মূল মণিপুৰত কুকি উগ্ৰপন্থীয়ে মেইটেই গাঁৱত গুলীচালনা কৰা বুলি পুৰণি, অসংলগ্ন ভিডিঅ’ প্ৰচাৰ

মণিপুৰত কুকি উগ্ৰপন্থীয়ে মেইটেই গাঁৱত গুলীচালনা কৰা বুলি পুৰণি, অসংলগ্ন ভিডিঅ’ প্ৰচাৰ

লেখক: চন্দন বৰগোহাঁই

অক্টোবৰ 3 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
মণিপুৰত কুকি উগ্ৰপন্থীয়ে মেইটেই গাঁৱত গুলীচালনা কৰা বুলি পুৰণি, অসংলগ্ন ভিডিঅ’ প্ৰচাৰ মণিপুৰৰ কুকি উগ্ৰপন্থীৰ ভিডিঅ' বুলি দাবী কৰি শ্বেয়াৰ কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: X/স্ক্ৰীণশ্বট )

ফেক্ট চেক

মিছা

এই ভিডিঅ’টো পুৰণি তথা মণিপুৰৰ নহয়। সংবাদ মাধ্য়মত প্ৰাপ্ত তথ্য় মতে ভিডিঅ’টো ভেনিজুৱেলাৰ আৰু ২০২১ চনৰ জুলাইৰ পৰা ইন্টাৰনেটত উপলব্ধ।

কি দাবী কৰা হৈছে?

মণিপুৰত কুকি আৰু মেইটেই জনগোষ্ঠীৰ মাজত ২০২৩ চনৰ মে’ মাহৰ পৰা চলি থকা গোষ্ঠীগত হিংসাত ১৮০ জনতকৈ অধিক লোকে প্ৰাণ হেৰোৱাৰ লগতে কেইবা হাজাৰ লোকে নিজৰ ঘৰ এৰি যাবলৈ বাধ্য় হৈছে। শেহতীয়াকৈ, যোৱা ৬ জুলাইৰ পৰা সন্ধানহীন হৈ থকা, দুগৰাকী নিহত মেইটেই সম্প্ৰদায়ৰ শিক্ষাৰ্থীৰ ফটো ইন্টাৰনেটত ভাইৰেল হৈ পৰাৰ পিছৰে পৰা ৰাজ্য়খন পুনৰ অস্থিৰ হৈ উঠিছে।

ইয়াৰ মাজতে সংঘাতপূৰ্ণ ৰাজ্যখনৰ বুলি দাবী কৰি এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত প্ৰচাৰিত হৈছে। ভিডিঅ’টোত দেখা গৈছে যে এদল লোকে নিজৰ অত্যাধুনিক বন্দুকৰে পাহাৰৰ শিখৰৰ পৰা গুলীচালনা কৰিব ধৰিছে। ক্লিপটো শ্বেয়াৰ কৰা ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে দাবী কৰিছে যে ইয়াত মণিপুৰৰ এখন মেইটেই গাঁৱলৈ লক্ষ্য কৰি কুকি উগ্ৰপন্থীয়ে গুলীচালনা কৰা দেখা গৈছে। ২ অক্টোবৰত এক্স (X)ত ভিডিঅ’টো শ্বেয়াৰ কৰি এতিয়া ডিলিট হোৱা এটা পোষ্টত এজন ব্যৱহাৰকাৰীয়ে লিখিছে, “#KukiMilitants য়ে দিনৰ পোহৰত শান্তিপূৰ্ণ মেইটেই গাঁৱত নিৰ্দয়ভাৱে আক্ৰমণ কৰা হৃদয় বিদাৰক ভিডিঅ’টোৰ সাক্ষী হওক। তেওঁলোকৰ দুঃসাহস বিশ্বাস কৰিবলৈ টান, আৰু আমি #মণিপুৰ চৰকাৰক অনুৰোধ কৰিছো যে এই নৃশংসতাৰ অন্ত পেলাবলৈ ক্ষিপ্ৰতাৰে কাম কৰক। #বিহাৰ @অমিতশ্বাহ। (ইংৰাজীৰ অসমীয়ালৈ অনূদিত)” আৰ্কাইভ কৰা লিংক ইয়াত চাব পাৰিব।

