মূল ২০২৩ চনৰ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত ভাৰতীয় দলৰ ভিডিঅ' পেৰিছ অলিম্পিক হিচাপে প্ৰচাৰ

২০২৩ চনৰ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত ভাৰতীয় দলৰ ভিডিঅ' পেৰিছ অলিম্পিক হিচাপে প্ৰচাৰ

লেখক: উম্মে কুলচুম

জুলাই 30 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
২০২৩ চনৰ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত ভাৰতীয় দলৰ ভিডিঅ' পেৰিছ অলিম্পিক হিচাপে প্ৰচাৰ ভিডিঅ’টো পেৰিছ অলিম্পিকৰ বুলি দাবী কৰা এটা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

মিছা

ইয়াত ২০২৩ চনত বুদাপেষ্টত অনুষ্ঠিত বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত পুৰুষৰ ৪x৪০০ মিটাৰ ৰিলে ইভেন্ট দেখা গৈছে। এইটো চলিত পেৰিছ অলিম্পিকৰ ভিডিঅ’ নহয়।

কি দাবী কৰা হৈছে?

ভাৰতৰ পুৰুষৰ ৪x৪০০ মিটাৰ ৰিলে দলে ২০২৪ চনৰ পেৰিছ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰা বুলি দাবী কৰা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে প্ৰচাৰিত হৈছে। হিন্দীত শ্বেয়াৰ কৰা এটা এক্স পোষ্টত লিখা হৈছে- “ভাৰতীয় পুৰুষৰ ৪x৪০০ মিটাৰ ৰিলে দলে অলিম্পিক গেমছৰ যোগ্যতাত দ্বিতীয় স্থান দখল কৰি পেৰিছ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিছে।”

একে ধৰণৰ পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত আৰু ইয়াত পোৱা যাব। ভিডিঅ'টো ফেচবুকতো একেধৰণৰ দাবীৰে ব্যাপকভাৱে শ্বেয়াৰ কৰা হৈছে। অসমীয়াত শ্বেয়াৰ কৰা এটা পোষ্টত লিখা হৈছে, ‘‘#olympics2024 ভাৰতৰ পুৰুষৰ দলে 4×400 ৰেলীত দ্বিতীয় স্থান লাভ কৰি মুল প্ৰতিযোগিতাৰ বাবে যোগ্যতা অৰ্জন কৰে ৷’’ একেধৰণৰ ফেচবুক পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত আৰু ইয়াত উপলব্ধ। 

ভাৰতীয় অভিনেতা অনুপম খেৰ আৰু পুডুচেৰীৰ প্ৰাক্তন লেফটেনেণ্ট গৱৰ্ণৰ কিৰণ বেদীয়েও ক্লিপটো শ্বেয়াৰ কৰি এই ক্লিপটোত ভাৰতীয় পুৰুষৰ ৪x৪০০ ৰিলে দলটোৱে পেৰিছ অলিম্পিকৰ ফাইনেলত যোগ্যতা অৰ্জন কৰা বুলি উল্লেখ কৰি  #OlympicGames হেচটেগ ব্যৱহাৰ কৰা দেখা গৈছে।

অৱশ্য পিছত খেৰ আৰু বেদী দুয়ো গৰাকীয়ে একেটা থ্ৰেডতে এইটো পুৰণি ভিডিঅ’ বুলি স্বীকাৰ কৰে যদিও তেওঁলোকে নিজৰ পোষ্ট দুটা ডিলিট কৰা নাই। এই পোষ্টসমূহৰ আৰ্কাইভ সংস্কৰণ ইয়াত আৰু ইয়াত উপলব্ধ।

ভাইৰেল ভিডিঅ'টো শ্বেয়াৰ কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

আমাৰ অনুসন্ধানত ভাইৰেল ক্লিপটো পুৰণি আৰু চলিত পেৰিছ অলিম্পিকৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই বুলি জানিব পৰা গৈছে।

আমি কি বিচাৰি পালোঁ?

ভিডিঅ'টোৰ বিভিন্ন কীফ্ৰেমত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি লজিকেলী ফেক্টছে দেখিলে যে তৃণমূল কংগ্ৰেছৰ নেতা ডেৰেক অ'ব্ৰাইনে ২০২৩ চনৰ ২৭ আগষ্টত এক্সত একেটা ক্লিপ শ্বেয়াৰ কৰিছিল (ইয়াত আৰ্কাইভ কৰা হৈছে)। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ২০২৩ চনৰ ২৭ আগষ্টত একেটা ইভেণ্টৰ ভিডিঅ’ পোষ্ট কৰিছিল, য’ত একেধৰণৰ ভিজুৱেল সন্নিবিষ্ট কৰা হৈছিল আৰু বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত শীৰ্ষ তিনিটা স্থান দখল কৰাৰ বাবে টিম ইণ্ডিয়াক অভিনন্দন জনোৱা হৈছিল। মোদীৰ ভিডিঅ'ৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত পোৱা যাব।

অধিক অনুসন্ধান কৰাত আমি ব্ৰাউন বেলাৰ্ছ নামৰ এটা ইউটিউব চেনেলত (ইয়াত আৰ্কাইভ কৰা হৈছে) ২০২৩ চনৰ ২৭ আগষ্টত আপলোড কৰা একেটা ভিডিঅ’ লাভ কৰোঁ। এইটোৱে নিশ্চিত কৰে যে এতিয়া ভাইৰেল হোৱা এই ভিডিঅ’টো ২০২৪ চনৰ অলিম্পিকৰ আগৰ হয়।

ভাইৰেল ক্লিপ আৰু ইউটিউব ভিডিঅ'ৰ দৃশ্যৰ তুলনা। (উৎস: এক্স/ইউটিউব)

আমি ২০২৩ চনৰ আগষ্টত হাংগেৰীৰ বুডাপেষ্টত অনুষ্ঠিত বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ বাতৰি পৰিৱেশন কৰা একাধিক প্ৰতিবেদন লাভ কৰোঁ। এই ইভেণ্টত ভাৰতে পুৰুষৰ ৪x৪০০ মিটাৰ ৰিলেত এছিয়াৰ ভিতৰত এক নতুন অভিলেখ গঢ়ি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিছিল।

মন কৰিবলগীয়া যে পেৰিছ অলিম্পিকৰ এথলেটিকছ ইভেণ্ট এতিয়াও আৰম্ভ হোৱা নাই। পেৰিছ অলিম্পিকৰ আনুষ্ঠানিক সময়সূচী অনুসৰি সকলো এথলেটিকছ ইভেণ্ট ১ আগষ্টৰ পৰা আৰম্ভ হ'ব, পুৰুষৰ ৪x৪০০ মিটাৰ ৰিলে ৯ আগষ্টত অনুষ্ঠিত হ'ব।

সিদ্ধান্ত

হাংগেৰীৰ বুডাপেষ্টত অনুষ্ঠিত বিশ্ব চেম্পিয়নশ্বিপত ভাৰতীয় দলটোৱে পুৰুষৰ ৰিলেৰ বাবে যোগ্যতা অৰ্জন কৰা ২০২৩ চনৰ এটা ক্লিপ ভাৰতে পেৰিছ অলিম্পিকৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰাৰ ভিডিঅ’ হিচাপে মিছাকৈ শ্বেয়াৰ কৰা হৈছে।

(অনুবাদ: চন্দন বৰগোহাঁই)

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।