মূল নীতিন গাডকাৰীৰ পুৰণি ভাষণ টোল টেক্স ৰেহাইৰ বিভ্ৰান্তিকৰ দাবীৰে ভাইৰেল হৈছে

নীতিন গাডকাৰীৰ পুৰণি ভাষণ টোল টেক্স ৰেহাইৰ বিভ্ৰান্তিকৰ দাবীৰে ভাইৰেল হৈছে

লেখক: চন্দন বৰগোহাঁই

আগষ্ট 5 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
নীতিন গাডকাৰীৰ পুৰণি ভাষণ টোল টেক্স ৰেহাইৰ বিভ্ৰান্তিকৰ দাবীৰে ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত নীতিন গাডকাৰীৰ এটা পুৰণি ভিডিঅ’ ব্যৱহাৰ কৰি টোল টেক্স ৰেহাইৰ বিভ্ৰান্তিকৰ দাবী শ্বেয়াৰ কৰা হৈছে। (উৎস: ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

বিভ্ৰান্তিকৰ

টোল প্লাজাৰ ২০ কিলোমিটাৰ ভিতৰত বাস কৰা লোকসকলহে টোল কৰ ৰেহাই লাভ কৰাৰ বাবে যোগ্য, ছ’চিয়েল মিডিয়াত দাবী কৰাৰ দৰে ৬০ কিলোমিটাৰ ভিতৰত নহয়।

দাবী কি?

ভাৰতৰ কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীক লৈ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে প্ৰচাৰিত হৈছে যে টোল বুথৰ ৬০ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত বাস কৰা ব্যক্তিসকলে টোল কৰ আদায়ৰ পৰা ৰেহাই পায়। ভিডিঅ’টোত গাডকাৰীয়ে স্থানীয় বাসিন্দাসকলক তেওঁলোকৰ আধাৰ কাৰ্ডৰ ভিত্তিত টোল পাছ প্ৰদানৰ বিষয়ে আলোচনা কৰি উল্লেখ কৰিছে যে ৬০ কিলোমিটাৰৰ ভিতৰত এটাতকৈ অধিক টোল প্লাজা থাকিব নালাগে; আৰু তিনি মাহৰ ভিতৰত যিকোনো অতিৰিক্ত প্লাজা বন্ধ হব।

এক্স (পূৰ্বৰ টুইটাৰ)ৰ এজন ব্যৱহাৰকাৰীয়ে ভিডিঅ’টো (ইয়াত আৰ্কাইভ কৰা) শ্বেয়াৰ কৰি কেপচন দিছে: “আপোনাৰ ঘৰৰ পৰা ৬০ কিলোমিটাৰ দূৰত্বৰ কোনো টোল বুথত কোনো টোল মাচুল দিব নালাগে। ইয়াৰ বাবে আপুনি আধাৰ কাৰ্ড লৈ পাৰ হ’ব লাগিব। @nitin_gadkari. কেন্দ্ৰীয় চৰকাৰৰ এই নিৰ্দেশ। নৰেন্দ্ৰ মোডীজী আৰু অন্যান্য মন্ত্ৰীসকলে কিয় নীতিন গাডকাৰীজীৰ পৰা শিকিব পৰা নাই? (sic)." প্ৰকাশৰ সময়ত পোষ্টটোৱে ৮১,৯০০ৰো অধিক দৰ্শন লাভ কৰিছে আৰু ২৯৩ বাৰ পুনৰ পোষ্ট হৈছে।

ফেচবুকতো একেধৰণৰ দাবী প্ৰচাৰিত হৈছে। অসমীয়াত এনে এটা পোষ্টত লিখা আছে- “নিজৰ ঘৰৰ পৰা ৬০ কিলোমিটাৰৰ ভিতৰত যদি টোল গেট থাকে তেন্তে সেই গেটত টোল টেক্স দিব নালাগে । টোল গেটত আধাৰ কাৰ্ডখন দেখুৱালে পাৰ হৈ যাব পাৰিব - সংসদত কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নিতিন গাডকাৰী ।‌" এই পোষ্টসমূহৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত আৰু ইয়াত উপলব্ধ।

ভাইৰেল ভিডিঅ’টো শ্বেয়াৰ কৰা ছ’চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

কিন্তু আমাৰ তদন্তত এইয়া পুৰণি ভিডিঅ’ বুলি জানিব পৰা গ’ল, আৰু ৬০ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত বসবাস কৰাসকলে টোল টেক্স দিয়াৰ পৰা ৰেহাই পাব বুলি গাডকাৰীয়ে কোৱা নাছিল।

গাডকাৰীয়ে কি কৈছিল?

ভিডিঅ’টোৰ কীফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ চাৰ্চ অনুসন্ধান কৰি আমি দেখিলোঁ যে ই ২০২২ চনৰ মাৰ্চ মাহৰ হয়। গাডকাৰীৰ কাৰ্যালয়ে ২০২২ চনৰ ২২ মাৰ্চত এক্সত (ইয়াত আৰ্কাইভ কৰা) উক্ত ভিডিঅ’টোৰ এটা দীঘলীয়া সংস্কৰণ পোষ্ট কৰিছিল।

ভিডিঅ’টোত গডকাৰীয়ে উল্লেখ কৰিছে যে, “যাৰ আধাৰ কাৰ্ড আছে আৰু যদি টোল আছে, তেন্তে আধাৰ কাৰ্ড চোৱাৰ লগে লগে পাছ দিব লাগে। মই পৰামৰ্শটো মানি লওঁ; য’তেই এনে টোল স্থাপন কৰা হৈছে আৰু য’ত স্থানীয় ৰাইজে অসুবিধাৰ সন্মুখীন হৈছে, তাতেই আধাৰ কাৰ্ডৰ ভিত্তিত পাছ দিয়া হ’ব।”

