মূল মণিপুৰত প্ৰতিবাদকাৰীয়ে ভাৰতৰ পতাকাক অপমান কৰা বুলি মিছা দাবীৰে ভিডিঅ’ প্ৰচাৰ

মণিপুৰত প্ৰতিবাদকাৰীয়ে ভাৰতৰ পতাকাক অপমান কৰা বুলি মিছা দাবীৰে ভিডিঅ’ প্ৰচাৰ

লেখক: চন্দন বৰগোহাঁই

ছেপ্তেম্বৰ 12 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
ছ’চিয়েল মিডিয়াত মণিপুৰৰ চৰকাৰী কাৰ্যালয়ৰ পৰা ভাৰতৰ পতাকা আঁতৰোৱা দেখা গৈছে বুলি ভুৱা দাবীৰে ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত) ছ’চিয়েল মিডিয়াত মণিপুৰৰ চৰকাৰী কাৰ্যালয়ৰ পৰা ভাৰতৰ পতাকা আঁতৰোৱা দেখা গৈছে বুলি ভুৱা দাবীৰে ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

মিছা

প্ৰতিবাদকাৰীসকলে এখন পুৰণি মেইটি পতাকা আঁতৰাই তাৰ ঠাইত এখন নতুন পতাকা উত্তোলন কৰিছিল। মণিপুৰ আৰক্ষী আৰু থৌবালৰ উপায়ুক্তই দাবীটো খণ্ডন কৰিছে।

কি দাবী কৰা হৈছে?

এটা চৰকাৰী কাৰ্যালয়ৰ ছাদৰ পৰা একাংশ লোকে এখন পতাকা আঁতৰাই তাৰ ঠাইত আন এখন পতাকা লগাই থকা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি মণিপুৰত মেইটি সম্প্ৰদায়ৰ লোকে ভাৰতৰ জাতীয় পতাকাখন বলপূৰ্বকভাৱে আঁতৰাই পেলোৱা বুলি দাবী কৰা হৈছে। ভিডিঅ’টোত দেখা পোৱা ছাইনব’ৰ্ডৰ পৰা গম পোৱা যায় যে ভিডিঅ’টো মণিপুৰৰ থৌবালৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত বন্দী কৰা হৈছিল।

ভিডিঅ'টোত শ্বেয়াৰ কৰি মেইটিসকলে ভাৰতৰ জাতীয় পতাকাৰ ঠাইত কাৰ্যালয়টোত এখন "মেইইটি বিচ্ছিন্নতাবাদী পতাকা" উত্তোলন কৰা বুলি দাবী কৰা হৈছে। ভিডিঅ'টোৰ স্ক্ৰীণত এইদৰে লিখা আছে, "মেইটেই বিদ্ৰোহীয়ে এটা চৰকাৰী কাৰ্যালয়ৰ ওপৰৰ পৰা ভাৰতৰ জাতীয় পতাকাখন আঁতৰাই তাৰ ঠাইত মেইটি বিচ্ছিন্নতাবাদী পতাকা ছালাই তাৰেটৰ আঁৰি দিছে।" এক্সত শ্বেয়াৰ কৰা এনে পোষ্টৰ আৰ্কাইভ সংস্কৰণ ইয়াত আৰু ইয়াত পোৱা যাব।


ভাইৰেল ভিডিঅ'টো শ্বেয়াৰ কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/স্ক্ৰীণশ্বট)

অৱশ্যে ভিডিঅ’টোত ভাৰতৰ পতাকাখন আঁতৰাই পেলোৱা দেখুওৱা নাই। বৰঞ্চ ইয়াত প্ৰতিবাদকাৰীয়ে এটা চৰকাৰী কাৰ্যালয়ৰ মূল গেটৰ পৰা এখন পুৰণি ছালাই তাৰেট পতাকা আঁতৰাই তাৰ ঠাইত নতুন পতাকা লগোৱা দেখা গৈছে।

আমি কি বিচাৰি পালোঁ?

ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি আমি এটা এক্স পোষ্ট (ইয়াত আৰ্কাইভ কৰা হৈছে ) লাভ কৰোঁ য'ত ভাইৰেল ভিডিঅ'টোৰ স্ক্ৰীণশ্বট আৰু এজন ব্যক্তিয়ে কথা কৈ থকা এটা ১৭ ছেকেণ্ডৰ ক্লিপ আছে। পোষ্টটোত ভাইৰেল দাবীটো খণ্ডন কৰা হৈছে আৰু কোৱা হৈছে যে এখন পুৰণি, ফাটি যোৱা ছালাই তাৰেট পতাকা (মেইটি সম্প্ৰদায়ৰ সাতটা ভাগক প্ৰতিনিধিত্ব কৰা পতাকা) আঁতৰাই তাৰ ঠাইত নতুন পতাকা লগোৱা হৈছে। 

এক্স পোষ্টটোৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/স্ক্ৰীণশ্বট)

ক্লিপটোৰ ০:০৪-মাৰ্কত কেমেৰাটো ওপৰলৈ টিল্ট আপ কৰে আৰু দেখা যায় যে মানুহজন ভাইৰেল ভিডিঅ’টোত দেখা একেটা চৰকাৰী কাৰ্যালয়ৰ তলত থিয় হৈ আছে। মেইটি ভাষাত তেওঁ কোৱা শুনা যায়, "ছালাই তাৰেটৰ পতাকাখন তেনেকৈ উত্তোলন কৰাটো কোনেও নিবিচাৰিব (অনুবাদ কৰা হৈছে)। "

লজিকেলী ফেক্টছে ভিডিঅ’টোৰ এটা দীঘলীয়া আৰু স্পষ্ট সংস্কৰণত লাভ কৰিবলৈ সক্ষম হয়, য’ত আমি লক্ষ্য কৰিলোঁ যে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ চাদত ওলমি থকা পতাকাখন ভাৰতৰ জাতীয় পতাকাৰ সৈতে নিমিলে। ত্ৰিৰংগাত তিনিটা ৰঙৰ বিপৰীতে ইয়াত সাতটা ৰং আছে।

পতাকাৰ স্ক্ৰীণশ্বট। (উৎস: লজিকেলী ফেক্টছে লাভ কৰিছে)

আমি দেখিলোঁ যে ২০২৪ চনৰ ৯ ছেপ্টেম্বৰত সংবাদ প্ৰতিষ্ঠান ইষ্টম’জ’ৱে এই ঘটনাটোৰ বাতৰি প্ৰকাশ কৰিছিল। প্ৰতিবেদনটোৰ মতে এই ঘটনাটো থৌবাল জিলা কাৰ্যালয়ত সংঘটিত হৈছিল, আৰু ইয়াত ভাৰতৰ জাতীয় পতাকা আঁতৰোৱা দেখা নাযায়। থৌবালৰ উপায়ুক্ত এ সুভাষ সিঙৰ উদ্ধৃতিৰে প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে, "এইখন প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীয়ে আঁতৰাই দিয়া পুৰণি ছালাই তাৰেটৰ পতাকা আছিল আৰু তাৰ ঠাইত তেওঁলোকে এখন নতুন পতাকা লগাই দিছিল। পিছত সেই পতাকাখন আঁতৰাই দিয়া হৈছে। আমি সাধাৰণতে মূল গেটত পতাকা উত্তোলন নকৰো। ত্ৰিৰংগাখন মূল কাৰ্যালয় চৌহদত উত্তোলন কৰা হয়।" 

ভিডিঅ’ ভাইৰেল হোৱাৰ পাছত মণিপুৰ আৰক্ষীয়েও এক্সত (ইয়াত আৰ্কাইভ কৰা হৈছে) এই দাবীটো ভুৱা বুলি খণ্ডন কৰে। তেওঁলোকে লিখিছে, "প্ৰতিবাদকাৰী ছাত্ৰসকলে এখন পুৰণি আৰু ছালাই তাৰেটৰ আঁতৰাবলৈ চেষ্টা কৰিছিল। আৰক্ষীয়ে গোটটোক ছত্ৰভংগ দিয়াৰ পিছত গেটখনৰ পৰা দুয়োখন পতাকা আঁতৰাই পেলোৱা হয়।"

