মূল ৰবীন্দ্ৰনাথ ঠাকুৰৰ ভঙা মূৰ্তিৰ পুৰণি ফটো ২০২৪ৰ বাংলাদেশৰ অশান্তিৰ সৈতে জড়িত

ৰবীন্দ্ৰনাথ ঠাকুৰৰ ভঙা মূৰ্তিৰ পুৰণি ফটো ২০২৪ৰ বাংলাদেশৰ অশান্তিৰ সৈতে জড়িত

লেখক: তাহিল আলী

আগষ্ট 8 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
ৰবীন্দ্ৰনাথ ঠাকুৰৰ ভঙা মূৰ্তিৰ পুৰণি ফটো ২০২৪ৰ বাংলাদেশৰ অশান্তিৰ সৈতে জড়িত ভাইৰেল ফটোখনত চলিত বাংলাদেশৰ অশান্তিৰ সময়ত ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰতিমূৰ্তি ভাঙি পেলোৱা দেখা গৈছে বুলি দাবী কৰা ছ’চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: X/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

বিভ্ৰান্তিকৰ

২০২৩ চনৰ ফটোখনত ঢাকা বিশ্ববিদ্যালয়ত ৰবীন্দ্ৰনাথ ঠাকুৰৰ ভঙা প্ৰতিমূৰ্তি দেখা গৈছে। শেহতীয়াকৈ বাংলাদেশত সংঘটিত হিংসাৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই।

দাবী কি?

ভাৰতীয় প্ৰখ্যাত কবি তথা নোবেল বিজয়ী ৰবীন্দ্ৰনাথ ঠাকুৰৰ ভঙা মূৰ্তিৰ এখন ফটো বাংলাদেশত শেহতীয়া অশান্তিৰ মাজতে ঠাকুৰৰ মৃত্যু বাৰ্ষিকীত তেওঁৰ প্ৰতিমূৰ্তি ভাঙি পেলোৱা দেখা গৈছে বুলি দাবীৰে ছ’চিয়েল মিডিয়াত প্ৰচাৰিত হৈছে। উল্লেখযোগ্য যে কোটা সংৰক্ষণ ব্যৱস্থাক লৈ প্ৰতিবাদৰ জৰিয়তে আৰম্ভ হোৱা প্ৰতিবাদ হিংসাত্মক ৰূপ ধাৰণ কৰি বাংলাদেশৰ প্ৰধানমন্ত্ৰী পদৰ পৰা আৱামি লীগৰ নেতা শ্বেখ হাছিনাই পদত্যাগ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় । 

এক্সত (পূৰ্বৰ টুইটাৰ) এজন ব্যৱহাৰকাৰীয়ে ফটোখন (ইয়াত আৰ্কাইভ কৰা হৈছে) শ্বেয়াৰ কৰি লিখিছিল: “অপবিত্ৰ কৰিলে আৰু শিৰচ্ছেদ কৰিলে - বাংলাদেশৰ জাতীয় সংগীতৰ সুৰকাৰ! আজি গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰৰ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি...”

আন এজন এক্স ব্যৱহাৰকাৰীয়ে এই অশান্তিৰ উল্লেখ কৰি ফটোখন পোষ্ট কৰি লিখিছে- “বাংলাদেশত অশান্তি অব্যাহত আছে, উগ্ৰপন্থীয়ে নোবেল বঁটা বিজয়ী ৰবীন্দ্ৰনাথ ঠাকুৰৰ আৱক্ষ মূৰ্তি লক্ষ্য কৰি লয়, যোনে বাংলাদেশ আৰু ভাৰতৰ উভয়ৰে জাতীয় সংগীতও লিখিছিল।” উক্ত ফটোখন অসমীয়াটো এনে ধৰণৰ দাবীৰে বাংলাদেশ সম্পৰ্কীয় কিছু সন্দেহজনক ফটো সম্বলিত পোষ্টত দেখা গৈছে । এই পোষ্টবোৰৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত, ইয়াত আৰু ইয়াত উপলব্ধ। 

ছচিয়েল মিডিয়াত ভাইৰেল পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: X/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

কিন্তু আমাৰ তদন্তত প্ৰকাশ পাইছে যে এই ফটোখন ২০২৩ চনত ঢাকা বিশ্ববিদ্যালয়ৰ এক ঘটনাৰ হয় আৰু বাংলাদেশৰ বৰ্তমানৰ অশান্তিৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।

তথ্যবোৰ কি কি?

ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলে দেখা যায় যে এই ফটোখন ২০২৩ চনত ঢাকা বিশ্ববিদ্যালয়ত সংগঠিত হোৱা এক কাণ্ডৰ হয় আৰু বাংলাদেশৰ বৰ্তমানৰ অশান্তিৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।

২০২৩ চনৰ ১৭ ফেব্ৰুৱাৰীত ঢাকাস্থিত বাংলা সংবাদ প্ৰতিষ্ঠান প্ৰথম আলোৰ এক বাতৰি অনুসৰি, ঢাকা বিশ্ববিদ্যালয়ৰ সূক্ষ্ম কলা অনুষদৰ ভাস্কৰ্য্য বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলে ঠাকুৰৰ ডেৰ ১৯ ফুট উচ্চতাৰ এক ভাস্কৰ্য্য ৰাজহুৱা শিল্প প্ৰদৰ্শনীৰ অংশ হিচাপে ৰাজু সোঁৱৰণী ভাস্কৰ্য্যৰ কাষত স্থাপন কৰে । 

স্থাপনৰ দুদিন পিছতে মূৰ্তিটো সন্ধানহীন হৈ পৰে। অৱশেষত ঢাকাৰ চুহৰাৱাৰ্ডি বাগিচাত উদ্ধাৰ হয় ভঙা মূৰটো আৰু অন্যান্য খণ্ডবোৰ।

ঠাকুৰৰ মূৰ্তিটোত তেওঁক মুখৰ ওপৰত টেপ লগাই চিত্ৰিত কৰা হৈছিল, লগতে তেওঁৰ নোবেল বঁটা বিজয়ী কবিতা সংকলন "গীতঞ্জলি"ৰ মাজেৰে এক গজাল মাৰি দিয়া দেখুওৱা হৈছিল। বাঁহ, থাৰ্মোকল, কাগজেৰে নিৰ্মিত এই মূৰ্তিটো চেঞ্চৰশ্বিপ আৰু দেশত মুক্ত চিন্তা, সৃষ্টিশীলতা, প্ৰকাশভংগীৰ দমনৰ প্ৰতিবাদত স্থাপন কৰা হৈছিল। ২০২৩ চনৰ ১৬ ফেব্ৰুৱাৰীত প্ৰথম আলোৱে (ইয়াত আৰ্কাইভ কৰা) প্ৰকাশ কৰা এটা ভিডিঅ’ত প্ৰতিমূৰ্তিটো স্থাপন আৰু তাৰ পিছৰ পৰিস্থিতি দুয়োটাকে নথিভুক্ত কৰা হৈছে।

হিন্দুস্তান টাইমছ বাংলাৰ তথ্য অনুসৰি ঠাকুৰৰ প্ৰতিমূৰ্তি আঁতৰোৱাৰ পিছত ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰে, ঢাকা বিশ্ববিদ্যালয় কৰ্তৃপক্ষই তেওঁলোকক অৱগত নকৰাকৈয়ে ইয়াক নমাই দিয়া বুলি দাবী কৰে। প্ৰথম অৱস্থাত বিশ্ববিদ্যালয়খনে এই অভিযোগ অস্বীকাৰ কৰিছিল যদিও পিছত প্ৰতিমূৰ্তিটো আঁতৰোৱাৰ কথা স্বীকাৰ কৰি অনুমতি অবিহনে স্থাপন কৰা বুলি কয়।


এই ঘটনা সন্দৰ্ভত এক বাতৰিৰ স্ক্ৰীণশ্বট। (উৎস: প্ৰথম আলো/বাংলা হিন্দুস্তান টাইমছ/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

তেতিয়াৰ ঢাকা বিশ্ববিদ্যালয়ৰ প্ৰক্টৰ অধ্যাপক ড০ এ কে এম গোলাম ৰাব্বানীয়ে কয় যে ভাস্কৰ্য্যটো অকৰ্তৃত্বশীলভাৱে স্থাপন কৰাৰ ফলত ৰাজু স্মাৰক ভাস্কৰ্য্যৰ নান্দনিক আকৰ্ষণৰ লগত আপোচ কৰা হৈছে। ঢাকা ট্ৰিবিউনে প্ৰকাশ কৰা অনুসৰি ৰাব্বানীয়ে কয়, “বিশ্ববিদ্যালয়ৰ চৌহদত ভাস্কৰ্য্য স্থাপনৰ ক্ষেত্ৰত বিশ্ববিদ্যালয়ৰ কিছুমান নীতি আছে। বিশ্ববিদ্যালয় প্ৰশাসনক অৱগত নকৰাকৈয়ে ভাস্কৰ্যটো স্থাপন কৰা হৈছিল সেয়েহে বিশ্ববিদ্যালয় প্ৰশাসনে সেইয়া আঁতৰাই পেলালে।”

