লেখক: চন্দন বৰগোহাঁই
নৱেম্বৰ 22 2024
ইউনুছৰ বিৰুদ্ধে বাংলাদেশৰ এজন ৰাজনৈতিক নেতাই আইচিচিত অভিযোগ দাখিল কৰিছে যদিও আন্তৰ্জাতিক অপৰাধ আদালতে তেওঁৰ বিৰুদ্ধে কোনো গোচৰৰ নিৰ্দেশ দিয়া নাই।
কি দাবী কৰা হৈছে?
আৱামী লীগ আৰু বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মাজত চলি থকা উত্তেজনাৰ মাজতে এটা ফেচবুক পোষ্টত দাবী কৰা হৈছে যে “আন্তৰ্জাতিক আদালতে” অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছকে ধৰি ৬২জন বাংলাদেশী নেতাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ নিৰ্দেশ দিছে। পোষ্টটোৰ এটা আৰ্কাইভ কৰা সংস্কৰণ ইয়াত চাব পাৰিব ৷
ইউনুছৰ এখন ফটো শ্বেয়াৰ কৰা পোষ্টটোৰ কেপচনত লিখিছে, ‘হিন্দুৰ ওপৰত সামূহিক নৰসংহাৰ চলোৱাৰ অভিযোগত আন্তৰাষ্ট্ৰীয় আদালতত বাংলাদেশৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী তথা তথাকথিত নোবেল বিজেতা য়ুনুছ খানৰ ওপৰত চলিব মোকৰ্দমা...আন্তৰাষ্ট্ৰীয় আদালতে য়ুনুছ খানৰ লগতে বাংলাদেশৰ 61 জন নেতাৰ ওপৰত মোকৰ্দমা চলোৱাৰ আদেশ দিয়ে।”
ভাইৰেল পোষ্টটোৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/স্ক্ৰীণশ্বট)
উল্লেখযোগ্য যে আৱামী লীগৰ এজন নেতাই নেদাৰলেণ্ডৰ আন্তৰ্জাতিক অপৰাধ আদালতত ইউনুছ আৰু আন ৬১জনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰাৰ পিছতে এই পোষ্টটো শ্বেয়াৰ কৰা হৈছে।
অৱশ্যে এই দাবীটো বিভ্ৰান্তিকৰ। আৱামী লীগৰ নেতাগৰাকীয়ে আন্তৰ্জাতিক অপৰাধ আদালতত ইউনুছ আৰু আন একাংশৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে যদিও আইচিচিয়ে এই সন্দৰ্ভত গোচৰ ৰুজু কৰাৰ কোনোধৰণৰ খবৰ প্ৰকাশ পোৱা নাই। আইচিচিত অভিযোগ দাখিল কৰা আৰু আইচিচিয়ে গোচৰ ৰুজু কৰা একে নহয়।
আইচিচিয়ে ইউনুছ আৰু অন্যান্যৰ বিৰুদ্ধে গোচৰৰ নিৰ্দেশ দিছে নেকি?
যোৱা ১০ আৰু ১১ নৱেম্বৰত প্ৰকাশিত একাধিক প্ৰতিবেদন অনুসৰি ছিলেটৰ প্ৰাক্তন মেয়ৰ তথা আৱামী লীগৰ নেতা আনোৱাৰুজ্জামান চৌধুৰীয়ে হগস্থিত আইচিচিত ৰোম ষ্টেট্যুটৰ ১৫ নং অনুচ্ছেদৰ অধীনত ইউনুছ আৰু আন ৬১ জনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল।
২০২৪ চনৰ ৯ নৱেম্বৰত আৱামী লীগৰ অফিচিয়েল ফেচবুক পেজত শ্বেয়াৰ কৰা এটা ভিডিঅ’ত (ইয়াত আৰ্কাইভ কৰা হৈছে) চৌধুৰীয়ে বাংলাদেশত শ্বেখ হাছিনা চৰকাৰক ক্ষমতাৰ পৰা উৎখাত কৰা ছাত্ৰ বিদ্ৰোহৰ পিছত ইউনুছসহ আন একাংশৰ বিৰুদ্ধে “গণহত্যা আৰু মানৱতাৰ বিৰুদ্ধে অপৰাধ”ৰ অভিযোগ উত্থাপন কৰিছিল। কিন্তু দ্য টাইমছ অৱ ইণ্ডিয়াৰ এক প্ৰতিবেদন অনুসৰি ইউনুছৰ আইনী উপদেষ্টাই এই অভিযোগক “আন্তৰ্জাতিক মহলক বিপথে পৰিচালিত কৰাৰ” প্ৰয়াস বুলি কয়। “এয়া কোনো গোচৰ নহয়। ই মাথোঁ এটা আবেদন। যিকোনো ব্যক্তিয়েই তেনেকুৱা আৱেদন কৰিব পাৰে।’- টাইমছ অৱ ইণ্ডিয়াই তেওঁক উদ্ধৃতি দি কয়।
আমি চৌধুৰীয়ে দাখিল কৰা অভিযোগৰ আপডেট বা আইচিচিয়ে ইউনুছসহ আনসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা সন্দৰ্ভত কোনো বিবৃতি বা প্ৰতিবেদন লাভ কৰা নাই।
আন্তৰ্জাতিক অপৰাধ আদালতৰ কাৰ্য প্ৰণালী
