাপ সিং নামৰ এজন ব্যৱহাৰকাৰীয়ে এক্সত ভিডিঅ’টো শ্বেয়াৰ কৰি লিখিছে,"অতি আচৰিত ধৰণে জামাত-ই-ইছলামীৰ ছাত্ৰ সংগঠনে ঢাকা মহাবিদ্যালয়ৰ এজন হিন্দু অধ্যাপকৰ পদত্যাগ গ্ৰহণ কৰে। প্ৰথমে, হিন্দু অধ্যাপকজনক কোৰাণৰ আয়াত আবৃত্তি কৰোৱা হৈছিল আৰু তাৰ পিছত তেওঁৰ পদত্যাগ লোৱা হয়," পোষ্টটো #hindulifematters #HindusAreNotSafeInBangladesh দৰে হেচটেগৰ সৈতে শ্বেয়াৰ কৰা হৈছিল। পোষ্টটোৰ আৰ্কাইভ কৰা সংস্কৰণটো ইয়াত চাওক। একে ধৰণৰ দাবীৰে শ্বেয়াৰ কৰা এনে পোষ্ট ইয়াতইয়াত আৰু ইয়াত চাব পাৰে। 

ভাইৰেল পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/ফেচবুক/স্ক্ৰীণশ্বট)

অৱশ্যে ভাইৰেল ভিডিঅ’টোত কোনো হিন্দু অধ্যাপকে নহয়, বৰঞ্চ ড০ আব্দুল বছিৰ নামৰ এজন মুছলমান অধ্যাপকে ছাত্ৰ-ছাত্ৰীৰ ব্যাপক প্ৰতিবাদৰ পিছত ঢাকা বিশ্ববিদ্যালয়ৰ আৰ্টছ ফেকাল্টিৰ ডীন পদৰ পৰা পদত্যাগ কৰিবলগীয়া হোৱা দেখা গৈছে।

আমি সত্যটো কিদৰে জানিব পাৰিলোঁ?

আমি ভাইৰেল ভিডিঅ’টোৰ কীফ্ৰেমত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি ২০২৪ চনৰ ১৯ আগষ্টত প্ৰকাশিত ঢাকা পোষ্টৰ এটা প্ৰতিবেদন পালোঁ। এই প্ৰতিবেদনত আন এটা কোণৰ পৰা লোৱা ভাইৰেল ভিডিঅ’টোৰ এটা দীঘলীয়া সংস্কৰণ সন্নিবিষ্ট কৰা হৈছে, য’ত একেজন যুৱকে কোৰাণ পঢ়ি থকা দেখা যায় আৰু একেজন জ্যেষ্ঠ লোকে চকীত বহি থকা দেখা যায়। প্ৰতিবেদনটোত সেই ব্যক্তিজনক আব্দুল বছিৰ বুলি চিনাক্ত কৰা হৈছে।


ঢাকা পোষ্টত সন্নিৱিষ্ট ভিডিঅ'টোৰ স্ক্ৰীণশ্বট। (উৎস: ঢাকা পোষ্ট/স্ক্ৰীণশ্বট)

প্ৰতিবেদনটোত উল্লেখ কৰা মতে, ঢাকা বিশ্ববিদ্যালয়ৰ কলা শাখাৰ ডীন আব্দুল বছিৰে ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত পদত্যাগ কৰিছে। ডীনৰ পদত্যাগৰ পিছত পবিত্ৰ ৰমজান মাহত কোৰাণ পঢ়া ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে গ্ৰহণ কৰা ব্যৱস্থাৰ প্ৰতিবাদত ছাত্ৰ-ছাত্ৰীসকলে কিছু সময় ধৰি কোৰাণ পাঠ কৰে।

২০২৪ চনৰ ১৯ আগষ্টত প্ৰকাশিত ঢাকা ট্ৰিবিউনৰ এক প্ৰতিবেদনতো এখন ফটো আছে, যিখন ভাইৰেল ভিডিঅ’টোত দেখুওৱাৰ বিপৰীত কোণৰ পৰা তোলা হৈছে। প্ৰতিবেদনটোত উল্লেখ কৰা হৈছে যে অধ্যাপক ড০ আব্দুল বছিৰে ঢাকা বিশ্ববিদ্যালয়ৰ কলা শাখাৰ ডীন পদৰ পৰা পদত্যাগ কৰিছে। সোমবাৰে তেওঁ ডীনৰ কাৰ্যালয়ত পদত্যাগ পত্ৰ দাখিল কৰে।

