মূল ৰাজস্থানৰ পুৰণি ভিডিঅ' ১২১ জন লোক পদপিষ্ট হৈ নিহত হোৱা হাথৰছ কাণ্ডৰ বুলি প্ৰচাৰিত

ৰাজস্থানৰ পুৰণি ভিডিঅ' ১২১ জন লোক পদপিষ্ট হৈ নিহত হোৱা হাথৰছ কাণ্ডৰ বুলি প্ৰচাৰিত

লেখক: ৰজনী কে জি

জুলাই 4 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
ৰাজস্থানৰ পুৰণি ভিডিঅ' ১২১ জন লোক পদপিষ্ট হৈ নিহত হোৱা হাথৰছ কাণ্ডৰ বুলি প্ৰচাৰিত হাথৰছত হোৱা নাৰায়ণ সকৰ হৰিৰ সৎসংগৰ সমাৱেশৰ ভিডিঅ' বুলি দাবী কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস:এক্স/থ্ৰেডছ/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

বিভ্ৰান্তিকৰ

ভিডিঅ'টোত ২০২৪ চনৰ ফেব্ৰুৱাৰীত ৰাজস্থানত অনুষ্ঠিত একেজন ধৰ্ম প্ৰচাৰকৰ এক সমাৱেশৰ দৃশ্য দেখা গৈছে। হাথৰছৰ দুৰ্ঘটনাৰ সৈতে ইয়াৰ সম্পৰ্ক নাই।

কি দাবী কৰা হৈছে?

বৃহৎ সংখ্যক মানুহৰ এটা ভিৰৰ মাজেৰে একাধিক বাহন পাৰ হৈ যোৱা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি একাধিক লোকে ইয়াত যোৱা ২ জুলাইত উত্তৰ প্ৰদেশৰ হাথৰছত ১২১ জন লোক পদপিষ্ট হৈ প্ৰাণ হেৰোৱাব লগীয়া হোৱা ধৰ্মপ্ৰচাৰক নাৰায়ন সকৰ হৰি (যাক ভোলে বাবা নামেৰেও জনা যায়)-ৰ আধ্যাত্মিক সমাৱেশত সমাবেত জনসমাগমৰ দৃশ্য বুলি দাবী কৰিছে। 

এগৰাকী এক্স ব্যৱহাৰকাৰীয়ে ভিডিঅ'টো শ্বেয়াৰ কৰি হিন্দীত লিখিছে, "#BreakingNews #অপৰাধ কৰক আৰু বাবা বনক। উত্তৰ প্ৰদেশৰ #হাথৰছত সাধু ভোলে বাবাৰ সৎসংগত অংশগ্ৰহণ কৰিবলৈ অহা ১১৬ জনতকৈও অধিক ভক্তই প্ৰাণ হেৰুৱাইছে। প্ৰাৰম্ভিক অনুসন্ধানৰ পিছত ভোলে বাবাৰ অন্ধকাৰ কু-কৰ্ম পোহৰলৈ আহিছে। তেওঁৰ বিৰুদ্ধে যৌন শোষণকে ধৰি আন পাঁচটা গুৰুতৰ গোচৰ ৰুজু হৈছে।” ব্যৱহাৰকাৰী গৰাকীয়ে নাৰায়ন সকৰ হৰিৰ সৈতে তেওঁৰ পত্নীৰ এখন ফটোও শ্বেয়াৰ কৰিছে।

ডি ডব্লিউ নিউজ নামৰ এটা জাৰ্মান সংবাদ প্ৰতিষ্ঠানেও একেটা ভিডিঅ’ থ্ৰেডছত শ্বেয়াৰ কৰি কেপচনত লিখিছে: “উত্তৰ ভাৰতত আধ্যাত্মিক সমাৱেশত হোৱা হেঁচা-ঠেলাত ১০০ জনতকৈ অধিক লোক পদপিষ্ট হৈ মৃত্যু হয় আৰু বহু লোক আহত হৈছে বুলি চৰকাৰী বিষয়াই কয়, নিহতসকলৰ ভিতৰত বহু মহিলা আৰু শিশুও আছে।” ভিডিঅ’টো ইউটিউবতো শ্বেয়াৰ কৰা হৈছিল; এটা আৰ্কাইভ কৰা সংস্কৰণ ইয়াত পোৱা যাব।

ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/থ্ৰেডছ/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

সুৰজ পাল, সকাৰ বিশ্ব হৰি, ভোলে বাবাকে ধৰি বিভিন্ন ছদ্মনামেৰে পৰিচিত নাৰায়ণ সকৰ হৰি উত্তৰ প্ৰদেশৰ ইটাহ জিলাৰ বাহাদুৰ গাঁৱৰ এজন স্বঘোষিত আধ্যাত্মিক নেতা। ইণ্ডিয়া টুডেৰ এক প্ৰতিবেদন অনুসৰি হৰিয়ে আধ্যাত্মিক প্ৰচাৰ কৰিবলৈ যোৱাৰ চোৰাংচোৱা ব্যুৰোত কাম কৰিছিল।

অৱশ্যে ভাইৰেল পোষ্টবোৰত শ্বেয়াৰ কৰা ভিডিঅ’টো আচলতে ৰাজস্থানৰহে হয় আৰু ২০২৪ চনৰ ফেব্ৰুৱাৰীত ভিডিঅ’টো লোৱা হৈছিল, উত্তৰ প্ৰদেশৰ হাথৰছৰ আধ্যাত্মিক সমাৱেশৰ নহয়।

আমি কি বিচাৰি পালোঁ?

