মূল হিজবুল্লাৰ আক্ৰমণৰ পিছত ইজৰাইলী সেনাৰ 'কান্দি থকা' দৃশ্য হিচাপে পুৰণি ফটো ভাইৰেল

হিজবুল্লাৰ আক্ৰমণৰ পিছত ইজৰাইলী সেনাৰ 'কান্দি থকা' দৃশ্য হিচাপে পুৰণি ফটো ভাইৰেল

লেখক: চন্দন বৰগোহাঁই

অক্টোবৰ 21 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে ইজৰাইলী সেনাৰ এখন পুৰণি ফটো শ্বেয়াৰ কৰি হিজবুল্লাৰ শেহতীয়া আক্ৰমণৰ সৈতে মিছাকৈ জড়িত কৰিছে। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত) ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে ইজৰাইলী সেনাৰ এখন পুৰণি ফটো শ্বেয়াৰ কৰি হিজবুল্লাৰ শেহতীয়া আক্ৰমণৰ সৈতে মিছাকৈ জড়িত কৰিছে। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

২০০৪ চনৰ এই ফটোখনত ইজৰাইলী সেনাক ৰাফাৰ সমীপৰ এটা শৰণাৰ্থী শিবিৰত দেখা গৈছে। ইজৰাইল আৰু হিজবুল্লাৰ শেহতীয়া সংঘাতৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।

কি দাবী কৰা হৈছে?

হাতত অস্ত্ৰ লৈ তল মূৰ কৰি বহি থকা সামৰিক পোছাক পৰিহিত কেইজনমান লোকৰ এখন ফটো ইন্টাৰনেটত ভাইৰেল হৈ পৰিছে, ফটোখন শ্বেয়াৰ কৰি বহুতেই দাবী কৰিছে যে ইয়াত যোৱা ১৩ অক্টোবৰত ইজৰাইলৰ ওপৰত হিজবুল্লাই চলোৱা ড্ৰ’ন আক্ৰমণৰ পিছত ইজৰাইলী সেনাই “কান্দি থকা” দেখা গৈছে।

এক্স (পূৰ্বৰ টুইটাৰ)ত এজন ব্যৱহাৰকাৰীয়ে লিখিছে, “ইজৰাইলৰ সংবাদ মাধ্যম: যুদ্ধ আৰম্ভ হোৱাৰ পিছত এইটো হৈছে হিজবুল্লাৰ আটাইতকৈ ৰক্তাক্ত আৰু ভয়ংকৰ আক্ৰমণ।” পোষ্টটোৰ এটা আৰ্কাইভ কৰা সংস্কৰণ ইয়াত পোৱা যাব ।

আন এটা পোষ্টত (ইয়াত আৰ্কাইভ কৰা হৈছে ) কোৱা হৈছে, "ব্ৰেকিং: হিজবুল্লাহৰ হাছান নাছৰল্লাই চহীদ হোৱাৰ পূৰ্বে ভৱিষ্যদ্বাণী কৰি যোৱাৰ দৰে ইজৰাইলী সেনাই 'খুব কান্দিছে' বুলি জানিব পৰা গৈছে।" অসমীয়াতো একেধৰণৰ দাবীৰে এই ফটোখন ফেচবুকত শ্বেয়াৰ কৰা হৈছে ৷

ভাইৰেল ফটোখন শ্বেয়াৰ কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/স্ক্ৰীণশ্বট)

অৱশ্যে আমাৰ অনুসন্ধানত উক্ত ফটোখন ২০০৪ চনৰ আৰু ইজৰাইল আৰু হিজবুল্লাৰ মাজত সৃষ্টি হোৱা শেহতীয়া উত্তেজনাৰ সৈতে কোনো সম্পৰ্ক নাই বুলি জানিব পৰা যায়।

আমি কি বিচাৰি পালোঁ?

ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি আমি ষ্টক ইমেজ ৱেবছাইট আলামি (Alamy)-ত ফটোখন বিচাৰি পাওঁ। আলামিত উপলব্ধ তথ্য অনুসৰি ২০০৪ চনৰ ৩ এপ্ৰিলত এছ’চিয়েটেড প্ৰেছৰ বাবে অ’ডেড বেলিল্টিয়ে এই ফটোখন কেমেৰাত বন্দী কৰিছিল। ফটোখনৰ কেপচনত লিখা আছে যে ইয়াত পেলেষ্টাইনৰ দক্ষিণ গাজা ষ্ট্ৰিপৰ ৰাফাহ চহৰৰ এটা শৰণাৰ্থী শিবিৰত চলোৱা অভিযানৰ সময়ত ইজৰাইলী সেনা জোৱানক দেখা গৈছে: “২০০৪ চনৰ ৩ এপ্ৰিল, শনিবাৰে পুৱতি নিশা দক্ষিণ গাজা ষ্ট্ৰিপৰ ইজিপ্ত সীমান্তত থকা পেলেষ্টাইনৰ চহৰ ৰাফাৰ কাষত থকা ৰাফা শৰণাৰ্থী শিবিৰত সেনাৰ অভিযানৰ সময়ত সামৰিক বিশেষজ্ঞসকলে এটা ঘৰত আৱিষ্কাৰ কৰা এটা সুৰংগ পৰিদৰ্শন কৰি থকাৰ সময়ত ইজৰাইলী সেনাই অপেক্ষা কৰি আছে।’’

