মূল বাবা ছিদ্দিকৰ হত্যাকাণ্ডৰে সাঙুৰি দেৱেন্দ্ৰ ফড়নাভিছৰ বন্দুক লোৱা পোষ্টাৰ ভাইৰেল

বাবা ছিদ্দিকৰ হত্যাকাণ্ডৰে সাঙুৰি দেৱেন্দ্ৰ ফড়নাভিছৰ বন্দুক লোৱা পোষ্টাৰ ভাইৰেল

লেখক: ভনীতা গণেশ

অক্টোবৰ 16 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
বাবা ছিদ্দিকৰ হত্যাকাণ্ডৰে সাঙুৰি দেৱেন্দ্ৰ ফড়নাভিছৰ বন্দুক লোৱা পোষ্টাৰ ভাইৰেল আপৰ নেতা নৰেশ বাল্যানে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফড়নভিছে হাতত বন্দুক লৈ থকা পোষ্টাৰ শ্বেয়াৰ কৰি বাবা ছিদ্দিকৰ হত্যাকাণ্ডৰ পিছত বন্দুক লগোৱা বুলি দাবী কৰে। (উৎস: এক্স/স্ক্ৰীণশ্বট)

ফেক্ট চেক

ৰায়দান বিভ্ৰান্তিকৰ

এই পোষ্টাৰসমূহ বদলাপুৰ ধৰ্ষণকাণ্ডৰ মূল অভিযুক্ত অক্ষয় সিন্দেক মুম্বাই আৰক্ষীয়ে এনকাউণ্টাৰত গুলীয়াই হত্যা কৰাৰ পিছত লগোৱা হৈছিল।

কি দাবী কৰা হৈছে?

মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফড়নভিছে বন্দুক ধৰি থকা এখন ৰঙা ৰঙৰ পোষ্টাৰ ছ’চিয়েল মিডিয়াত একাধিক লোকে প্ৰচাৰ কৰি যোৱা ১২ অক্টোবৰত আততায়ীয়ে গুলীয়াই হত্যা কৰা এনচিপিৰ নেতা বাবা ছিদ্দিকৰ হত্যাকাণ্ডৰ পিছত এইখন লগোৱা হৈছে বুলি দাবী কৰিছে।

পোষ্টাৰখনত 'বদলা পুৰা' বুলি লিখা আছে, আৰু আম আদমী পাৰ্টিৰ সদস্য নৰেশ বাল্যানে ইয়াক এক্স (পূৰ্বৰ টুইটাৰ)ত শ্বেয়াৰ কৰিছিল। তেওঁ পোষ্টটোৰ কেপচনত লিখিছে-  ‘মহাৰাষ্ট্ৰ চৰকাৰৰ এজন প্ৰাক্তন মন্ত্ৰী, এজন ৰাজনীতিবিদ তথা উদ্যোগপতিক হত্যা কৰা হয়। ইয়াৰ পিছতে সমগ্ৰ মুম্বাইত মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰী @Dev_Fadnavisৰ পোষ্টাৰ লগোৱা হ’ল, য’ত লিখা আছে ‘বদলা পুৰা’। ইয়াৰ অৰ্থ কি? ফড়নাভিছে এই হত্যাকাণ্ডৰ পৰিকল্পনা কৰিছিল নেকি? এজন গৃহমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীৰ এনে পোষ্টাৰ তেওঁৰ অনুমতি অবিহনে সমগ্ৰ মহানগৰখন লগাব পাৰিনে?" একেধৰণৰ দাবী ইয়াত আৰু ইয়াত চাব পাৰিব৷ 

ভাইৰেল পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

৬৬ বছৰীয়া ছিদ্দিক এনচিপিৰ অজিত পাৱাৰ ফৈদৰ এগৰাকী জ্যেষ্ঠ নেতা আছিল আৰু ১২ অক্টোবৰত মুম্বাইৰ বান্দ্ৰাত পুত্ৰ জীশানৰ কাৰ্যালয়ৰ বাহিৰত তেওঁক গুলীয়াই হত্যা কৰা হৈছিল। ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ কেইসপ্তাহমান পূৰ্বে সংঘটিত হোৱা এই হত্যাকাণ্ডৰ সৈতে জড়িত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে মুম্বাই আৰক্ষীয়ে। ইয়াৰ উপৰিও ৰাজ্যখনৰ গৃহ বিভাগৰ তদাৰক কৰা ফড়নাভিছে ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতি সন্দৰ্ভত সমালোচনাৰ সন্মুখীন হৈছে।

অৱশ্যে আমি দেখিলোঁ যে ফড়নাভিছৰ ভাইৰেল পোষ্টাৰসমূহৰ ছিদ্দিকৰ শেহতীয়া হত্যাকাণ্ডৰ সৈতে কোনো সম্পৰ্ক নাই আৰু ৰাজনৈতিক নেতাজনক গুলীয়াই হত্যা কৰাৰ আগতেই এইসমূহ লগোৱা হৈছিল।

আমি কি বিচাৰি পালোঁ? 

ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি আমি ২০২৪ চনৰ ২৬ ছেপ্টেম্বৰত প্ৰকাশিত হিন্দুস্তান টাইমছৰ এটা প্ৰতিবেদন লাভ কৰোঁ, য’ত উল্লেখ কৰা মতে বদলাপুৰ যৌন নিৰ্যাতনৰ গোচৰৰ মূল অভিযুক্তক আৰক্ষীয়ে “এনকাউণ্টাৰ”ত হত্যা কৰাৰ পিছত সমগ্ৰ মুম্বাইতে অচিনাক্ত ব্যক্তিয়ে পোষ্টাৰসমূহ লগাইছিল।

ভাইৰেল পোষ্টটোত দেখা ছবিখনৰ কৃতিত্ব হিন্দুস্তান টাইমছৰ ফটোগ্ৰাফাৰ ৰাজু সিন্দেক দিয়া হৈছে। প্ৰতিবেদনটোত উল্লেখ কৰা মতে পোষ্টাৰবোৰ কোনে লগাইছিল সেয়া স্পষ্ট নহয় যদিও কিছুমান পোষ্টাৰ প্ৰশাসনে আঁতৰাই পেলাইছিল।

বাতৰি অনুসৰি, মুম্বাইৰ বদলাপুৰ অঞ্চলত দুজন নাবালকৰ হত্যাৰ অভিযোগত আৰক্ষীৰ জিম্মাত থকা অক্ষয় সিন্দেক ২০২৪ চনৰ ২৪ ছেপ্টেম্বৰত গুলীয়াই হত্যা কৰা হৈছিল। বাতৰি মতে তেওঁ আৰক্ষীৰ পৰা এটা বন্দুক লৈ গুলী চলাবলৈ চেষ্টা কৰাৰ বাবে তেওঁক এনকাউণ্টাৰ কৰা হয়। 

ভাইৰেল ফটোখনৰ ক্ৰেডিট হিন্দুস্তান টাইমছৰ ফটোগ্ৰাফাৰ ৰাজু সিন্দেক দিয়া হৈছিল আৰু এইখন ২০২৪ চনৰ ২৫ ছেপ্টেম্বৰৰ ফটো হয়।(উৎস: হিন্দুস্তান টাইমছ)

পোষ্টাৰসমূহত বদলাপুৰ নামটো নাটকীয়ভাৱে 'বদলা পুৰা' বুলি লিখা হৈছিল। ২০২৪ চনৰ ২৫ ছেপ্টেম্বৰত NDTV, IndiaTV News, Zee 24, আৰু ABP News-ত প্ৰকাশিত প্ৰতিবেদনত পোষ্টাৰখন প্ৰকাশ কৰিছিল, য’ত উল্লেখ কৰা মতে মুম্বাইৰ কেইবাটাও অঞ্চলত আৰক্ষীৰ এনকাউণ্টাৰক সমৰ্থন জনাই পোষ্টাৰসমূহ লগোৱা হৈছিল।

ইয়াৰ পৰা এইটো নিশ্চিত হয় যে ছিদ্দিকক গুলীয়াই হত্যা কৰাৰ কেইসপ্তাহমান আগতে ছেপ্টেম্বৰত এই পোষ্টাৰসমূহ লগোৱা হৈছিল।

সিদ্ধান্ত

বদলাপুৰৰ যৌন নিৰ্যাতনৰ গোচৰৰ অভিযুক্তক আৰক্ষীয়ে গুলীয়াই হত্যা কৰাৰ পিছতে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফড়নাৱিছৰ পোষ্টাৰসমূহ লগোৱা হৈছিল। এনচিপিৰ নেতা বাবা ছিদ্দিকৰ হত্যাকাণ্ডৰ ইয়াৰ কোনো সম্পৰ্ক নাই।

(অনুবাদ: চন্দন বৰগোহাঁই)

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।