মূল হেমন্ত চোৰেনে 'বিনামূলীয়া কফন' বিতৰণৰ ঘোষণা কৰিছে নেকি? নহয়, এইটো পুৰণি ভিডিঅ’

হেমন্ত চোৰেনে 'বিনামূলীয়া কফন' বিতৰণৰ ঘোষণা কৰিছে নেকি? নহয়, এইটো পুৰণি ভিডিঅ’

লেখক: তাহিল আলী

নৱেম্বৰ 13 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনে ৰাজ্যখনৰ শেহতীয়া নিৰ্বাচনৰ পূৰ্বে বিনামূলীয়া কফন প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়া বুলি দাবী কৰা ছ’চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত) ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনে ৰাজ্যখনৰ শেহতীয়া নিৰ্বাচনৰ পূৰ্বে বিনামূলীয়া কফন প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়া বুলি দাবী কৰা ছ’চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান বিভ্ৰান্তিকৰ

ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনে "বিনামূলীয়া কফন"ৰ প্ৰতিশ্ৰুতি দিয়া ভাইৰেল ভিডিঅ'টো ২০২১ চনৰ হয়, এইটো এতিয়াৰ ভিডিঅ’ নহয়।

কি দাবী কৰা হৈছে?

ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনৰ ১৭ ছেকেণ্ডৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে য’ত চোৰেনে ৰাজ্যখনত মৃতকৰ বাবে “বিনামূলীয়া কফন”ৰ ব্যৱস্থা প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰিছে।

ভাইৰেল ক্লিপটোত চোৰেনে হিন্দীত এইদৰে কোৱা শুনা যায়, “এই ৰাজ্যত কোনেও কফন ক্ৰয় কৰাৰ প্ৰয়োজন নাথাকে, সকলো লোককে কফন বিনামূলীয়াকৈ দিয়াৰ সিদ্ধান্ত লোৱা হৈছে।”

এজন এক্সে (পূৰ্বৰ টুইটাৰ) ব্যৱহাৰকাৰীয়ে ভিডিঅ’টো শ্বেয়াৰ কৰি কেপচন লিখিছে, “ৰাজ্যত কফন কিনাৰ প্ৰয়োজন নাথাকিব, সকলো কফিন বিনামূলীয়াকৈ দিয়া হ’ব: হেমন্ত চোৰেন। আপুনি যেতিয়া কোনো যুৱক-যুৱতীক কৰ্মসংস্থাপন দিব নোৱাৰে, অনুপ্ৰৱেশকাৰীৰ পৰা নিজৰ মানুহক ৰক্ষা কৰিব নোৱাৰে, সকলো প্ৰতিশ্ৰুতি পূৰণ নোহোৱাকৈয়ে থাকে, তেতিয়া আপোনাক এনে ঘোষণা কৰিব লগা হয়, নহয়নে?” এনে পোষ্টৰ আৰ্কাইভ সংস্কৰণ ইয়াত, ইয়াত, ইয়াত, ইয়াত, আৰু ইয়াত পোৱা যাব।


ভাইৰেল ভিডিঅ'টো শ্বেয়াৰ কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

১৩ আৰু ২০ নৱেম্বৰত দুটা পৰ্যায়ত অনুষ্ঠিত ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই দাবী প্ৰচাৰ কৰা হৈছিল, অহা ২৩ নৱেম্বৰত ভোট গণনা কৰা হ’ব। 

অৱশ্যে আমি এইটো পুৰণি ভিডিঅ’ বুলি জানিব পাৰোঁ, ২০২১ চনত ক'ভিড-১৯ মহামাৰীৰ সময়ত চোৰেনে "বিনামূলীয়া কফন" প্ৰদান কৰাৰ কথা ঘোষণা কৰিছিল। 

প্ৰকৃত তথ্য কি?

