মূল কান্দি থকা শিশুৰ ভিডিঅ'ক কেৰেলা চৰকাৰে সবৰীমালাৰ তীৰ্থযাত্ৰীক হাৰাশাস্তি কৰা বুলি মিছা প্ৰচাৰ

কান্দি থকা শিশুৰ ভিডিঅ'ক কেৰেলা চৰকাৰে সবৰীমালাৰ তীৰ্থযাত্ৰীক হাৰাশাস্তি কৰা বুলি মিছা প্ৰচাৰ

লেখক: উম্মে কুলচুম

ডিচেম্বৰ 14 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
কান্দি থকা শিশুৰ ভিডিঅ'ক কেৰেলা চৰকাৰে সবৰীমালাৰ তীৰ্থযাত্ৰীক হাৰাশাস্তি কৰা বুলি মিছা প্ৰচাৰ সবৰীমালাত তীৰ্থযাত্ৰীক আৰক্ষীয়ে হাৰাশাস্তি চলোৱাৰ লগতে এজন শিশুক আটক কৰা বুলি দাবী কৰা ভাইৰেল পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

ভিডিঅ'টোত শবৰীমালা তীৰ্থযাত্ৰাত এটি শিশুৱে দেউতাকক বিচাৰি কান্দি থকা দেখা গৈছে। শিশুটোক আৰক্ষীয়ে আটক কৰা নাছিল।

দক্ষিণ ভাৰতৰ কেৰেলা ৰাজ্যত অৱস্থিত এটা বিশিষ্ট হিন্দু মন্দিৰ সবৰীমালাৰ ভগৱান আয়প্পা মন্দিৰৰ বাবে বাৰ্ষিক তীৰ্থযাত্ৰা এই বছৰৰ ১৭ নৱেম্বৰৰ পৰা আৰম্ভ হৈছে আৰু ২৬ ডিচেম্বৰলৈকে চলিব।

দাবীটো কি?

লাখ লাখ ভক্তই তীৰ্থযাত্ৰাৰ বাবে এই মন্দিৰ ভ্ৰমণ কৰি থকাৰ সময়তে এখন বাহনৰ ভিতৰত কান্দি থকা এটা শিশুৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ'টো শ্বেয়াৰ কৰি এইদৰে দাবী কৰা হৈছে যে কেৰেলা চৰকাৰে সবৰীমালালৈ যোৱা তীৰ্থযাত্ৰীসকলৰ ওপৰত হাৰাশাস্তি চলাইছে।

কেইবাজনো সোঁপন্থী ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ নেতৃত্বাধীন কেৰেলা চৰকাৰে ৰাজ্যখনত হিন্দুসকলক বেয়া ব্যৱহাৰ কৰা বুলি দাবী কৰিছে। এক্সত ভিডিঅ'টো শ্বেয়াৰ কৰি (ইয়াত আৰ্কাইভ কৰা হৈছে) @MrSinha_ নামৰ এগৰাকী ব্যৱহাৰকাৰীয়ে লিখিছে,"কেৰেলাত হিন্দুসকলৰ অৱস্থা। তেওঁলোকে এটা শিশুকও বাদ দিয়া নাছিল...#sabrimala", আন এজন এক্স ব্যৱহাৰকাৰী ঋষি বাগ্ৰীয়ে ভিডিঅ'টো শ্বেয়াৰ কৰি (ইয়াত আৰ্কাইভ কৰা হৈছে) লিখিছে, "কেৰেলাত হিন্দুৰ সকলৰ অৱস্থা, য'ত চৰকাৰী কৰ্তৃপক্ষই ভক্তক দমন কৰিছিল। তেওঁলোকে আনকি শিশুকো ৰেহাই নিদিলে।" উল্লেখযোগ্য যে এই দুয়োজন ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীৰে মিছা আৰু বিভ্ৰান্তিকৰ দাবী শ্বেয়াৰ কৰাৰ নজিৰ আছে।

ভাৰতীয় জনতা দলৰ অন্ধ্ৰ প্ৰদেশৰ সহ-ইনচাৰ্জ সুনীল দেওধৰকে ধৰি আন ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়েও ভিডিঅ’টো এক্সত শ্বেয়াৰ কৰিছিল। একেধৰণৰ পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত আৰু ইয়াত চাব পাৰিব)

ভাইৰেল ভিডিঅ'টো শ্বেয়াৰ কৰা ছ'চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

