মূল শ্বেখ হাছিনাৰ পদত্যাগৰ পিছত শ্ৰীলংকাৰ ফটো, ভিডিঅ’ বাংলাদেশৰ হিচাপে শ্বেয়াৰ কৰা হৈছে

শ্বেখ হাছিনাৰ পদত্যাগৰ পিছত শ্ৰীলংকাৰ ফটো, ভিডিঅ’ বাংলাদেশৰ হিচাপে শ্বেয়াৰ কৰা হৈছে

লেখক: ৰাহুল অধিকাৰী

আগষ্ট 6 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
শ্বেখ হাছিনাৰ পদত্যাগৰ পিছত শ্ৰীলংকাৰ ফটো, ভিডিঅ’ বাংলাদেশৰ হিচাপে শ্বেয়াৰ কৰা হৈছে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ বাসগৃহৰ ভিতৰত প্ৰতিবাদকাৰীৰ দৃশ্য হিচাপে প্ৰচাৰিত ছ’চিয়েল মিডিয়াত পোষ্ট। (উৎস: এক্স/ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

মিছা

এতিয়া ভাইৰেল হোৱা এই ফটো আৰু ভিডিঅ’ ২০২২ চনৰ জুলাইৰ হয় যেতিয়া শ্ৰীলংকাত প্ৰতিবাদকাৰীয়ে তদানীন্তন ৰাষ্ট্ৰপতি মহিন্দা ৰাজপাক্ষেৰ বাসগৃহটো দখল কৰিছিল।

কি দাবী কৰা হৈছে?

বাংলাদেশত অব্যাহত প্ৰতিবাদৰ মাজতে দেশখনৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই সোমবাৰে পদত্যাগ কৰাৰ লগতে দেশ ত্যাগ কৰে। তেওঁ দেশ এৰি পলায়ন কৰাৰ  পিছতে প্ৰতিবাদকাৰীয়ে তেওঁৰ চৰকাৰী বাসগৃহত প্ৰৱেশ কৰি লুটপাত কৰাৰ দৃশ্য ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। তেনে এখন ভাইৰেল ফটো আৰু এটা ভিডিঅ’ত প্ৰতিবাদকাৰীয়ে তেওঁৰ বাসভৱনটো দখল কৰা দেখুওৱা বুলি দাবী কৰা হৈছে। ভিডিঅ’টোত একাধিক লোকে এটা ছুইমিং পুলত সাঁতুৰি থকা দেখা গৈছে আৰু ভাইৰেল ফটোখনত তিনিজন লোক বিচনাত শুই থকা দেখা গৈছে। ফটোখন শ্বেয়াৰ কৰি এজন ব্যৱহাৰকাৰীয়ে লিখিছে, "শ্বেখ হাছিনাৰ শুৱনি কোঠাৰ দৃশ্য।" এনে পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত আৰু ইয়াত পোৱা যাব৷ অসমীয়াতো ফেচবুকত একেধৰণৰ দাবীৰে উক্ত ফটোখন শ্বেয়াৰ কৰি এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ‘‘শ্বেইখ হাসিনাৰ পদত্যাৰ পিছত গণভৱন দখল কৰি শ্বেইখ হাসিনাৰ বিচনাত শুই জনতাৰ উল্লাস ৷৷’’

ছচিয়েল মিডিয়াত ভাইৰেল পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে এই দাবীটো মিছা। এই দৃশ্যসমূহ ২০২২ চনত শ্ৰীলংকাত হোৱা গণবিদ্ৰোহৰ সময়ৰ হয় যেতিয়া প্ৰতিবাদকাৰীয়ে দেশখনৰ ৰাষ্ট্ৰপতিৰ বাসগৃহত আক্ৰমণ চলাইছিল। বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ দৃশ্য হিচাপে এই পুৰণি ফটো আৰু ভিডিঅ’টো মিছাকৈ শ্বেয়াৰ কৰা হৈছে।

আমি কেনেকৈ সত্যটো বিচাৰি পালোঁ?

আমি ভিডিঅ’টোৰ কীফ্ৰেমত আৰু ভাইৰেল ফটোখনত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি দেখিলোঁ যে দুয়োটা দৃশ্যই শ্ৰীলংকাৰ হয়। তলত তথ্যসমূহ উল্লেখ কৰা হৈছে। 

ভাইৰেল ফটোখন

সংবাদ প্ৰতিষ্ঠান হিন্দুস্তান টাইমছে ২০২২ চনৰ ১০ জুলাইত এতিয়া ভাইৰেল হোৱা ফটোখন প্ৰকাশ কৰি কৈছিল যে ইয়াত শ্ৰীলংকাৰ কলম্বোত বিক্ষোভকাৰীয়ে দেশখনৰ তেতিয়াৰ ৰাষ্ট্ৰপতি বাসভৱনত প্ৰৱেশ কৰাৰ পিছদিনা ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপক্ষেৰ বিচনাত কেইজনমান শুই থকা অৱস্থাত দেখা গৈছে। এই ফটোখন ২০২২ চনত শ্ৰীলংকাত অৰ্থনৈতিক সংকটৰ বাবে হোৱা বিক্ষোভৰ সময়ত লোৱা হৈছিল, ২০২২ চনৰ ১৪ জুলাইত গোটাবায়া ৰাজাপক্ষেই ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰিছিল।ৰাষ্ট্ৰপতিৰ পদত্যাগৰ দাবীত প্ৰতিবাদকাৰীসকলে তেওঁৰ বাসগৃহত প্ৰৱেশ কৰি তেওঁৰ ব্যক্তিগত অট্টালিকাটো জ্বলাই দিছিল। প্ৰতিবাদে তীব্ৰ ৰূপ ধাৰণ কৰাত তেওঁ মালদ্বীপলৈ পলায়ন কৰি পদত্যাগ কৰে। 

