মূল লেবাননৰ মানুহে নাছৰাল্লাৰ মৃত্যুত উল্লাস প্ৰকাশ কৰা বুলি পুৰণি ভিডিঅ' প্ৰচাৰ

লেবাননৰ মানুহে নাছৰাল্লাৰ মৃত্যুত উল্লাস প্ৰকাশ কৰা বুলি পুৰণি ভিডিঅ' প্ৰচাৰ

লেখক: চন্দন বৰগোহাঁই

অক্টোবৰ 7 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
হিজবুল্লাৰ প্ৰাক্তন মুৰব্বী হাছান নাছৰাল্লাৰ মৃত্যুত লেবাননৰ মানুহে কৰা উল্লাসৰ ভিডিঅ’ বুলি প্ৰচাৰিত ছ’চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/স্ক্ৰীণশ্বট) হিজবুল্লাৰ প্ৰাক্তন মুৰব্বী হাছান নাছৰাল্লাৰ মৃত্যুত লেবাননৰ মানুহে কৰা উল্লাসৰ ভিডিঅ’ বুলি প্ৰচাৰিত ছ’চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/স্ক্ৰীণশ্বট)

ফেক্ট চেক

ৰায়দান মিছা

এই ভিডিঅ'টো ২০২০ চনত লেবাননৰ এগৰাকী টিকটক ব্যৱহাৰকাৰীয়ে শ্বেয়াৰ কৰিছিল, হিজবুল্লাৰ প্ৰাক্তন মুৰব্বী হাছান নাছৰাল্লাৰ মৃত্যুৰ সৈতে ইয়াৰ সম্পৰ্ক নাই।

কি দাবী কৰা হৈছে?

ইজৰাইলৰ আক্ৰমণত নিহত হিজবুল্লাৰ প্ৰাক্তন মুৰব্বী হাছান নাছৰাল্লা মৃত্যুত লেবাননৰ মানুহে ৰাজপথলৈ ওলাই আহি উল্লাস প্ৰকাশ কৰা বুলি দাবী কৰি ছ’চিয়েল মিডিয়াত একাধিক লোকে এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। ভাইৰেল ভিডিঅ’টোত এটা জনসমাগমত উপস্থিত দুগৰাকী মহিলাক লেবাননৰ পতাকা উৰুৱাই গান গাই থকা দেখা গৈছে। 

এগৰাকী এক্স (পূৰ্বৰ টুইটাৰ) ব্যৱহাৰকাৰীয়ে ভিডিঅ'টো শ্বেয়াৰ কৰি (ইয়াত আৰ্কাইভ কৰা হৈছে) ভিডিঅ’টোত লেবাননৰ নাগৰিকে "অত্যাচাৰী নাছৰাল্লাৰ’’ মৃত্যুত উল্লাস প্ৰকাশ কৰা দেখা গৈছে বুলি দাবী কৰে। ভিডিঅ’টোৱে ১৮ লাখতকৈ অধিক ভিউ, ৪১,০০০ লাইক, আৰু ৭,০০০ ৰিপ’ষ্ট লাভ কৰিছে।

এক্স আৰু ফেচবুকত একেধৰণৰ দাবীৰে শ্বেয়াৰ কৰা পোষ্টৰ আৰ্কাইভ ইয়াত আৰু ইয়াত, তথা এগৰাকী অসমীয়া ফেচবুক ব্যৱহাৰকাৰীয়ে শ্বেয়াৰ কৰা এটা পোষ্টত ইয়াত চাব পাৰিব৷

ভাইৰেল ভিডিঅ'টো শ্বেয়াৰ কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/ফেচবুক/স্ক্ৰীণশ্বট)

অৱশ্যে ভিডিঅ’টো লেবাননৰ হয় যদিও এই চাৰি বছৰ পুৰণি আৰু ইজৰাইল-হিজবুল্লাৰ শেহতীয়া সংঘাতৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।

আমি কি বিচাৰি পালোঁ?

