মূল বৃটেইনৰ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ বাংকাৰৰ ভিডিঅ’ ‘গাজাত হামাছৰ সুৰংগ নেটৱৰ্ক’ বুলি প্ৰচাৰিত

বৃটেইনৰ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ বাংকাৰৰ ভিডিঅ’ ‘গাজাত হামাছৰ সুৰংগ নেটৱৰ্ক’ বুলি প্ৰচাৰিত

লেখক: অনুৰাগ বৰুৱা

নৱেম্বৰ 27 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
বৃটেইনৰ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ বাংকাৰৰ ভিডিঅ’ ‘গাজাত হামাছৰ সুৰংগ নেটৱৰ্ক’ বুলি প্ৰচাৰিত গাজাত থকা হামাছৰ সুৰংগ বুলি দাবী কৰা ফেচবুক পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: স্ক্ৰীণস্বট/ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

ভিডিঅ'টোত বৃটেইনৰ ছাৰেৰ ৰেইগেট হিলত অৱস্থিত 'মণ্টিজ হাইডলাইন' নামেৰে জনাজাত এটা দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ সামৰিক বাংকাৰ দেখা গৈছে।

ইজৰাইল প্ৰতিৰক্ষা বাহিনী (আইডিএফ)-এ বাৰম্বাৰ দাবী কৰি আহিছে যে তেওঁলোকে গাজাত থকা হামাছৰ সুৰংগসমূহ বিচাৰি পাইছে, এইমূহৰ ভিতৰত গাজা ষ্ট্ৰীপৰ আটাইতকৈ ডাঙৰ চিকিৎসালয় আল-শ্বিফাৰ তলৰ সুৰংগৱো আছে। বিগত কিছু সপ্তাহত আইডিএফে চিকিৎসালয়খন ঘেৰাও কৰি অভিযান চলাইছে। হামাছে চিকিৎসালয়খনৰ ভিতৰত তেওঁলোকৰ 'কমাণ্ড চেন্টাৰ' থকাৰ সকলো অভিযোগ অস্বীকাৰ কৰিছে। শেহতীয়াকৈ এই তথাকথিত সুৰংগসমূহে ছ’চিয়েল মিডিয়াত যথেষ্ট চৰ্চা লাভ কৰাৰ লগতে এনে সুৰংগ দেখুওৱা বুলি দাবী কৰি বুভিন্ন ফটো আৰু ভিডিঅ’ শ্বেয়াৰ হোৱা দেখিবলৈ পোৱা গৈছে।

কি দাবী কৰা হৈছে?

গাজাত থকা হামাছৰ ‘সুৰংগ নেটৱৰ্ক’ দেখা গৈছে বুলি দাবী কৰি অসমীয়াত এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে। এজন  ফেচবুক ব্যৱহাৰকাৰীয়ে ৮ নৱেম্বৰত এই ভিডিঅ’টো পোষ্ট কৰিছিল, এই প্ৰতিবেদনটো লিখাৰ সময়লৈ পোষ্টটোৱে প্ৰায় ২ লাখ ভিউ লাভ কৰিছে। ভিডিঅ’টোত দেখা গৈছে যে ভিডিঅ’টোৰ আৰম্ভণিতে এজন ব্যক্তিয়ে এটা সুৰংগৰ ভিতৰলৈ খোজ কাঢ়ি গৈ আছে আৰু কেমেৰাই প্ৰথমে তেওঁক পিছফালৰ পৰা অনুসৰণ কৰি গৈ থাকে আৰু পিছত তেওঁক আগুৱাই গৈ অনেক সুৰংগৰ বাট দেখুৱায়। 

ভাইৰেল ফেচবুক পোষ্টটোৰ স্ক্ৰীণশ্বট। (উৎস: স্ক্ৰীণস্বট/ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে ভিডিঅ’টোত প্ৰকৃততে গাজাত থকা হামাছৰ সুৰংগ নেটৱৰ্ক দেখুওৱা হোৱা নাই, বৰঞ্চ এইটো ব্ৰিটেইনৰ এটা সুৰংগ নেটৱৰ্ক হয় যিটোক দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত সেনাবাহিনীৰ যুদ্ধৰ মুখ্য কাৰ্যালয় হিচাপে ব্যৱহাৰ কৰা হৈছিল।

আমি কি বিচাৰি পালো?

ভাইৰেল ভিডিঅ’টোৰ তলৰ সোঁফালৰ কোণত এটা টিকটক ৱাটাৰমাৰ্ক আৰু @urbexkev নামৰ এটা ইউজাৰনেম দেখা যায়। ইয়াৰ সহায়ত আমি টিকটকত উক্ত একাউণ্টটো বিচাৰি উলিয়াও আৰু ২০২৩ চনৰ ৩১ অক্টোবৰত মূল ভিডিঅ'টো আপলোড কৰা কৰা হৈছিল বুলি জানিব পাৰোঁ, ভিডিঅ’টোৰ কেপচনত "#bunker #war #ww2 #history #underground" বুলি লিখা আছিল আৰু লকেশ্যনত 'ইউনাইটেড কিংডম' বুলি উল্লেখ কৰা আছিল। 

