মূল জয়পুৰত আৰএছএছ কৰ্মীৰ ওপৰত সংঘটিত আক্ৰমণক ভুৱা সাম্প্ৰদায়িক ৰহণ দিয়া হৈছে

জয়পুৰত আৰএছএছ কৰ্মীৰ ওপৰত সংঘটিত আক্ৰমণক ভুৱা সাম্প্ৰদায়িক ৰহণ দিয়া হৈছে

লেখক: মহম্মদ ছলমান

অক্টোবৰ 22 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
জয়পুৰত আৰএছএছ কৰ্মীৰ ওপৰত সংঘটিত আক্ৰমণক ভুৱা সাম্প্ৰদায়িক ৰহণ দিয়া হৈছে ৰাজস্থানৰ জয়পুৰত ধৰ্মীয় অনুষ্ঠানৰ সময়ত মুছলমানে আৰ এছ এছ কৰ্মীক আক্ৰমণ কৰা বুলি দাবী কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: স্ক্ৰীণশ্বট/X/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

জয়পুৰ কমিছনাৰেটৰ এচিপি কোঁৱৰ ৰাষ্ট্ৰদীপে নিশ্চিত কৰে যে অভিযুক্ত আৰু ভুক্তভোগী দুয়ো পক্ষ হিন্দু হয়, আৰু এই কাণ্ডৰ সৈতে এজনো মুছলমান জড়িত নাই।

দাবী কি?

যোৱা ১৭ অক্টোবৰত ৰাজস্থানৰ জয়পুৰত এক ধৰ্মীয় অনুষ্ঠানৰ সময়ত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কৰ্মীৰ ওপৰত হোৱা এক আক্ৰমণক মুছলমানে সংঘটিত কৰা বুলি দাবী কৰি সাম্প্ৰদায়িক ৰহণ দিয়া হৈছে। ভাইৰেল পোষ্টত ‘বিশেষ সম্প্ৰদায়’ শব্দটো ব্যৱহাৰ কৰি এই ঘটনাত মুছলমান জড়িত থকাৰ অভিযোগ উত্থাপন কৰা হৈছে।

সুদৰ্শন নিউজে এক্স (পূৰ্বৰ টুইটাৰ)ত শ্বেয়াৰ কৰা এটা ভিডিঅ’ত দাবী কৰিছে যে ১৭ অক্টোবৰৰ নিশা জয়পুৰত আৰ এছ এছৰ শাৰদ পূৰ্ণিমা কাৰ্যসূচীত আক্ৰমণ কৰা হৈছিল।

খিৰ বিতৰণৰ সময়ত "বিশেষ সম্প্ৰদায়"ৰ লোকে দাৰে আক্ৰমণ কৰি সাম্প্ৰদায়িক সম্প্ৰীতি বিঘ্নিত কৰিবলৈ চেষ্টা কৰিছিল বুলি দাবী কৰা হৈছে, যি ঘটনাত আঠজন আৰ এছ এছ কৰ্মী আহত হৈছিল। এই পোষ্টটোৰ এটা আৰ্কাইভ কৰা সংস্কৰণ ইয়াত চাব পাৰিব। একেধৰণৰ দাবী থকা আন পোষ্ট ইয়াত, ইয়াত আৰু ইয়াত পোৱা যাব।

ভাইৰেল পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: স্ক্ৰীণশ্বট/X/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

কিন্তু ৰাজস্থানৰ জয়পুৰৰ এই ঘটনাৰ মিছা সাম্প্ৰদায়িক ৰহণ দিবলৈ চেষ্টা কৰা হৈছে। আক্ৰমণকাৰী আৰু ভুক্তভোগী দুয়োজনেই হিন্দু সম্প্ৰদায়ৰ হয়।

আমি কেনেকৈ সত্যটো জানিব পাৰিলোঁ?

আমি যেতিয়া প্ৰাসংগিক কীৱৰ্ড ব্যৱহাৰ কৰি সন্ধান আৰম্ভ কৰিলোঁ, তেতিয়া আমি কেইবাটাও সংবাদ মাধ্যমৰ বাতৰি পাইছিলোঁ যে ১৭ অক্টোবৰত জয়পুৰৰ ৰজনী বিহাৰ অঞ্চলৰ এটা মন্দিৰত শৰদ পূৰ্ণিমা উপলক্ষে খিৰ বিতৰণৰ সময়ত আৰ এছ এছৰ কৰ্মীক আক্ৰমণ কৰা হৈছিল, য’ত প্ৰায় ৭-৮ লোক আহত হৈ ছাৱাই মান সিং হাস্পতালত ভৰ্তি কৰোৱা হৈছে। বাতৰিত আক্রমণকাৰীজনক নাছিব চৌধুৰী বুলি চিনাক্ত কৰা হৈছে৷