আনহাতে, উক্ত ক্লিপটো ব্যৱহাৰ কৰা এটা সম্পাদিত ভিডিঅ' ফেচবুকত শ্বেয়াৰ কৰি এগৰাকী ব্যক্তিয়ে অসমীয়াত লিখিছে, "ভয়াবস ভয়ংকৰ কেৰেলাৰ বাস্তৱ ছবি।//কেৰেলাৰ বাস্তৱ ছবি হিন্দু বিৰোধী চৰকাৰ।//হিন্দুৰ কি অৱস্থা হৈছে আপোনাৰ ভয় লাগিছে নাই মই নাজানো মোৰ কিন্তু বহুত ভয় লাগিছে।//নাহক অসমত হিন্দু চৰকাৰ বিৰোধী চৰকাৰ নহক হিন্দু বিৰোধী চৰকাৰ।//প্ৰতিজন অসমীয়াই চাই লক কি হ'ব অসমত হিন্দু বিৰোধী চৰকাৰ থাকিলে//ভয়াবস।//ভয়াবস, ভয়ংকৰ//বহুত চেকুলাৰ হিন্দু ভাই ভনী লাইক কমেণ্ট কৰিবলৈ ভয় কৰিছে।" (ইয়াত আৰ্কাইভ কৰা হৈছে)

অৱশ্যে ভিডিঅ’টো ভুৱা সাম্প্ৰদায়িক আখ্যানৰ সৈতে প্ৰচাৰ কৰা হৈছে।

আমি কি বিচাৰি পালোঁ?

ভাইৰেল ক্লিপটোত মালয়ালম টিভি চেনেল এছিয়ানেট নিউজেবলৰ ল'গ' দেখা যায়, চেনেলটোৱে যোৱা ১২ ডিচেম্বৰত এক্সত একে ভিজুৱেলৰ সৈতে এটা ভিডিঅ' ৰিপৰ্ট শ্বেয়াৰ কৰিছিল। পোষ্টটোৰ কেপচনত লিখা আছিল, "সবৰীমালা ৰাছ: কান্দি থকা শিশুৱে পিতৃক বিচাৰি উলিয়াবলৈ সহায় বিচৰাৰ হৃদয় বিদাৰক ভিডিঅ' ওলাইছে; চাওক" ভিডিঅ’টোত দেখা গৈছে যে ল’ৰাজনে ‘আপ্পা, আপ্পা’ বুলি কান্দি (যাৰ অৰ্থ পিতৃ) হাত দুখন কৰযোৰে প্ৰাৰ্থনা কৰিছে। গাড়ীৰ বাহিৰত থিয় হৈ থকা এজন আৰক্ষী বিষয়াকো কান্দি থকা শিশুটিক সান্ত্বনা দিবলৈ চেষ্টা কৰা দেখা যায়।

ভাইৰেল ক্লিপটোৰ স্ক্ৰীণশ্বট ব্যৱহাৰ কৰি এছিয়ানেট নিউজেবলে প্ৰকাশ কৰা এটা বাতৰিত উল্লেখ কৰা হৈছে যে ভিডিঅ’টোত নীলাক্কালত ভিৰৰ মাজত হেৰাই যোৱা এটি শিশুক দেখা গৈছে। নীলাক্কাল হৈছে পাহাৰৰ ওপৰত অৱস্থিত সবৰীমলা মন্দিৰলৈ তীৰ্থযাত্ৰীসকলে ট্ৰেকিং কৰিবলৈ যোৱাৰ আগেয়ে পোৱা এটা বে'ছ শিবিৰ। ১২ ডিচেম্বৰত প্ৰকাশিত এছিয়ানেটৰ প্ৰতিবেদনত ব্যৱহাৰ কৰা উক্ত ভিডিঅ'টো আউটলেটটোৱে এক্সতো পোষ্ট কৰিছিল। প্ৰতিবেদনত কোৱা হৈছে, "কৰযোৰ কৰি আৰক্ষীৰ সন্মুখত চিঞৰি থকা শিশুটিয়ে অৱশেষত পিতৃক দেখি হাত জোকাৰিলে।“

এছিয়ানেট নিউজেবলৰ এক্স পোষ্টৰ স্ক্ৰীণশ্বট। ভাইৰেল ক্লিপ আৰু এছিয়ানেটৰ ভিডিঅ’ ৰিপ’ৰ্টত বাহনখনৰ পঞ্জীয়ন নম্বৰ আৰু এটা ল’গ’ দেখা গৈছে। (উৎস: স্ক্ৰীণশ্বট/এক্স/এছিয়ানেট নিউজেবল)