আমি মন কৰোঁ যে একাধিক এক্স ব্যৱহাৰকাৰীয়ে ভিডিঅ’টো হাথৰছৰ নহয় বৰঞ্চ ৰাজস্থানত অনুষ্ঠিত এক সৎসংগ (আধ্যাত্মিক সমাৱেশ য’ত কেতিয়াবা হিন্দু গীত গোৱা হয়)-ৰ বুলি আঙুলিয়াই দিছে।

গুগলত অনুসন্ধান কৰি আমি ভাইৰেল ভিডিঅ’টোৰ দীঘলীয়া সংস্কৰণটো পালোঁ, যিটো ‘ট্ৰেভেলাৰ শচীন’ নামৰ এটা ইউটিউব চেনেলত (ইয়াত আৰ্কাইভ কৰা হৈছে) ২০২৪ চনৰ ৯ ফেব্ৰুৱাৰীত আপলোড কৰা হৈছিল। ভিডিঅ'টোৰ কেপচনত লিখা আছিল- "মংগল দিৱস ৰূপৱাছ ভাৰতপুৰ ৰাজস্থান | নাৰায়ণ সকৰ হৰিৰ ভজন | সতায়াৰ সৈতে ৰাজস্থান।"

ভিডিঅ’টোৰ ৬:৫৯ টাইমষ্টেম্পত ভাইৰেল ফুটেজটো দেখা যায়। চেনেলটোত ২০২৪ চনৰ ৬ ফেব্ৰুৱাৰীত ৰূপবাছ চহৰত অনুষ্ঠিত হৰিৰ অনুষ্ঠানৰ একাধিক ভিডিঅ’ উপলব্ধ। আন এজন ভ্লগাৰ নীৰজ কাইমেও নিজৰ ইউটিউব চেনেলত (ইয়াত আৰ্কাইভ কৰা হৈছে) হৰিৰ সৎসংগৰ ভিডিঅ’ পোষ্ট কৰি সেইসমূহ ৰাজস্থানৰ ৰূপবাছৰ বুলি দাবী কৰিছিল। এই প্ৰমাণসমূহৰ পৰা দেখা যায় যে এতিয়া ভাইৰেল হোৱা এই ভিডিঅ’টো হাথৰছৰ দুৰ্ঘটনাৰ আগৰে পৰাই ইন্টাৰনেটত আছে।

ইউটিউবত পোষ্ট কৰা মূল ভিডিঅ'টোৰ স্ক্ৰীণশ্বট। (উৎস: ইউটিউব)

এই ইউটিউব ভিডিঅ’সমূহৰ পৰা পোৱা ইংগিত ব্যৱহাৰ কৰি লজিকেলী ফেক্টছে ভাইৰেল ভিডিঅ’টোৰ স্থান ৰাজস্থানৰ ৰূপবাছ বুলি জিঅ’লকেট কৰিবলৈ সক্ষম হয়। আমি দেখিলোঁ যে উক্ত সমাৱেশ ৰাজস্থানৰ ভাৰতপুৰ জিলাৰ ৰূপবাছ চহৰৰ সমীপত ১২৩ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অনুষ্ঠিত হৈছিল। আমি ৰূপবাছ বাছ ষ্টেণ্ড আৰু ১২৩ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ইংগিত দিয়া হালধীয়া বৰ্ড চিনাক্ত কৰিলোঁ, যিটো ইউটিউব ভিডিঅ’ আৰু এতিয়া ভাইৰেল হোৱা ভিডিঅ’ দুয়োটাতে দেখা যায়।

গুগল মেপৰ ভিজুৱেল আৰু স্থানৰ তুলনা। (উৎস: ইউটিউব/গুগল মেপ)

হাথৰছ কাণ্ড

২০২৪ চনৰ ২ জুলাইত উত্তৰ প্ৰদেশৰ হাথৰছত নাৰায়ন সকৰ হৰিৰ উদ্যোগত অনুষ্ঠিত আধ্যাত্মিক সমাৱেশত প্ৰায় ১২১ জন লোকৰ মৃত্যু হয়। প্ৰায় ১০ হাজাৰ লোক উপস্থিত থকা সমাৱেশটোত বেছিভাগে অংশগ্ৰহণকাৰীয়ে মহিলা আছিল। তদন্ত আৰম্ভ হোৱাৰ সময়তে প্ৰাথমিক প্ৰতিবেদন (ইয়াত আৰ্কাইভ কৰা হৈছে ) অনুসৰি আধ্যাত্মিক প্ৰচাৰক গৰাকীয়ে মানুহক আশীৰ্বাদ গ্ৰহণ কৰিবলৈ মঞ্চলৈ আহিবলৈ কোৱাৰ পিছতে হেঁচা-ঠেলাৰ সৃষ্টি হৈছিল।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মৃতকৰ পৰিয়ালৰ বাবে ২ লাখ টকা আৰু আহতসকলৰ বাবে ৫০ হাজাৰ টকা এক্স গ্ৰেচিয়া প্ৰদানৰ কথা ঘোষণা কৰে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই ঘটনাৰ প্ৰকৃত কাৰণৰ তদন্তৰ বাবে এখন কমিটি গঠন কৰিছে।

সিদ্ধান্ত

ৰাজস্থানত ধৰ্মপ্ৰচাৰক নাৰায়ণ সকৰ হৰিয়ে আয়োজন কৰা আধ্যাত্মিক সমাৱেশৰ চাৰি মাহ পুৰণি এটা ভিডিঅ’ ১২১ জন লোকে প্ৰাণ হেৰোৱা উত্তৰ প্ৰদেশৰ হাথৰছত শেহতীয়াকৈ অনুষ্ঠিত তেওঁৰ সমাৱেশৰ দৃশ্য বুলি মিছা দাবীৰে শ্বেয়াৰ কৰা হৈছে।

(অনুবাদ: চন্দন বৰগোহাঁই)

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।