মূল বাংলাদেশত ভাৰতীয় সামগ্ৰী বৰ্জনৰ প্ৰচাৰৰ পুৰণি ভিডিঅ' শেহতীয়া হিচাপে শ্বেয়াৰ কৰা হৈছে

বাংলাদেশত ভাৰতীয় সামগ্ৰী বৰ্জনৰ প্ৰচাৰৰ পুৰণি ভিডিঅ' শেহতীয়া হিচাপে শ্বেয়াৰ কৰা হৈছে

লেখক: চন্দন বৰগোহাঁই

আগষ্ট 20 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
বাংলাদেশত ভাৰতীয় সামগ্ৰী বৰ্জনৰ প্ৰচাৰৰ পুৰণি ভিডিঅ' শেহতীয়া হিচাপে শ্বেয়াৰ কৰা হৈছে ২০২৪ চনৰ ফেব্ৰুৱাৰীৰ এটা ভিডিঅ’ বাংলাদেশত ‘ভাৰতীয় সামগ্ৰী বৰ্জন’ৰ শেহতীয়া অভিযান বুলি ছ’চিয়েল মিডিয়াত ভুলকৈ প্ৰচাৰ কৰা হৈছে। (উৎস: এক্স/লজিকেলী ফেক্টছ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

বিভ্ৰান্তিকৰ

ভাইৰেল ভিডিঅ'টো বাংলাদেশৰ নতুন অন্তৱৰ্তীকালীন চৰকাৰ গঠনৰ আগৰ হয় আৰু ইয়াত ২০২৪ চনৰ ফেব্ৰুৱাৰীত এটা ৰাজনৈতিক দলে চলোৱা ‘বয়কট' অভিযান দেখা গৈছে।

কি দাবী কৰা হৈছে?

ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে প্ৰচাৰিত এটা ভিডিঅ’ত এজন লোকে বাংলাদেশৰ এখন বজাৰত দোকানে দোকানে গৈ ভাৰতীয় সামগ্ৰী বিক্ৰী নকৰিবলৈ আহ্বান জনাই থকা দেখা গৈছে। ছয় মিনিটতকৈ অধিক সময়ৰ ভিডিঅ’টোত ব্যক্তিজনে প্ৰচাৰ পত্ৰিকা বিতৰণ কৰি ভাৰতীয় সামগ্ৰী বৰ্জনৰ পোষকতা কৰি বাংলাত কৈছে, “আমি ভাৰতীয় সামগ্ৰী বয়কট অভিযানত আহিছো।”

ভিডিঅ’টো শ্বেয়াৰ কৰি ইয়াত বাংলাদেশত শেহতীয়াকৈ নৱগঠিত অন্তৱৰ্তীকালীন চৰকাৰে দেশখনত ভাৰতীয় সামগ্ৰীৰ বিক্ৰী নিষিদ্ধ কৰাৰ প্ৰচেষ্টাক প্ৰতিফলিত কৰা বুলি দাবী কৰা হৈছে।

এজন এক্স ব্যৱহাৰকাৰীয়ে ভিডিঅ’টো (ইয়াত আৰ্কাইভ কৰা হৈছে) শ্বেয়াৰ কৰি হিন্দীত লিখিছে, “বাংলাদেশৰ নতুন চৰকাৰে ‘ভাৰতীয় সামগ্ৰী বৰ্জন’ৰ আনুষ্ঠানিক অভিযান আৰম্ভ কৰিছে। বিএনপিৰ নেতাসকলে চহৰসমূহ ভ্ৰমণ কৰি দোকানীসকলক পেৰাচুট অইল, ডাবৰ হানি, উজালা ৱাশ্বিং পাউদাৰৰ দৰে ভাৰতীয় সামগ্ৰী বিক্ৰী বন্ধ কৰিবলৈ কয়। তেওঁলোকে লগতে আদানীকো বয়কট কৰিবলৈ আহ্বান জনায়। ভাৰত চৰকাৰে এতিয়া বুজিব লাগে যে বাংলাদেশ এতিয়া আমাৰ বাবে পূব সীমান্তত পাকিস্তানতকৈও ডাঙৰ ভাবুকিলৈ পৰিণত হৈছে। বাংলাদেশক নিজৰ ভাষাতে উত্তৰ দিয়া উচিত। (হিন্দীৰ পৰা অনূদিত)"

