মূল ইণ্ডোনেচিয়াৰ ফুড ভ্লগৰ স্ক্ৰীণশ্বট 'মণিপুৰত কুকি লোকে মানুহৰ মাংস খোৱা' দৃশ্য হিচাপে শ্বেয়াৰ কৰা হৈছে

ইণ্ডোনেচিয়াৰ ফুড ভ্লগৰ স্ক্ৰীণশ্বট 'মণিপুৰত কুকি লোকে মানুহৰ মাংস খোৱা' দৃশ্য হিচাপে শ্বেয়াৰ কৰা হৈছে

লেখক: চন্দন বৰগোহাঁই

জুলাই 24 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
ইণ্ডোনেচিয়াৰ ফুড ভ্লগৰ স্ক্ৰীণশ্বট 'মণিপুৰত কুকি লোকে মানুহৰ মাংস খোৱা' দৃশ্য হিচাপে শ্বেয়াৰ কৰা হৈছে মণিপুৰৰ কুকি সম্প্ৰদায়ৰ লোকে ‘মানুহৰ মাংস' খোৱা বুলি দাবী কৰি ইণ্ডোনেছিয়াৰ এটা ইউটিউব ভিডিঅ'ৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

মিছা

এইটো মানুহৰ মাংস ভক্ষণ কৰাৰ ভিডিঅ’ নহয়, মূল ভিডিঅ'টোত ইণ্ডোনেচিয়াৰ এজন ইউটিউবাৰে দেশখনৰ এবিধ বিশেষ খাদ্য খাই থকাহে দেখা গৈছে।

কি দাবী কৰা হৈছে?

এজন লোকে মাংসৰ এটা টুকুৰা ৰান্ধি খাই থকাৰ তিনিখন ছবি ফেচবুকত শ্বেয়াৰ কৰি ইয়াত মণিপুৰত এজন কুকি লোকে "মানুহৰ মাংস খাই থকা" দেখা গৈছে বুলি দাবী কৰা হৈছে।

আংশিকভাৱে ইংৰাজী আৰু স্থানীয়ভাৱে কথিত মেইটেই ভাষাত লিখা পোষ্টটোৰ কেপচনত লিখা আছে, “কুকিয়ে মানুহৰ ভৰি খাই আছে, কুকি মানুহৰ শাৰীত নপৰে। মেইটেই সম্প্ৰদায়ৰ নিৰুদ্দেশ হৈ থকা লোকসকলক হয়তো কুকিবিলাকে খাই পেলাইছে (sic)।” (ইংৰাজী আৰু মেইটেইৰ পৰা অনূদিত) পোষ্টটোৰ এটা আৰ্কাইভ কৰা সংস্কৰণ ইয়াত চাব পাৰিব ৷

ভাইৰেল ফেচবুক পোষ্টটোৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

উল্লেখযোগ্য যে ২০২৩ চনৰ মে’ মাহত মণিপুৰত মেইটেই আৰু কুকি সম্প্ৰদায়ৰ মাজত সূত্ৰপাত ঘটা গোষ্ঠীগত সংঘৰ্ষত ২০০ৰো অধিক লোকৰ মৃত্যু হোৱাৰ লগতে হাজাৰ হাজাৰ লোক স্থানচ্যুত হৈছে।

অৱশ্যে আমি দেখিলোঁ যে ভাইৰেল ছবিবোৰ মণিপুৰৰ নহয়, বৰঞ্চ ইণ্ডোনেছিয়াৰ এজন জনপ্ৰিয় ফুড ভ্লগাৰৰ ইউটিউব ভিডিঅ’ৰ হে হয়।

আমি কি বিচাৰি পালোঁ?

ৰিভাৰ্ছ ইমেজ চাৰ্চৰ জৰিয়তে আমি ২০২৩ চনৰ ১৪ আগষ্টত "dede inoen" (ডেডে ইনোয়েন) নামৰ এটা ভেৰিফাইড ইউটিউব চেনেলত আপলোড কৰা ২০ মিনিটৰ এটা ভিডিঅ' (ইয়াত আৰ্কাইভ কৰা হৈছে)। ভিডিঅ’টোত এজন ব্যক্তিয়ে এখন জংঘলৰ ভিতৰত মাংসৰ এটা ডাঙৰ টুকুৰা ৰান্ধি থকাৰ দৃশ্য দেখুওৱা হৈছে।

ভিডিঅ’টোৰ ১৬:৫৯ টাইমষ্টেম্পত আমি মানুহজনে মাংস খাই থকা ভাইৰেল ছবিখনৰ সৈতে সম্পূৰ্ণ মিল থকা এটা ফ্ৰেম দেখা পাওঁ। ইয়াৰ উপৰিও ভাইৰেল পোষ্টটোৰ তলৰ বাওঁফালে থকা ছবিখন ১৩:৩০ টাইমষ্টেম্প আৰু সোঁফালে থকা ছবিখন ভিডিঅ’টোৰ ১১:১২ টাইমষ্টেম্পত দেখা পোৱা যায়।

