মূল নেপালত শেহতীয়া বিমান দুৰ্ঘটনাৰ দৃশ্য হিচাপে পুৰণি ফটো, ভিডিঅ’ প্ৰচাৰিত

নেপালত শেহতীয়া বিমান দুৰ্ঘটনাৰ দৃশ্য হিচাপে পুৰণি ফটো, ভিডিঅ’ প্ৰচাৰিত

লেখক: ভনীতা গণেশ

জুলাই 26 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
নেপালত শেহতীয়া বিমান দুৰ্ঘটনাৰ দৃশ্য হিচাপে পুৰণি ফটো, ভিডিঅ’ প্ৰচাৰিত নেপালত সংঘটিত শেহতীয়া বিমান দুৰ্ঘটনাৰ দৃশ্য বুলি পুৰণি ফটো, ভিডিঅ' শ্বেয়াৰ কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

বিভ্ৰান্তিকৰ

এইসমূহ নেপালত ২০১৮ আৰু ২০২৩ চনত সংঘটিত দুৰ্ঘটনাৰ দৃশ্য। কাঠমাণ্ডুত শেহতীয়াকৈ সংঘটিত সৌৰ্য এয়াৰলাইনছৰ বিমান দুৰ্ঘটনাৰ সৈতে ইয়াৰ সম্পৰ্ক নাই।

কি দাবী কৰা হৈছে?

যোৱা ২৪ জুলাইত নেপালত সংঘটিত সৌৰ্য এয়াৰলাইন্স বিমানৰ দুৰ্ঘটনাৰ দৃশ্য বুলি দাবী কৰি ছ’চিয়েল মিডিয়াত একাধিক ভিজুৱেল শ্বেয়াৰ কৰা হৈছে।

এটা ভিডিঅ’ আৰু কেইখনমান ফটো সম্বলিত তেনে এটা পোষ্ট (ইয়াত আৰ্কাইভ কৰা হৈছে)-এ শ্বেয়াৰ কৰাৰ এঘণ্টাৰ ভিতৰতে ১৬,০০০ৰো অধিক ভিউ লাভ কৰিছিল। পোষ্টটোৰ কেপচনত লিখা আছে, "নেপালৰ কাঠমাণ্ডুত এক বৃহৎ বিমান দুৰ্ঘটনা। নেপালৰ ৰাজধানী কাঠমাণ্ডুত এখন বিমান দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাৰ সময়ত বিমানখনত ১৯ জন লোক আছিল। সেইখন আছিল সূৰ্য্য এয়াৰলাইন্সৰ বিমান। ৫ টা মৃতদেহ উদ্ধাৰ কৰা হয় (হিন্দীৰ পৰা অনূদিত)।" একে ধৰণৰ পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত আৰু ইয়াত চাব পাৰিব।

আঠ ছেকেণ্ডৰ ভিডিঅ’টোত এখন বিমানে নিয়ন্ত্ৰণ হেৰুৱাই অলপ পিছতে বৃহৎ শব্দ কৰি দুৰ্ঘটনাত পতিত হোৱা দেখা যায়। অসমীয়াতো এই ভিডিঅ’টো ফেচবুকত শ্বেয়াৰ কৰা হৈছে। দুখন ছবিৰ এটা কলাজত বাওঁফালে এখন বিমানৰ জ্বলি যোৱা অৱশিষ্ট আৰু সোঁফালে বিমানৰ চাৰিওফালে উদ্ধাৰকাৰী কৰ্মী দেখা গৈছে। অকলে থকা ছবিখনত একাধিক লোকে বিমানৰ জ্বলি থকা ধ্বংসাৱশেষবোৰ চাই থকা দেখা গৈছে। 

ভাইৰেল ছ'চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে এই দাবীটো বিভ্ৰান্তিকৰ। শ্বেয়াৰ কৰা ছবিসমূহ পুৰণি আৰু যোৱা ২৪ জুলাইত কাঠমাণ্ডু বিমানবন্দৰত সংঘটিত বিমান দুৰ্ঘটনাৰ সৈতে কোনো সম্পৰ্ক নাই।