আন এজন এক্স ব্যৱহাৰকাৰীয়ে ভিডিঅ'টো (ইয়াত আৰ্কাইভ কৰা হৈছে) একেধৰণৰ কেপচনৰ সৈতে শ্বেয়াৰ কৰি লগতে কয় যে "ভাৰতীয়সকলে পাহৰি নালাগে পাকিস্তানৰ বাবে আটাইতকৈ ডাঙৰ ঠেলাটো বঙালী মুছলমানৰ পৰাই আহিছিল।" এই পোষ্টটোৱে ৪ লাখ ৪৬ হাজাৰতকৈ অধিক ভিউ, ৬২০০ তকৈ অধিক লাইক আৰু ৪ হাজাৰ ৰিশ্বেয়াৰ লাভ কৰিছে। ভিডিঅ’টো একেধৰণৰ দাবীৰে ফেচবুকতো ভাইৰেল হৈ আছে ইয়াত আৰু ইয়াত আৰ্কাইভ কৰা সংস্কৰণ চাব পাৰিব। একেধৰণৰ দাবীৰে অসমীয়াত শ্বেয়াৰ কৰা পোষ্ট ইয়াত আৰ্কাইভ কৰা হৈছে।

ভাইৰেল ভিডিঅ’টো শ্বেয়াৰ কৰা ছ’চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে আমাৰ অনুসন্ধানত ভিডিঅ’টো বাংলাদেশত অন্তৱৰ্তীকালীন চৰকাৰ গঠনৰ পূৰ্বৰে পৰা উপলব্ধ বুলি জানিব পৰা গ’ল আৰু ইয়াত ২০২৪ চনৰ ফেব্ৰুৱাৰীত ‘গণ অধিকাৰ পৰিষদ’ নামৰ এটা ৰাজনৈতিক দলৰ এক বয়কট প্ৰচাৰ অভিযানৰ দৃশ্য দেখা গৈছে।

আমি কি বিচাৰি পালোঁ?

ৰিভাৰ্ছ ইমেজ চাৰ্চৰ জৰিয়তে আমি ২০২৪ চনৰ ২২ ফেব্ৰুৱাৰীত তমন্না ফাৰ্ডুছ শিখা (ইয়াত আৰ্কাইভ কৰা হৈছে) নামৰ এটা ফেচবুক পেজত শ্বেয়াৰ কৰা একেটা ভিডিঅ’ (ইয়াত আৰ্কাইভ কৰা হৈছে) লাভ কৰোঁ। বেংগলীত লিখা কেপচনত কোৱা হৈছে, ‘‘দোকানত গৈ ভাৰতীয় পণ্য বিক্ৰী নকৰিবলৈ সতৰ্ক কৰি দিয়া হৈছে।’’

তমন্না ফাৰ্দুছ শিখা 'গণ অধিকাৰ পৰিষদ' নামৰ এটা ৰাজনৈতিক দলৰ সৈতে জড়িত। নেত্ৰীগৰাকীৰ নামত থকা আন এটা ফেচবুক একাউণ্টত আমি লাভ কৰোঁ য’ত তেওঁ নিজকে দলটোৰ “জ্যেষ্ঠ সহকাৰী আহ্বায়ক” হিচাপে পৰিচয় দিছে।