আমি আইচিচিৰ ৱেবছাইটটো চাই দেখিলোঁ যে “কোনো এটা তদন্ত আৰম্ভ কৰিলে ন্যায় প্ৰদান আৰু ভুক্তভোগীৰ স্বাৰ্থ পূৰণ কৰিন নে নকৰে, প্ৰকৃত ৰাষ্ট্ৰীয় কাৰ্য্যবিধি আছে নে নাই, আইচিচিৰ এক্তিয়াৰৰ ভিতৰত পৰিব পৰাকৈ গুৰুতৰ অপৰাধ সংঘটিত কৰাৰ পৰ্যাপ্ত প্ৰমাণ আছে নে নাই’’ সেই বিষয়সমূহ অফিচ অৱ দ্য প্ৰচিকিউটৰ (অ’টিপি)য়ে নিৰ্ধাৰণ কৰিব লাগিব।
‘’যদি তদন্ত আৰম্ভ কৰাৰ প্ৰয়োজনীয়তাখিনি পূৰণ নহয়, বা পৰিস্থিতি বা অপৰাধ আইচিচিৰ এক্তিয়াৰৰ অধীনত নপৰে, তেন্তে আইচিচিৰ বিচাৰ বিভাগে তদন্ত কৰিব নোৱাৰে,’’ পেজটোৱে লগতে কয়, অভিযোগ দাখিল কৰা মানে আইচিচিয়ে গোচৰ ৰুজু কৰা নোবোজায়।
লজিকেলী ফেক্টছে এই সন্দৰ্ভত অধিক জানিবলৈ আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ অধিবক্তা মৈত্ৰেয়ী গুপ্তাৰ সৈতেও যোগাযোগ কৰে। গুপ্তাই কয়, "নাই, আদালতে গোচৰৰ নিৰ্দেশ দিয়া নাই," তেওঁ আমাক অ'টিপি ৱেবছাইটটোলৈ আঙুলিয়াই দিয়ে য'ত কোৱা হৈছে যে ৰোম বিধিৰ ১৫ নং অনুচ্ছেদৰ অধীনত যিকোনো ব্যক্তি, গোট, ৰাষ্ট্ৰ, চৰকাৰী বা বেচৰকাৰী সংস্থাই পৰ্টেলটোৰ জৰিয়তে বা ডাকযোগে অভিযোগ দাখিল কৰিব পাৰে।
একেটা পৃষ্ঠাতে কোনো দাবী বা আবেদন নাকচ কৰিব পাৰি বুলিও উল্লেখ কৰা হৈছে। ইয়াত কোৱা হৈছে যে, “মূল্যায়নৰ পিছত যদি অ’টিপিয়ে এই সিদ্ধান্তত উপনীত হয় যে দাখিল কৰা তথ্যসমূহ আদালতৰ এক্তিয়াৰৰ ভিতৰত নপৰে বা তদন্তৰ বাবে যুক্তিসংগত ভিত্তি প্ৰদান নকৰে, তেন্তে অ’টিপিয়ে ১৫ নং অনুচ্ছেদৰ জৰিয়তে অভিযোগকাৰীক লিখিতভাৱে অৱগত কৰিব।” .
ইয়াৰ উপৰিও প্ৰচিকিউটৰে নিজা উদ্যোগত, কোনো ৰাষ্ট্ৰ পক্ষৰ অনুৰোধত বা ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ (ইউএনএছচি) ৰেফাৰেলৰ ভিত্তিত তদন্ত আৰম্ভ কৰিব পাৰে। অৱশ্যে আৱামী লীগ এইক্ষেত্ৰত ৰাষ্ট্ৰ পক্ষ নহয়। এই সকলোবোৰ প্ৰমাণৰ পৰা নিশ্চিত হোৱা যায় যে আইচিচিত অভিযোগ দাখিল কৰা আৰু আইচিচিয়ে গোচৰৰ নিৰ্দেশ দিয়া একে কথা নহয়।
আৱামী লীগ আৰু অন্তৱৰ্তীকালীন চৰকাৰৰ মাজত বিৰাজমান উত্তেজনা
১৮ নৱেম্বৰত বাংলাদেশৰ এক বিশেষ ন্যায়াধিকৰণৰ শুনানিৰ সময়ত বাংলাদেশত হাছিনা চৰকাৰৰ বিৰুদ্ধে হোৱা গণ বিদ্ৰোহৰ সময়ত আৱামী লীগৰ কেইবাজনো প্ৰাক্তন বাংলাদেশী মন্ত্ৰীৰ বিৰুদ্ধে “গণহত্যা সমৰ্থন”ৰ অভিযোগ উত্থাপন কৰা হৈছিল বুলি আল জাজিৰাই প্ৰকাশ কৰিছে। প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে তদন্তকাৰীক পলাতক প্ৰাক্তন প্ৰধানমন্ত্ৰী হাছিনাৰ বিৰুদ্ধে তদন্ত সম্পূৰ্ণ কৰি ২০২৪ চনৰ ১৭ ডিচেম্বৰৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ কয়।
তদুপৰি অন্তৱৰ্তীকালীন চৰকাৰে আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণৰ জৰিয়তে হাছিনা আৰু তেওঁৰ আৱামী লীগৰ সহযোগীসকলক প্ৰত্যাৰ্পণ কৰিবলৈ ইন্টাৰপলৰ সহায় বিচাৰিব বুলি কোৱা হৈছে।
সিদ্ধান্ত
ভাইৰেল দাবীটো বিভ্ৰান্তিকৰ। আৱামী লীগৰ এজন নেতাই মহম্মদ ইউনুছৰ বিৰুদ্ধে আন্তৰ্জাতিক অপৰাধ আদালতত অভিযোগ দাখিল কৰাটো সঁচা হয় যদিও আইচিচিয়ে এই সন্দৰ্ভত কোনো গোচৰ ৰুজু কৰা নাই। আইচিচিত অভিযোগ দাখিল কৰা আৰু আইচিচিয়ে গোচৰৰ নিৰ্দেশ দিয়া একে কথা নহয়।