মূল মস্কোৰ পুৰণি ফটো তেল আভিভত আক্ৰমণ হিচাপে মিছাকৈ প্ৰচাৰ কৰা হৈছে

মস্কোৰ পুৰণি ফটো তেল আভিভত আক্ৰমণ হিচাপে মিছাকৈ প্ৰচাৰ কৰা হৈছে

লেখক: ৰাহুল অধিকাৰী

অক্টোবৰ 9 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
ইজৰাইলৰ তেল আভিভত সংঘটিত আক্ৰমণৰ ফটো বুলি দাবী কৰা ছ’চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত) ইজৰাইলৰ তেল আভিভত সংঘটিত আক্ৰমণৰ ফটো বুলি দাবী কৰা ছ’চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

ৰাছিয়াৰ মস্কোৰ ক্ৰকাছ চিটি হলত হোৱা আক্ৰমণৰ এখন পুৰণি ছবি তেল আভিভৰ এটা জ্বলি থকা অট্টালিকা হিচাপে মিছাকৈ প্ৰচাৰ কৰা হৈছে।

কি দাবী কৰা হৈছে?

ইজৰাইলৰ তেল আভিভত আক্ৰমণ হোৱা বুলি ছ’চিয়েল মিডিয়াত এখন ফটো ভাইৰেল হৈ পৰিছে। ২০২৪ চনৰ ৮ অক্টোবৰত এক্স (পূৰ্বৰ টুইটাৰ)ত শ্বেয়াৰ কৰা ফটোখনত নিশা এখন চহৰত এটা বিল্ডিঙত বিশাল অগ্নিকাণ্ডই আগুৰি ধৰা দেখা গৈছে।

ফটোখন শ্বেয়াৰ কৰি এজন ব্যৱহাৰকাৰীয়ে লিখিছে, “⚠️⭕️ জ্বলি উঠিছে তেল আভিভ 🔥।” এনে এটা পোষ্টে ৩৭০০ লাইক আৰু ৪৩ হাজাৰৰো অধিক ভিউ লাভ কৰিছে। এনে পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত, ইয়াত, আৰু ইয়াত চাব পাৰিব৷ 

ছ’চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে এই দাবীটো মিছা। ২০২৪ চনৰ মাৰ্চ মাহত তোলা এই ভাইৰেল ফটোখনত ৰাছিয়াৰ মস্কোৰ ক্ৰ’কাছ চিটি হলত সংঘটিত এক আক্ৰমণৰ দৃশ্য দেখা গৈছে।

আমি কি বিচাৰি পালোঁ?

ভাইৰেল ছবিখনত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি দেখা গ’ল যে ২০২৪ চনৰ মাৰ্চ মাহত ৰাছিয়াৰ কেইবাটাও সংবাদ মাধ্যমে ফটোখন প্ৰকাশ কৰিছিল, উক্ত প্ৰতিবেদনসমূহৰ ইয়াত ৰাছিয়াৰ উত্তৰ-পশ্চিম মস্কোৰ ক্ৰ’কাছ চিটি হলৰ কনচাৰ্ট ভেন্যুত সংঘটিত আক্ৰমণৰ দৃশ্য দেখা গৈছে। 

ৰাছিয়াৰ চৰকাৰী সংবাদ সংস্থা আৰআইএ নভোষ্টিৰ ২০২৪ চনৰ ২২ মাৰ্চত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ছদ্মবেশত অহা কমেও তিনিজন ব্যক্তিয়ে চিটি হলত গুলীচালনা কৰি গ্ৰেনেড আৰু বোমা নিক্ষেপ কৰে, যাৰ ফলত অগ্নিকাণ্ডৰ সৃষ্টি হয়। প্ৰতিবেদনটোত বিভিন্ন কোণৰ পৰা অট্টালিকাটোত জুই জ্বলি থকা কেইবাটাও ভিডিঅ’ সন্নিবিষ্ট কৰা হৈছিল।

RIA Novosti-ৰ প্ৰতিবেদনত ফটোখনত ৰাছিয়াৰ মস্কোত সংঘটিত আক্ৰমণ দেখা গৈছে বুলি উল্লেখ কৰা হৈছে। (উৎস: RIA Novosti/স্ক্ৰীণশ্বট)

Lenta.ru-ত একেখন ছবি প্ৰকাশ কৰা হৈছিল আৰু ২২ মাৰ্চত পিকনিক বেণ্ডৰ কনচাৰ্টৰ পূৰ্বে এই কাণ্ড সংঘটিত হোৱা বুলি প্ৰকাশ কৰিছিল। ইউৰোময়দান প্ৰেছ নামৰ ইউক্ৰেইনৰ এটা ৱেবছাইটেও ছবিখন প্ৰকাশ কৰিছিল, য'ত একেই কথা উল্লেখ কৰা হৈছিল। 

বিবিচিয়ে ২৪ মাৰ্চত প্ৰকাশ কৰা অনুসৰি মস্কোৰ ক্ৰকাছ চিটি হলত বন্দুকধাৰীয়ে প্ৰৱেশ কৰি গুলীচালনা কৰিছিল আৰু তাৰ পিছত তাত জুই লগাই দিয়ে। কমেও ১৩৭ জন লোকৰ মৃত্যু হয়, আৰু ১৪০ জনতকৈ অধিক লোক আহত হয়। ইছলামিক ষ্টেটে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰি পিছত এই কাণ্ডৰ এটা ক্লিপ প্ৰকাশ কৰিছিল। প্ৰতিবেদনটোত লগতে কোৱা হৈছে যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে এই আক্ৰমণৰ সৈতে জড়িত চাৰিওজন বন্দুকধাৰীক গ্ৰেপ্তাৰ কৰা বুলি উল্লেখ কৰিছিল।

সিদ্ধান্ত

ৰাছিয়াৰ ক্ৰকাছ চিটি হলত সংঘটিত আক্ৰমণৰ এখন পুৰণি ফটো হামাছে তেল আভিভত চলোৱা ৰকেট আক্ৰমণত বিধ্বস্ত হোৱা এটা বিল্ডিঙৰ ফটো বুলি মিছা দাবীৰে শ্বেয়াৰ কৰা হৈছে।

(অনুবাদ: চন্দন বৰগোহাঁই)

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।