আমি কি বিচাৰি পালো 

ভিডিঅ

ভাইৰেল পোষ্টটোত থকা ভিডিঅ’টোৰ ফ্ৰেমত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি আমি ২০২৩ চনৰ ১৬ জানুৱাৰীত সংবাদ মাধ্যম এনবিচিয়ে আপলোড কৰা এটা প্ৰতিবেদন লাভ কৰোঁ (ইয়াত আৰ্কাইভ কৰা হৈছে)। প্ৰতিবেদনটোত ইয়েটি এয়াৰলাইনছৰ ফ্লাইট ৬৯১-ৰ ২০২৩ চনৰ এক বিমান দুৰ্ঘটনাৰ ভিডিঅ' সংকলন আছে, আৰু ভাইৰেল পোষ্টৰ ক্লিপটো ০:৫০ টাইমষ্টেম্পত দেখা যায়।

ভাইৰেল ভিডিঅ’ আৰু ২০২৩ চনৰ নেপালৰ বিমান দুৰ্ঘটনাৰ ভিডিঅ'ৰ তুলনা। (উৎস: এক্স/এনবিচি নিউজ)

তদুপৰি আমি এবিচি ৭ চিকাগোৱে ২০২৩ চনৰ ১৬ জানুৱাৰীত আপলোড কৰা  এই ভিডিঅ'টো (ইয়াত আৰ্কাইভ কৰা হৈছে ), আৰু ২০২৩ চনৰ ১৫ জানুৱাৰী মানি কণ্ট্ৰোলে শ্বেয়াৰ কৰা এই ভিডিঅ'টো (ইয়াত আৰ্কাইভ কৰা হৈছে) লাভ কৰোঁ — দুয়োটাতে নিয়ন্ত্ৰণ হেৰোৱা বিমানখনৰ একেধৰণৰ ভিজুৱেল দেখা গৈছে। 

ৰয়টাৰৰ এক প্ৰতিবেদন অনুসৰি ২০২৩ চনৰ ১৫ জানুৱাৰীত কাঠমাণ্ডুৰ পৰা নেপালৰ পোখাৰা অভিমুখী য়েটি এয়াৰলাইন্সৰ যাত্ৰীবাহী বিমান (এটিআৰ ৭২) অৱতৰণৰ সময়ত স্থবিৰ হৈ পৰে আৰু দুৰ্ঘটনাগ্ৰস্ত হয়। উৰাজাহাজত থকা ৭২ জন লোকৰ আটাইকেইজনৰ মৃত্যু হয়।

দুখন ফটোৰ কলাজ

আমি দুখন ফটোৰ কলাজটোত একেধৰণে ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি গম পালোঁ যে দুয়োখন ফটো দুটা বেলেগ ঘটনাৰ হয়, এখন ২০১৮ চনৰ আৰু আনখন ২০২৩ চনৰ। 

নেপালৰ শেহতীয়া বিমান দুৰ্ঘটনাৰ দৃশ্য হিচাপে শ্বেয়াৰ কলাজৰ স্ক্ৰীণশ্বট (উৎস: এক্স)

আমি বাওঁফালে থকা ছবিখন ২০১৮ চনৰ ১২ মাৰ্চৰ ৱাশ্বিংটন পোষ্টৰ এটা  প্ৰতিবেদনত লাভ কৰোঁ। প্ৰতিবেদনটোত নেপালৰ ত্ৰিভুৱন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত সংঘটিত দুৰ্ঘটনাৰ বিষয়ে উল্লেখ কৰা হৈছে য’ত কমেও ৪৯ গৰাকী লোকৰ মৃত্যু হৈছিল। ভাইৰেল পোষ্টটোত উদ্ধাৰকাৰীয়ে আগুৰি থকা ধ্বংসপ্ৰাপ্ত নীলা বিমান একেখন ছবি ব্যৱহাৰ কৰিছে।  