আমি ভিডিঅ'টোৰ শিৰোনামটো chatGPT ব্যৱহাৰ কৰি অনুবাদ কৰিলোঁ, য'ত কোৱা হৈছে যে "TONGSENG KAKI KUNTILANAK KUAH SANTAN"-ৰ অনুবাদ হৈছে "নাৰিকলৰ গাখীৰত কুন্তীৰ ভৰিৰ টংচেং (এবিধ ইণ্ডোনেছিয়ান মচলাযুক্ত তৰকাৰী)"।

ভিডিঅ’টোত থকা লোকজনে কি খাই থকা দেখুওৱা হৈছে সেয়া জানিবলৈ লজিকেলী ফেক্টছে ইণ্ডোনেছিয়াৰ ফেক্ট-চেকিং সংস্থা মাফিণ্ডোৰ সৈতে যোগাযোগ কৰে। মাফিণ্ডোৰ ছেপ্টিয়াজী ইকো নুগ্ৰোহ’ৱে আমাক জনাই যে “ভিডিঅ’ আৰু কেপচনৰ মতে এই খাদ্য গৰুৰ জিভাৰ পৰা প্ৰস্তুত কৰা হয়, যিটো ইণ্ডোনেছিয়াৰ এক বিশেষধৰণৰ পৰিচিত খাদ্য।”

ভ্লগাৰজনৰ বিষয়ে আমি কি জানো?

২০১৮ চনৰ ২৯ মে’ত আৰম্ভ কৰা ইউটিউব চেনেলটো ইণ্ডোনেছিয়াৰ হয়, আৰু ইয়াৰ ৫১২ লাখতকৈ অধিক ছাবস্ক্ৰাইবাৰ আছে। আমি ইউটিউব চেনেলটো ভালদৰে চাই দেখিলোঁ যে ইয়াত নিয়মিতভাৱে "মুকবাং" আৰু জীৱ-জন্তুৰ সৈতে উদ্ভট আৰু দুঃসাহসিক ভিডিঅ' শ্বেয়াৰ কৰা হয়। "মুকবাং" হৈছে এজন ব্যক্তিয়ে কেমেৰাৰ সন্মুখত বৃহৎ পৰিমাণৰ খাদ্য খাই থকা দেখুওৱা একধৰণৰ ভিডিঅ’ যিসমূহ সাধাৰণতে লাইভ ষ্ট্ৰীম কৰা হয়।

আমি দেখিলোঁ যে কন্টেন্ট ক্ৰিয়েটৰ ডেডে ইনোয়েন ছ’চিয়েল মিডিয়াতো সমানে জনপ্ৰিয়, ইনষ্টাগ্ৰামত (ইয়াত আৰ্কাইভ কৰা হৈছে) তেওঁৰ ১০ লাখতকৈ অধিক ফলৱাৰ থকাৰ বিপৰীতে ফেচবুকত (ইয়াত আৰ্কাইভ কৰা হৈছে)  ২৩৪,০০০ ফলৱাৰ আছে ।

আমি একাধিক প্ৰতিবেদনো লাভ কৰোঁ য’ত ডেডে ইনোয়েনক এজন আচহুৱা ধৰণৰ খাদ্য খোৱা ভিডিঅ’ নিৰ্মাণ কৰা কন্টেন্ট ক্ৰিয়েটৰ হিচাপে উল্লেখ কৰা হৈছে। ২০২২ চনৰ মাৰ্চ মাহত প্ৰকাশিত এটা প্ৰতিবেদন অনুসৰি ডেডে ইণ্ডোনেছিয়াৰ পশ্চিম জাভাৰ চিয়ানজুৰৰ বাসিন্দা আৰু তেওঁৰ খোৱাৰ ভিডিঅ’সমূহৰ বাবে প্ৰায়ে মানুহৰ দৃষ্টি আকৰ্ষণ কৰে। 

ইয়াৰ দ্বাৰা এই কথা স্পষ্ট হয় যে ভাইৰেল ছবিখনত থকা লোকজন ইণ্ডোনেছিয়াৰ এজন ফুড ভ্লগাৰ হয়, আৰু দাবী কৰা ধৰণে কুকি সম্প্ৰদায়ৰ লোক নহয়।

সিদ্ধান্ত

ভাইৰেল ছবিসমূহ ইণ্ডোনেছিয়াৰ এজন জনপ্ৰিয় ইউটিউবাৰৰ ভিডিঅ'ৰ পৰা লোৱা হৈছে আৰু ইয়াত মণিপুৰৰ কোনো কুকি ব্যক্তিয়ে "মানুহৰ মাংস" খাই থকা দেখুওৱা হোৱা নাই। সেয়েহে, আমি এই দাবীটো মিছা বুলি চিহ্নিত কৰিছো।

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।