মূল কলকাতাৰ ‘ইছলামিক ৰেলী’ হিচাপে বাংলাদেশৰ পুৰণি ভিডিঅ’ প্ৰচাৰ

কলকাতাৰ ‘ইছলামিক ৰেলী’ হিচাপে বাংলাদেশৰ পুৰণি ভিডিঅ’ প্ৰচাৰ

লেখক: ৰাহুল অধিকাৰী

ছেপ্তেম্বৰ 5 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
ভিডিঅ’টোত বাংলাদেশৰ শেহতীয়া পৰিস্থিতি উদযাপন কৰি কলকাতাত উলিওৱা এক ইছলামিক ৰেলী দেখা গৈছে বুলি দাবী কৰা ছ’চিয়েল মিডিয়া প’ষ্টৰ  স্ক্ৰীনশ্বট। ভিডিঅ’টোত বাংলাদেশৰ শেহতীয়া পৰিস্থিতি উদযাপন কৰি কলকাতাত উলিওৱা এক ইছলামিক ৰেলী দেখা গৈছে বুলি দাবী কৰা ছ’চিয়েল মিডিয়া প’ষ্টৰ স্ক্ৰীনশ্বট। (উৎস: X/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

মিছা

ঢাকাৰ এটা ভিডিঅ’ক মিছা সাম্প্ৰদায়িক ৰহণ সানি উপস্থাপন কৰা হৈছে।

দাবী কি?

ছ’চিয়েল মিডিয়াত প্ৰচাৰিত এটা ভিডিঅ’ত কলকাতাত বাংলাদেশত ইছলামিক শাসন আৰু “হিন্দুৰ হত্যাকাণ্ড” উদযাপন কৰা এক সমাৱেশৰ দৃশ্য দেখা গৈছে বুলি দাবী কৰা হৈছে। ভিডিঅ’টোত দেখা গৈছে যে এখন ফ্লাই অভাৰৰ তলত বৃহৎ এক ভিৰে মাৰ্চ কৰি আছে, বহু অংশগ্ৰহণকাৰীয়ে মূৰত ইছলামিক টুপী পিন্ধা দেখা গৈছে। অনুষ্ঠানটো বন্দী কৰিবলৈ মোবাইল ফোনৰ ব্যৱহাৰ কৰা দেখা গৈছে। ভিডিঅ’টোৰ ওপৰত বাংলাত লিখা আছে, “জমিয়ত-ই-ইছলামী পাৰ্টিয়ে খেলপথাৰত প্ৰৱেশ কৰিছে; ইনশ্বাল্লাহ, আমি জয়ী হ’ম।”

কেইবাজনো ব্যৱহাৰকাৰীয়ে এই ভিডিঅ’টো এক্স (পূৰ্বৰ টুইটাৰ)ত শ্বেয়াৰ কৰিছে, অভিযোগ কৰিছে যে ইয়াত কলকাতাৰ পাৰ্ক চাৰ্কাছ অঞ্চলৰ পৰা শেহতীয়াকৈ সংঘটিত হোৱা এক ৰেলী দেখা গৈছে। এই পোষ্টবোৰৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত আৰু ইয়াত পোৱা যাব।

ছ’চিয়েল মিডিয়াৰ পোষ্টৰ স্ক্ৰীণশ্বট। (X/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে এই দাবী মিছা। বাংলাদেশৰ এই ভিডিঅ’টো কমেও ২০২৩ চনৰ হয়।

আমি কেনেকৈ সত্য বিচাৰি পালোঁ?

ভিডিঅ’টোৰ কীফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি আমি ২০২৩ চনৰ ১১ জুনত ফেচবুকত শ্বেয়াৰ কৰা এক একেধৰণৰ ভিডিঅ’ (ইয়াত আৰ্কাইভ কৰা) পালোঁ। এজন বাংলাদেশী ব্যৱহাৰকাৰীয়ে ইয়াক বাংলাদেশী ৰাজনৈতিক দল জামাত-ই-ইছলামীয়ে আয়োজন কৰা এক সমাৱেশৰ ফুটেজ হিচাপে চিনাক্ত কৰে। আমি এই ভিডিঅ'টো ভাইৰেল ভিডিঅ'টোৰ সৈতে তুলনা কৰি নিশ্চিত কৰিলোঁ যে দুয়োটা একেটা ৰেলীৰ ভিডিঅ' হয়।

অধিক তদন্তত আমি দেখিলোঁ যে জামাত-ই-ইছলামীৰ সমাৱেশৰ বিষয়ে কেইবাটাও বাংলাদেশী সংবাদ মাধ্যমৰ বাতৰি প্ৰকাশ পাইছে। প্ৰথম আলোৱে প্ৰকাশ কৰা এক বাতৰি অনুসৰি, ২০২৩ চনৰ ১০ জুনত জামাত-ই-ইছলামীয়ে ঢাকা মহানগৰ আৰক্ষীৰ (ডিএমপি) চৰ্তসাপেক্ষ মৌখিক অনুমতি লৈ এক দশকৰ পাছত ঢাকাত এক সমাৱেশ অনুষ্ঠিত কৰে। জামাতে এই চৰ্তসমূহ মানি চলি পথত এই সমাৱেশ অনুষ্ঠিত নকৰিলে। বৰঞ্চ ঢাকাৰ ইনষ্টিটিউচনছ অৱ ইঞ্জিনিয়াৰ্ছ বাংলাদেশ (আই ই বি)ত এই সমাৱেশ অনুষ্ঠিত হয়। এই সমাৱেশৰ উপলব্ধ ভিজুৱেলত ৰাজপথত নহয়, আই ই বিত এক বৃহৎ সমাৱেশ দেখা গৈছে।

