মূল বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক ‘ৰাজহুৱা স্থানত চৰ মৰা’ এই ভিডিঅ’টো শেহতীয়া নহয়

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক ‘ৰাজহুৱা স্থানত চৰ মৰা’ এই ভিডিঅ’টো শেহতীয়া নহয়

লেখক: উম্মে কুলচুম

জুলাই 19 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক ‘ৰাজহুৱা স্থানত চৰ মৰা’ এই ভিডিঅ’টো শেহতীয়া নহয় শেহতীয়াকৈ নীতিশ কুমাৰক বিজেপিত যোগদান কৰাৰ বাবে ৰাজহুৱাভাৱে আক্ৰমণ কৰা বুলি দাবী কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: X/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

বিভ্ৰান্তিকৰ

২০২২ চনৰ এই ভিডিঅ’টোত পাটনাত এটা প্ৰতিমূৰ্তিক শ্ৰদ্ধাঞ্জলি জনোৱাৰ সময়ত কুমাৰক ৰাজহুৱাভাৱে আক্ৰমণ কৰা হৈছিল।

কি দাবী কৰা হৈছে?

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক চৰ মৰা এক ভিডিঅ’ বহু ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে প্ৰচাৰ কৰি দাবী কৰিছে যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত কুমাৰে ভাৰতীয় জনতা পাৰ্টিৰ সৈতে মিত্ৰতা কৰাৰ বাবেই এই ঘটনা সংঘটিত হৈছে আৰু এয়া শেহতীয়া ঘটনা।

ফুটেজত কুমাৰে ফুলৰ শ্ৰদ্ধাঞ্জলি আগবঢ়াবলৈ এটা মূৰ্তিৰ কাষ চাপি অহা দেখা গৈছে। চিৰিৰে ওপৰলৈ উঠি যোৱাৰ সময়ত পিছফালৰ পৰা ধূসৰ ৰঙৰ টি-চাৰ্ট আৰু ক’লা ট্ৰাউজাৰ পিন্ধা এজন মানুহে লৰালৰিকৈ আহি নিৰাপত্তা ভংগ কৰি কুমাৰে প্ৰণাম কৰি থকাৰ সময়তে তেওঁৰ কান্ধত এক চৰ মাৰে। 

এক্স (পূৰ্বৰ টুইটাৰ) ব্যৱহাৰকাৰী এজনে ক্লিপটো হিন্দী কেপচনৰ সৈতে শ্বেয়াৰ কৰিলে যাৰ অনুবাদ হ’ল- “নিতীশ বাবুৱে আৰ এছ এছ, বিজেপিৰ সৈতে মিলি যোৱাৰ বাবে পুৰস্কৃত হ’ল! এতিয়া কওকচোন, কোনো সন্মান বাকী আছে নেকি?” এই বাতৰি লিখাৰ সময়লৈকে এই পোষ্টটোৱে ১ লাখ ৬৬ হাজাৰৰো অধিক ভিউ লাভ কৰিছিল। এনে আন এটা পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত পোৱা যাব।

অনলাইনত যোগে কৰা দাবীৰ স্ক্ৰীণশ্বট। (উৎস: X/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে আমাৰ তদন্তত প্ৰকাশ পাইছে যে ভিডিঅ’টো কমেও দুবছৰ পুৰণি হয়।

আমি কি পাইছিলোঁ

আমি ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি ২০২২ চনৰ ২২ মাৰ্চত চিএনএন-নিউজ১৮ৰ দ্বাৰা প্ৰকাশিত এক ইউটিউব ভিডিঅ’ (ইয়াত আৰ্কাইভ কৰা) বিচাৰি পালোঁ। এই ভিডিঅ’টোত ভাইৰেল ক্লিপটোৰ দৰেই ফুটেজ দেখুওৱা হৈছে আৰু এই কাণ্ডটো পাটনা জিলাৰ বখতিয়াৰপুৰত সংঘটিত হোৱা বুলি বাতৰি প্ৰকাশ পাইছে, য’ত কুমাৰে স্থানীয় স্বাধীনতা সংগ্ৰামীৰ মূৰ্তি এটাক ফুলৰ শ্ৰদ্ধাঞ্জলি জনাই থকাৰ সময়ত তেওঁক এই চৰ মৰা হৈছিল।

অধিক তদন্তত ২০২২ চনৰ মাৰ্চ মাহত এই কাণ্ড ঘটা বুলি নিশ্চিত কৰা কেইবাটাও মূলসুঁতিৰ সংবাদ মাধ্যমৰ বাতৰি আমি বিচাৰি পালোঁ। ইণ্ডিয়ান এক্সপ্ৰেছৰ তথ্য অনুসৰি শংকৰ ভাৰ্মা (চৌতু নামেৰেও পৰিচিত) নামৰ আক্ৰমণকাৰীজন এজন বিকলাংগ আছিল। এই তথ্য পাটনাৰ আৰক্ষী অধীক্ষক এম এছ ধিলনে নিশ্চিত কৰিছে । 

ইয়াৰ পৰা আমি নিশ্চিত হলো যে ভাইৰেল ভিডিঅ’টো শেহতীয়া নহয় আৰু বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ লগত কুমাৰৰ ৰাজনৈতিক মিত্ৰতাৰ সৈতে কোনো সম্পৰ্ক নাই।

মন কৰিবলগীয়া যে কুমাৰৰ ৰাজনৈতিক পথ পৰিৱৰ্তনৰ এক ইতিহাস আছে। তেওঁ ২০২২ চনত বিহাৰত এন ডি এৰ অংশ হিচাপে বিজেপিৰ সৈতে মিত্ৰতা কৰিছিল। কিন্তু ২০২২ চনৰ আগষ্ট মাহত কুমাৰে বিজেপিৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন কৰি মহাগঠবন্ধন (গ্ৰেণ্ড এলায়েন্স) আৰু ইউপিএত যোগদান কৰি বিহাৰত নতুন মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰে। ২০২৪ চনৰ জানুৱাৰী মাহত সাধাৰণ নিৰ্বাচনৰ পূৰ্বে কুমাৰে পুনৰ এন ডি এত যোগদান কৰে।

সিদ্ধান্ত

২০২২ চনৰ এটা পুৰণি ভিডিঅ’ ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ পিছত, এন ডি এ মিত্ৰজোঁটত যোগদান কৰাৰ পিছত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক ৰাজহুৱাভাৱে আক্ৰমণ কৰা দেখা গৈছে বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে । 

(অনুবাদ: অনুৰাগ বৰুৱা)

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।