ভাইৰেল ভিডিঅ’টোত দেখা সুৰংগটোৰ দৰে ছবি থকা ঐতিহাসিক নিৰ্মাণ গাঁথনিসমূহৰ অন্বেষণৰ বাবে সমৰ্পিত বিভিন্ন ৱেবছাইট, ব্লগ আৰু ফ'ৰামত প্ৰকাশিত একাধিক প্ৰবন্ধই এই স্থানখিনি ব্ৰিটেইনৰ ছাৰেৰ ৰেইগেট হিলত থকা ‘ৰেইগেট আৰ্মি বেটেল হেডকোৱাৰ্টাৰ’ বুলি উল্লেখ কৰিছে, যাক ব্ৰিটিছ সেনাৰ জ্যেষ্ঠ বিষয়া বাৰ্নাৰ্ড মণ্টগোমাৰীৰ নামেৰে 'মণ্টিজ হাইডআউট' (মণ্টিৰ গুপ্তস্থান) বুলিও কোৱা হয়। 

প্ৰত্নতাত্ত্বিক গৱেষণাৰ বাবে ডিজিটেল আৰ্কাইভ ‘দ্য আৰ্কিঅ’লজি ডাটা চাৰ্ভিচ’ৰ ৱেবছাইট অনুসৰি ১৯৪০ চনৰ পৰা ১৯৪১ চনৰ ভিতৰত নিৰ্মাণ কৰা এই সুৰংগটো দক্ষিণ-পূব কমাণ্ডৰ ভূগৰ্ভস্থ যুদ্ধৰ মুখ্য কাৰ্যালয় আছিল আৰু ইয়াক দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ব্যৱহাৰ কৰা হৈছিল। ৱেবছাইটটোত ভূগৰ্ভস্থ স্থানৰ এটা পুৰণি নক্সাও অন্তৰ্ভুক্ত কৰা হৈছে যিয়ে সুৰংগ নেটৱৰ্কটোক 'মণ্টিজ হাইডআউট' বুলি অভিহিত কৰিছে।

সুৰংগ নেটৱৰ্কটোক 'মণ্টিজ হাইডআউট' হিচাপে চিনাক্ত কৰি ২০২৩ চনৰ ১১ জুলাইত "দ্য ছিক্ৰেট ভল্ট" নামৰ এটা ইউটিউব চেনেলে প্ৰকাশ কৰা এটা ভিডিঅ’ত ভাইৰেল ভিডিঅ’টোত দেখা পোৱা একেটা সুৰংগ নেটৱৰ্ক দেখিবলৈ পোৱা যায়। দুয়োটা ভিডিঅ’ৰ ফ্ৰেমৰ তুলনা কৰিলে এইয়া নিশ্চিত হয় যে দুয়োটাতে একেখিনি ঠাই দেখুওৱা হৈছে। উদাহৰণস্বৰূপে, ভাইৰেল ভিডিঅ’ৰ ০:২০ আৰু ১:১৫ টাইমষ্টেম্প ইউটিউব ভিডিঅ’ৰ ক্ৰমে ১৯:৩৬ আৰু ২০:২০ টাইমষ্টেম্পৰ সৈতে মিলে।

ভাইৰেল ভিডিঅ’টো আৰু ইউটিউব ভিডিঅ’টোৰ স্ক্ৰীণশ্বটৰ তুলনা। (উৎস: স্ক্ৰীণশ্বট/ফেচবুক/ইউটিউব/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

আমি ঠাইখিনি কিদৰে নিশ্চিত কৰিলোঁ?

আমি ইউটিউব ভিডিঅ’টোত দেখুওৱা ঠাইখিনি ছাৰেৰ ৰেইগেট হিল হয়নে নহয় সেইয়া সেইয়া নিশ্চিত কৰাৰ উদ্দেশ্যে ভিডিঅ’টোৰ আৰম্ভণিতে দৃশ্যমান এখন বেৰা আৰু এটা চিহ্ন ব্যৱহাৰ কৰোঁ। ইয়াৰ দ্বাৰা আমি নিশ্চিত হওঁ যে ভাইৰেল ভিডিঅ’টোত দেখা পোৱা সুৰংগ নেটৱৰ্কটো ৰেইগেট হিলত অৱস্থিত বিশ্বযুদ্ধৰ সামৰিক বাংকাৰে হয় যাক 'মণ্টিজ হাইডআউট' বুলিও জনা যায়। 

ভাইৰেল ভিডিঅ’টো আৰু গুগল মেপছৰ ছবিৰ স্ক্ৰীণশ্বটৰ তুলনা। (উৎস: স্ক্ৰীণশ্বট/ইউটিউব/গুগল মেপছ/লজিকেলী ফেক্টৰ দ্বাৰা পৰিৱৰ্তিত)

ইয়াৰ পূৰ্বে, লজিকেলী ফেক্টছে শীতল যুদ্ধৰ সময়ৰ ছুইডেনৰ এটা বাংকাৰক গাজাত থকা হামাছৰ সুৰংগ বুলি প্ৰচাৰ কৰা এটা মিছা দাবী ফেক্ট-চেক কৰিছিল। 

সিদ্ধান্ত

প্ৰত্নতাত্ত্বিক তথ্য আৰু জিঅ’ লকেশ্যন (ভূ-অৱস্থান)ৰ দ্বাৰা সমৰ্থিত দৃশ্যগত তুলনাই নিশ্চিত কৰে যে ভাইৰেল ভিডিঅ’টোত দেখা সুৰংগ নেটৱৰ্কটো ব্ৰিটেইনৰ হয় আৰু ইয়াক দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নিৰ্মাণ কৰা হৈছিল। ছ’চিয়েল মিডিয়াত এইটো গাজাত থকা হামাছৰ সুৰংগ বুলি মিছাকৈ দাবী কৰা হৈছে। সেয়েহে আমি এই দাবীটো মিছা বুলি চিহ্নিত কৰিছো।

(অনুবাদ: চন্দন বৰগোহাঁই)

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।