ইম্ফলৰ এজন সাংবাদিকে লজিকেলী ফেক্টছক জনোৱা মতে এই ঘটনাটো ৯ ছেপ্টেম্বৰত সংঘটিত হৈছিল। দ্য প্ৰিন্টৰ মতে, ৯ ছেপ্টেম্বৰত মহিলা আৰু ছাত্ৰ-ছাত্ৰীকে ধৰি একাধিক প্ৰতিবাদকাৰীয়ে কটকটিয়া পহৰা থকা থৌবাল জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ বাহিৰত একত্ৰিত হৈছিল আৰু ৰাজ্যত নিযুক্তিপ্ৰাপ্ত কেন্দ্ৰীয় বাহিনী আৰু মূল বিষয়াসকলক অপসাৰণ কৰাৰ দাবীত ৰাজহুৱা সম্পত্তি ক্ষতিসাধন কৰিছিল। 

থৌবাল জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ গেটৰ পুৰণি ভিজুৱেল

আমি কাৰ্যালয়টোৰ আগৰ দৃশ্য বিচাৰি চাওঁ আৰু ২০২৩ চনৰ ২৭ ছেপ্টেম্বৰত হোৱা এটা প্ৰতিবাদ সন্দৰ্ভত স্থানীয় সংবাদ প্ৰতিষ্ঠান ইম্ফল টাইমছত প্ৰকাশিত এটা ভিডিঅ’ ৰিপ’ৰ্ট লাভ কৰোঁ। ভিডিঅ’টোৰ ২:০৪ টাইমষ্টেম্পত আমি দেখিবলৈ পাওঁ যে এতিয়া ভাইৰেল ভিডিঅ’টোত দেখাৰ দৰে মূল গেটখনৰ ওপৰত তেতিয়া কোনো পতাকা নাছিল।  

ইম্ফল টাইমছৰ ভিডিঅ’ ৰিপ’ৰ্টৰ স্ক্ৰীণশ্বট। (উৎস: ইউটিউব/ইম্ফল টাইমছ/স্ক্ৰীণশ্বট)

ইয়াৰ বিপৰীতে ২০২৩ চনৰ ২৯ নৱেম্বৰত স্থানীয় সংবাদ প্ৰতিষ্ঠান ইম্ফল টুডে (ইয়াত আৰ্কাইভ কৰা হৈছে)-ত প্ৰকাশিত আন এটা ভিডিঅ’ ৰিপ’ৰ্টত গেটখনৰ ওপৰত ভাইৰেল ভিডিঅ’টোত দেখাৰ দৰে একেধৰণৰ এখন পতাকা দেখা গৈছে। ইয়াৰ পৰা অনুমান কৰিব পাৰি যে ২০২৩ চনৰ ২৭ ছেপ্টেম্বৰৰ পৰা নৱেম্বৰৰ ভিতৰত উক্ত পতাকাখন উত্তোলন কৰা হৈছিল।  

ইম্ফল টুডেৰ ভিডিঅ’ ৰিপ’ৰ্টৰ স্ক্ৰীণশ্বট। (উৎস: ইউটিউব/ইম্ফল টুডে/স্ক্ৰীণশ্বট)

মণিপুৰৰ শেহতীয়া হিংসা

বিগত ১ ছেপ্টেম্বৰৰ পৰা মণিপুৰত পুনৰ হিংসাত্মক পৰিস্থিতি আৰম্ভ হৈছে আৰু ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত কমেও ১১ জন লোকৰ মৃত্যু হৈছে বুলি দ্য ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশ পাইছে। ৰাজ্যৰ গৃহ বিভাগে ১৫ ছেপ্টেম্বৰলৈকে ইণ্টাৰনেট সেৱা (ইয়াত আৰ্কাইভ কৰা হৈছে ) বন্ধ কৰি ৰাখিছে, আৰু তিনিখন জিলাত অনিৰ্দিষ্টকালীন সান্ধ্য আইন জাৰি কৰিছে। 

সিদ্ধান্ত

মণিপুৰত শেহতীয়াকৈ হোৱা কেতবোৰ প্ৰতিবাদ আৰু হিংসাত্মক পৰিস্থিতিৰ মাজতে একাংশ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ শ্বেয়াৰ কৰি মেইটি সম্প্ৰদায়ৰ লোকে এটা চৰকাৰী কাৰ্যালয়ৰ পৰা ভাৰতৰ জাতীয় পতাকা আঁতৰাই দিয়া বুলি মিছাকৈ দাবী কৰিছে। ভিডিঅ’টোত আচলতে দেখা গৈছে যে প্ৰতিবাদকাৰীয়ে এখন পুৰণি ছালাই তাৰেটৰ পতাকা আঁতৰাই এখন নতুন পতাকা লগাইছে।

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।