পলিং এজেণ্টে ভোটাৰক প্ৰভাৱিত কৰা পুৰণি ভিডিঅ’ ২০২৪ৰ নিৰ্বাচনৰ সৈতে জড়িত

লেখক: উম্মে কুলচুম
এপ্ৰিল 29 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
পলিং এজেণ্টে ভোটাৰক প্ৰভাৱিত কৰা পুৰণি ভিডিঅ’ ২০২৪ৰ নিৰ্বাচনৰ সৈতে জড়িত

ভোটগ্ৰহণ কেন্দ্ৰত এগৰাকী মহিলাৰ বাবে পলিং এজেণ্টে ভোটদান কৰা ভিজুৱেল সম্বলিত ছ'ছিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: X/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান বিভ্ৰান্তিকৰ

চলি থকা ভাৰতীয় সাধাৰণ নিৰ্বাচনৰ পূৰ্বে ২০১৯ চনৰ মে’ মাহৰ পৰাই এই ফুটেজ অনলাইনত যোগে উপলব্ধ।

ক্লেইম আইডি b7b17be0

দাবী কি?

চলি থকা ভাৰতীয় নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীক ভোট দিবলৈ এইদৰে বাধ্য কৰোৱা হৈছে বুলি ইলেক্ট্ৰনিক ভোটিং মেচিন (ইভিএম)ত দুগৰাকী মহিলা ভোটাৰক ভোটদান কৰা দেখা পোৱা এটা ভিডিঅ’ অনলাইন যোগে ভাইৰেল হৈ পৰিছে । 

উত্তৰ প্ৰদেশ কংগ্ৰেছৰ অফিচিয়েল এক্স (পূৰ্বৰ টুইটাৰ) একাউণ্টে এই ভিডিঅ’টো শ্বেয়াৰ কৰি লিখিছে, “এই ভিডিঅ’টো দেশত ন্যায্য নিৰ্বাচন অনুষ্ঠিত কৰাৰ অভিনয় কৰি শুই থকা @ECISVEEPৰ মুখত এক জোৰেৰে মৰা চৰ। বিজেপি পাৰ্টিৰ ৪০০ পাৰ হোৱাৰ সপোন নিৰ্বাচন আয়োগৰ মাজেৰে যায় নেকি? ইমানেই আত্মবিশ্বাসেৰে জপ কৰি আছে যে ৪০০ পাৰ হ’ব।” এই পোষ্টটো ১৫৬ হাজাৰতকৈ অধিক বাৰ দৰ্শন কৰা হৈছে। পোষ্টবোৰৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত, ইয়াত আৰু ইয়াত পোৱা যাব।

অনলাইন যোগে কৰা দাবীৰ স্ক্ৰীণশ্বট। (উৎস: X/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে, লজিকেলী ফেক্টছে ভিডিঅ’টো কমেও পাঁচ বছৰ পুৰণি বুলি জানিব পাৰিছে।

আমি কি পাইছিলোঁ

ভাইৰেল ভিডিঅ’টোৰ কীৱৰ্ড ব্যৱহাৰ কৰি ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলে হিন্দুস্তান টাইমছৰ ৰাজনৈতিক সম্পাদক বিনোদ শৰ্মাই ২০১৯ চনৰ ১৫ মে’ত শ্বেয়াৰ কৰা এটা এক্স পোষ্ট (ইয়াত আৰ্কাইভ কৰা হৈছে) পোৱা গ’ল।পোষ্টটোত একেটা ভাইৰেল ভিডিঅ’ আছিল। কেপচনত লিখা আছিল, “আন এক কৃতিত্ব #ElectionCommission. ক’বলৈ গ’লে শ্বকিং।”

আমি ২০১৯ চনৰ মে’ মাহত একেটা ভিডিঅ’ শ্বেয়াৰ কৰা আন এটা এক্স পোষ্ট (ইয়াত আৰ্কাইভ কৰা)ও পাইছিলোঁ। মন কৰিবলগীয়া যে ভাৰতত ২০১৯ চনৰ এপ্ৰিলৰ পৰা মে’ মাহৰ ভিতৰত সাতটা পৰ্যায়ত অনুষ্ঠিত হোৱা সংসদীয় নিৰ্বাচন অনুষ্ঠিত হৈছিল। লজিকেলী ফেক্টছে উক্ত ভিডিঅ’টোৰ স্থান বা তাৰিখ স্বতন্ত্ৰভাৱে  নিশ্চিত কৰিব পৰা নাছিল, কিন্তু ই স্পষ্টভাৱে চলি থকা নিৰ্বাচনৰ পূৰ্বৰ হয়।

সিদ্ধান্ত

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত বিজেপিৰ সপক্ষে ভোটদান কৰিবলৈ ভোটাৰক প্ৰভাৱিত কৰা বুলি দাবী কৰি পাঁচ বছৰ পুৰণি এটা ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে। গতিকে আমি এই দাবীক বিভ্ৰান্তিকৰ বুলি চিহ্নিত কৰোঁ।

(অনুবাদ: অনুৰাগ বৰুৱা)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।