আমি শিখাৰ ফেচবুক পেজটো ভালদৰে চাই ভাইৰেল ভিডিঅ’টোত থকা ব্যক্তিজনৰ একাধিক ভিডিঅ’ বিচাৰি পাওঁ। এটা ভিডিঅ'ত (ইয়াত আৰ্কাইভ কৰা হৈছে) তাৰেক ৰহমান নামেৰে চিনাক্ত কৰা ব্যক্তিজনক এটা ৰাজহুৱা ভাষণ দি থকা দেখা গৈছে, ভিডিঅ’টোত তেওঁৰ পিছফালে 'গণ অধিকাৰ পৰিষদ'ৰ এখন প্লেকাৰ্ড দেখা যায়।

তাৰেক ৰহমান, ভাইৰেল ভিডিঅ’ আৰু এটা ফেচবুক ভিডিঅ’ৰ দৃশ্য। (উৎস: এক্স/ফেচবুক/স্ক্ৰীণশ্বট)

অধিক অনুসন্ধান কৰাত আমি তাৰেক/গণো অধিকাৰ পৰিষদ নামৰ এটা ফেচবুক পেজ এটা বিচাৰি পালোঁ ৷ ২০২৪ চনৰ ৫ মাৰ্চত শ্বেয়াৰ কৰা এটা লাইভ ভিডিঅ’ত (ইয়াত আৰ্কাইভ কৰা হৈছে) ভাইৰেল ভিডিঅ’টোৰ দৰেই এটা বাদামী ৰঙৰ চাৰ্ট পিন্ধা ৰহমানক দোকানে দোকানে গৈ প্ৰচাৰ পত্ৰিকা বিতৰণ কৰি ভাৰতীয় সামগ্ৰী বৰ্জন কৰিবলৈ আহ্বান জনোৱা দেখা গৈছে।

২০২৪ চনৰ ১৯ ​​ফেব্ৰুৱাৰীত ৰহমানে ভাৰতীয় সামগ্ৰী আৰু ইয়াৰ বাংলাদেশী বিকল্প সামগ্ৰীৰ তালিকা থকা এখন প্ৰচাৰ পত্ৰিকা পোষ্ট কৰিছিল (ইয়াত আৰ্কাইভ কৰা হৈছে) আৰু কিয় ভাৰতীয় সামগ্ৰী বৰ্জন কৰিব লাগে তাৰ সমৰ্থনত একাধিক যুক্তি আগবঢ়াইছিল। ইয়াৰ ভিতৰত আছে - ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানৰ বিৰুদ্ধে বাংলাদেশী নাগৰিকক হত্যা কৰা বুলি উত্থাপিত অভিযোগ, ভাৰতৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক আগ্ৰাসন, আৰু বাংলাদেশৰ নিৰ্বাচনত ভাৰতৰ হস্তক্ষেপৰ অভিযোগ আদি।

ৰহমানৰ ইউটিউব চেনেল ‘তাৰেক’চ টাইম’তো ২০২৪ চনৰ ২২ ফেব্ৰুৱাৰীত ভাইৰেল ভিডিঅ’টো (ইয়াত আৰ্কাইভ কৰা হৈছে) আপলোড কৰা হৈছিল। বাংলা শিৰোনামটোৰ অসমীয়া অনুবাদ হৈছে, “দোকানে দোকানে গৈ ভাৰতীয় সামগ্ৰী নাৰাখিবলৈ সতৰ্ক কৰি দিয়া হৈছে।”

তাৰেক ৰহমানৰ ইউটিউব চেনেলত আপলোড কৰা ভিডিঅ'টোৰ স্ক্ৰীণশ্বট। (উৎস: ইউটিউব/স্ক্ৰীণশ্বট)

এই প্ৰমাণসমূহে নিশ্চিত কৰে যে ভাইৰেল ভিডিঅ’টো ২০২৪ চনৰ ৮ আগষ্টত দেশখনত অন্তৱৰ্তীকালীন চৰকাৰ গঠন হোৱাৰ পূৰ্বৰে পৰা ইণ্টাৰনেটত আছে।