আলামিৰ ৱেবছাইটত এতিয়া ভাইৰেল হোৱা ফটোখনৰ ক্ৰেডিট এছ'চিয়েটেড প্ৰেছক দিয়া হৈছে, তাৰিখ ২০০৪ চনৰ ৩ এপ্ৰিল।(উৎস: আলামি/স্ক্ৰীণশ্বট) 

আমি এ পি নিউজৰুমৰ আৰ্কাইভতো ফটোখন লাভ কৰাৰ লগতে একেটা অভিযানৰ একেধৰণৰ আন একাধিক ফটো লাভ কৰোঁ য’ত ইজৰাইলী সেনাই জিৰণি লৈ দেখিবলৈ পোৱা যায়। ফটোসমূহৰ কেপচনত উল্লেখ কৰা মতে ইজৰাইলী সেনাই সময়ে সময়ে পেলেষ্টাইনী উগ্ৰপন্থীয়ে ইজিপ্তৰ পৰা গাজা ষ্ট্ৰিপলৈ অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক সৰবৰাহ কৰিবলৈ ব্যৱহাৰ কৰা সুৰংগ বিচাৰি উলিয়াই ধ্বংস কৰে।

২০০৪ চনৰ ৩ এপ্ৰিলত একেটা অভিযানৰ সময়ত ইজৰাইলী সেনাৰ একেধৰণৰ ফটো বন্দী কৰা হৈছিল।(উৎস: এ পি ফটো/স্ক্ৰীণশ্বট)

২০০৪ চনৰ ৭ এপ্ৰিলত এনবিচি নিউজে প্ৰকাশ কৰা এক প্ৰতিবেদন অনুসৰি ইজৰাইলৰ সেনাই অভিযানৰ সময়ত ইজিপ্ত আৰু গাজা ষ্ট্ৰিপৰ মাজৰ সীমান্তত কেইবাটাও "অস্ত্ৰ সৰবৰাহৰ সুৰংগ" বিচাৰি উলিয়াই ধ্বংস কৰিছিল, য'ত ৰাফাহ শৰণাৰ্থী শিবিৰ অৱস্থিত।

ইয়াৰ উপৰিও দ্য ইলেক্ট্ৰনিক ইনটিফাদা নামৰ এটা সংস্থাই ২০০৪ চনৰ ৮ এপ্ৰিলত প্ৰকাশ কৰা এক সাপ্তাহিক প্ৰতিবেদনত ২০০৪ চনৰ এপ্ৰিলৰ প্ৰথম সপ্তাহত ৰাফাহকে ধৰি গাজা ষ্ট্ৰিপৰ বিভিন্ন স্থানত ইজৰাইলে চলোৱা একাধিক সামৰিক অভিযানৰ কথা উল্লেখ কৰিছে।

হিজবুল্লাৰ শেহতীয়া ড্ৰ’ন আক্ৰমণ 

১৩ অক্টোবৰত হিজবুল্লাই চলোৱা ড্ৰ’ন আক্ৰমণে ইজৰাইলৰ বিন্যামিনা চহৰৰ সমীপৰ সামৰিক ঘাটিত আঘাত কৰাৰ পিছত ইজৰাইলৰ চাৰিজন সৈনিক নিহত হোৱাৰ লগতে ৬০ জন লোক আহত হয় বুলি এনপিআৰে প্ৰকাশ কৰিছে । জানিব পৰা মতে, ড্ৰ’নে ইজৰাইলৰ প্ৰতিৰক্ষা ক্ষেত্ৰ ভেদ কৰি গোলানি ব্ৰিগেডৰ ঘাটিৰ ডাইনিং হলত খুন্দা মাৰে। লেবাননৰ সামৰিক সংগঠনটোৱে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰি কয় যে ইজৰাইলে ১০ অক্টোবৰত বেইৰুটত কৰা আক্ৰমণৰ প্ৰতিশোধ হিচাপে তেওঁলোকে এই আক্ৰমণ চলায়।

সিদ্ধান্ত

ভাইৰেল ফটোখনত ২০০৪ চনৰ এপ্ৰিলত ৰাফাহ শৰণাৰ্থী শিবিৰত ইজৰাইলী সেনাই চলোৱা অভিযানৰ দৃশ্য দেখা গৈছে। ইজৰাইলত হিজবুল্লাই চলোৱা ড্ৰ’ন আক্ৰমণৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।