মূল হিন্দুক ৭ দিনৰ ভিতৰত বাংলাদেশ এৰাৰ চৰম সকীয়নি দিয়া বুলি সম্পাদিত ভিডিঅ’ প্ৰচাৰ

হিন্দুক ৭ দিনৰ ভিতৰত বাংলাদেশ এৰাৰ চৰম সকীয়নি দিয়া বুলি সম্পাদিত ভিডিঅ’ প্ৰচাৰ

লেখক: এনেট প্ৰীতি ফুৰ্টাডো

অক্টোবৰ 15 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
ভাইৰেল ভিডিঅ’টোত হিন্দুসকলক সাত দিনৰ ভিতৰত বাংলাদেশ এৰি যাবলৈ চৰম সকীয়নি দিয়া দেখা গৈছে বুলি প্ৰচাৰিত পোষ্টৰ স্ক্ৰীণশ্বটত। (উৎস: এক্স/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত) ভাইৰেল ভিডিঅ’টোত হিন্দুসকলক সাত দিনৰ ভিতৰত বাংলাদেশ এৰি যাবলৈ চৰম সকীয়নি দিয়া দেখা গৈছে বুলি প্ৰচাৰিত পোষ্টৰ স্ক্ৰীণশ্বটত। (উৎস: এক্স/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

এইটো এটা সম্পাদিত ভিডিঅ’। সম্পূৰ্ণ ভিডিঅ'টো চালে নেতাজনৰ মন্তব্য যে হিন্দু বিৰোধী নহয় বৰঞ্চ আৱামী লীগৰ সদস্যৰ বিৰুদ্ধেহে সেয়া গম পোৱা যায়।

কি দাবী কৰা হৈছে?

বাংলাদেশৰ মুছলমানে হিন্দুসকলক সাত দিনৰ ভিতৰত দেশ এৰি যাবলৈ ‘চৰম সকীয়নি’ দিয়া বুলি দাবী কৰি ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে।

প্ৰায় এক মিনিটৰ ভিডিঅ'টোত মঞ্চত বহি থকা এজন ব্যক্তিয়ে বাংলা ভাষাত কৈছে: "মই হুঁচিয়াৰ কৰি দিব বিচাৰিছো। যদি আমি তেওঁলোকৰ বিচাৰৰ বাবে পুনৰ ৰাজপথত নামিব লাগে, তেন্তে আমি পুনৰ প্ৰতিবাদ কৰিম। তেওঁলোকে এতিয়াও চক্ৰান্ত কৰি আছে; মই নকৰোঁ'। তেওঁলোকে এতিয়াও ষড়যন্ত্ৰ কৰি আছে; আপোনালোকে গম পাইনে মই নাজানো। কেতিয়াবা হিন্দুৰ নামত, কেতিয়াবা সংখ্যালঘুৰ নামত, কেতিয়াবা চিটাগঙৰ নামত, কেতিয়াবা চিটাগং প্ৰেছ ক্লাবত, তথাকথিত সাংবাদিক চব। মই তহঁতক হুঁচিয়াৰ কৰিব বিচাছো: সময় বৰ্বাদ কৰি নাথাকিবি; নেজ পকা আৰু দেশ এৰি পলা। অতি শীঘ্ৰেই পলা। তহঁতৰ বাবহঁত আৰু ককাহঁত পলাই গৈছে আৰু শ্বেখ হাছিনাও পলাই গৈছে।"

তেওঁ আৰু কয়, "মই তহঁতক সাৱধান দিছো। এক সপ্তাহ তহঁতক মই  আলটিমেটাম দি দিছো। তাৰ পিছত মই তহঁতক দেখাই দিম।" ভিডিঅ’টোৰ শেষত  মানুহবিলাকে এটা ইছলামিক শ্ল’গান দিয়া শুনা যায়।

এক্সত ভিডিঅ’টো শ্বেয়াৰ কৰা এটা পোষ্টৰ কেপচনত লিখা হৈছে, "হিন্দুসকলক বাংলাদেশ এৰি যাবলৈ ৭ দিনৰ চৰম সকীয়নি দিয়া হৈছে। উগ্ৰ মৌলানাই কৈছে, 'তহঁতৰ পিতৃ গুচি গৈছে, তোমালোকৰ মাহীহঁতে ভই খাই আছে, তহঁতো যাগৈ।’ #বাংলাদেশতহিন্দুগণহত্যা #বাংলাদেশীহিন্দুকবচাওক #বাংলাদেশতহিন্দুকআক্ৰমণ।"

এনে পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত, ইয়াত, ইয়াত, ইয়াত, আৰু ইয়াত পোৱা যাব।

ভাইৰেল পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেচবুকতো একেধৰণৰ দাবীৰে ভিডিঅ’টো শ্বেয়াৰ কৰা হৈছে; এটা আৰ্কাইভ কৰা পোষ্ট ইয়াত উপলব্ধ।