তেওঁ লগতে কয়, ‘ৰাষ্ট্ৰীয় ঘাইপথত ৬০ কিলোমিটাৰৰ ভিতৰত দুটা টোল প্লাজা থাকিব নালাগে। কিন্তু একাংশ অঞ্চলত এই দূৰত্বৰ ভিতৰত দুটা টোল প্লাজা আছে, যিটো ভুল আনকি অবৈধও। বৰ্তমানৰ এটা টোল প্লাজাৰ ৬০ কিলোমিটাৰৰ ভিতৰত যদি দ্বিতীয়টো টোল প্লাজা পোৱা যায় তেন্তে বন্ধ কৰা হ’ব। তিনিমাহৰ ভিতৰত আমি এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিম।”

গাডকাৰীৰ মন্তব্যত আধাৰ কাৰ্ডৰ ভিত্তিত টোল বুথৰ ওচৰৰ বাসিন্দাসকলক টোল পাছ প্ৰদান কৰাত গুৰুত্ব দিয়া হৈছিল, ৬০ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰৰ লোকসকলক টোল পৰিশোধৰ পৰা ৰেহাই দিয়াত নহয়।

নিউজ এজেন্সী এ এন আইয়ে ২০২২ চনৰ ২২ মাৰ্চত গাডকাৰীৰ ভাষণৰ স্ক্ৰীণশ্বট এটাও পোষ্ট কৰিছিল (ইয়াত আৰ্কাইভ কৰা হৈছে) য’ত লিখা আছিল: “আমি টোল প্লাজাৰ ওচৰত বাস কৰা আধাৰ কাৰ্ড থকা স্থানীয় লোকসকলক পাছ প্ৰদান কৰিম। তদুপৰি, ৬০ কিলোমিটাৰৰ ভিতৰত মাত্ৰ এটা টোল প্লাজা থাকিব বুলি মই নিশ্চিত কৰোঁ; যদি দ্বিতীয়টো থাকে, তেন্তে অহা তিনিমাহৰ ভিতৰত বন্ধ হৈ যাব: লোকসভাত কেন্দ্ৰীয় পথ আৰু পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী।”

দ্য ইকনমিক টাইমছৰ মতে, গাডকাৰীয়ে তেওঁৰ মন্ত্ৰালয়ৰ অনুদানৰ দাবীক লৈ লোকসভাৰ আলোচনাৰ সময়ত এই মন্তব্য কৰে।

ভাৰতীয় চৰকাৰী টিভি চেনেল দূৰদৰ্শন নেশ্যনেলে ২০২২ চনৰ ২২ মাৰ্চত ইউটিউবত গাডকাৰীৰ ভাষণৰ এঘণ্টাৰো অধিক সময়ৰ ভিডিঅ’ আপলোড কৰিছিল (ইয়াত আৰ্কাইভ কৰা হৈছে)। ২১:৪০ বজাৰ পিছত ভাইৰেল ক্লিপটো আৰম্ভ হয়। কিন্তু গাডকাৰীয়ে কোনো টোল প্লাজাৰ ৬০ কিলোমিটাৰৰ ভিতৰত বাস কৰাৰ ভিত্তিত টোল মাচুলৰ পৰা কোনো ধৰণৰ ৰেহাই দিয়াৰ কথা উল্লেখ কৰা নাই।

টোল বুথৰ ওচৰত বাস কৰা লোকৰ বাবে টোল টেক্সত কিবা ৰেহাই আছেনে?

ৰাষ্ট্ৰীয় ঘাইপথ মাচুল (হাৰ আৰু সংগ্ৰহ নিৰ্ধাৰণ) নিয়ম, ২০০৮ত টোল মাচুল সংগ্ৰহৰ নিৰ্দেশনাৰ ৰূপৰেখা দাঙি ধৰা হৈছে, য’ত টোল প্লাজাৰ বাবে কমেও ৬০ কিলোমিটাৰ দূৰত্বত ৰখাৰ প্ৰয়োজনীয়তাও অন্তৰ্ভুক্ত কৰা হৈছে। নথিখনত প্ৰতি কিলোমিটাৰত টোল চাৰ্জ আৰু টোল প্লাজা স্থাপনৰ মাপকাঠীও বিতংভাৱে উল্লেখ কৰা হৈছে।

পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ নিয়ম অনুসৰি টোল প্লাজাৰ ২০ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত বাস কৰা স্থানীয় বাসিন্দাসকলে টোল কৰ ৰেহাইৰ বাবে যোগ্য। যোগ্যতা অৰ্জন কৰিবলৈ ব্যক্তিসকলে পৰীক্ষণৰ বাবে প্ৰয়োজনীয় নথিপত্ৰ দাখিল কৰিব লাগিব।

সিদ্ধান্ত

গাডকাৰীয়ে টোল বুথৰ ওচৰত বাসিন্দাসকলক টোল পাছ প্ৰদানৰ বিষয়ে আলোচনা কৰাৰ সময়ত ৬০ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত বাস কৰা ব্যক্তিৰ বাবে টোল কৰ ৰেহাই দিয়া হ’ব বুলি উল্লেখ কৰা নাছিল। পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ তথ্য অনুসৰি ৬০ কিলোমিটাৰ নহয়, টোল প্লাজাৰ ২০ কিলোমিটাৰ ব্যাসাৰ্ধৰ বাসিন্দাসকলৰ ক্ষেত্ৰত টোল কৰ ৰেহাই প্ৰযোজ্য।

(অনুবাদ: অনুৰাগ বৰুৱা)

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।