বাংলাদেশত ভাৰত বৰ্জন অভিযান

২০২৪ চনৰ ১৫ মাৰ্চত প্ৰকাশিত দ্য ডিপ্লমেটৰ এক প্ৰতিবেদন অনুসৰি বাংলাদেশত চলিত বৰ্ষৰ জানুৱাৰীত অনুষ্ঠিত সাধাৰণ নিৰ্বাচনৰ পিছতে, য’ত শ্বেখ হাছিনা নেতৃত্বাধীন আৱামী লীগে চতুৰ্থবাৰৰ বাবে প্ৰধানমন্ত্ৰী হৈছিল, বাংলাদেশত 'ইণ্ডিয়া আউট' অভিযানে গা কৰি উঠিছিল। ভাৰতে আৱামী লীগে নিৰ্বাচনত চলোৱা হস্তক্ষেপ সমৰ্থন কৰা বুলি উত্থাপিত অভিযোগৰ মাজতে এই অভিযানে গা কৰি উঠিছিল। দ্য ডিপ্লমেটে উল্লেখ কৰে যে এই বয়কট অভিযানত আৱামী লীগৰ নিৰ্বাচনী কৌশল আৰু বাংলাদেশত গণতান্ত্ৰিক পশ্চাদপসৰণৰ প্ৰতি ভাৰতৰ উদাসীনতা দুয়োটাক লৈ সৃষ্টি হোৱা অসন্তুষ্টিৰ বহিঃপ্ৰকাশ ঘটিছে।

আল জাজিৰা  আৰু বাংলাদেশৰ সংবাদ প্ৰতিষ্ঠান প্ৰথম আলোৱেও ভাৰতীয় সামগ্ৰী বয়টকৰ আহ্বান আৰু ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত গণ অধিকাৰ পৰিষদে ভাৰতীয় সামগ্ৰীৰ বিৰুদ্ধে চলোৱা অভিযানৰ বিষয়ে বাতৰি প্ৰকাশ কৰিছিল।

বাংলাদেশৰ সাম্প্ৰতিক পৰিস্থিতি

পিটিআইৰ এক প্ৰতিবেদন অনুসৰি বাংলাদেশত ১৬ জুলাইৰ পৰা ১১ আগষ্টৰ ভিতৰত ছাত্ৰ প্ৰতিবাদৰ আৰু তাৰ পিছত চলা চৰকাৰ বিৰোধী বিক্ষোভত হোৱা হিংসাত প্ৰায় ৬৫০ গৰাকী লোক নিহত হয়। ৫ আগষ্টত প্ৰাক্তন প্ৰধানমন্ত্ৰী হাছিনাই পদত্যাগ কৰাৰ পিছত ৮ আগষ্টত নোবেল বঁটা বিজয়ী মহম্মদ ইউনুছৰ অধীনত অন্তৱৰ্তীকালীন চৰকাৰ গঠন হয়। ১৮  আগষ্টত ইউনুছে সম্বোধন কৰা প্ৰথমটো গুৰুত্বপূৰ্ণ ভাষণত তেওঁ মুক্ত আৰু নিকা নিৰ্বাচনৰ প্ৰতিশ্ৰুতি আৰু ৰহিংগিয়া সম্প্ৰদায়ক সমৰ্থন আগবঢ়ায়।

সিদ্ধান্ত

ভাইৰেল ভিডিঅ’টো ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা ইণ্টাৰনেটত উপলব্ধ, অৰ্থাৎ বাংলাদেশত শেহতীয়া হিংসাত্মক পৰিস্থিতি আৰম্ভ হোৱাৰ আগৰে পৰা। ভিডিঅ’টোৱে দেশখনত শেহতীয়া অন্তৱৰ্তীকালীন চৰকাৰে গ্ৰহণ কৰা বা নেতৃত্ব দিয়া কোনো ব্যৱস্থাক প্ৰতিনিধিত্ব নকৰে। ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে ভিডিঅ’টোক বৰ্তমানৰ চৰকাৰখনৰ সৈতে ভুলকৈ সংযুক্ত কৰিছে।

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।