মূল ‘নেতানিয়াহুৰ বাসগৃহক লক্ষ্য কৰি ড্ৰ’ন আক্ৰমণ’ বুলি গাজাৰ পুৰণি ভিডিঅ’ শ্বেয়াৰ

‘নেতানিয়াহুৰ বাসগৃহক লক্ষ্য কৰি ড্ৰ’ন আক্ৰমণ’ বুলি গাজাৰ পুৰণি ভিডিঅ’ শ্বেয়াৰ

লেখক: অনুৰাগ বৰুৱা

অক্টোবৰ 28 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
‘নেতানিয়াহুৰ বাসগৃহক লক্ষ্য কৰি ড্ৰ’ন আক্ৰমণ’ বুলি গাজাৰ পুৰণি ভিডিঅ’ শ্বেয়াৰ গাজাৰ এটা পুৰণি ভিডিঅ’ 'নেতানিয়াহুৰ বাসগৃহত ‘ড্ৰ’নৰে টাৰ্গেট’ কৰা দেখা গৈছে বুলি দাবী কৰা ফেচবুক পোষ্টৰ স্ক্ৰীণশ্বটত (উৎস: স্ক্ৰীণশ্বট/ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান বিভ্ৰান্তিকৰ

ভিডিঅ’টোত ভাঙি পৰা অট্টালিকাটো হৈছে গাজাৰ পেলেষ্টাইন টাৱাৰ, যি ২০২৩ চনৰ ৭ অক্টোবৰত ইজৰাইলী বিমান আক্ৰমণত ধ্বংশ হৈছিল ।

দাবী কি?

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ বাসগৃহত ‘ড্ৰ’ন আক্ৰমণৰ দৃশ্য বুলি প্ৰজেক্টাইল নিক্ষেপনৰ কিছু ক্লিপৰ পাছত এক বিস্ফোৰণত এটা ওখ অট্টালিকা মাটিত ভাঙি পৰাৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে।

এজন ফেচবুক ব্যৱহাৰকাৰীয়ে ভিডিঅ’টো শ্বেয়াৰ কৰি লিখিছে, "ইজৰাইলৰ ওপৰত হেজবুল্লাহৰ আক্ৰমণ || ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানয়াহুৰ বাসভৱনলৈ ড্ৰোন নিক্ষেপ"। একেধৰণৰ দাবী কৰা পোষ্টৰ আৰ্কাইভ ইয়াত আৰু ইয়াত পোৱা যাব।



ভিডিঅ’টোত ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহুৰ বাসগৃহত ড্ৰ’নে আক্ৰমণ কৰা দেখা গৈছে বুলি দাবী কৰা ফেচবুক পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: স্ক্ৰীণশ্বট/ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)


কিন্তু, ভিডিঅ’টোত আচলতে গাজা চহৰত অৱস্থিত পেলেষ্টাইন টাৱাৰ নামেৰে জনাজাত এটা অট্টালিকা ২০২৩ চনৰ ৭ অক্টোবৰত ইজৰাইলৰ বিমান আক্ৰমণৰ ফলত ভাঙি পৰা দেখা গৈছে।

আমি কি পাইছিলোঁ?

ভাইৰেল ভিডিঅ’টোৰ কিফ্ৰেম ব্যৱহাৰ কৰি ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰাত আমি ২০২৪ চনৰ ১৩ জুনত ৰয়টাৰ্ছ এছিয়াত প্ৰকাশিত এটা এক্স পোষ্ট (ইয়াত আৰ্কাইভ কৰা হৈছে) পালোঁ য'ত ভাঙি পৰা অট্টালিকাৰ ভাইৰেল ক্লিপটো এক ভিডিঅ’ ৰিপ’ৰ্টত সন্নিবিষ্ট কৰা হৈছে । ৰিপ’ৰ্টটোত অট্টালিকাটোৰ স্থান গাজা চহৰ বুলি চিনাক্ত কৰা হৈছে।


ইয়াৰ ওপৰিও আমি উক্ত ভাইৰেল ক্লিপটো আন এটা এক্স পোষ্টত (ইয়াত আৰ্কাইভ কৰা হৈছে) দেখা পালোঁ, যিটো ২০২৩ চনৰ ৭ অক্টোবৰত আপলোড কৰা হৈছে, যাৰ ফলত ভিডিঅ’টো প্ৰায় এবছৰ পুৰণি বুলি অনুমান কৰিব পাৰি। মধ্যপ্ৰাচ্যৰ ইংৰাজী দৈনিক কাকত আৰব নিউজে প্ৰকাশ কৰা এই পোষ্টটোত বিস্ফোৰণত অট্টালিকাটো ভাঙি পৰাৰ একেবোৰ ভিজুৱেল আছিল।

