লেখক: ৰজনী কে জি
ছেপ্তেম্বৰ 14 2023
ধ্বংসপ্ৰাপ্ত মছজিদৰ পৰা মৌলবী এগৰাকীয়ে আজান দিয়া ভিডিঅ’টো 'ৰাছিয়ায়ে আক্ৰমণ কৰা পাছৰ' ছিৰিয়াৰ হয়, মৰক্কো ভূমিকম্পৰ নহয়।
দাবী কি?
৮ ছেপ্টেম্বৰত মৰক্কোত ৬.৮ প্ৰাবল্যৰ এক ভূমিকম্পৰ পিছত ছ’চিয়েল মিডিয়াত বিভিন্ন পুৰণি আৰু ভুৱা ভিডিঅ’ প্ৰচাৰ হ’বলৈ আৰম্ভ কৰে । ১০ ছেপ্টেম্বৰত এজন এক্স ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ' শ্বেয়াৰ কৰিছিল য'ত লিখা আছিল, "মৰক্কোত মছজিদটো ভূমিকম্পত ধ্বংস হোৱাৰ পিছতো কিন্তু এতিয়াও আধন অব্যাহত আছে। এইয়া সুন্দৰ । আল্লাহু আকবৰ।" ভিডিঅ’টোত দেখা গৈছে যে এজন মৌলবীয়ে এটা ধ্বংসপ্ৰাপ্ত মছজিদৰ ওপৰত থিয় হৈ আধন পাঠ কৰি আছে, যাক আজান বুলিও কোৱা হয়, যিটোৱে ইছলামিক নামাজক বুজায়। এই ভিডিঅ’টোত ২১৯,৪০০ৰো অধিক দৰ্শন হৈছে। ইয়াক অন্যান্য প্লেটফৰ্মতো শ্বেয়াৰ কৰা হৈছিল। এটা আৰ্কাইভ কৰা সংস্কৰণ ইয়াত আৰু ইয়াত আছে।
ভাইৰেল দাবীৰ স্ক্ৰীণশ্বট । (উৎস:X/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)
অৱশ্যে এই ভিডিঅ’টো পুৰণি আৰু মৰক্কোৰ ভূমিকম্পৰ লগত কোনো সম্পৰ্ক নাই।
তথ্যবোৰ কি?
ৰিভাৰ্ছ ইমেজ চাৰ্চৰ জৰিয়তে আমি ২০১৭ চনৰ জুন মাহত "হায়ান মিডিয়া অফিচ" নামৰ এটা ইউটিউব চেনেলত পোষ্ট কৰা একেধৰণৰ ভিডিঅ' পাইছিলোঁ। তাৰ শিৰোনাম আছিল: "হায়ান/মছজিদত মাঘৰিবৰ প্ৰাৰ্থনাৰ বাবে আমন্ত্ৰণ ১০/৬/২০১৭ (আৰবীৰ পৰা অনুবাদ কৰা হৈছে)।" একেটা ভিডিঅ’ সেই বছৰৰ ১১ জুনত ইয়াৰ ফেচবুক পেজত আপলোড কৰা হৈছিল। ইয়াৰ ফেচবুক বায়’ অনুসৰি হায়ান মিডিয়ায়ে নিজকে এটা মিডিয়া/সংবাদ কোম্পানী হিচাপে চিনাক্ত কৰে যিয়ে “চিৰিয়াৰ আলেপ্পোৰ গ্ৰাম্য অঞ্চলত অৱস্থিত হায়ান চহৰৰ নাগৰিক আৰু সামৰিক বিষয়ৰ ওপৰত” বাতৰি দিয়ে । ইয়াৰ পৰা বুজা যায় যে ভিডিঅ’টো বিগত ছবছৰ ধৰি অনলাইন যোগে উপলব্ধ হৈ আছে।