প্ৰতিবেদনটোৰ মতে ইউএছ-বাংলা এয়াৰলাইন্সৰ টুইন প্ৰপেলাৰখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ সময়ত ৬৭ জন যাত্ৰী আৰু চাৰিজন ক্ৰু মেম্বাৰ আছিল। এই ছবিখনৰ কৃতিত্ব ৰয়টাৰৰ নৱেশ চিত্ৰকাৰক দিয়া হৈছে। 

এটা বিমানবন্দৰৰ ধ্বংসাৱশেষৰ চাৰিওফালে মানুহ গোট খাই থকা সোঁফালৰ ছবিখন ২০২৩ চনৰ ১৫ জানুৱাৰীত ইউ এছ এ টুডেই প্ৰকাশ কৰা এই প্ৰতিবেদনটোৰ এখন ফটোৰ সৈতে মিলে, য’ত ২০২৩ চনত পোখাৰাত দুৰ্ঘটনাগ্ৰস্ত হোৱা য়েটি এয়াৰলাইন্সৰ বিমানখনৰ উদ্ধাৰ অভিযান দেখুওৱা হৈছে। এই ছবিখনৰ কৃতিত্ব আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থা এছ’চিয়েটেড প্ৰেছৰ কৃষ্ণ মণি বৰালক দিয়া হৈছে। 

২০১৮ আৰু ২০২৩ চনৰ মূল ছবিৰ সৈতে ভাইৰেল ছবি দুখনৰ তুলনা। (উৎস: এক্স / ৱাশ্বিংটন পোষ্ট / ইউ এছ এ টুডে)

ভস্মীভূত ধ্বংসাৱশেষৰ ছবিখন ২০২৩ চনৰ হয়

বিমানৰ ধ্বংসাৱশেষ দেখুওৱা ছবিখনত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি আমি ২০২৩ চনৰ ১৫ জানুৱাৰীত প্ৰেছ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ এটা প্ৰতিবেদন লাভ কৰোঁ, একেখন ফটো নেশ্যনেল হেৰাল্ডেও প্ৰকাশ কৰিছিল। উক্ত ফটোখনৰ প্ৰকৃত উৎস আমি নিৰ্ণয় কৰিব নোৱাৰিলো যদিও ২০২৩ চনত একাধিক সংবাদ প্ৰতিষ্ঠানে (ইয়াত আৰু ইয়াত চাওক) ফটোখন তেওঁলোকৰ প্ৰতিবেদনত ব্যৱহাৰ কৰিছিল। ইয়াৰ দ্বাৰা এইটো প্ৰমাণ হয় যে এই ফটোখন শেহতীয়া বিমান দুৰ্ঘটনাৰ আগৰে পৰা ইণ্টাৰনেটত আছে। 

ভাইৰেল পোষ্টটোৰ ছবি আৰু ২০২৩ চনৰ য়েটি এয়াৰলাইনছৰ দুৰ্ঘটনাৰ ছবিৰ তুলনা। (উৎস: এক্স/নেচনেল হেৰাল্ড)

নেপালত কি হৈছিল?

২০২৪ চনৰ ২৪ জুলাইৰ পুৱা প্ৰায় ১১ বজাত নেপালৰ ত্ৰিভুৱন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা উৰা মৰাৰ সময়ত সৌৰ্য এয়াৰলাইন্সৰ ঘৰুৱা বিমান বম্বাৰ্ডিয়াৰ চি আৰ জে ২০০ দুৰ্ঘটনাগ্ৰস্ত হয়। এ পিৰ এক প্ৰতিবেদনত কোৱা হৈছে যে এই দুৰ্ঘটনাত কমেও ১৮ জন লোকৰ মৃত্যু হয়, আৰু কেৱল এজন লোকক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হয়। 

সিদ্ধান্ত

২০১৮ আৰু ২০২৩ চনত সংঘটিত দুটা বিমান দুৰ্ঘটনাৰ ভিডিঅ’ আৰু ফটো নেপালত অলপতে সংঘটিত সৌৰ্য এয়াৰলাইন্সৰ বিমান দুৰ্ঘটনাৰ সৈতে মিছাকৈ সংযুক্ত কৰা হৈছে।

(অনুবাদ: চন্দন বৰগোহাঁই)

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।