আমি এই ভাইৰেল ক্লিপটো ২০২৩ চনৰ ৭ অক্টোবৰত দ্য ৱাল ষ্ট্ৰীট জাৰ্নেলৰ অফিচিয়েল ইউটিউব চেনেলত প্ৰকাশ কৰা (ইয়াত আৰ্কাইভ কৰা হৈছে) এটা ভিডিঅ’ নিউজ ৰিপ’ৰ্টতো পাইছিলোঁ, যাৰ শিৰোনাম আছিল ‘চাওক: ইজৰাইলী বিমান আক্ৰমণৰ পিছত গাজাত হাই-ৰাইজ বিল্ডিং ছিন্নভিন্ন | ডব্লিউ এছ জে নিউজ।' ভিডিঅ’ ৰিপ’ৰ্টৰ ০:১২ টাইমষ্টেম্পৰ আশে-পাশে ভাইৰেল ক্লিপটো দেখা গৈছে, য’ত বিস্ফোৰণৰ পিছত অট্টালিকাটো ভাঙি পৰাৰ অন্যান্য কোণৰ পৰা লোৱা কিছুমান ভিজুৱেলও আছিল।

দ্য ৱাল ষ্ট্ৰীট জাৰ্নেলৰ ইউটিউব ভিডিঅ’টোৰ বৰ্ণনাত অট্টালিকাটো গাজা চহৰৰ ‘পেলেষ্টাইন টাৱাৰ’ বুলি চিনাক্ত কৰা হৈছে আৰু ইজৰাইলে চহৰখনত বিমান আক্ৰমণৰ পিছত এই অট্টালিকাটো ভাঙি পৰাৰ কথা উল্লেখ কৰা হৈছে।

ইয়াৰ পৰা এটা ইংগিত লৈ আমি আক্ৰমণৰ বিষয়ে আল জাজিৰাৰ এটা বাতৰি বিচাৰি পাইছিলোঁ। 'গাজাত মাৰাত্মক বোমাবৰ্ষণৰ মাজত ইজৰাইলে পেলেষ্টাইন টাৱাৰ সমান কৰি পেলায়' শীৰ্ষক আৰু ডব্লিউ এছ জেৰ প্ৰতিবেদনৰ দ্বৰে একেদিনাই প্ৰকাশিত এই প্ৰতিবেদনত ইজৰাইলৰ বিমান আক্ৰমণে গাজাত কেনেদৰে আঘাত হানে আৰু গাজা চহৰৰ উক্ত ডাঙৰ টাৱাৰটো কিদৰে সমান কৰি পেলায, তাৰ বৰ্ণনা কৰা হৈছে ।

প্ৰতিবেদনত আৰু কোৱা হৈছে যে আল জাজিৰাৰ ইউমনা এলছায়েদে গাজাৰ পেলেষ্টাইন টাৱাৰত ইজৰাইলৰ আক্ৰমণক ওচৰৰ এটা অট্টালিকাৰ পৰা ৰিপৰ্টিং কৰি থকা সময়তে উক্ত আক্ৰমণটো লাইভত বন্দী কৰিছিল। ইয়াৰ উপৰিও আল জাজিৰাৰ প্ৰতিবেদনটোত এটা এক্স পোষ্ট (ইয়াত আৰ্কাইভ কৰা হৈছে) অন্তৰ্ভুক্ত কৰা হৈছে য’ত দেখা গৈছিল যে এলছেইডে বিল্ডিংটোৰ ওপৰত আক্ৰমণ আৰম্ভ হোৱাৰ সময়ত কাষতেই আছিল। ভাইৰেল ক্লিপটোত দৃশ্যমান একেধৰণৰ ভিজুৱেল ভিডিঅ’টোত দেখা পোৱা গৈছে।

ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহুৰ ঘৰত আক্ৰমণ

ইয়াৰ পূৰ্বে ২০২৪ চনৰ ২২ অক্টোবৰত হিজবুল্লাই ড্ৰোন আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছিল যি ইজৰাইলৰ নেতা নেতানিয়াহুৰ চিজাৰিয়াত থকা ঘৰটোৰ ক্ষতিসাধন কৰিছিল বুলি চিএনএনে জিঅ’ল’কেশ্যন কৰা ভিডিঅ’ ফুটেজত প্ৰকাশ পাইছে। অৱশ্যে নেতানিয়াহু আৰু তেওঁৰ পত্নীৰ কোনো ক্ষতি হোৱা নাছিল, কিয়নো আক্ৰমণৰ সময়ত তেওঁলোক ঘৰত নাছিল, বাতৰিয়ে নিশ্চিত কৰিছে।

সিদ্ধান্ত

ভাইৰেল ভিডিঅ’টোত হামাছে ইজৰাইলৰ ওপৰত আক্ৰমণ চলোৱাৰ কেইঘণ্টামানৰ পাছত ২০২৩ চনৰ ৭ অক্টোবৰত ইজৰাইলৰ বিমান আক্ৰমণত গাজা চহৰৰ পেলেষ্টাইন টাৱাৰটো ভাঙি পৰা দেখা গৈছে। ছ’চিয়েল মিডিয়াত দাবী কৰা অনুসৰি শেহতীয়াকৈ ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহুৰ ঘৰত ড্ৰ’ন আক্ৰমণৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।