ভাইৰেল ভিডিঅ'টো শ্বেয়াৰ কৰা এটা এক্স (X) পোষ্ট। (উৎস: X/স্ক্ৰীণশ্বট)

অৱশ্যে এইটো এটা পুৰণি ভিডিঅ’ আৰু ইয়াত ভেনিজুৱেলাৰ এটা গেঙৰ সদস্যক দেখা গৈছে বুলি জানিব পৰা গৈছে।

আমি কি তথ্য় লাভ কৰোঁ?

আমি InVid ব্যৱহাৰ কৰি ভাইৰেল ভিডিঅ’টো কেইবাটাও কিফ্ৰেমত ভাগ কৰি সেইসমূহৰ ওপৰত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰোঁ। ইয়াৰ জৰিয়তে আমি ২০২১ চনৰ ৮ জুলাইত ভেনিজুৱেলাৰ সংবাদ সংস্থা এল নেচনেলে প্ৰকাশ কৰা এটা প্ৰতিবেদন বিচাৰি পাওঁ। ভিডিঅ’টোৰ স্ক্ৰীণশ্বট ব্যৱহাৰ কৰা “তেওঁলোকে ঘাইপথৰ ফালে গুলীচালনা কৰে: কনেজো গেঙে টেজেৰিয়াছত সমস্যাৰ সৃষ্টি কৰে” (স্পেনিছ ভাষাৰ পৰা অনুবাদ কৰা) শীৰ্ষক প্ৰতিবেদন অনুসৰি উক্ত ভিডিঅ’টো ২০২১ চনৰ জুলাইৰ। প্ৰতিবেদনটোৰ মতে ভিডিঅ’টোত ভেনিজুৱেলাৰ টেজেৰিয়াছ  (Tejerías) চহৰৰ 'কুৱেৰ্প' ডি ইনভেষ্টিগেচনছ চাইন্টিফিকাছ, পেনালেছ ৱাই ক্ৰিমিনেলিষ্টাছ' (চিআইচিপিচি)ৰ মুখ্য কাৰ্যালয়লৈ গুলীচালনা কৰা এটা গেঙৰ সদস্য দেখা গৈছে। চিআইচিপিচি হৈছে ভেনিজুৱেলাৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় আৰক্ষী সংস্থা, যি অপৰাধমূলক তদন্ত আৰু ফৰেনছিক সেৱাৰ সৈতে জড়িত।

ভাইৰেল ভিডিঅ'টো আৰু এল নেচনেলত ব্য়ৱহাৰ কৰা স্ক্ৰীণশ্বটৰ তুলনা। (উৎস: X(বাওঁফালে)/এল নেচনেল(সোঁফালে)/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ভিডিঅ'টো ২০২১ চনৰ ৯ জুলাইত ভেনিজুৱেলাৰ লা গুয়াইৰা চহৰত অৱস্থিত লা ভেৰদাদ ভাৰ্গাছ নামৰ এটা সংবাদ ৱেবছাইটে তেওঁলোকৰ এক্স (X) একাউন্টত শ্বেয়াৰ কৰিছিল। স্পেনিছ ভাষাৰ পৰা অনুবাদ কৰা পোষ্টটোৰ কেপচনত আছে, "#Tejerías • এল কোনেজো দলৰ সদস্যই পৰ্বতৰ পৰা তেজেৰিয়াছত অৱস্থিত চিআইচিপিচি মুখ্য কাৰ্যালয়লৈ গুলীচালনা কৰে।" 

