মূল দিগ্বিজয় সিঙৰ এটা ভিডিঅ’ কংগ্ৰেছৰ 'গেৰাণ্টি কাৰ্ড' আঁচনিৰ সৈতে মিছাকৈ সাঙুৰি শ্বেয়াৰ কৰা হৈছে

দিগ্বিজয় সিঙৰ এটা ভিডিঅ’ কংগ্ৰেছৰ 'গেৰাণ্টি কাৰ্ড' আঁচনিৰ সৈতে মিছাকৈ সাঙুৰি শ্বেয়াৰ কৰা হৈছে

লেখক: তাহিল আলী

জুন 13 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
দিগ্বিজয় সিঙৰ এটা ভিডিঅ’ কংগ্ৰেছৰ 'গেৰাণ্টি কাৰ্ড' আঁচনিৰ সৈতে মিছাকৈ সাঙুৰি শ্বেয়াৰ কৰা হৈছে দিগ্বিজয় সিঙে কংগ্ৰেছৰ 'গেৰাণ্টি কাৰ্ড' আঁচনিৰ ধন বিচাৰি যোৱা এগৰাকী মহিলাক খেদি পঠিওৱা বুলি দাবী কৰা এটা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

মিছা

ভিডিঅ'টোত দেখা মহিলাগৰাকীয়ে ধন বিচাৰি কংগ্ৰেছ নেতা দিগ্বিজয় সিঙৰ কাষ চপা নাছিল; বৰঞ্চ নিৰ্বাচনৰ টিকট বিচাৰিহে তেওঁ সিঙৰ ওচৰলৈ গৈছিল।

কি দাবী কৰা হৈছে?

কংগ্ৰেছ দলৰ নেতা তথা মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দিগ্বিজয়া সিঙক সাক্ষাৎ কৰিবলৈ যোৱা এগৰাকী মহিলাক বাধা দিয়া হৈছিল বুলি অভিযোগ কৰি ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰি থকা হৈছে। ভিডিঅ’টোৰ সৈতে থকা কেপচনত উল্লেখ কৰা মতে মহিলাগৰাকীয়ে কংগ্ৰেছৰ ‘গেৰাণ্টী কাৰ্ড’ আঁচনিৰ অধীনত ধন বিচাৰিছিল আৰু তেতিয়া সিঙে তেওঁক ‘পাগল’ বুলি কৈ তাৰ পৰা খেদি পঠিয়াইছিল।

উল্লেখযোগ্য যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত কংগ্ৰেছে দেশৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালৰ মুৰব্বী মহিলাগৰাকীক বছৰি ১ লাখ টকা (বা মাহিলী ৮৫০০ টকা) দিয়াৰ প্ৰতিশ্ৰুতিৰে 'গেৰাণ্টি কাৰ্ড' নামৰ এক আঁচনিৰ কথা ঘোষণা কৰিছিল। সংবাদ মাধ্যমত প্ৰকাশিত একাংশ বাতৰি অনুসৰি লোকসভা নিৰ্বাচনত ইণ্ডিয়া এলায়েন্স পৰাস্ত হোৱাৰ পিছতো লক্ষ্ণৌত একাংশ মহিলাই দলটোৱে নিৰ্বাচনী প্ৰচাৰত প্ৰতিশ্ৰুতি দিয়া ‘গেৰাণ্টী কাৰ্ড’ বিচাৰি দাবী জনায়।

এগৰাকী এক্স ব্যৱহাৰকাৰীয়ে ভাইৰেল ক্লিপটো পোষ্ট কৰি হিন্দীত কেপচন লিখে, “এগৰাকী মহিলাই ৮৫০০ টকা বিচাৰি দিগ্বিজয় সিঙৰ ওচৰলৈ যাওঁতে তেওঁ কি কৰিলে চাওক।” আন এগৰাকী এক্স ব্যৱহাৰকাৰীয়ে লিখিছে, “কংগ্ৰেছীয়ে এতিয়া মহিলাসকলক ‘পাগল’ বুলি কৈ খেদি পঠিয়াইছে? ১ লাখ টকাৰ ‘গেৰাণ্টী কাৰ্ড’ কিয় দিয়া হৈছিল? খটা খট পইচা দিয়ক.... মহিলাসকলক কৰা অপমান দেশে সহ্য নকৰে?" এনে পোষ্টসমূহৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত আৰু ইয়াত চাব পাৰিব।

ভাইৰেল ভিডিঅ'টো শ্বেয়াৰ কৰা ছ'চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

কিন্তু আমি দেখিলোঁ যে ভাইৰেল ভিডিঅ’টো আচলতে ২০২৪ চনৰ ফেব্ৰুৱাৰীৰ হয়, আৰু ইয়াত মহিলাগৰাকীয়ে ‘গেৰাণ্টী কাৰ্ড’ আঁচনিৰ অধীনত ধন বিচৰা নাছিল।

আমি কি বিচাৰি পালোঁ?