লজিকেলী ফেক্টছে কেৰেলা আৰক্ষীৰ সৈতে যোগাযোগ কৰি এছিয়ানেটৰ প্ৰতিবেদনত উল্লেখ কৰা সবিশেষ নিশ্চিত কৰে। ভাইৰেল দাবীটোক অস্বীকাৰ কৰি পাম্পা আৰক্ষী থানাত থকা ষ্টেচন হাউছ অফিচাৰ (এছএইচঅ')য়ে কয়,"এই কাণ্ডটো (ভাইৰেল ক্লিপত ধৰা পৰা) নীলক্কালৰ বে'ছ শিবিৰত সংঘটিত হৈছিল। নীলক্কালে সবৰীমালাৰ বৰ্ডিং পইণ্ট হিচাপে কাম কৰে। ল’ৰাটোৰ দেউতাকে বাছত উঠিব নোৱাৰাত শিশুটিয়ে দেউতাকক বিচাৰি কান্দি আছিল।"

কেৰেলা আৰক্ষীৰ জনসংযোগ বিষয়াই (পিআৰঅ’) ভাইৰেল ক্লিপটো শ্বেয়াৰ কৰি কৰা সাম্প্ৰদায়িক দাবীসমূহ নুই কৰিছে। তেওঁ লজিকেলী ফেক্টছক কয়, "বৃহৎ জনসমাগম নিয়ন্ত্ৰণ কৰিবলৈ কৰ্তৃপক্ষই সবৰীমালা মন্দিৰ ভ্ৰমণ কৰা তীৰ্থযাত্ৰীসকলে সাধাৰণতে ব্যৱহাৰ কৰা নীলক্কাল-পাম্বা পথত সীমিত সংখ্যক যাত্ৰীবাহী বাছ চলাচলৰ ব্যৱস্থা কৰিছিল। বিৰাট ভিৰ হোৱাৰ বাবে শিশুটি দেউতাকৰ পৰা বিচ্ছিন্ন হৈ পৰিছিল, কিন্তু কেই মিনিট মানৰ পিছতে তেওঁলোকক পুনৰ লগ লগাই দিয়া হ'ল।"

ভিডিঅ’টো কেৰেলাৰ পৰা অহা বুলি নিশ্চিত কৰিবলৈ আমি বাহনৰ পঞ্জীয়ন ক’ড ‘কেএল-১৫’ৰ সবিশেষ পৰীক্ষা কৰিলোঁ, যি ভাইৰেল ক্লিপ আৰু এছিয়ানেট নিউজেবলৰ ভিডিঅ’ ৰিপ’ৰ্টত দেখা যায়। নিউজ আউটলেট অনমনোৰামাৰ মতে, কেৰেলাত চৰকাৰীভাৱে পৰিচালিত বাছৰ বাবে ‘কেএল-১৫’ ক’ডটো আঁতৰাই ৰখা হৈছে। বাহনখনে ইয়াৰ ওপৰত এটা ল’গ’ও লগাই গৈছিল, আৰু ৰিভাৰ্ছ ইমেজ চাৰ্চত দেখা গ’ল যে ই কেৰেলা ৰাজ্যিক ট্ৰেন্সপ’ৰ্ট কৰ্প’ৰেশ্যনৰ ল’গ’, যিয়ে ফেৰী ভক্তসকলক তীৰ্থযাত্ৰাৰ বাবে নীলক্কাললৈ বিশেষ বাছ চলায়। এই তথ্য সবৰীমালাৰ মন্দিৰৰ চৰকাৰী ৱেবছাইটতো পোৱা গ'ল।

কেৰেলা ষ্টেট ট্ৰেন্সপ’ৰ্ট কৰ্প’ৰেশ্যনৰ ল’গ’ৰ সৈতে বাছখনত দেখা ল’গ’ৰ তুলনা। (উৎস: স্ক্ৰীণশ্বট/X/Keralartc.com)

সিদ্ধান্ত

কেৰেলাত সবৰীমালাৰ তীৰ্থযাত্ৰাত পিতৃক হেৰুৱাই কান্দি থকা এটা শিশুৰ ভিডিঅ'  কেৰেলা আৰক্ষীয়ে ল’ৰাজনক আটক কৰা আৰু ৰাজ্য চৰকাৰে ভক্তসকলক হাৰাশাস্তি কৰিছে বুলি ভুৱা দাবীৰ সৈতে প্ৰচাৰ কৰা হৈছে । সেয়েহে আমি এই দাবীক মিছা বুলি চিহ্নিত কৰোঁ।

(অনুবাদ: অনুৰাগ বৰুৱা)

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।