কেইদিনমানৰ পিছত একে স্থানতে প্ৰতিমূৰ্তিটোৰ এক নতুন সংস্কৰণ স্থাপন কৰা হয়, যিটো কেম্পাছৰ চাৰিওফালে পোৱা মূল মূৰ্তিটোৰ খণ্ডবোৰৰ পৰা নিৰ্মাণ কৰা হয় বুলি ২০২৩ চনৰ ১৮ ফেব্ৰুৱাৰীত ঢাকা ট্ৰিবিউনৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে।

বাংলাদেশত কি হৈ আছে?

জুন মাহৰ পৰা বাংলাদেশৰ ছাত্র-ছাত্রীসকলে চৰকাৰী চাকৰিৰ কোটা ব্যৱস্থাৰ প্রতিবাদ সাব্যস্ত কৰি আহিছে, য’ত ১৯৭১ চনৰ স্বাধীনতা যুদ্ধৰ স্বাধীনতা সংগ্রামীসকলৰ বংশধৰসকলৰ বাবে ৩০ শতাংশ পদ সংৰক্ষিত হৈ আছিল৷ যদিও হাছিনা নেতৃত্বাধীন চৰকাৰে প্ৰথমে এই নীতি বাতিল কৰিছিল, তথাপিও উচ্চ ন্যায়ালয়ে এই নীতি পুনৰ কাৰ্যকৰী কৰিছিল, যাৰ ফলত ব্যাপক প্ৰতিবাদৰ সৃষ্টি হৈছিল। পিছত উচ্চতম ন্যায়ালয়ে নিম্ন আদালতৰ সিদ্ধান্ত আংশিকভাৱে বাতিল কৰে যদিও পাছলৈ হাছিনা আৰু আৱামি লীগ নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে এক বহল পৰিসৰৰ আন্দোলনলৈ পৰিণত হয়।

ফ্ৰান্স ২৪ৰ প্ৰতিবেদন অনুসৰি এই প্ৰতিবাদৰ ফলত কমেও ৩০০ লোকৰ মৃত্যু হৈছে আৰু অসংখ্য লোক আহত হৈছে। ৪ আগষ্টত প্ৰায় ১০০ জন লোকৰ মৃত্যু হোৱাৰ ফলত প্ৰধানমন্ত্ৰী হাছিনাৰ পদত্যাগৰ আহ্বান জনোৱা হয়। হাচিনাই অৱশেষত বাধ্য হৈ পদত্যাগ কৰি ৫ আগষ্টত দেশ এৰি থৈ যায়।

তেওঁৰ যোৱাৰ পিছত প্ৰতিবাদকাৰীয়ে ঢাকাৰ প্ৰধানমন্ত্ৰীৰ ৰাজপ্ৰসাদ ভংগ কৰি বিজয় সাৰাণী অঞ্চলত দেশৰ প্ৰতিষ্ঠাপক পিতৃ তথা প্ৰাক্তন ৰাষ্ট্ৰপতি শ্বেখ মুজিবুৰ ৰহমানৰ মূৰ্তি ভাঙি পেলায়।

ইফালে বাংলাদেশৰ সেনা প্ৰধান জেনেৰেল ৱেকাৰ-উজ-জামানে অন্তৱৰ্তীকালীন চৰকাৰ গঠনৰ কথা ঘোষণা কৰে, বাতৰি অনুসৰি নোবেল বঁটা বিজয়ী মহম্মদ ইউনুছে মুখ্য উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰিব।

সিদ্ধান্ত

ছ’চিয়েল মিডিয়াত প্ৰচাৰিত নোবেল বঁটা বিজয়ী ৰবীন্দ্ৰনাথ ঠাকুৰৰ ভঙা প্ৰতিমূৰ্তিৰ ভাইৰেল ছবিখন বাংলাদেশত চলি থকা অশান্তিৰ সৈতে ভুলকৈ জড়িত কৰা হৈছে । এই ছবিখন আচলতে ঢাকা বিশ্ববিদ্যালয়ৰ ২০২৩ চনৰ এক ঘটনাৰ পৰা উদ্ভৱ হৈছে, যেতিয়া ফেব্ৰুৱাৰী মাহত ছাত্ৰ-ছাত্ৰীসকলে ঠাকুৰৰ মূৰ্তিটো স্থাপন কৰিছিল।

(অনুবাদ: অনুৰাগ বৰুৱা)

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।