ভাইৰেল ভিডিঅ'টো (বাওঁফালে)আৰু লা ভেৰদাদ ভাৰ্গাছ (সোঁফালে)-এ শ্বেয়াৰ কৰা ভিডিঅ'ৰ তুলনা। (উৎস: X/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ইয়াৰ উপৰি আমি ভেনিজুৱেলাৰ সংবাদ ৱেবছাইট লা পেটিলাই প্ৰকাশ কৰা এটা প্ৰতিবেদন লাভ কৰোঁ য’ত ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীণশ্বট ব্যৱহাৰ কৰা হৈছে। “এইয়া অপৰাধী”: কোটা ৯০৫ (Cota 905)-ত গুলীৰে ভৰি থকা মেচিনগান আৰু ত্ৰিৰংগ বেগ” (ভিডিঅ’)” (স্পেনিছ ভাষাৰ পৰা অনূদিত) শীৰ্ষক প্ৰতিবেদনটোত উল্লেখ কৰা মতে ভিডিঅ’টো ভেনিজুৱেলাৰ কোটা ৯০৫ অঞ্চলৰ আৰু ইয়াত এল কোকি (El Koki) গেংটোৰ সদস্য়ক দেখা গৈছে। প্ৰতিবেদনটোত লগতে উল্লেখ কৰা হৈছে যে সাংবাদিক ইব্ৰাহিম লোপেজ পিনেৰ’ই এই ভিডিঅ’ ৰেকৰ্ডিংটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল। কোটা ৯০৫ হৈছে ভেনিজুৱেলাৰ পশ্চিম কাৰাকাছৰ পাহাৰত অৱস্থিত এক জুপুৰি বস্তি।

ভাইৰেল ভিডিঅ'টো আৰু লা পেটিলাত ব্য়ৱহাৰ কৰা স্ক্ৰীণশ্বটৰ তুলনা। (উৎস: X(বাওঁফালে)/লা পেটিলা(সোঁফালে)/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

সকলো প্ৰতিবেদনতে ভিডিঅ’টো ভেনিজুৱেলাৰ বুলি কোৱা হৈছে যদিও লজিকেলী ফেক্টছে ভিডিঅ’টো ভেনিজুৱেলাৰ কোন স্থানৰ আৰু ইয়াত কোনটো গেং দেখুওৱা হৈছে সেয়া নিজাববীয়াকৈ নিৰ্ণয় কৰিব পৰা নাই। অৱশ্যে আমি ভাইৰেল ভিডিঅ’টোত স্পেনিছ ভাষাত কথা কোৱা মন কৰোঁ, যাৰ দ্বাৰা এইটো মণিপুৰৰ ভিডিঅ’ হোৱাৰ সম্ভাৱনা যথেষ্ট কম। 

সংবাদ মাধ্য়মত প্ৰকাশিত প্ৰতিবেদন অনুসৰি ২০২১ চনৰ জুলাই মাহৰ আৰম্ভণিতে আৰক্ষী আৰু সশস্ত্ৰ অপৰাধী গোটৰ মাজত সংঘটিত প্ৰচণ্ড গুলীয়াগুলীৰ ঘটনাই ভেনিজুৱেলাৰ ৰাজধানী কাৰাকাছৰ উত্তৰ-পশ্চিম অঞ্চলক জোকাৰি গৈছিল। ৰয়টাৰ্ছৰ মতে উক্ত সংঘৰ্ষত চাৰিজন আৰক্ষী বিষয়াসহ কমেও ২৬ জন লোক নিহত আৰু আন ৩৮ জন আহত হৈছিল।

সিদ্ধান্ত

ভাইৰেল ভিডিঅ’টো ২০২১ চনৰ জুলাই মাহৰ পৰা অনলাইনত উপলব্ধ আৰু মণিপুৰৰ নহয়। নিৰ্ভৰযোগ্য় প্ৰতিবেদন অনুসৰি ভিডিঅ’টোত ভেনিজুৱেলাৰ কাৰাকাছৰ এটা সশস্ত্ৰ অপৰাধী সংগঠন দেখা গৈছে। সেয়েহে আমি এই দাবীক মিছা বুলি চিহ্নিত কৰিছো।

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।