তদপুৰি, ২০২৪ চনৰ ৩০ ছেপ্টেম্বৰত ভাৰতীয় মালয়ালম সংবাদ মাধ্যম এছিয়ানেটত ভাইৰেল ভিডিঅ’টোৰ সন্দৰ্ভত বাংলাদেশৰ এজন নেতাই দেশখনৰ হিন্দু সম্প্ৰদায়ক সাত দিনৰ ভিতৰত গুচি যাবলৈ সকীয়ানি দিয়া বুলি বাতৰি প্ৰকাশ কৰিছিল।

এছিয়ানেটৰ বাতৰিৰ স্ক্ৰীণশ্বট। (উৎস: এছিয়ানেট /স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

কিন্তু আমি দেখিলোঁ যে ভাইৰেল ভিডিঅ’টো প্ৰকৃততে বাংলাদেশৰ ছাইফুদ্দিন মহম্মদ এমদাদ নামৰ এজন যুৱ নেতাৰ ভাষণৰ সম্পাদিত ৰূপহে, আৰু বিভ্ৰান্তিকৰ সাম্প্ৰদায়িক দাবীৰে সম্পাদিত ভিডিঅ’টো শ্বেয়াৰ কৰা হৈছে। আমদাদে আচলতে ২০২৪ চনৰ প্ৰতিবাদৰ আগলৈকে ক্ষমতাত থকা আৱামি লীগৰ সমৰ্থক আৰু সদস্যসকলকহে লক্ষ্য কৰি কথাখিনি কৈছিল।

আমি কি বিচাৰি পালোঁ?

ভাইৰেল ভিডিঅ’টোত কথা কৈ থকা লোকজন হৈছে ছৈফুদ্দিন মহম্মদ এমদাদ নামৰ বাংলাদেশৰ এজন যুৱ নেতা যোনে ২০২৪ চনৰ ৫ আগষ্টত চট্টগ্ৰামত শ্বেখ হাছিনা চৰকাৰৰ কোটা সংস্কাৰৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত গুলীবিদ্ধ হৈ এটা চকুৰ দৃষ্টিশক্তি হেৰুৱাইছিল।

গুগলত চাৰ্চ কৰি আমি এটা বেলেগ এংগলৰ পৰা ৰেকৰ্ড কৰা এমদাদৰ ভাষণৰ সম্পূৰ্ণ ভিডিঅ’টো লাভ কৰোঁ (ইয়াত আৰ্কাইভ কৰা হৈছে )। ‘‘জুলাই বিপ্লবৰ চহীদ পৰিয়াল ও যোদ্ধাসকলৰ কাৰণে স্মৃতিচাৰণ ও সাংস্কৃতিক সন্ধ্যাত এমদাদ ভাতৃৰ বক্তব্য’’ শীৰ্ষক ভিডিঅ’টো ২০২৪ চনৰ ২৮ ছেপ্টেম্বৰত ইউটিউবত আপলোড কৰা হৈছিল। চিটাগঙৰ চি আৰ বিৰ শিৰিশ তালাত বিকিৰন নামৰ এটা সামাজিক সংস্থাই উক্ত অনুষ্ঠানটোৰ আয়োজন কৰিছিল।

এই দীঘলীয়া ভিডিঅ’টোৰ ৫:৫৬ৰ পৰা ৭:০০লৈ ভাইৰেল ক্লিপটো দেখা যায়। কিন্তু এই অংশটোৰ ঠিক আগতে ৪:৩৬ মিনিটত এমদাদে নিজৰ হতাশা প্ৰকাশ কৰি কয়, "এতিয়াও তেওঁলোক ৰাস্তা-ঘাট সকলোতে আছে। এতিয়াও তেওঁলোক কিয় মুকলিকৈ ঘূৰি ফুৰিছে? মোক ইয়াৰ উত্তৰ লাগে! তেওঁলোকে ক’ৰ পৰা ইমান সাহস পায়? এইসকল মানুহ যি চট্টগ্ৰামৰ বাহাদ্দাহাটত মুকলিকৈ অস্ত্ৰ-শস্ত্ৰ লৈ ফুৰে আৰু নিউ মাৰ্কেটত ছাত্ৰ-ছাত্ৰীৰ ওপৰত গুলীচালনা কৰে—তেওঁলোক এতিয়াও কিয় মুক্ত?? আৰক্ষী-প্ৰশাসন ক’ত? আমাৰ ৰাষ্ট্ৰ ক’ত? আমাৰ সেনাৰ ইহঁতৰ সৈতে মোকাবিলা কৰাৰ কিয় ক্ষমতা দিয়া হোৱা নাই? আমি কি আকৌ সংগ্ৰাম কৰিব লাগিব? অসুস্থ শৰীৰে পুনৰ ৰাস্তাত নামিব লাগিব? মই পুনৰ অস্ত্ৰ হাতত তুলিব ল’ব লাগিব? পুনৰ শ্ল'গান দিব লাগিব? আমি পুনৰ প্ৰতিবাদ, প্ৰতিৰোধ কৰিব বিচৰা নাই; আমি বিচাৰিছো যে হত্যাকাৰীসকলক যিমান সম্ভৱ সোনকালে কাৰাগাৰলৈ পঠিয়াব লাগে।"