এনডিটিভি ৰাজস্থানে ১৮ অক্টোবৰত প্ৰকাশ কৰা এক বাতৰি অনুসৰি জয়পুৰৰ কৰ্ণী বিহাৰ অঞ্চলত আৰএছএছ কৰ্মীক দাৰে আক্ৰমণ কৰাৰ গোচৰ সন্দৰ্ভত অতিৰিক্ত উপায়ুক্ত কোঁৱৰ ৰাষ্ট্ৰদীপে কয় যে আক্ৰমণ কৰা অভিযুক্তজন মুছলমান নহয় বৰঞ্চ হিন্দু সম্প্ৰদায়ৰ হয় আৰু তেওঁৰ নাম নছিব চৌধুৰী হয়। নামৰ বাবেই বিভ্ৰান্তিৰ সৃষ্টি হৈছে, যাৰ বাবে এইয়া এক সাম্প্ৰদায়িক বিবাদ বুলি প্ৰচাৰিত হৈছে বুলি তেওঁ লগতে অভিহিত কৰে।

জয়পুৰ আৰক্ষীৰ অতিৰিক্ত উপায়ুক্ত কোঁৱৰ ৰাষ্ট্ৰদীপৰ এক ভিডিঅ’ সংবাদ সংস্থা এ এন আই এম পি/চি জি/ৰাজস্থানৰ এক্স-একাউণ্টত (ইয়াত আৰ্কাইভ কৰা হৈছে) উপলব্ধ, য’ত তেওঁ এই ঘটনাৰ তথ্য দি কয় যে নছিব চৌধুৰী নামৰ ব্যক্তিজনৰ মন্দিৰৰ ওচৰতে ঘৰ । তেওঁ আৰু তেওঁৰ পুত্ৰই মানুহক দা আৰু লাঠিৰে আক্ৰমণ কৰে, য’ত ছয়জন লোক আহত হয়। দুয়োকে একে নিশাই গ্ৰেপ্তাৰ কৰা হয়। এই ঘটনাত কোনো মুছলমান ব্যক্তি জড়িত থকাৰ কথা তেওঁ অস্বীকাৰ কৰে।

ইয়াৰ পিছতে লজিকেলী ফেক্টছে জয়পুৰ আৰক্ষীৰ অতিৰিক্ত উপায়ুক্ত কোঁৱৰ ৰাষ্ট্ৰদীপৰ সৈতে যোগাযোগ কৰি এই কথা নিশ্চিত কৰে যে এই ঘটনাৰ অভিযুক্ত আৰু ভুক্তভোগী দুয়ো পক্ষই হিন্দু সম্প্ৰদায়ৰ হয়।

তেওঁ কয়, "নছিব চৌধুৰী নামৰ লোকজন (অভিযুক্ত) জাট। তেওঁৰ পুত্ৰৰ নাম ভীষ্ম চৌধুৰী আৰু পত্নীৰ নাম নিৰ্মলা চৌধুৰী। তেওঁলোক হিন্দু আৰু তিনিওজনকে গ্ৰেপ্তাৰ কৰা হৈছে। এই ঘটনাৰ লগত এজনো মুছলমান জড়িত নহয়। এইয়া দুটা সম্প্ৰদায়ৰ মাজৰ বিষয় নহয়।"

এচিপিয়ে আৰু কয় যে অভিযুক্তই আৰএছএছৰ কৰ্মী হোৱাৰ বাবেই আক্ৰমণ কৰা নাছিল, বৰঞ্চ ধৰ্মীয় অনুষ্ঠানত আপত্তি থকাৰ বাবেহে আক্ৰমণ কৰিছিল। অনুষ্ঠানত উপস্থিত থকা লোকসকল যে আৰ এছ এছৰ সৈতে জড়িত সেই কথাও তেওঁ হয়তো নাজানিছিল। অভিযুক্তৰ আগৰ অপৰাধজনিত ৰেকৰ্ড আছে বুলি তেওঁ লগতে অভিহিত কৰে ।

এই ঘটনাৰ পিছত জয়পুৰৰ ৰজনী বিহাৰত থকা নছিব চৌধাৰীৰ ঘৰ জয়পুৰ উন্নয়ন কৰ্তৃপক্ষই বুলডজাৰেৰে ভাঙি পেলাই। ডেকান হেৰাল্ডে প্ৰকাশ কৰা এক বাতৰি অনুসৰি ২০ অক্টোবৰত মন্দিৰৰ মাটিত অবৈধভাৱে নিৰ্মাণ কৰা অট্টালিকাৰ এটা অংশ ভাঙি পেলোৱা হৈছিল। এই নিৰ্মাণ পিতৃ-পুত্ৰৰ যুটিটোৱে কৰিছিল বুলি অভিযোগ উঠিছে।

সিদ্ধান্ত

আমাৰ এই পৰ্যন্ত তদন্তত স্পষ্ট হৈ পৰিছে যে জয়পুৰত ধৰ্মীয় অনুষ্ঠানৰ সময়ত আৰ এছ এছৰ কৰ্মীক আক্ৰমণ কৰা অভিযুক্তসকল মুছলমান নহয় বৰঞ্চ হিন্দু সম্প্ৰদায়ৰ জাট হয়।

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।