ভাইৰেল ভিডিঅ’টোৰ কীফ্ৰেমত ভাৰ্ছ ইমেজ চাৰ্চ কৰি আমি কেইবাটাও ভিডিঅ’ ৰিপ’ৰ্ট (ইয়াত আৰু ইয়াত আৰ্কাইভ কৰা হৈছে) লাভ কৰোঁ য’ত ভাইৰেল ক্লিপটোৰ লগতে যোৱা ২১ ফেব্ৰুৱাৰীত মধ্য প্ৰদেশৰ গ্ৱালিয়ৰৰ এটা ঘটনাৰ অনুৰূপ দৃশ্য দেখা যায়।

সংবাদ প্ৰতিষ্ঠান এনডিটিভি এমপিচিজিৰ এক প্ৰতিবেদন অনুসৰি গ্বালিয়ৰত দলৰ কৰ্মীসকলক লগ ধৰা এক ৰাজনৈতিক ভ্ৰমণৰ সময়ত সিঙৰ সৈতে উক্ত ঘটনাটো ঘটিছিল। প্ৰতিবেদনত উল্লেখ কৰা মতে নিৰাপত্তাৰক্ষীয়ে তেওঁক বাধা দিয়াৰ পিছতো মহিলা গৰাকীয়ে বাৰে বাৰে সিংক লগ কৰিবলৈ চেষ্টা কৰিছিল, যাৰ ফলত তেওঁৰ ক্ষোভৰ বিস্ফোৰণ ঘটিছিল। সিঙে মহিলা গৰাকীক উদ্দেশ্যীয “তাই পাগল, তাইক বাহিৰ কৰি দিয়া (হিন্দীৰ পৰা অনুবাদ কৰা),” বুলি চিঞৰি নিৰাপত্তাৰক্ষীক মহিলাগৰাকীক প্ৰৱেশ কৰিবলৈ নিদিবলৈ নিৰ্দেশ দিয়া বুলি বাতৰিটোত কোৱা হৈছে।

প্ৰতিবেদনটোত ভাইৰেল ক্লিপটো সন্নিৱিষ্ট “মহিলা নেত্ৰীৰ ওপৰত প্ৰাক্তন মুখ্যমন্ত্ৰী দিগ্বিজয় সিঙৰ ক্ষোভ, ক’লে- ‘তাইক বাহিৰ কৰি দিয়া,’” শীৰ্ষক একেটা সংবাদ মাধ্যমৰ এটা এক্স পোষ্ট (ইয়াত আৰ্কাইভ কৰা হৈছে) ব্যৱহাৰ কৰা হৈছে।

 এটা সংবাদ মাধ্যমত প্ৰকাশিত ভিডিঅ'টোৰ স্ক্ৰীণশ্বট। (উৎস: এনডিটিভি এমপিচিজি / লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

মহিলাগৰাকীৰ ভাষ্য কি?

উক্ত ঘটনাৰ পিছতে মহিলাগৰাকীয়ে নিজকে ড০ লীনা শৰ্মা বুলি নামৰ এগৰাকী কংগ্ৰেছ নেত্ৰী বুলি পৰিচয় দিয়ে। তেওঁ বাৰাণসীৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দলৰ টিকট বিচাৰি অহা বুলিও উল্লেখ কৰে। সিঙৰ লগত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল যদিও এই সন্দৰ্ভত তেওঁ কোনো বিৰূপ মন্তব্য প্ৰকাশ কৰা নাছিল বৰঞ্চ সংবাদ মাধ্যমৰ আগত সিঙক ‘পৰিয়াল’ বুলিহে উল্লেখ কৰিছিল।

লজিকেলী ফেক্টছে এই সন্দৰ্ভত মন্তব্য বিচাৰি সিং আৰু ভাইৰেল ভিডিঅ’টোত থকা মহিলাগৰাকীৰ সৈতে যোগাযোগ কৰিছে। তেওঁলোকৰ পৰা সঁহাৰি পালে এই ফেক্ট-চেকটো আপডেট কৰা হ'ব।

সিদ্ধান্ত

নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে বাৰাণসীত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ বিচাৰা এগৰাকী মহিলাই কংগ্ৰেছ নেতা দিগ্বিজয়া সিঙক সাক্ষাৎ কৰিবলৈ চেষ্টা কৰা এটা ভিডিঅ’ কংগ্ৰেছৰ ‘গেৰাণ্টী কাৰ্ড’ আঁচনিৰ অধীনত টকা বিচাৰি যোৱা এগৰাকী মহিলাক খেদি পঠিওৱা বুলি মিছাকৈ দাবী কৰি প্ৰচাৰ কৰা হৈছে।

(অনুবাদ: চন্দন বৰগোহাঁই)

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।