মূল বাংলাদেশত মোলানাই দিয়া সাম্প্ৰদায়িক ভাষণ উত্তৰ প্ৰদেশৰ বুলি শ্বেয়াৰ কৰা হৈছে

বাংলাদেশত মোলানাই দিয়া সাম্প্ৰদায়িক ভাষণ উত্তৰ প্ৰদেশৰ বুলি শ্বেয়াৰ কৰা হৈছে

লেখক: মহম্মদ ছলমান

অক্টোবৰ 14 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
উত্তৰ প্ৰদেশৰ গাজীপুৰত এগৰাকী মৌলানাই হিন্দুৰ বিৰুদ্ধে বিদ্বেষজনক মন্তব্য কৰা ভিডিঅ' বুলি ছ’চিয়েল মিডিয়াত প্ৰচাৰিত পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/স্ক্ৰীণশ্বট) উত্তৰ প্ৰদেশৰ গাজীপুৰত এগৰাকী মৌলানাই হিন্দুৰ বিৰুদ্ধে বিদ্বেষজনক মন্তব্য কৰা ভিডিঅ' বুলি ছ’চিয়েল মিডিয়াত প্ৰচাৰিত পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/স্ক্ৰীণশ্বট)

ফেক্ট চেক

ৰায়দান বিভ্ৰান্তিকৰ

এইটো উত্তৰ প্ৰদেশৰ গাজীপুৰৰ ভিডিঅ' নহয়, বৰঞ্চ বাংলাদেশৰ ঢাকাত আয়োজিত এক অনুষ্ঠানত এজন পাকিস্তানী মোলানাই উক্ত ভাষণ দিছিল।

কি দাবী কৰা হৈছে 

এজন মোলানাই হিন্দুসকলৰ বিৰুদ্ধে দিয়া উচতনিমূলক মন্তব্যৰ এটা ভিডিঅ' ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে ভাইৰেল হৈ পৰিছে। ভিডিঅ'টো উত্তৰ প্ৰদেশৰ গাজীপুৰত দিয়া বুলি দাবী কৰি শ্বেয়াৰ কৰা হৈছে। ভিডিঅ’টো শ্বেয়াৰ কৰি ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে গাজীপুৰ আৰক্ষীক লোকজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে।

এক্স (পূৰ্বতে টুইটাৰ)-ত এজন ব্যৱহাৰকাৰীয়ে ভিডিঅ'টোৰ (ইয়াত আৰ্কাইভ কৰা হৈছে) কেপচনত লিখিছে, “"পণ্ডিত আৰু হিন্দুহঁত মনত ৰাখিবি, এফালে পাকিস্তান আৰু আনফালে বাংলাদেশ, তহঁতৰ দেশত সোমাই তহঁতৰ ডিঙি কাটি কুকুৰক খোৱাম..." গাজীপুৰত এনে ভাষণ দিয়া হৈছে।" ইয়াত আৰু ইয়াত এনেধৰণৰ আন পোষ্ট চাব পাৰিব। ভিডিঅ’টো অসমীয়া ব্যৱহাৰকাৰীয়েও এক্সত ৰিশ্বেয়াৰ কৰা দেখিবলৈ পোৱা যায়।

ভাইৰেল পোষ্টটোৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/স্ক্ৰীণশ্বট) 


অৱশ্যে এই ভিডিঅ’টো উত্তৰ প্ৰদেশৰ গাজীপুৰৰ নহয়, ইয়াত বাংলাদেশৰ ঢাকাত আয়োজন কৰা এক অনুষ্ঠানত হাবিবুল্লাহ আৰ্মানি নামৰ এজন পাকিস্তানী মৌলানাই প্ৰদান কৰা এক ভাষণৰ অংশ দেখা গৈছে।

আমি সত্যটো কিদৰে জানিব পাৰিলোঁ?

আমি দেখিলোঁ যে ভাইৰেল পোষ্টটোৰ কমেণ্ট ছেকচনত একাধিক ব্যৱহাৰকাৰীয়ে গাজীপুৰ আৰক্ষীৰ এটা এক্স পোষ্ট শ্বেয়াৰ কৰিছে (ইয়াত আৰ্কাইভ কৰা হৈছে), গাজীপুৰ আৰক্ষীয়ে ভাইৰেল দাবীটো খণ্ডন কৰি কয় যে ভিডিঅ'টো উত্তৰ প্ৰদেশৰ গাজীপুৰ জিলাৰ নহয়, বৰঞ্চ এইটো বাংলাদেশৰ ঢাকাৰ গাজীপুৰৰ হয়। লগতে ভিডিঅ’টোত দেখা লোকজনক পাকিস্তানৰ মৌলানা হাবিবুল্লাহ আৰ্মানি বুলি চিনাক্ত কৰা হৈছে।

গাজীপুৰ আৰক্ষীৰ এক্স পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/স্ক্ৰীণশ্বট)


