মূল পুৰণি ভিডিঅ’ নেপালত বিমান দুৰ্ঘটনাৰ খন্তেক পূৰ্বে 'য়েটি এয়াৰলাইন্স'ৰ এয়াৰ হোষ্টেছে শ্বেয়াৰ কৰা ভিডিঅ’ বুলি দাবী কৰা হৈছে

পুৰণি ভিডিঅ’ নেপালত বিমান দুৰ্ঘটনাৰ খন্তেক পূৰ্বে 'য়েটি এয়াৰলাইন্স'ৰ এয়াৰ হোষ্টেছে শ্বেয়াৰ কৰা ভিডিঅ’ বুলি দাবী কৰা হৈছে

লেখক: অনুৰাগ বৰুৱা

ফেব্ৰুৱাৰী 7 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
 পুৰণি ভিডিঅ’ নেপালত বিমান দুৰ্ঘটনাৰ খন্তেক পূৰ্বে 'য়েটি এয়াৰলাইন্স'ৰ এয়াৰ হোষ্টেছে শ্বেয়াৰ কৰা ভিডিঅ’ বুলি দাবী কৰা হৈছে

ফেক্ট চেক

বিভ্ৰান্তিকৰ

এই ভিডিঅ’টো ২০২২ চনৰ ছেপ্টেম্বৰত 'য়েটি এয়াৰলাইন্স'ৰ এয়াৰ হোষ্টেছ এগৰাকীয়ে আপলোড কৰিছিল । ২০২৩ চনৰ নেপালৰ দুৰ্ঘটনাৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই ।

পৃষ্ঠভূমি

২০২৩ চনৰ ১৫ জানুৱাৰীত কাঠমাণ্ডুৰ পৰা নেপালৰ পোখৰালৈ ৭২ জন যাত্ৰী আৰু ক্ৰু মেম্বাৰ কঢ়িয়াই অনা 'য়েটি এয়াৰলাইন্স'ৰ বিমান এখন দুৰ্ঘটনাগ্ৰস্ত হৈছিল । তাৰ পাছৰে পৰা ছ’চিয়েল মিডিয়াত একাধিক ভিডিঅ’ এই ভয়ানক দুৰ্ঘটনাটোৰ বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে ।

এটা ভাইৰেল ভিডিঅ’ত এগৰাকী এয়াৰ হোষ্টেছে নিজকে বিমানৰ ভিতৰত ৰেকৰ্ডিং কৰা দেখা গৈছে, যিটো ভিডিঅ’ এই দাবীৰ সৈতে শ্বেয়াৰ কৰা হৈছে যে নেপালত হোৱা দুৰ্ঘটনাৰ “কিছু মুহূৰ্তৰ আগতে” ৰেকৰ্ড কৰা এই ভিডিঅ’টোত 'য়েটি এয়াৰলাইন্স'ৰ এগৰাকী এয়াৰ হোষ্টেছক দেখা গৈছে । উল্লিখিত ভিডিঅ’টো অসমীয়া চেটেলাইট নিউজ চেনেল ডিৱাই৩৬৫ৰ অফিচিয়েল ফেচবুক পেজে ২০২৩ চনৰ ১৬ জানুৱাৰীত এইটো দাবীৰে পোষ্ট কৰি প্ৰায় ৩৮২ হেজাৰ ভিউজ লাভ কৰিছিল । Wion News, India Times, আৰু Times Nowয়ে একেই দাবীৰে ভিডিঅ’টোৰ বিষয়ে বাতৰি প্ৰকাশ কৰি এয়াৰ হোষ্টেছগৰাকীৰ নাম 'অশিন আলে মাগাৰ' বুলি উল্লেখ কৰিছে। অৱশ্যে ভিডিঅ’টো পুৰণি আৰু নেপালৰ দুৰ্ঘটনাৰ সৈতে কোনো সম্পৰ্ক নাই ।

প্ৰকৃত তথ্য

২০২৩ চনৰ ১৫ জানুৱাৰীত নেপালৰ অসামৰিক বিমান পৰিবহণ কৰ্তৃপক্ষই তেওঁলোকৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত 'য়েটি এয়াৰলাইন্স'ৰ দুৰ্ঘটনা সম্পৰ্কে এক প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ কৰিছিল । আমি বিজ্ঞপ্তিটো নেপালী ভাষাৰ পৰা অনুবাদ কৰিলোঁ আৰু অৱগত হ'লোঁ যে ইয়াত মাগাৰক ক্ৰু মেম্বাৰৰ এজন হিচাপে তালিকাভুক্ত কৰা হৈছে ।

২০২৩ চনৰ ১৭ জানুৱাৰীৰ সেই ভিডিঅ’টো সন্দৰ্ভত 'হিন্দুস্তান টাইমছ'ৰ এক প্ৰতিবেদনত নিশ্চিত কৰা হৈছে যে এয়াৰ হোষ্টেছগৰাকী এগৰাকী 'টিকটকাৰ'ও আছিল । আমি মাগাৰৰ টিকটক প্ৰফাইলটো বিচাৰি উলিয়াই দেখিলোঁ যে ভাইৰেল ভিডিঅ’টো তেওঁৰ প্ৰফাইলত ২০২২ চনৰ ১১ ছেপ্টেম্বৰতে আপলোড কৰা হৈছিল, যিটোৱে নিশ্চিত কৰিছিল যে ২০২৩ চনৰ ১৫ জানুৱাৰীত হোৱা দুৰ্ঘটনাৰ সৈতে সেইটো ভিডিঅ’ৰ কোনো সম্পৰ্ক নাই ।

২০২৩ চনৰ ১৭ জানুৱাৰীৰ 'এনডিটিভি'ৰ এক প্ৰতিবেদনত এই ভিডিঅ'টো দুৰ্ঘটনাৰ কিছু মিনিট আগতে ৰেকৰ্ড কৰা হোৱা নাছিল বুলিও নিশ্চিত কৰা হৈছে আৰু শিৰোনামত এইদৰে উল্লেখ কৰা হৈছে: "Viral Video Of Nepal Flight Air Hostess Is Old, Not 'Minutes Before Crash'।"

সিদ্ধান্ত

ভাইৰেল ভিডিঅ’টো সঁচাকৈয়ে দুৰ্ভাগ্যজনকভাৱে 'য়েটি এয়াৰলাইন্স'ৰ বিমানখনৰ এয়াৰ হোষ্টেছ 'অশ্বিন আলে মাগাৰ'ৰ হয় । কিন্তু ভিডিঅ’টো পুৰণি আৰু ২০২২ চনৰ ছেপ্টেম্বৰৰ মাহৰে হয় । এই ভিডিঅ'টো শেহতীয়াকৈ নেপালত সংঘটিত হোৱা দুৰ্ঘটনাৰ ঠিক আগতে 'য়েটি এয়াৰলাইন্স'ৰ এগৰাকী এয়াৰ হোষ্টেছে ৰেকৰ্ড কৰিছিল বুলি কৰা দাবীটো শুদ্ধ নহয় । সেয়েহে আমি দাবীটোক বিভ্ৰান্তিকৰ বুলি চিহ্নিত কৰিছো ।

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।