ভাইৰেল অংশটো আৰম্ভ হয় ৫:৫৬ টাইমষ্টেম্পৰ পৰা। সমগ্ৰ ভাষণটো শুনিলে স্পষ্ট হয় যে এমদাদে বিশেষভাৱে বাংলাদেশৰ আৱামি লীগৰ সদস্য আৰু সমৰ্থকসকলক লক্ষ্য কৰি কথাখিনি কৈছিল। তেওঁলোকৰ বিৰুদ্ধে নেতাজনে হিন্দু, সংখ্যালঘু, আৰু সাংবাদিকৰ আঁৰ লৈ নিজৰ প্ৰকৃত পৰিচয় লুকুৱাই ৰাখি জাতিৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰাৰ অভিযোগ উত্থাপন কৰিছিল।

৪ অক্টোবৰত এমদাদে তেওঁৰ ভাষণ সন্দৰ্ভত উত্থাপিত ভুৱা দাবীসমূহ খণ্ডন কৰি দিয়া এটা ফেচবুক পোষ্টত (ইয়াত আৰ্কাইভ কৰা হৈছে) তেওঁ হিন্দুসকলক দেশ এৰি যাবলৈ কোনোধৰণৰ চৰম সকীয়নি জাৰি কৰা নাছিল বুলি উল্লেখ কৰে। বৰঞ্চ প্ৰতিবাদৰ সময়ত ছাত্ৰ-ছাত্ৰীক আক্ৰমণ কৰা সকলৰ প্ৰতিহে তেওঁ মন্তব্য কৰা বুলি কয়। তেওঁ শ্ৰোতাসকলক তেওঁ কোৱা কথাখিনি ভালদৰে শুনিবলৈ আহ্বান জনাই কয় যে তেওঁ ষড়যন্ত্ৰকাৰীসকলক সতৰ্ক হ’বলৈ বা হাছিনাৰ দৰে দেশৰ পৰা পলায়ন কৰিবলৈ সকীয়নি দিছিল, যিদৰে তেওঁলোকৰ পূৰ্বপুৰুষসকলে কৰিছিল।

ছাইফুদ্দিন মহম্মদ এমদাদে তেওঁৰ ভাষণ সন্দৰ্ভত প্ৰচাৰিত ভুৱা দাবী খণ্ডন কৰি দিয়া ফেচবুক পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক)

তদুপৰি এমদাদে পুনৰ ইংৰাজীত এটা ফেচবুক পোষ্ট (ইয়াত আৰ্কাইভ কৰা হৈছে) দি "হিন্দুসকলক সাত দিনৰ ভিতৰত দেশ এৰি যাবলৈ চৰম সকীয়নি দিয়া" বুলি উত্থাপিত ভাইৰেল দাবীটো নস্যাৎ কৰে। তেওঁ এইটো মিছা বুলি উল্লেখ কৰি লগতে কয় যে, "উক্ত মন্তব্যটো হিন্দুসকলৰ বিৰুদ্ধে নাছিল; প্ৰতিবাদকাৰীক আক্ৰমণ কৰা পূৰ্বৰ শাসক/চৰকাৰ আৰু ইয়াৰ সহযোগীসকলৰ বিৰুদ্ধেহে আছিল।" তেওঁৰ পোষ্টটোত তেনে একাধিক বিভ্ৰান্তিকৰ দাবীৰ স্ক্ৰীণশ্বট অন্তৰ্ভুক্ত কৰা হৈছিল।

তেওঁ কয় যে বিকিৰনে চট্টগ্ৰামত আয়োজন কৰা "জুলাই স্মৃতিচাৰণ আৰু সাংস্কৃতিক সন্ধিয়া"ত তেওঁৰ ভাষণৰ সময়ত ছাত্ৰ-ছাত্ৰীক আক্ৰমণ কৰা "স্বৈৰাচাৰী শাসকৰ অনুগামীসকলৰ’’ কথাহে কোৱা হৈছিল। এমদাদে উল্লেখ কৰে যে "হিন্দু" শব্দটো বিভিন্ন প্ৰতিবাদৰ প্ৰসংগত ব্যৱহাৰ কৰা হৈছিল য'ত আৱামি লীগক "হিন্দু" বুলি কোৱা হৈছিল, যিয়ে হয়তো সাম্প্ৰদায়িক উত্তেজনাৰ সৃষ্টি কৰিছিল।

সিদ্ধান্ত

ভিডিঅ’টোত কথা কৈ থকা লোকজন হৈছে ছাইফুদ্দিন মহম্মদ এমদাদ, যাক ইমদাদ বাবু বুলিও জনা যায়, তেওঁ ছাত্ৰ আন্দোলনৰ এজন নেতা। এমদাদে  আৱামি লীগৰ সদস্যৰ বিৰুদ্ধে দিয়া এটা ভাষণৰ পৰা ক্ৰপ কৰা হৈছে আৰু তেওঁ হিন্দুলোকৰ বিৰুদ্ধে সাম্প্ৰদায়িক মন্তব্য কৰা বুলি বিভ্ৰান্তিকৰ দাবীৰে শ্বেয়াৰ কৰা হৈছে।

(অনুবাদ: চন্দন বৰগোহাঁই)

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।