এই তথ্যৰ ভিত্তিত আমি মৌলানা হাবিবুল্লাহ আৰ্মানিৰ ফেচবুক পেজটো চেক কৰিলোঁ, য’ত আমি ২০২৪ চনৰ ২ অক্টোবৰত আপলোড কৰা একেটা ভিডিঅ’ লাভ কৰোঁ (ইয়াত আৰ্কাইভ কৰা হৈছে)। পোষ্টটোত উল্লেখ কৰা মতে মৌলানাজনে বাংলাদেশৰ ঢাকাত উক্ত ভাষণটো প্ৰদান কৰিছিল। ইয়াৰ উপৰিও একেটা ভিডিঅ’ৰ এটা দীঘলীয়া সংস্কৰণ ২৮ ছেপ্টেম্বৰত পোষ্ট কৰা হৈছিল (ইয়াত আৰ্কাইভ কৰা হৈছে)। ২৭ ছেপ্টেম্বৰত দিয়া আন এটা ভিডিঅ’তো তেওঁ এনেধৰণৰ মন্তব্য কৰিছিল, উক্ত পোষ্টটোৰ কেপচনত এইটো ঢাকাৰ বুলি কোৱা হৈছিল। 

অৱশ্যে ভাইৰেল ভিডিঅ’টোত মৌলানাজনে উল্লেখ কৰা গাজীপুৰৰ ভিডিঅ’টো আমি বিচাৰি নাপালোঁ। উল্লেখযোগ্য যে বাংলাদেশৰ ৰাজধানী ঢাকাৰ পৰা প্ৰায় ২৩ কিলোমিটাৰ দূৰত্বত গাজীপুৰ নামৰ এখন জিলা আছে। ছেপ্টেম্বৰ মাহত বাংলাদেশৰ বিভিন্ন চহৰত আয়োজিত কাৰ্যসূচীত উক্ত মৌলানাজনৰ অংশগ্ৰহণৰ ভিডিঅ’ তেওঁৰ ফেচবুক পেজত উপলব্ধ। ইয়াৰ দ্বাৰা গাজীপুৰক ভাৰতৰ উত্তৰ প্ৰদেশৰ জিলা হিচাপে ভিডিঅ’টোত উল্লেখ কৰা সন্দেহ দূৰ হয়।

অনুসন্ধানৰ সময়ত আমি ভাইৰেল ভিডিঅ'টোৰ এটা দীঘলীয়া সংস্কৰণ (ইয়াত আৰ্কাইভ কৰা হৈছে) ৰোজ টিভি১০ নামৰ এটা ইউটিউব চেনেলত লাভ কৰোঁ। "বাংলাদেশত আজমত চাহাবা ছিৰাট চেমিনাৰত পাকিস্তানৰ হাবিবুল্লাহ আৰ্মানিৰ ৯ মিনিটৰ বক্তব্য," শীৰ্ষক ভিডিঅ'টোত ৬:৩২ মিনিটত ভাইৰেল ভিডিঅ'টোত দেখুওৱা একেটা অংশ দেখা পোৱা যায়।

আমি দেখিলোঁ যে মৌলানাজনে ভাৰতত হিন্দুৱে হজৰত মহম্মদৰ বিষয়ে কৰা অপমানজনক মন্তব্যৰ প্ৰেক্ষাপটত এই মন্তব্য কৰিছিল।

মৌলানাজনৰ একেটা মন্তব্য ২৯ ছেপ্টেম্বৰত তাদ্ৰিব এটিভিৰ ইউটিউব চেনেলত শ্বেয়াৰ কৰা ভিডিঅ’তো (ইয়াত আৰ্কাইভ) উপলব্ধ, উক্ত ভিডিঅ’টো বেলেগ এটা এংগলৰ পৰা ৰেকৰ্ড কৰা হৈছিল। ভিডিঅ’টোত মঞ্চত থকা বেনাৰখনৰ পৰা এইটো আজমত চাহাবা বাংলাদেশ ঢাকা মেট্ৰোপোলিচৰ উদ্যোগত সীৰাট আলোচনা চক্ৰ ২০২৪ হিচাপে আয়োজন কৰা হৈছিল বুলি জানিব পৰা যায়।

আমি বাংলা কীৱৰ্ডৰ সহায়ত সন্ধান কৰাত আজমত চাহাবা বাংলাদেশৰ ফেচবুক পেজত উক্ত অনুষ্ঠানৰ একাধিক ফটো আৰু ভিডিঅ' লাভ কৰোঁ। একেটা পেজতে আমি অনুষ্ঠানটোৰ এখন পোষ্টাৰো লাভ কৰোঁ, যাৰ মতে ২৮ ছেপ্টেম্বৰত ঢাকাৰ কেলভাৰ্ট ৰোডৰ ইকনমিক ৰিপ'ৰ্টাৰছ ফ'ৰামত ছিৰাট আলোচনা চক্ৰ আয়োজন কৰা হৈছিল।

ছিৰাট আলোচনা চক্ৰ ২০২৪ৰ পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: আজমত চাহাবা বাংলাদেশ/স্ক্ৰীণশ্বট)


সিদ্ধান্ত 

আমাৰ অনুসন্ধানৰ পৰা এইটো স্পষ্ট হয় যে উত্তৰ প্ৰদেশৰ গাজীপুৰৰ বুলি ভাইৰেল হোৱা ভিডিঅ’টো আচলতে বাংলাদেশৰহে হয়, আৰু ইয়াত থকা লোকজন, যিয়ে হজৰত মহম্মদক অপমান কৰা হিন্দুৰ বিৰুদ্ধে বিদ্বেষজনক মন্তব্য দিছিল, হৈছে পাকিস্তানৰ হাবিবুল্লাহ আৰ্মানি।

(অনুবাদ: চন্দন বৰগোহাঁই)

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।