ফেচবুক ব্যৱহাৰকাৰী শ্বেইখ মহম্মদ আছলামেও ২০১৭ চনৰ ২৭ জুনত একেটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল । তেওঁ লিখিছে যে ভিডিঅ’টো ছিৰিয়াৰ, য’ত এজন মৌলবীয়ে এটা ধ্বংসপ্ৰাপ্ত মছজিদৰ পৰা আধন পাঠ কৰিছিল ।
লজিকেলী ফেক্টছে জানিব পাৰিছে যে আল জাজিৰাৰ সৈতে কাম কৰা ছিৰিয়াৰ ছ’চিয়েল মিডিয়া বিশেষজ্ঞ খালিদ লিউছেও ২০১৬ চনৰ ফেব্ৰুৱাৰী মাহত একেটা স্থানৰ পৰাই এটা ভিডিঅ’ পোষ্ট কৰিছিল য’ত বেলেগ এজন মানুহক ক্ষতিগ্ৰস্ত মছজিদৰ ওপৰত থিয় হৈ আজান পাঠ কৰা দেখা গৈছিল। ইয়াৰ শিৰোনাম আছিল: "উত্তৰ আলেপ্পোৰ গ্ৰাম্য অঞ্চলৰ হায়ান চহৰত ৰাছিয়াৰ অভিযানে লক্ষ্য কৰি লোৱা মছজিদৰ ধ্বংসাৱশেষৰ ওপৰত এজন মজ্জিনে নামাজৰ আহ্বান কৰিছে।"
আমি দেখিলোঁ যে এই ভিডিঅ’টোত মছজিদৰ গঠন ভাইৰেল ভিডিঅ’টোত দেখাৰ দৰে একেই । ভাইৰেল ভিডিঅ’টোত দেখাৰ দৰে মছজিদৰ একেখন ক্ষতিগ্ৰস্ত চাদ আৰু কাষৰ জখলা আমি দেখিবলৈ পাওঁ। ২০১৬ চনৰ ফেব্ৰুৱাৰী মাহৰ ফ্ৰান্স২৪ৰ প্ৰতিবেদন অনুসৰি ২০১৬ চনৰ ফেব্ৰুৱাৰী মাহত গৃহযুদ্ধ চলি থকাৰ সময়তে উত্তৰ আলেপ্পোৰ হায়ান আৰু হ্ৰেইটান চহৰত ছিৰিয়া আৰু ৰাছিয়াৰ যুদ্ধ বিমানে বিমান আক্ৰমণ চলাইছিল।
২০১৬ চনত ছিৰিয়াৰ এজন সাংবাদিকে শ্বেয়াৰ কৰা ভিডিঅ’ আৰু ভাইৰেল ভিডিঅ’ৰ তুলনা। (উৎস: এক্স/ফেচবুক)
ইয়াৰ পৰা বুজা যায় যে ভিডিঅ’টোত ছিৰিয়াৰ এটা ক্ষতিগ্ৰস্ত মছজিদ দেখা গৈছে আৰু ই মৰক্কোত হোৱা ভূমিকম্পৰ পিছত হোৱা শেহতীয়া ভিডিঅ’ নহয়।
যোৱা সপ্তাহত মৰক্কোত হোৱা ভূমিকম্পত ২৮০০ৰো অধিক লোকৰ মৃত্যু হৈছিল, আৰু ২৫০০ লোক আহত হৈছিল। এনবিচিয়ে প্ৰকাশ কৰা অনুসৰি স্পেইন, কাটাৰ আৰু অন্যান্য ৰাষ্ট্ৰই মৰক্কোৰ সেনাবাহিনীৰ সৈতে যোগ দি ধ্বংসাৱশেষৰ তলত পুত যোৱা জীৱনৰ সন্ধানত নামি পৰিছে । বিবিচিৰ বাতৰি অনুসৰি ১৩ ছেপ্টেম্বৰত আমিজমিজৰ ওচৰৰ মৰক্কোৰ ইমি এন’টালা গাঁৱত আফটাৰশ্বক অনুভৱ কৰা হৈছিল ।
সিদ্ধান্ত
মৰক্কোৰ ভূমিকম্পৰ ফলত ধ্বংস হোৱা মছজিদৰ ওপৰত থিয় হৈ এজন মৌলবীয়ে ইছলামিক নামাজ আবৃত্তি কৰি থকা বুলি ছিৰিয়াৰ এটা পুৰণি ভিডিঅ’ মিছাকৈ শ্বেয়াৰ কৰা হৈছে ।
(অনুবাদ: অনুৰাগ বৰুৱা)