ভাইৰেল পোষ্টসমূহৰ কমেণ্টত কেইবাগৰাকী ব্যৱহাৰকাৰীয়ে ভিডিঅ'টো ২০২০ চনৰ বুলি আঙুলিয়াই দিছিল। আমি ২০২০ চনৰ ১৯ জানুৱাৰীত এগৰাকী টিকটক ব্যৱহাৰকাৰীয়ে পোষ্ট কৰা মূল ভিডিঅ'টো (ইয়াত আৰ্কাইভ কৰা হৈছে) লাভ কৰোঁ। টিকটক প্ৰফাইলটো ভালদৰে চাই আমি ভাইৰেল ভিডিঅ’টোত থকা একেগৰাকী মহিলাৰ কেইবাটাও ভিডিঅ' দেখিবলৈ পাওঁ।

ইয়াৰ পৰা এইটো স্পষ্ট হয় যে ভাইৰেল ভিডিঅ'টো ২০২৪ চনৰ ২৭ ছেপ্টেম্বৰত নিহত হোৱা নাছৰাল্লাৰ মৃত্যুৰ আগৰে পৰা ইন্টাৰনেটত উপলব্ধ।

২০২০ চনৰ জানুৱাৰীৰ টিকটক পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: টিকটক/স্ক্ৰীণশ্বট)

তদুপৰি, ২০২৪ চনৰ ২৯ ছেপ্টেম্বৰত ভিডিঅ'টোত থকা মহিলাগৰাকীয়ে এটা স্পষ্টীকৰণ পোষ্ট কৰিছিল (ইয়াত আৰ্কাইভ কৰা হৈছে), কেপচনত "ষ্টপ ফেকিং নিউজ" বুলি লিখা আছে। পোষ্টটোত তেওঁ উল্লেখ কৰা মতে ভাইৰেল ক্লিপটো ২০২০ চনৰ হয় আৰু লেবাননৰ শেহতীয়া পৰিস্থিতিৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই। 

তেওঁ লিখিছে, "মোৰ বন্ধুসকল, সকলো ভুৱা পোষ্টৰ পৰা সাৱধান হওক আৰু তেওঁলোকে শ্বেয়াৰ কৰা সকলো কথা বিশ্বাস নকৰিব। তেওঁলোকে মোৰ ২০২০ চনৰ এটা অতি পুৰণি ভিডিঅ' ব্যৱহাৰ কৰি ইয়াত মই আৰু মোৰ বন্ধুয়ে এজন ৰাজনৈতিক ব্যক্তিৰ হত্যাকাণ্ডত উল্লাস কৰা দেখা গৈছে বুলি দাবী কৰিছে। এইটো স্পষ্ট কৰি দিওঁ যে: এইটো লেবাননৰ বিপ্লৱৰ পুৰণি  ভিডিঅ’, আৰু মই বৰ্তমান লেবাননত নাথাকো।’’

২০২৪ চনৰ ২৯ ছেপ্টেম্বৰত দিয়া স্পষ্টীকৰণৰ স্ক্ৰীণশ্বট।(উৎস: টিকটক/স্ক্ৰীণশ্বট)

উল্লেখযোগ্য যে লেবাননত ২০১৯ চনৰ অক্টোবৰৰ পৰা কেইবা মাহ ধৰি বিৰোধী চৰকাৰ বিৰোধী প্ৰতিবাদ চলিছিল, উক্ত গণ প্ৰতিবাদক লেবানন বিপ্লৱ হিচাপে আখ্যা দিয়া হয়। টিকটক ব্যৱহাৰকাৰী গৰাকীৰ মতে এই ভিডিঅ’টো ২০২০ চনৰ জানুৱাৰী মাহত প্ৰতিবাদ চলি থকাৰ সময়ত লোৱা হৈছিল।

সিদ্ধান্ত

ভাইৰেল ভিডিঅ’টোত হিজবুল্লাৰ প্ৰাক্তন নেতা হাছান নাছৰাল্লাৰ মৃত্যুত লেবাননৰ মানুহে উল্লাস প্ৰকাশ কৰা দেখা নাযায়। ২০২০ চনৰ জানুৱাৰীৰ পৰা ইন্টাৰনেটত উপলব্ধ ভিডিঅ’টোত লেবাননত হোৱা এক চৰকাৰ বিৰোধী প্ৰতিবাদৰ দৃশ্য দেখা গৈছে।

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।