প্ৰতিবেদনটোত কোৱা হৈছে যে পুৱা ১১:৩০ বজাত একাধিক ছাত্ৰ-ছাত্ৰীয়ে কলা শাখাৰ সন্মুখত সমবেত হৈ অধ্যাপক বছিৰৰ পদত্যাগৰ দাবী জনায়। পদত্যাগ কৰাৰ পিছত পবিত্ৰ কোৰাণ পাঠ কৰা হয়। দ্য ফাইনেন্সিয়েল এক্সপ্ৰেছৰ প্ৰতিবেদনতো আব্দুল বছিৰৰ পদত্যাগৰ কথা উল্লেখ কৰা হৈছে। 

আমি ঢাকা বিশ্ববিদ্যালয়ৰ অফিচিয়েল ৱেবছাইটত অধ্যাপক বছিৰৰ বিষয়ে সন্ধান কৰাত তেওঁ বিশ্ববিদ্যালয়খনৰ যে ডীন সেয়া নিশ্চিত হ’ল। ৱেবছাইটটোত তেওঁৰ এখন ছবিও আছে, যিখন ভাইৰেল ভিডিঅ’ৰ সৈতে একে।


ভাইৰেল ভিডিঅ’ আৰু ঢাকা বিশ্ববিদ্যালয়ৰ ৱেবছাইটত উপলব্ধ অধ্যাপক বছিৰৰ ফটোৰ তুলনা। (উৎস: এক্স/ঢাকা বিশ্ববিদ্যালয়/স্ক্ৰীণশ্বট)

বাংলাদেশৰ সাম্প্ৰতিক পৰিস্থিতি কেনেকুৱা? 

নোবেল বিজয়ী মহম্মদ ইউনুছৰ নেতৃত্বত চলি থকা অন্তৱৰ্তীকালীন চৰকাৰৰ অধীনত বাংলাদেশৰ দীৰ্ঘদিনীয়া অস্থিৰতাৰ সামৰণি পৰিব বুলি আশা কৰা হৈছে। অন্তৱৰ্তীকালীন চৰকাৰে পূৰ্বৰ চৰকাৰে ছাত্ৰ আন্দোলনৰ ওপৰত চলোৱা হিংসাত্মক দমনৰ তদন্ত আৰম্ভ কৰাৰ ফলত শ্বেখ হাছিনা কেইবাটাও আইনী প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। ৰাষ্ট্ৰসংঘই হাছিনাৰ শাসনকালত মানৱ অধিকাৰ উলংঘাৰ অভিযোগৰ তদন্তৰ দাবী জনাইছে। প্রাক্তন প্রধানমন্ত্রী খালেদা জিয়াৰ বেংক একাউণ্টৰ ওপৰত থকা নিষেধাজ্ঞা ১৭ বছৰৰ পাছত উঠাই লোৱা হ’ব৷ 

ইউনুছে প্ৰতিশ্ৰুতি দিছিল যে তেওঁৰ চৰকাৰে “উল্লেখযোগ্য সংস্কাৰ” ৰূপায়ণ কৰাৰ পিছত মুক্ত, নিকা আৰু সৰ্বাংগীন নিৰ্বাচন অনুষ্ঠিত হ’ব, যাক তেওঁ অন্তৱৰ্তীকালীন চৰকাৰৰ “জনাদেশ” বুলি অভিহিত কৰে। 

সিদ্ধান্ত

আমাৰ অনুসন্ধানৰ পৰা এইটো স্পষ্ট হৈছে যে ভাইৰেল ভিডিঅ’টো শ্বেয়াৰ কৰি ছাত্ৰ-ছাত্ৰীয়ে এজন হিন্দু অধ্যাপকক পদত্যাগ কৰিবলৈ বাধ্য কৰোৱা বুলি প্ৰচাৰ কৰা দাবীটো মিছা হয়। ভিডিঅ’টোত দেখা ব্যক্তিজন হৈছে ঢাকা বিশ্ববিদ্যালয়ৰ কলা শাখাৰ ডীন আব্দুল বছিৰ।

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।