প্ৰাসংগিক কীৱৰ্ড ব্যৱহাৰ কৰি আমি ২০২১ চনৰ২৫ মে'ত নিউজ ১৮ বিহাৰ ঝাৰখণ্ডে আপলোড কৰা ভাইৰেল ভিডিঅ’টোৰ (ইয়াত আৰ্কাইভ কৰা হৈছে) এটা দীঘলীয়া সংস্কৰণ লাভ কৰোঁ। ‘‘ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনে ক’লে - চৰকাৰে বিনামূলীয়া কফন প্ৰদান কৰিব | জোহৰ ঝাৰখণ্ড” শীৰ্ষক ভিডিঅ’ প্ৰতিবেদনটোত ভাইৰেল ক্লিপটো ০:২৭ৰ পৰা ০:৩৯ টাইমষ্টেম্পত দেখিবলৈ পোৱা যায়, য'ত চোৰেনে ঝাৰখণ্ডত ক’ভিডত মৃত্যু হোৱা লোকৰ বাবে চৰকাৰে প্ৰদান কৰিবলগীয়া "বিনামূলীয়া কফন"ৰ কথা ঘোষণা কৰিছিল। 


২০২১ চনৰ মে'ত প্ৰকাশিত মূল ভিডিঅ'টোৰ স্ক্ৰীণশ্বট।(উৎস: নিউজ ১৮ বিহাৰ ঝাৰখণ্ড/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

২০২১ চনৰ মে'ত নৱভাৰত টাইমছ, জি নিউজ, আৰু লাইভ৭ ভাৰত (ইয়াত, ইয়াত, আৰু ইয়াত আৰ্কাইভ কৰা হৈছে) ইত্যাদি আন একাধিক সংবাদ মাধ্যমতো চোৰেনৰ ভাইৰেল ভিডিঅ'টোৰ দীঘলীয়া সংস্কৰণ প্ৰকাশ কৰা হৈছিল। উক্ত প্ৰতিবেদনসমূহত উল্লেখ কৰা মতে মুখ্যমন্ত্ৰীয়ে ৰাজ্যিক কেবিনেট বৈঠকত ক’ভিড-১৯ মহামাৰী সন্দৰ্ভত উক্ত বক্তব্য প্ৰদান কৰিছিল। 

দৈনিক জাগৰণৰ এক বাতৰি অনুসৰি, ৰাজ্যখনত লকডাউনৰ সময়ত দোকানসমূহ বন্ধ থকাৰ বাবে বহু পৰিয়ালে কফন ক্ৰয় কৰিব নোৱাৰাত মৃত ব্যক্তিসকলৰ বাবে চোৰেনে "বিনামূলীয়া কফন"ৰ কথা ঘোষণা কৰিছিল। 

অৱশ্যে ভাৰতীয় জনতা পাৰ্টিৰ দৰে বিৰোধী ৰাজনৈতিক দলসমূহে এই পদক্ষেপক সমালোচনা কৰিছিল। বিজেপি নেতা দীপক প্ৰকাশে এটা এক্স পোষ্টত (ইয়াত আৰ্কাইভ কৰা হৈছে) লিখিছে, "এইটো অদ্ভুত বিড়ম্বনা যে এহাতে কেন্দ্ৰীয় চৰকাৰে দেশবাসীৰ জীৱন ৰক্ষাৰ বাবে যুদ্ধগতিত কাম কৰি আছে। আনহাতে, ঝাৰখণ্ডৰ ঠগবন্ধন চৰকাৰে বিনামূলীয়াকৈ ৰাইজৰ মাজত কফন বিতৰণ কৰিবলৈ জোৰ দি আছে।"

ইয়াৰ প্ৰত্যুত্তৰত ঝাৰখণ্ড মুক্তি মৰ্চাই (জেএমএম) এক্সত দিয়া এটা পোষ্টত (ইয়াত আৰ্কাইভ কৰা হৈছে) কয়, "ছাৰ, হেমন্ত চৰকাৰেও বিনামূলীয়া ভেকচিন প্ৰদান কৰিছে। কিন্তু আপুনি আৰু আপোনাৰ সস্তীয়া ৰাজনীতি - আপুনি কেৱল কফনহে দেখা পালে।" 

সিদ্ধান্ত

ভাইৰেল ভিডিঅ’টো পুৰণি আৰু এইটো বিভ্ৰান্তিকৰ দাবীৰে প্ৰচাৰ কৰা হৈছে। ইয়াত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনে ২০২১ চনত ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ বাবে "বিনামূলীয়া কফন"ৰ কথা ঘোষণা কৰিছিল। 

(অনুবাদ: চন্দন বৰগোহাঁই)

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।