জামাতে প্ৰথমে ৫ জুনত বৈতুল মুকাৰৰাম ৰাষ্ট্ৰীয় মছজিদৰ সন্মুখত এই সমাৱেশ অনুষ্ঠিত কৰিবলৈ বিচাৰিছিল যদিও ঢাকা মহানগৰ আৰক্ষীয়ে ইয়াক অস্বীকাৰ কৰে। আমি ৰাজপথত এই সমাৱেশ অনুষ্ঠিত হোৱা কোনো ৰিপোৰ্ট পোৱা নাছিলো। ভাইৰেল ভিডিঅ’টোৰ পৰ্যালোচনাত আই ই বিৰ ৰেলীৰ দৰে কোনো পোষ্টাৰ বা বেনাৰ দেখা ন'গল, য’ত এনে ভিজুৱেল উপলব্ধ আছিল। ইয়াৰ পৰা অনুমান কৰিব পাৰি যে ভিডিঅ’টো জামাতৰ ৰেলীৰ নহয়।

ভিডিঅ'টো ক'ৰ হয়?

ভিডিঅ’টোৰ বিশদ পৰীক্ষাত দেখা গ’ল যে ইয়াক তিনিটা খুঁটা থকা এক উৰণীয়া সেতুৰ তলত চিত্ৰগ্ৰহণ কৰা হৈছে। গুগল ষ্ট্ৰীট ভিউ ব্যৱহাৰ কৰি ঢাকাৰ বিভিন্ন ফ্লাইঅভাৰক ভিডিঅ’টোৰ ফুটেজৰ সৈতে তুলনা কৰি আমি স্থানটোক ঢাকা-মাইমেনছিং ঘাইপথ বুলি চিনাক্ত কৰিলোঁ। উল্লেখযোগ্য বৈশিষ্ট্য যেনে এটা সেউজীয়া অট্টালিকা, বক্ৰ শিলৰ ওপৰত থকা খুঁটা, এটা বহুমহলীয়া অট্টালিকা, আৰু এটা কাঁচৰ মুখাৱয়ব ভিডিঅ’টোত দেখাৰ সৈতে মিল খাইছিল।

ভাইৰেল ভিডিঅ’ আৰু গুগল ষ্ট্ৰীট ভিউৰ মাজত ছবিৰ তুলনা। (উৎস: এক্স/গুগল মেপছ/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ভাইৰেল ভিডিঅ’ আৰু গুগল ষ্ট্ৰীট ভিউৰ মাজত ছবিৰ তুলনা। (উৎস: এক্স/গুগল মেপছ/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ইয়াৰ পৰা নিশ্চিত হৈছে যে ভিডিঅ’টো ঢাকাৰ হয়, কলকাতাৰ নহয়। ইয়াৰ উপৰিও বাংলাদেশৰ শেহতীয়া ৰাজনৈতিক পৰিঘটনা উদযাপন কৰা কলকাতাত কোনো শোভাযাত্ৰাৰ বাতৰি আমি পোৱা নাছিলো।

ভিডিঅ’টোত কি দেখুওৱা হৈছে?

আমি ভাইৰেল ভিডিঅ’টোৰ সৈতে মিল থকা কেইবাটাও ভিডিঅ’ চিনাক্ত কৰিব পাৰিলোঁ যিবোৰ ২০২৩ চনত ঢাকাৰ টংগীত অনুষ্ঠিত হোৱা “বিশ্ব ইজতেমা”ৰ সৈতে জড়িত, ইয়াত (ইয়াত আৰ্কাইভ কৰা হৈছে) আৰু ইয়াত (ইয়াত আৰ্কাইভ কৰা হৈছে) উপলব্ধ। ফেব্ৰুৱাৰী মাহতো একেধৰণৰ ভিডিঅ’ শ্বেয়াৰ কৰা হৈছিল (ইয়াত আৰ্কাইভ কৰা হৈছে)।

ৱৰ্ল্ড ৱাকাৰ ৩৬০” (ইয়াত আৰ্কাইভ কৰা)ৰ এটা ইউটিউব ভিডিঅ’ত টংগী বজাৰৰ পথ ভ্ৰমণ দেখুওৱা হৈছে। ইয়াত একেখন নিৰ্মাণৰত অৱস্থাত থকা উৰণীয়া সেতুৰ তলত ইজতেমা ভেন্যুলৈ যোৱা হাজাৰ হাজাৰ লোকৰ দৃশ্য বন্দী কৰা হৈছে, য’ত ভাইৰেল ভিডিঅ’টোত দেখা পোৱা সেউজীয়া অট্টালিকা আৰু বক্ৰ গঠনটো দেখা গৈছে।

বিশ্ব ইজটেমা” বাৰ্ষিক মুছলমান সমাৱেশ ঢাকাৰ টংগীত দুটা পৰ্যায়ত অনুষ্ঠিত হৈছিল: ১৩-১৫ জানুৱাৰী আৰু ২০-২২ জানুৱাৰী, ২০২৩।

কিন্তু ভাইৰেল ভিডিঅ’টোত বিশেষভাৱে ইজতেমা দেখুওৱা হৈছে নে নাই সেয়া লজিকেলি ফেক্টছে স্বতন্ত্ৰভাৱে নিশ্চিত কৰিব পৰা নোৱাৰিলে।

সিদ্ধান্ত

বাংলাদেশৰ এই ভিডিঅ’টো বাংলাদেশৰ ৰাজনৈতিক পৰিঘটনা উদযাপন কৰি কলকাতাত ইছলামিক ৰেলী বুলি ভুল লেবেল লগোৱা হৈছে। এইটো কমেও ২০২৩ চনৰ ভিডিঅ’ আৰু দেশৰ শেহতীয়া সংঘাতৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।

(অনুবাদ: অনুৰাগ বৰুৱা)


0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।