মূল ফটোখন দেখুওৱা বাতৰিৰ স্ক্ৰীণশ্বট। (উৎস: হিন্দুস্তান টাইমছ/স্ক্ৰীণশ্বট)

তদুপৰি ৰয়টাৰে ফটোখন প্ৰকাশ কৰি কেপচনত লিখিছে, “শ্ৰীলংকাৰ অৰ্থনৈতিক সংকটৰ মাজতে বিক্ষোভকাৰীয়ে ৰাষ্ট্ৰপতি ভৱনত প্ৰৱেশ কৰাৰ পিছদিনা ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপক্ষেৰ বিচনাত এইদৰে শুই থকা অৱস্থাত দেখা যায়। শ্ৰীলংকা, কলম্বো, ১০ জুলাই, ২০২০।"

ভাইৰেল ভিডিঅ'টো

আমি দেখিলোঁ যে এতিয়া ভাইৰেল হোৱা ভিডিঅ’টোত দুটা ক্লিপ আছে য’ত এটা ছুইমিং পুলৰ ভিতৰত একাধিক মানুহক সাঁতুৰি থকা দেখা গৈছে। আমি লগতে জানিব পাৰিলোঁ এইটো ভিডিঅ’ও বাংলাদেশৰ নহয়, বৰঞ্চ শ্ৰীলংকাৰহে। 

ভাইৰেল ক্লিপটোত ০:০৮ ছেকেণ্ড টাইমষ্টেম্পলৈ থকা অংশখিনি বিবিচি নিউজ আৰু দ্য টেলিগ্ৰাফকে ধৰি কেইবাটাও সংবাদ মাধ্যমে প্ৰকাশ কৰিছে। ভাইৰেল ভিডিঅ’টোত ০:০২ ছেকেণ্ডত থকা দৃশ্যটো বিবিচিৰ ভিডিঅ’ত ০.০৮ ছেকেণ্ডত চাব পাৰিব। ২০২২ চনৰ ৯ জুলাইৰ বাতৰি অনুসৰি, মূল ভিডিঅ’টোত শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ পদত্যাগৰ দাবীত প্ৰতিবাদৰ সময়ত তেওঁৰ ঘৰত প্ৰৱেশ কৰি ছুইমিং পুলত সাঁতুৰি থকা প্ৰতিবাদকাৰীক দেখা গৈছে। বিবিচিয়ে নিজৰ প্ৰতিবেদনত লিখিছে, “এই ফুটেজত প্ৰতিবাদকাৰীসকলক ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপক্ষেৰ পুলত সাঁতুৰি থকা দেখা গৈছে।” 

ভাইৰেল ভিডিঅ' আৰু মূল ভিডিঅ'ৰ মাজত তুলনা। (উৎস: এক্স/ইউটিউব/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ভাইৰেল ক্লিপটোত ০:১১ ছেকেণ্ডৰ পৰা দেখা দৃশ্যখিনি News.Au-এ ২০২২ চনৰ ১০ জুলাইত প্ৰকাশ কৰা এই ভিডিঅ’ প্ৰতিবেদনত চাব পাৰিব (ইয়াত আৰ্কাইভ কৰা হৈছে) য’ত লিখা আছে: শ্ৰীলংকাৰ প্ৰতিবাদকাৰীয়ে ৰাষ্ট্ৰপতি ভৱনত প্ৰৱেশ কৰে, পুলত সাঁতোৰে।" ডেইলী মেইলে ভিডিঅ'টো প্ৰকাশ কৰি লিখিছে: "৯ জুলাইত শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গোতাবায়া ৰাজাপক্ষেৰ বাসগৃহত প্ৰতিবাদকাৰীয়ে পুলত সাঁতোৰে। হাজাৰ হাজাৰ লোকে ৰাষ্ট্ৰপতিগৰাকীৰ পদত্যাগৰ আহ্বান জনাই এই প্ৰতিবাদ সাব্যস্ত কৰে।"

ওপৰৰ প্ৰমাণৰ ভিত্তিত দেখা যায় যে শ্ৰীলংকাৰ দৃশ্য বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে। 

বাংলাদেশৰ অস্থিৰতা 

যোৱা জুন মাহৰ পৰা বাংলাদেশত ছাত্ৰ-ছাত্ৰীসকলে কোটা ব্যৱস্থাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। উক্ত প্ৰতিবাদত ছাত্ৰ-ছাত্ৰীকে ধৰি কমেও ৩ শতাধিক লোকে প্ৰাণ হেৰুৱাইছে আৰু বহু সংখ্যক লোক আহত হৈছে। প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগৰ দাবীত পিছত প্ৰতিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰে। ৫ আগষ্টত হাছিনাই প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰি দেশ এৰি পলায় যায়। বাংলাদেশৰ সেনাই অন্তৱৰ্তীকালীন চৰকাৰ গঠন কৰাৰ কথা ঘোষণা কৰিছে ।

সিদ্ধান্ত

২০২২ চনৰ শ্ৰীলংকাৰ অৰ্থনৈতিক সংকটৰ সময়ত হোৱা প্ৰতিবাদৰ দৃশ্য বাংলাদেশ শেহতীয়া সংকটৰ ভিজুৱেল হিচাপে শ্বেয়াৰ কৰা হৈছে। ভাইৰেল ভিডিঅ’ আৰু ফটোখন প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ বাসগৃহৰ নহয়।

(অনুবাদ: চন্দন বৰগোহাঁই)

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।